হেৰুৱা মানিক - কুমকুম গগৈ

©Admin
0
        সোণমণিহঁতৰ গাঁৱৰ পৰিবেশ। জয়াল ৰাতি। মাজে মাজে কুকুৰজাকে ভুকিবলৈ আৰম্ভ কৰে, আকৌ বন্ধ কৰে; কাঁহ পৰি জীন যোৱাৰ দৰে হয় সময় - পৰিস্থিতি। টোপনি অহা নাই, তাই বিচনাতে ইকাতি সিকাতি কৰি পৰি আছে, মাক দেউতাকো হয়তো টোপনি গৈছে। তাই পঢ়িবলৈ বহিও পঢ়াত মন নবহাত লাইটটো জ্বলাই থৈয়ে বিচনাত বাগৰ দিছিল তাই।.... এইবাৰ কুকুৰকেইটাই সিহঁতৰ পদুলিমুখত ভুকা দেখি পৰ্দাখন দাঙি চোৱাত নঙলামুখত কাৰোবাক দেখা যেন লাগিলে তাইৰ। ভয়তে লগে লগে তাই পৰ্দাখন নমাই দিলে, তথাপিও নিজৰ মনৰ ভ্ৰম বুলি ভাবি মনটোক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে।
      ...... আজি দুবছৰেই হল কিজানি। ইমান বিচাৰি বিচাৰিও শুং সূত্ৰ উলিয়াব পৰা নাই। আজি তাইৰ ককায়েকলৈ বৰকৈ মনত পৰিছে। তাইক যে ইমান মৰম কৰিছিল। ককায়েক ঘৰৰ পৰা নোহোৱা হৈ যোৱাৰ দিনটোৰ ঘটনাবোৰ আজি বাৰে বাৰে চকুৰ আগত ভাঁহি উঠিছে। সেইদিনা গোটেই দিনটো তাইৰ লগতে আছিল সি। ফুৰাবলৈ লৈ গৈছিল, ফ্ৰক আৰু কিতাপ কিনি দিছিল.. আৰু যে কত কি দিছিল। তাইক বাৰে বাৰে কৈছিল মাক পিতাকক দুখ নিদিবলৈ, ভালকৈ পঢ়িবলৈ, তাইক লৈ ৰচা সপোনবোৰ দিঠকত পৰিণত কৰাৰ চেষ্টা কৰিবলৈ। সেইদিনা বেগত কাপোৰ ভৰোৱা দেখি তাই কিয় ভৰাইছে সুধিলত আলমাৰিত ঠাই নোহোৱা বুলি কৈছিল। ককায়েকে সেইদিনা তাইক ভাতো খোৱাই দিছিল, আৰু সেইদিনা কিবা সাধু এটা কৈ কৈ তাইক লগতে শুৱাইছিল। এতিয়াহে তাই কথাবোৰ বুজিছে। মাক পিতাকে হয়টো কিবা হব বুলি জনিছিলেই। ককায়েকৰ কথাত হয়তো কিবা বুজি পাইছিল। সেইদিনা গোটেই ৰাতি তেওঁলোক উজাগৰে আছিল। ককায়েকে তাইৰ কাষতে কাগজ এখন থৈ কেতিয়ানো ঘৰৰ পৰা ওলাই গল, সাৰ পাই থকা মাক পিতাকেও ধৰিব নোৱাৰিলে। কত আছে বাৰু সি! ভালকৈ আছেনে বাৰু! 
