৩ ডিচেম্বৰ- আজিৰ দিনটোৰ ৰাশিফল

Rinku Rajowar
0

মেষ – কৰ্মস্থানত সন্মান বাঢ়িব | স্বাস্থ্যৰ প্ৰতি নজৰ দিব | হাতলৈ পইচা আহিব | দাম্পত্যত মধ্যম | শুভ সংখ্যা ৭, শুভ ৰং আকাশী |

বৃষ – স্বাস্থ্য ভালে থাকিব। নিশ্চিত ভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব | প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। শুভ সংখ্যা ২, শুভ ৰং বাদামী |
মিথুন – খালি সময়ৰ সদব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব | গণেশ ভগৱান ৰ যিকোনো চিত্ৰ নিজৰ লগত সদায় ৰাখিলে প্ৰেম সম্বন্ধ শক্তিশালী হব| শুভ সংখ্যা ৬, শুভ ৰং পাতল আকাশী |

কৰ্কট – আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে | আজি আপোনাৰ ধন লাভৰ যোগ | শুভ সংখ্যা ১, শুভ ৰং মেৰুণ |

সিংহ – ধন লাভৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব | জীৱন-সংগীয়ে জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব | খৰচৰ মাত্ৰা বাঢ়িব | শুভ সংখ্যা ৮, শুভ ৰং বগা |

কন্যা – হাত বা ভৰিত আঘাত পোৱাৰ সম্ভাৱনা আছে | যি কোনো কামৰ বাবে আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । শুভ সংখ্যা ৩, শুভ ৰং নীলা |

তুলা – আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। হাতত থকা পইচা খৰচ হ’ব | শুভ সংখ্যা ৯, শুভ ৰং মুগা |

বৃশ্চিক – যিসকল লোকে কৰবাত বিনিয়োগ কৰি থৈছিলে তেওঁলোকৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে । প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। শুভ সংখ্যা ৫, শুভ ৰং সোনালী |

ধনু – স্বাস্থ্য ভালে থাকিব। কৰ্মস্থানত পৰিস্থিতি চম্ভালি লব অন্যথা বিপদ হ’ব পাৰে | প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব | আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। শুভ সংখ্যা ৮, শুভ ৰং গোলপীয়া |

মকৰ – হঠাতে আজি ক’তো ধন বিনিয়োগ নকৰিব।স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব | দাম্পত্যত শুভ | আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। শুভ সংখ্যা ১, শুভ ৰং ৰঙা |

কুম্ভ – আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পুৰ্ণ সম্ভাৱনা আছে।আত্মীয়ক বেয়া ব্যৱহাৰ নকৰিব ।সম্বন্ধত দূৰত্ব আহিব পাৰে | শুভ সংখ্যা ৬, শুভ ৰং হালধীয়া |

মীন – ঘৰৰ পৰিৱেশৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে। সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হব পাৰে। নতুন কামৰ আৰম্ভণি কৰিব পাৰে | শুভ সংখ্যা ২ , শুভ ৰং বগা |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)