প্ৰতিপলৰ বাবে নিথৰুৱা কৰোৱা আকাংক্ষা
কিয় কৰে ?
মই বুজো
আপোনাৰ জীৱিতেশ হোৱা হাবিহাস নাই
কিন্তু
সান্নিধ্যতাৰ আলোৰণ কিয় নিতৌ ?
বুজিও নুবুজাৰ ভাষাৰেৰে
সদায় মই কামনা কৰো
সেই ভালপোৱা ।
আপুনিটো ভালদৰেই জানেই
তথাপিও আধৰুৱা
অনাকাংক্ষা ধুমুহা দৰে
কিয় ?
মাতাল ৰাতিবোৰক সাক্ষী কৰি নিতৌ
কিয় মৃত্যুৰ পণ লওঁ
আপুনি নুবুজে
আৰু নুবুজিব কাহানিও ছাগে ।
আপোনাৰ গাত কোনো দুখ নাই
দুখ মোৰ নিজৰ
এখন বিশ্বাসভৰা হাতৰ আৰু ভালপোৱা জনৰ অভাৱত
হৈ পৰো আধুনিক সভ্যতাৰ
নষ্ট জীৱিতেশ ।
চাল্লা এইটোও জানো জীৱন নে
কংকীট মানৱৰ
কাইটিয়া হদয় বিচৰা ।
আকৌ কওঁ দুখ আপোনাৰ নহয়
সকলো মোৰ ,
অ মোৰ ।
চাল্লা প্ৰেমিক হ'বলৈ গৈছিলো ।
হাঃ হাঃ হাঃ হাঃ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