নিষ্ঠুৰ সময়- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
মহানগৰীৰ ৰাজপথৰ অলিয়ে গলিয়ে মাথোঁ কোলাহলৰ শব্দ শুনিবলৈ পোৱা যায়। সেই কোলাহলৰ মাজতেই নিঃসংগ হিয়াই সৰুৰে পৰা অতিবাহিত কৰিছে হোষ্টেলৰ চাৰিবেৰৰ মাজত। নিজৰ ৰুচি অভিৰুচি,ভাললগা, বেয়ালগা,সুখ দুখ,এই সকলোবোৰ মূল্যহীন তাইৰ বাবে।ঘৰৰ একমাত্ৰ ডাঙৰ ছোৱালী হৈও মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হিয়া।কাৰণ তাই সৰল মনৰ।তাইযে প্ৰত্যুত্তৰত আজিলৈকে এষাৰ মাত মাতি পোৱা নাই।সৰুৰে পৰা হিয়া ইমান ডাঙৰ হ'ল যদিও এদিনো মাক দেউতাক তাইৰ ওচৰলৈ আহি নাপালে। ব্যস্ত দুয়ো নিজৰ নিজৰ কামত। বন্ধৰ দিনটো তাইলৈ কেৱল কেই মিনিটমানৰ বাবে ফোন কৰে।ঘৰৰ পৰা সকলো খৰছ পাতি দিয়াৰ পৰা সকলো প্ৰয়োজন পূৰণ কৰি আহিছে। কিন্তু তাই বিচৰা অকণমান মৰম কেতিয়াও নাপালে। বন্ধৰ দিনত সকলোৰে মাক দেউতাক আৰু আপোন মানুহবোৰ আহে নিজৰ ল'ৰা ছোৱালীৰ খবৰ ল'বলৈ। কিন্তু হিয়াৰ খবৰ ল'বলৈ কোনো নাহে। কথাবোৰ ভাবি থাকোঁতে তাইৰ ৰুমৰ লগৰ ময়ূৰী সোমাই আহিল।
:::: কি হ'ল হিয়া ! আজি কলেজ নাযাও নেকি?
:::: যাম ।তই ওলালিয়ে নেকি!
::::: তয়ো যে হিয়া কিনো ভাবি থাক তইহে জান। চকুৰ সন্মুখতে ঘড়ীটো ওলমি আছে। সময় কিমান হ'ল চাব নোৱাৰ।
::::: অহ ।সময় হৈ গ'ল। মই ৫ মিনিটত ওলাই আছোঁ ৰহ।
          হিয়া আৰু ময়ূৰী সৰুৰে পৰা প্ৰিয় বান্ধৱী। একমাত্ৰ ময়ূৰীয়ে হিয়াক বুজি পায়।ময়ূৰীৰ মাক দেউতাকেও তাইক মৰম কৰে। কিন্তু তথাপিও হিয়াই নিজৰ মাক দেউতাকৰ মৰমৰ অভাৱ অনুভৱ কৰে। বন্দৰ দিনত কেতিয়াবা তাই হাঁহিবলৈ চেষ্টা কৰে।কলেজৰ লাইব্ৰেৰীটো তাইৰ বাবে প্ৰিয়।কলেজৰ বেছিভাগ সময় লাইব্ৰেৰীতে কিতাপ পঢ়ি সময়বোৰ পাৰ কৰে। লাইব্ৰেৰীৰ পৰা অনা কিতাপবোৰ পঢ়ি অকলশৰীয়া অনুভৱ আঁতৰাবলৈ চেষ্টা কৰে। কিন্তু প্ৰতিটো ক্ষেত্ৰতে ব্যৰ্থ হয় তাই।এহাতে কিতাপৰ পৃষ্ঠাবোৰ লুটিয়াই আৰু আনখন হাতে চকুলো মচে।কিজানিবা তাইক কোনোবাই তেনে অৱস্থাত দেখি প্ৰশ্ন কৰে। প্ৰশ্নবোৰৰ সন্মুখীন হ'বলৈ তাই ভয় কৰে। সন্ধিয়া হোৱাৰ লগে লগে আকৌ অধ্যয়নত ব্যস্ত হৈ পৰে সকলো।ৰাতি সকলো শুৱাৰ পিছতো হিয়া সাৰে ৰয় উচুপি উচুপি নিশাৰ আকাশৰ মায়াভৰা দৃশ্য দেখি। 
:::::: কি হ'ল তোৰ ইমান ৰাতিখন । কি চাই বহি আছ।
:::::: তই শুই থাক ময়ূৰী। মোৰ টোপনি নাই।
:::::: ঘৰলৈ মনত পৰিছে হিয়া।
:::::- উম।
:::::- চিন্তা নকৰিবি হিয়া । এদিন তোৰ মা - দেউতাই তোক বুজি পাব।তোক বহুত মৰম কৰিব।
