উমি উমি জ্বলা পুৰাতন জুই
বুকুৰ গভীৰতাত
বিষাদ কাতৰ হেমন্ত ঋতু
স্বপ্নৰ লাল নিচান
উৰুৱাই উৰুৱাই
সোণৰ ৰঙেৰে
সোণালী পথাৰ
শীতৰ ৰিব্ ৰিব্ বতাহজাকে
কঁপনি তুলিছে বুকুত
বেলিৰ হেঙুল-হাইতাল পোহৰ
নকৈ ফুটি ওলাইছে
সপোন যেন নতুন পুৱা
মই পূৰ্ণতাৰে আঁৰি দিছোঁ
এখনি নীলাৰ বুকুত চন্দ্ৰতাপ
মেঘ এডৰাই কুঁৱলি হৈ টানি দিছে এখনি শুকুলা চাদৰ
আৰু উচ্চাৰিত হৈছে মহাকাব্যৰ মংগলমন্ত্ৰ
মঘাই ওজাই বজাই দিছেহি ঢোলত চাপৰি
আৰু জ্বলি উঠিছে অকাতৰে
এগছি অক্ষয় বন্তি
সৃষ্টিৰ সেউজ পথাৰত
বিস্ময় অপাৰ
উজলি উঠিছে আকাশ বন্তি
আৰু মই কেঁচামাটি চুই
অফুৰন্ত ৰুক্ষতাহীন উৰ্বৰতাত
মূৰ দোৱাইছোঁ আশীষ মাগিছোঁ শূন্য আৱাহনত
আৰু মাজনিশা হৈ পৰিছো মই স্বপ্ন বিলাসী একুৰা পুৰাতন জুই
বুকুৰ গভীৰতাত যাক পুহি ৰাখিছোঁ অনন্তকাল..!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