সঁফুৰা-সীতা দেৱী

Rinku Rajowar
0
◾সীতা দেৱী, বিহপুৰীয়া।

তোমাৰ প্ৰেমত স্বৰ্গীয় আভা ,
হৃদয়ৰ আকুল ভাৱনাৰ অপূৰ্ব ৰূপ ।
মেঘালীৰ তন্ময় নৃত্য ,
স্বকীয় অনুভূতিৰ অনন্য জ্যোতি।
হৃদয়ৰ পবিত্ৰতাত
জীৱন জীয়াৰ অলেখ সপোন।
তোমাৰ প্ৰেমত এচেৰেঙা ৰ'দৰ জিলিকনি,
অন্তৰৰ সমস্ত সেউজীয়া।
প্ৰতিশ্ৰুতিৰ মিঠা অনুভৱত,
শান্তিৰ স্বত:স্ফুৰ্ত গান।
তোমাৰ প্ৰেমত নিয়ৰ সিক্ত মাদকতা ,
মায়াৱী নিশাৰ সুমধুৰ তান।
আশাৰ সোনাৰুবুলীয়া আশ্বাসত ,
তোমাৰ দৃঢ় অস্তিত্বৰ মজবুত ধৰণী।
পৰিপূৰ্ণ জীৱনৰ নিৰ্মল মাধুৰিমা,
সতেজ দুচকুত নিঁভাজ প্ৰেমৰ বিতোপন ৰাগি।
তোমাৰ প্ৰেমত তেজস্বিনী আদৰ্শ,
প্ৰাপ্তিৰ মেটমৰা সঁফুৰা।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)