ৰেগিঙ
🔺চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ
বিপ্লৱে কৃটিম ধমকিৰে ৰাস্তাত লগ পোৱা নবাগত কেইটাক আজি ৰাতি এঘাৰ বজাত তাৰ ৰুমলৈ আহিবলৈ হুকুম দিলে ৷ উদ্দেশ্য হোষ্টেলত আজি ৰাতিৰ ৰেগিঙ জমাব লাগিব ৷ যোৱা বছৰ সিওটো কম ৰেগিঙ খোৱা নাছিল ৷ এইবাৰ আকৌ পাছে তাৰ নাম শুনিলেই নবাগতবোৰ সন্ত্ৰাসিত হৈ পৰে ৷ তৰ্জন গৰ্জন খাই থৰথৰকৈ কপি থকা লৰা কেইটাৰ অবস্থা দেখি পেটে পেটে তাৰ খুব মজা লাগিল ৷ ৰাতিৰ মেহফিলটোৰ কাৰণে বজাৰৰ ওৱাইন চপখনৰ পৰা এটা হুইস্কিৰ বটলো লৈ আহিল ৷ হোষ্টেলৰ গেট খন পাওতেই এজনী মহিলা আৰু এজন লৰা তাৰ ৰুমৰ সন্মুখতে ৰৈ থকা দেখি হাতৰ বটলটো সি চাৰ্টৰ তলত লুকুৱাই ললে ৷ ওচৰ চাপি দেখিলে সেইয়া দেখোন তাৰ দূৰসম্পৰ্কীয় হিৰণ্ময়ী মাহী আৰু কংকণ ৷
মাহীয়েকে বিপ্লৱক দেখাৰ লগেলগে সাবটমাৰি ধৰি কলে তোমাকে অথনিৰে পৰা বিচাৰি আছিলো ৷ কংকণক এইবাৰ তোমালোকৰ কলেজত চিভিল ইঞ্জিনীয়াৰিঙ বিভাগত নাম ভৰ্তি কৰালো ৷ তোমাৰ হোষ্টেলতে চিট পাইছে ৷ যোৱা বছৰ মেডিকেল কলেজটো তাৰ নাম ভৰ্তি কৰিছিলো ৷ পাছে ৰেগিঙৰ নামত তাক লৰা এজন বেয়াকৈ মাৰপিত্ কৰা বাবে সি আৰু হোষ্টেললৈ ওভতি যাবলৈ সাহসেই নকৰিলে ৷ এইবাৰো সি ৰেগিঙৰ ভয়তে ইঞ্জিনিয়াৰিঙ পঢ়িবলৈ আহিব বিচৰা নাছিল ৷ তুমি ইয়াতে পঢ়ি থকা বুলিহে অবশেষত মন মেলিলে ৷ গতিকে তোমাকে বাপেকী নথকা লৰাটোক গটালো ৷ ভাই বুলিয়েই নহয় অভিভাৱক হিচাবেও চাবা ৷ বিপ্লৱে কংকণৰ সম্পূৰ্ণ চোৱাচিতা কৰিব বুলি সকাহ দিয়াৰ পাছত দুয়োটাক মূৰ গা পিহি মাহীয়েকে সেই দিনাখন অশ্ৰুসিক্ত নয়নেৰে বিদায় ললে ৷
মাহীয়েক যোৱাৰ পাছত বিপ্লৱে অলপ সময় কিবা চিন্তা কৰি কংকণৰ চকুত পৰাৰ আগতেই হুইস্কিৰ বটলটো ডাষ্টবিনত পেলাই দিলে ৷ কংকণক লগত লৈ বিপ্লৱে ৰাতি অহা নবাগত সকলৰ লগত কংকণৰ চিনাকী পৰ্বটো উদযাপন কৰিবলৈ চিপচ, চানাচুৰ আৰু বিস্কুট অলপকে আনো বুলি বজাৰলৈ খোজ দিলে ৷
সময় (অণুগল্প)
মেঘালী বৰুৱা
হাজৰিকাপাৰা,দৰং
কবিতা লিখি ভালপোৱা মায়াশ্ৰীক বিয়াৰ পিছতো সেই সুবিধা দিম বুলি শইকীয়া দম্পতীয়ে পুতেকলৈ বিয়া কৰাই নিলে, কিন্তু বিয়াৰ পিছত মায়াশ্ৰীয়ে নিজে লিখাটো বাদেই আনৰ কবিতা এটাও পঢ়িব সময় নোপোৱাকৈ গৃহস্থই কামৰ বোজা মেৰিয়াই দিলে।
পাগল মই এটি কলি দুটি পাতৰ
🔺দুলাল বৰা
বিশ্বনাথ চাৰিআলি।
গাও - সামৰিখো
তোৰ সেউজ থৰ লগা যৌৱনশিক্ত
দেহতোক
ঔদায্যতাৰ উম্মুক্ত ভাবৰে
বৰ মন
জোনাক গ'লি গ'লি
শেষ হোৱা নিশাটোত
হিয়া উজাৰি মৰম কৰিবলৈ।
তোৰ যে
সেউজ কোমল দেহাটো ত
কিযে যাদু আছে
যি এবাৰ
চকু পৰিলে আতঁৰাই আনিব নোৱাৰি ।
অ হে এটি কলি দুটি পাত
তই চাগৈ
বৰ হেপোঁহুৱা হৈ থাক ন?