        ...... তাইৰ ভাবনাত যতি পৰিল। শুনিলে দুৱাৰত কোনোবাই টুকুৰিয়াইছে, তাই কাণখন উনাই শুনিবলৈ পালে,
         "দৰ্জাখন খোলচোন পিতাই, দৰ্জাখন খোল....।"
নাই পিতাকক মাকে ভয়তে দৰ্জাখন খুলিবলৈ দিয়া নাই। তাইৰো ভয় লাগিছে । তেন্তে তাই মানুহ দেখা কথাটো ভ্ৰম নহয়। এই মাতটো যেন তাইৰ চিনাকি মাত। তাইৰ দেখোন দৰ্জাখন খুলিবলৈ মন গৈছে, ভয় একেবাৰে নোহোৱা হৈ গৈছে। আৰু তেতিয়া ভয় একেবাৰে নোহোৱা হৈ গল, যেতিয়া আকৌ দুৱাৰত টোকৰ দিয়া মানুহজনে মাত লগালে,
  "সোণ দৰ্জাখন খুলি দেচোন, তোক চাবলৈ আহিছোঁ"
নাই, তাই আৰু ৰব নোৱাৰে, হাতত সাৰে ভৰিত সাৰে বিচনাৰ পৰা নামিল, কিয়নো তাইক ককায়েকেহে সোণ বুলি মাতে। তাই মনেই কৰা নাছিল যে মাক পিতাক আহি তাইৰ কোঠাত বহি আছে বুলি। মাকে মাত দিলতহে তাই সেই কথা ধৰিব পাৰিলে ,
    "কলৈ যাৱ তই"
"মা তোমালোকে ইয়াত!"
"অ' "
"মা দাদা আহিছে, দৰ্জা খুলোগৈ।"
"পাগল হলি নেকি তই। কোন হব পাৰে কি ঠিক। নাযাবি বুলিছো নযাবি।"
"কিন্তু... মা সেইয়া যে দাদা হয়।"তাই উচুপি উঠিল।
আকৌ দুৱাৰত টোকৰ পৰিল,
   "সোণ দুৱাৰখন খুলি দে না... মই আহিছোঁ।"
তিনিওৱে চক খাই গল। মাকৰ বাধা নামনি তাই দৌৰি গৈ দর্জাখন খুলি দিলে, লগে লগে বাগৰি আহিল চকুলো । হয়তো সুখৰ চকুলো। তাই ভাবিব পৰা নাই এইয়া সপোন নে দিঠক। তাইৰ সন্মুখত তাইৰ ককায়েক আৰু এজন হাঁহিমুখিয়া যুৱক। তাই দর্জাখুলিবলৈ যোৱা দেখি পাছে পাছে যোৱা মাক পিতাকে যাক দেখিলে, ভেবা লাগি চায়েই থাকিল। তাই কি কৰিব একো ভাবি পোৱা নাই, মাত্ৰ ককায়েকলৈ চাই আছে। ককায়েকেও তাইক দেখি উচুপি উঠিল আৰু মোৰ সোণজনী বুলি সাৱটি ধৰিলে। তাৰ পিছত প্ৰকৃতিস্ত হৈ কলে,
     "সোণ, তই ইয়াত দুৱৰী হৈ ৰৈ থাকিবি নে আমাকো সোমাবলৈ দিবি।"
      তাৰ কথা শুনি সকলোৱে হাঁহি দিলে আৰু তাই নিজৰ ভুল বুজি কলে,"দাদা! আহা"
      সি আৰু লগত অহা ল’ৰাজনে সোমাই আহি মাক পিতাকক সেৱা কৰিলে আৰু তেওঁলোকে দুয়োটাকে চুমা খাই নয়ন ভৰি চাবলৈ ধৰিলে। সি মাকক সুধিলে,
       "মা তই ভালে আছনে!"
"তই দেখিছই দেখোন..."
সি আকৌ বাপেকক সুধিলে,
        "তইও দেখিছোঁ ভালে আছ পিতাই। পুতেৰলৈ দেখিছোঁ অলপো মায়া নাই, ইমান দেৰি যে বাহিৰতে ৰাখিলি।"
      "নাই, অলপো নাই "
    পিতাকৰ মাতত স্পষ্ট অভিমানৰ সুৰ...। সোণ গৈ পানী দুগিলাছ লৰা লৰিকৈ আনি দিলে। তাৰ পাছত ককায়েকৰ ওচৰত বহিলগৈ,
       "দাদা তুমি আকৌ যাবাগৈ নেকি!"
