অব্যক্ত - হীৰক কলিতা

0
ভিতৰি ভিতৰি ভাঙি
পেলায় অব্যক্ত কথাবোৰে
ব্যক্ত কৰিবলৈ নিসংগতাৰ
বাহিৰে আছে নো কোন....?
আঘাতৰ আন এটা নাম
অব্যক্ত কথাবোৰ 
যিবোৰে প্ৰতিটো সময়তে
নিঃশব্দে আঘাত কৰে ।
অব্যক্ত কথাবোৰো এদিন
ব্যক্ত হয় কেৱল দুটি নয়নৰ
পাৰ ভঙা চকুলোৰ মাজেৰে ।

✍️হীৰক কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)