তোৰ হৃদয়ত কোনোবাই পাজিসেৰীয়া
কোমল হাতৰে স্পৰ্শ কৰক
ঢালি দিয়ক
এজোলোকা আলফুলীয়া মৰম
কিয়নো
কিমান সহিবি আৰু তই
খহতা আঙুলিবোৰৰ স্পৰ্শ ।
অ হে এটি কলি দুটি পাত
তোৰ বাবে মই পাগল প্ৰেমিক
তোৰ দেহতোত
যেতিয়া খহতা
আঙুলিৰ স্পৰ্শ কৰে
তেতিয়া
মই উত্তেজিত হৈ পৰো
সেই হৃদয়হীন নিৰ্লজ্জবোৰৰ বাবে।
অ হে এটি কলি দুটি পাত
তোৰ দুখবোৰ হৃদয়তে সামৰি
নথবিচোন নজাবিহি নিসংকোচে
মোক ৰাতি নিশব্দে আহি
মোৰ শেতেলীৰ শিতানতে বহি
শুনি থাকিম মই
ওৰেটো ৰাতি
আৰু !
কি জান তই বিছাৰ যদি
মই যাম তোৰ ওচৰলৈ
শিৰিষৰ তলত বহি
পাগল হ'ম
দুয়ো দুবাহুৰ মাজত
প্ৰেমৰ বতাহ জাকৰ লগত মিলি।
তোমাক লগ পাইছিলোঁ
🔺ফখৰুদ্দিন আলি আহমেদ
সৌ সিদিনা
সুবিশাল জন সমাগমত ।
মানৱাৰণ্যত ,
তুমি থমকি ৰৈছিলা,
ক্ষন্তেকৰ বাবে;
চিকুটি চাইছিলা
নিজৰ অস্তিত্ব ক
তুমি যেন জঠড়তাৰ
কৰাল গ্ৰাসত।
তোমাৰ নিৰ্লিপ্ত ওঁঠৰ
শব্দহীন পৰিভাষাই,
কৈ গ'ল জীৱনৰ
বহুখিনি কথা।
নিস্তেজ চকুযুৰিত স্পষ্ট,
বিনীদ্ৰ ৰজনীৰ
কত প্ৰেম গাঁথা।
বাকৰুদ্ধ মুখনিত
নাই কোনো প্ৰসাধন
আছে মাথো যাতনাৰ ছাপ,
শেতাপৰা ওঁঠৰ নিভাজ ৰঙে
খুলি ধৰে গোপন পশ্চতাপ।
শুকান জিভাৰ
জড়তাৰ মাজেৰে,
তুমি মোক সুধিছিলা
থুকাথুকি মাতেৰে
"তুমি কেনে আছা?"
তোমাৰ মাতৰ ধ্বনি,
হৈ প্ৰতিধ্বনি,
বাজে হৃদয় কোঠাত ।
"তুমি কেনে আছা?
"তুমি কেনে আছা?
বিষাদৰ মৰুভূমিত হেঁপাহৰ গোলাপ
🔺আলতাব হুছেইন
টেটু চেপি ধৰি
আঁউসীৰ এটি উৰুঙা ৰাতি
মাৰি পেলাইছিল
হৃদয় মৰুভূমিৰ
হেঁপাহৰ কাঁচিয়লি গোলাপ জুপি ।
তুমি ঠিক সময়ত
মেঘাচ্ছন্ন আকাশ ফালি
এজাক মেঘৰস হৈ অহাৰ বাবে
উষ্ম বিষাদবোৰ মৰহি গৈ
কুমলীয়া গোলাপ কলি
উঠিছে সতেজ হৈ ।
নিশাৰ নিঃসঙ্গতাত
সৰা পাতৰ দৰে সৰিছে বিষাদ
মনৰ বাকৰিত লহ-পহ কৈ
ফুলি উঠিছে হেজাৰ গোলাপ !
বিষাদৰ যন্ত্ৰনাত জ্বলিছে
মৰুস্থলৰ বালিবোৰ
সতেজ হৈ উঠা
কুমলীয়া গোলাপ কলি
ফাগুনৰ পছোঁৱা বতাহ জাকত
উলহ -মালহেৰে নাচিছে আনন্দত !
