পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন -আব্দুল কাদেৰ মিঞা

Rinku Rajowar
0
◾দক্ষিণ শালমাৰা মানকাচাৰ

জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ বৰদিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।
এইদিনা গোটেই বিশ্বৰ লগতে আমাৰ অসমৰ মানুহেও প্ৰভূ যীচু খ্ৰীষ্টৰ জন্ম দিনটো এটি উৎসৱ হিচাপে পালন কৰে।
বিশ্বজুৰি উদযাপন কৰা হয় খ্ৰীষ্টান লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন।
বৰদিন মানেই যেন আনন্দৰ উৎসৱ।
বৰদিন মানেই যেন মৰম ভালপোৱাৰ উৎসৱ।
বৰদিনৰ সৈতে জড়িত হৈ আছে ছান্টাক্লজ বা ফাডাৰ খ্ৰীষ্টমাছে সকলোলৈ উপহাৰ অনাৰ কথা।
খ্ৰীষ্টমাছ বুলি কলেই সকলোৰে মনলৈ আহে পোহৰেৰে খ্ৰীষ্টমাছ ট্ৰি আৰু ঘৰবোৰ সজাই তোলা।
পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ধৰ্মীয় ৰীতি- নীতি পালন কৰি বিভিন্ন সুস্বাদু খাদ্যৰ আনন্দ লোৱা। নতুন বস্ত্ৰ পৰিধান কৰা।
বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ যদিও খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ ধৰ্মীয় উৎসৱ, তথাপিও দেখা যায় যে বিশ্বৰ প্ৰায় সকলো ধৰ্মৰ লোকেই জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে এই পবিত্ৰ দিনটোলৈ সমান উৎসাহেৰে আদৰি ল'বলৈ বাট চাই থাকে।
খ্ৰীষ্টমাছ উপলক্ষে খ্ৰীষ্টান ধৰ্মৰ লোকসকলে গীৰ্জাত গৈ যীশু খ্ৰীষ্টক স্মৰণ কৰি কেৰল গোৱা দেখিবলৈ পোৱা যায়। নিজৰ সপোন, স্বাস্থ্য, পৰিয়ালৰ সুখ সমৃদ্ধিৰ লগতে দেশ আৰু সমাজৰ শান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে।
সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ খ্ৰীষ্টান ধৰ্মী লোকৰ প্ৰাধান্য থকা ঠাই সমূহৰ লোকৰ মাজত বৰদিন উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায়।
গুৱাহাটী মহানগৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন নগৰ - চহৰৰ দোকানবোৰত বৰদিনৰ বহুদিন আগৰ পৰাই বিভিন্ন ৰং বিৰঙৰ সামগ্ৰীৰে সজাই ৰখা হয়।
বৰদিনৰ বিভিন্ন উপহাৰ সামগ্ৰীৰে সজাই তোলা দোকানবোৰত ৰাতিত বিজুলী বাতিৰ পোহৰে উজ্জ্বল হৈ পৰে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা গীৰ্জাবোৰত প্ৰাৰ্থনাৰ বাবে সজাই তোলা হয়। নানা ৰঙীণ পোহৰেৰে গীৰ্জা সমূহত এক সুন্দৰ বৰদিনৰ পৰিৱেশ বিৰাজ কৰে।
নিশা লৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা হয় বৰদিনৰ উপলক্ষে।
৩৩৬ খ্ৰীষ্টপূৰ্বৰ ২৫ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে পালন কৰা হয় পবিত্ৰ বৰদিন। আৰু তেতিয়াৰে পৰা সমগ্ৰ বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মী লোকসকলে বৰ উলহ মালহেৰে পালন কৰি আহিছে খ্ৰীষ্টমাছ বা বৰদিন।
কোৱা হয় যে খ্ৰীষ্টৰ জন্মৰ সময়ত আকাশত কিছুমান বিশেষ তৰা দেখা গৈছিল। আৰু পূৰ্বৰ কিছু জ্ঞানী লোকে তৰাবোৰ লক্ষ্য কৰি খ্ৰীষ্টৰ জন্ম হৈছে বুলি গম পাইছিল। তেওঁলোকে তৰাবোৰ অনুসৰণ কৰি খ্ৰীষ্টৰ জন্ম হোৱা ঠাইলৈ গৈছিল। আৰু তেওঁলোকৰ নিজৰ সামৰ্থ্য অনুসৰি কিছু উপহাৰ লৈ গৈছিল। ইয়াৰ ফলত বৰদিনত উপহাৰ দিয়াৰ প্ৰথা আৰম্ভ হয়।
আন এটা তথ্য অনুসৰি যেতিয়া জগতত পাপ বৃদ্ধি হৈছিল আৰু গুণৰ অৱনতি ঘটিছিল তেতিয়া ঈশ্বৰে নিজৰ পুত্ৰক জগতলৈ পঠাইছিল।
সপোনত পবিত্ৰ আত্মা কুমাৰী মেৰীৰ ওচৰলৈ আহিছিল। আৰু মেৰী গৰ্ভধাৰণ কৰিছিল আৰু যীশুক জন্ম দিছিল। সেইবাবে যীশু খ্ৰীষ্টক ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হয়। যিয়ে মানৱ জাতিক পাপ আৰু দুখৰ পৰা মুক্তি কৰিবলৈ জগতলৈ আহিছিল।
তেওঁ মানৱতাৰ পাপ নিজৰ ওপৰত লৈ ক্ৰুচত মৃত্যুবৰণ কৰিছিল।প্ৰেম আৰু ক্ষমাৰ পথ দেখুৱাই মানৱজাতিৰ বাবে স্বৰ্গৰ দুৱাৰ মুকলি কৰিলে।
খ্ৰীষ্টৰ জীৱন, শিক্ষা আৰু অলৌকিক কাৰ্য্যৰ স্মৃতিত বৰদিন উদযাপন কৰা হয়। আনহাতে
খ্ৰীষ্টমাছত শিশু সকলৰ বাবে এক বিশেষ আকৰ্ষণ আছে । খ্ৰীষ্টমাছ গছ স্থাপন কৰি তাৰ ডালত খেলনা, বেলুন আৰু মিঠাই আলোকসজ্জাৰে ওলোমাই থোৱা হয় । আকৌ ৰাতি শিশুৰ আঠুৱাৰ তলত মিঠাই লুকাই ৰাখে। যেতিয়া শিশুৱে ৰাতিপুৱা সেই উপহাৰ বিচাৰি পায় তেখেতে বিশ্বাস কৰে যে ছান্টাক্লজে তেওঁলোকৰ বাবে এই উপহাৰ আনিছে। 
খ্ৰীষ্টমাছৰ দিনা দুখীয়া ল'ৰা -ছোৱালীক বিভিন্ন ধৰণৰ উপহাৰ দিয়া দেখিবলৈ পোৱা যায়।
শেষত  সমগ্ৰ বিশ্ববাসীলৈ প্ৰেম , সুখ আৰু সমৃদ্ধিৰে ভৰা এটা আনন্দময় উৎসৱ বৰদিনৰ শুভেচ্ছা থাকিল। ধন্যবাদ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)