:::::: কেতিয়া..... যেতিয়া মই নোহোৱা হৈ যাম। তেতিয়া তেওঁলোকে মোক বুজি পাব।মৰম তেতিয়াহে কৰিব নেকি।
:::::: শুই থাকচোন হিয়া।নিজলৈ এবাৰ চাচোন। নিজকে কেনেকুৱা কৰি পেলাইছ।
:::::: কচোন ময়ূৰী। মানুহ মৰিলে সৌ আকাশৰ তৰা হয়নে? মই মৰি গ'লেও আকাশৰ তৰা হম ন।
::::::: এইবোৰ কথা কিয় কৈ থাক হিয়া। নাপায় নহয়।শুই থাক কাইলৈ কলেজ আছে নহয়।
::::: উম হ'ব।
নিশাৰ তৰাভৰা আকাশখন হিয়াৰ প্ৰিয়। এতিয়া নিঃসংগ সময়বোৰো তাইৰ প্ৰিয় হৈ পৰিছে।দেওবাৰ দিনটো তাইৰ বৰ বেদনাদায়ক। সকলো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ ওচৰলৈ আহে। আৰু তাই সেই দৃশ্য দেখি নিৰৱে উচুপি উচুপি থাকে। তাইৰ মাক দেউতাকেও যদি তাইক মৰম দিবলৈ আহিল হয়।তাই কেনে আছে সেয়া খবৰ ল'বলৈও তেওঁলোকৰ আহৰি নাই। ইমানেই তেওঁলোক স্বাৰ্থপৰ। তাইৰ ভালনলগা হৈ পৰিছে সময়বোৰ। ইমানেই অকলশৰীয়া হৈ পৰিল তাই।এষাৰ মৰমৰ মাতৰ বাবে অপেক্ষা কৰে সদায়।
              নিশাৰ অমানিশা আঁতৰি সূৰ্য্যৰ আগমনত ধৰণীখন সেউজীয়া হৈ পৰে।হিয়া তেতিয়ালৈকে বিছনাতে শুই আছে।ময়ূৰীয়ে বহুত বাৰ তাইক জগাইছিল যদিও তাই নুঠিল।৯ বজাৰ ক্লাছটো কৰিবলৈ যোৱাৰ আগত তাইক জগাবলৈ গৈ ময়ূৰী হতবাক হৈ পৰিল।
             হোষ্টেলৰ সকলো আহি তাইৰ ওচৰত ভিৰ কৰিলেহি ময়ূৰীৰ চিঞৰ শুনি।তাই অৱশ হৈ পৰি আছে।হিয়াৰ চকুযুৰি চিৰজীৱনৰ বাবে জাপ খাই গ'ল।মৰম বিচাৰি বিচাৰি অৱশেষত তাইও গুছি গ'ল ভালপোৱা তৰাবোৰৰ কাষলৈ। তাইৰ মৃত্যুৰ খবৰ ঘৰৰ মানুহক দিয়া হ'ল।কিছু সময়ৰ পিছতে হিয়াৰ মাক দেউতাক আহি ওলালহি।
::::: কি হ'ল।আপোনালোক আহিল।তাইক মৰমৰ মাতষাৰ দিবলৈ এতিয়া আহিছে।নে তাইক লৈ যাবলৈ আহিছে।
           ময়ূৰীয়ে হিয়াৰ মাক দেউতাকক দেখি খঙৰ দৃষ্টিৰে তেনেকৈ ক'লে। তাইৰ আপোন হিয়াই তাইক এৰি থৈ গ'ল।নিশা টোপনি নোযোৱা হিয়া চিৰদিনৰ বাবেই শুই থাকিল।আজিৰ পৰা তাই কেতিয়াও শুবলৈ চেষ্টা নকৰে।আপোন মানুহৰ মৰম বিচাৰি তাই কেতিয়াও হাহাকাৰ নকৰে। আকাশৰ এটি উজ্জ্বল তৰা হৈ ময়ূৰীৰ বাবে হিয়া জিলিকি থাকিব।
" আপোন মানুহেই যদি আপোন মানুহক সংগ নিদিয়ে, তেন্তে কোনে দিব ময়ূৰী।" হিয়াৰ মুখত প্ৰায় শুনিবলৈ পোৱা এই কথাটোৱে ময়ূৰীক আঘাত দিলে।হিয়াৰ নিষ্ঠুৰ সময়বোৰ জীৱনৰ পৰা একেবাৰে নোহোৱা হৈ গ'ল।
" আকাশীগংগা বিচৰা নাই,
নাই বিচৰা স্বৰ্ণ অলংকাৰ,
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত,
বিচাৰোঁ মৰমৰ মাত এষাৰ,
আকাশীগংগা বিচৰা নাই..."

ভূপেনদাৰ এই গীতটো হোষ্টেলত বাজি উঠিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)