------------------০০০-------------
চিৰ দুখিনী কবি নলিনীবালা দেৱী
🔺মাৰ্জিনা বেগম ।
বৰপেটা
চিৰ দুখিনী কবি
তুমি নলিনীবালা দেৱী ।
সাহিত্যৰ জগতখন সু-সমৃদ্ধ কৰিলা
অনুপম কাব্য ৰচনা কৰি ।
'সন্ধিয়াৰ সুৰ' ' সপোনৰ সুৰ'
আৰু 'পৰশমণি',
'অলকানন্দা' কাব্যৰ বাবে লভিলা
বটাঁ সাহিত্য-অকাডেমী ।
কৰ্মবীৰ নবীনচন্দ্ৰৰ বৰ জীয়ৰী তুমি
আই হেমন্ত কুমাৰীদেৱী,
বাৰ বছৰ বয়সতে শিৰত সেন্দুৰ আঁকি
হ'লা জীৱেশ্বৰ চাংকাকতিৰ ।
ঊনৈশ বছৰ বয়সত অকাল বৈধব্যক সাৱটি
পিতৃ গৃহলৈ আহিলা উভতি ,
দুটি সন্তানৰ মৃত্যুৰ নিৰ্মম আঘাত সহি
মেলিলা কাব্য জীৱনৰ পাতনি ।
হৃদয়ৰ অনুভূতিক ছন্দেৰে ৰুপায়িত কৰি
নাম দিলা কবিতা বুলি,
জীৱনৰ পাটভূমিত প্ৰাণৰ আবেগ ঢালি
দিলা বিমুগ্ধকৰ কাব্যৰ জ্যোতি ।
ঐক্যৰ মাজেদি বিস্ময় আধ্যাত্মিকতাৰ তন্ময়তা
প্ৰাণবায়ু তোমাৰ কবিতাৰ ,
জাগতিক বৈচিত্ৰৰ সুন্দৰৰ আৰাধনাই
চিৰ শাশ্বত কামনা তোমাৰ ।
ৰহস্যবাদী কবি তুমি জন্মান্তৰবাদত বিশ্বাসী
ফুৰা সুন্দৰৰ সন্ধান বিচাৰি ,
কামনা-বাসনা সকলো অনন্ত জনৰ চৰণত
ৰেণু ৰূপে দিলা অৰ্পণ কৰি ।
সোনৰ কলমৰ ধাৰাল সীৰলুৰে
শব্দৰ সোণগুটি সিচি ,
মাতৃ ভূমিৰ বুকুত গীত গালা সুৱদী ভাষাৰে
জনতাৰ অন্তৰ পৰশি ।
পিতাইৰ উপদেশ আৰু অনুপ্ৰেৰণাৰে
সফল হ'লা
জীৱন যুঁজত,
স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা লৈ
জিলিকিলা ইতিহাসৰ পাতত ।
তোমাৰ স্বৰ্গীয় আত্মাক পৰি পৰি প্ৰণাম
অনন্ত জ্যোতিত বিলীন হোৱা ,
চিৰসুন্দৰৰ বাঞ্ছিত পৰম পদ লভিবলৈ
'অপূৰণ কৰ্মৰ ভাৰ বান্ধি লৈ '
আকৌ অহা ইহ সংসাৰলৈ ।।
কৰ্মৰ প্ৰতীক
🔺আঞ্জুমা বেগম (ববি)
চাপৰ, ধুবুৰী।
কিয়নো কৰ্ম,
ব্যৱহাৰৰ ফলত
আপোনবোৰক কাষতে পাওঁ।
কৰ্মৰ জড়িয়তে জীৱনৰ বাট-পথ
সুচল হয়,
কৰ্মই সকলো আশা আকাংক্ষা পূৰণৰ উপায়,
কৰ্মৰ জড়িয়তে জীৱনৰ দুখ-দুৰ্দশা নোহোৱা হয়,
সৎ কৰ্মৰ ফলত
দুখৰ আক্ৰমণৰ পৰা
জীৱন ৰক্ষা পায়।
কেতিয়াবা মই দায়িত্ব পালনৰ বাবে
ৰদ-বৰষুণকো নেওচি লক্ষ্যস্থানলৈ আগুৱাই যাওঁ,
সুখৰ বন্যা নিভাঁজ অন্তৰত বিচাৰি পাওঁ,
আচলতে মই
ব্যস্ততাৰ মাজতো
হাঁহিৰ উৎসত উৎসাহিত হৈ আত্মহাৰা হওঁ,
মই সদায় ন্যায় ক শ্ৰদ্ধা জনাওঁ।
মই সৎ কৰ্ম কৰা প্ৰতিজনক পছন্দ কৰো,
কিয়নো সৎকৰ্মৰ হৃদয়ৰ গৰাকীক সন্মানৰ প্ৰতীক জ্ঞান কৰো।
কৰ্মৰ মৰ্যদাই হিয়া মন আদৰেৰে উপচায়,
হিয়াৰ নিভূত কোণত ,
কোমল বাহুত
মনোবাঞ্ছা পূৰণৰ উপায়।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