   "কিয় খেদো খেদো লাগিলেই নেকি"
সি হাঁহি হাঁহি কলে আৰু তাই মিছা খং দেখুৱাই কলে,
"তুমি এতিয়াই যোৱাগৈ যোৱা। ইমান অশান্তি দিয়া তুমি।"
"এহ কিহৰ অশান্তি দিলোঁ অ"
"তুমি যে ইমান দূৰত আছিলা সেইয়াই অশান্তি।"
তেনেকুৱাতে মাকে মাত লগালে,
"কেলৈ কাজিয়া লাগিবলৈ"
"ইহ, মই হে লাগি থাকো সি যেনিবা একো নকয়ে ।"
      সোণমনিৰ ককায়েকে লগৰ লৰা জনক দেখুৱাই কলে,
"মা এইয়া প্ৰসন্ন। ইয়াৰ বলতহে মই উভতি আহিছোঁ..।"
      সোণ মনিয়ে মানুহৰ লগত কথা পাতিবলৈ লাজ, সংকোচ একোৱেই নকৰে। স্বভাৱ সুলভ চপলতাৰে তাই প্ৰসন্নৰ মুখলৈ চাই কলে,
   "দাদা আপুনিও আমাৰ লগত থাকিব, বৰ ভাল হব ন!"
     "বহুত ভাল সোণ, পিছে... তোমাৰ দাদাইহে ৰখাব নে নৰখাই।"
       "কিয় নৰখাব।"
"কিন্তু দাদাই দেখোন কৈছে, কাইলৈ ৰাতিপুৱাই যাবগৈ।"
প্ৰসন্নই কথাটো গম্ভীৰ ভাবে কোৱাত তাই ভয় খাই আকৌ কলে,
"দাদা আপুনি দাদাক কওক চোন মোক এৰি নাযাবলৈ।"
   তেওঁ সেমেকা হাঁহি এটা মাৰি কলে,
"আকৰি জনী ধেমালিহে কৰিছিলোঁ, দাদা একেবাৰেই উভতি আহিল তোমাৰ ওচৰলৈ। ই এটা সন্ত্ৰাসবাদী সংগঠনত সোমাইছিল, ইয়াৰে কেইটামানৰ উচতনিত। সেইদিনা ইয়াৰ লগতে আৰু বহুত কেইটা নোহোৱা হল, গম পাইছিলাই চাগে। মই এমাহ লাগি লাগি সংগঠনটোক ত্যাগ কৰিলোঁ আৰু ইয়াকো লৈ আহিলো। এইটো একমাত্ৰ তোমাৰ কাৰণে সম্ভৱ হৈছিল সোণ। মই যামগৈ, কলৈ নাজানো..... দাদা কিন্তু তোমাৰ লগতে থাকিব।"
তাই মন দি কথা খিনি শুনি আছিল, ককায়েকৰ মুখলৈ চাই তাই কলে,
"আপুনি আমাৰ লগতে থাকিব পাৰিব, নহয়নে দাদা!"
      ককায়েকেও হাঁহি কলে,
"হয় আকৌ! মা ই কোন জাননে, তোৰ বান্ধৱী ৰুনা আমৈৰ লৰা। মাক দেউতাক এক্সিডেন্ত এটাত ঢুকাল তাৰ পাছত সংগঠনত যোগ দিলে, পাঁচ বছৰ তাতে থাকিলে। ঘৰ বাৰীৰ চীন মুকাম নাই, কোনো নাছিল বাবে বৰদেউতাকে মাটি খিনি বেচি তাৰ নামত টকা খিনি সাঁচি থলে। গুপ্তচৰৰ হটোৱাই তাক মাতিছিল যদিও নগল। কাৰণ তেওঁলোকৰ বাবেই মা দেউতা ঢুকাল ।"
   ৰুনাৰ লৰা বুলি জানি মাকে সোণৰ ককায়েকৰ লগতে তাকো সাৱটি ধৰিলে। হেৰুৱা মানিক পুনৰ ঘূৰাই পোৱাত যেন ঘৰখনৰ হেৰুৱা আনন্দও ঘূৰি আহিল।

✍️কুমকুম গগৈ
শিৱসাগৰ, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)