আই ! তই হেৰালি ক'ত-অনন্ত কুমাৰ ভূঞা

Rinku Rajowar
0
◾অনন্ত কুমাৰ ভূঞা
উত্তৰ লক্ষীমপুৰ

আই তই হেৰালি ক'ত
ঘাট মাউৰা কৰি এৰি গলি মোক
দুখৰ বোজাত সুখ বুটলিব পৰা নাই 
পিতৃৰ পৰিচয় নাজানিলোঁ‌ মই 
বংশ চিনাকি ন'হল মোৰ
চকুপানী টুকি 
এদিন দুখেৰে কৈছিলি
পিতৃহাৰা হোৱাৰ কৰুণ কাহিনী
চাদৰৰ আচলত ধৰি স্নেহৰ উম লৈ 
ডাঙৰ দীঘল হৈছোঁ‌ মই 
স্থায়ী ঠিকনা নোহোৱাকৈ 
সান্ত্বনা লভিবলৈ পিতৃৰ নাম ও নাজানো
তই যে নিঠৰুৱা অবলা তিৰোতা
ভীক্ষাৰ জোলোঙা লৈ  
খুজি মাগি যোগাৰ দিছিলি ভোকৰ ভাত
পঢ়শালিত ভৰি থলোঁ‌ তোৰ মৰমত
দুখবোৰ বুকুত সাৱটি লৈ 
অনাদৰ অৱহেলাত ডাঙৰ হৈছোঁ‌ মই 
কৃষ্ণ পক্ষৰ কোনোবা নিশা
হঠাৎ ধুমুহাই তাণ্ডৱ চলালে 
বৰ গছ জোপাই হেঁ‌চা মাৰি
আমাৰ সৰু পঁ‌জাটো ভাঙি থৈ গ'ল
মাতৃ সংসাৰৰ পৰা হেৰাল
আপদীয়া যন্ত্ৰণা বুকুত বান্ধি
আজি পুতৌৰ পাত্ৰ মই  
পিতৃ জন্মৰ আগতে হেৰুৱালোঁ‌
দুৰ্ঘটনাত মাতৃয়েও বিদায় মাগিলে
হতভগীয়া  মই 
আই তই ক'ত আছ নাজানো মই 
য'তেই নাথাক কিয় মানুহ হ'বলৈ
আশীৰ্বাদ দিবি
নিশাৰ ভাত গৰাহ মুখলৈ নিওঁ‌তে
দুখ লাগে মোৰ
ঘাট মাউৰা বুলি সকলোৱে কয় 
বনকৰা ল'ৰা হিচাবে এটি নিঃকিন জীৱন 
মৰম কৰিবলৈ তই যে নাই 
আজি তোৰ মৰম বিচাৰিছোঁ‌
তই মোৰ সাদৰি  আই
তোৰ দুৰ্ভগীয়া পুত্ৰ সন্তান মই ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)