পখিলী খণ্ড নং ৮- বিটুমণি কোচ

©Admin
0
শ বাহিৰলৈ ওলোৱাৰ বাটতেই, ডেকা ল'ৰাৰ জোম।তাই ৰৈ দিলে।

ঐ পখিলী বাহিৰলৈ কিয় যাৱ।কিবা -কিবি লাগিলে কবি।আমি আছোঁ নহয়।

ইমান অসভ‍্য এই কেইটা।ভালকৈ দুষাৰমান কম বুলি ভাবিও তাই ক'ব নোৱাৰিলে।ডিঙিটো ঘূৰাই ভায়েক - ভনীয়েক কেইটালৈ চালে।সিহঁতে তাইলৈকে চাই আছে।

এই খিনি ল।হঠাৎ কৰবাৰ পৰা আহি বাপেকে তাইৰ হাতত মৰটনৰ টোপোলা এটা দিলে।

যা ,ভাইৰে -ভনীয়েৰে লগত বহি থাকগৈ।বগীটিৰ দৰে দোকানে-দোকানে ঘূৰি ফুৰিবলৈ ওলাই নাহিবি।

বাপেকে যেনেকৈহে বেপেৰোৱা ভাৱে কথাকেইষাৰ ক'লে,পখিলীৰ মুখত ঘৃণাৰ এমোকোৰা থু আহি থুপ খালেহি।কিন্তু তাই নিচিন্ত হ'ল।বগীটিয়ে দোকানে-দোকানে ঘূৰি ফুৰিছে।
কিন্তু কিয়? তাই সোনাইক লগ কৰিবলৈকে এনেদৰে ঘূৰি ফুৰিছে নেকি?তাইৰ মনটো উচ-পিচাবলৈ ধৰিলে।মৰটন পায়, ভাইক- ভনীয়েক কেইটাই লেকেটিয়াই-লেকেটিয়াই খাবলৈ ল'লে।পঞ্চপাণ্ডবৰ প্ৰবেশ হৈছে।তাই মৌনভাবে বহি থাকিল।যদিও কিবা প্ৰকাৰে বগীটিৰ ওচৰলৈ গৈ তাইৰ ৰেহ-ৰূপ চাবলৈ মনটো উদবাউল হৈ পৰিল।
তাই জাপ মাৰি উঠিল।তাই মনটো ভাওনাখনে, ভায়েক-ভনীয়েক কেইটাই একোৱেই বান্ধি ৰাখিব পৰা নাই।বাৰে-বাৰে তাই মনটো উৰা মাৰিছে।বগীটিৰ কাষলৈ।তাই বুকুখন বৰকৈ জ্বলা-পোৰা কৰিছে।

ঐ ছোৱালী বহি দে।আমি দেখা পোৱা নাই।

খঙতে তাই উভতি চালে।তাই দেখিলে, ময়ুৰ পংখী মুকুট পিন্ধি সোনাই তাইলৈকে চাই আছে।এসোতা সুখৰ অনুভৱে তাই দেহ মন সুৰ-সুৰাই গ'ল।তাই বহি পৰিল।

পুৰুষৰ প্ৰতি প্ৰতিপল বেয়া মনোভাৱ লৈ থকা পখিলীয়ে প্ৰথমবাৰলৈ পুৰুষৰ দায়িত্ব আৰু প্ৰেমৰ উমান পালে।আগলৈ,,,,,,,।

✍️বিটুমণি কোচ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)