তৰাৰ উচুপনি-ৰেণু শৰ্মা

Rinku Rajowar
0
ক'তনো পাম সেই সুখৰ মাজুলী
য'ত নদীৰ কুলত  ফুলে
সেউজীয়া সপোনৰ
ৰৌদ্ৰোজ্বল সূৰ্যমুখী ফুল ।
শুকান কলিজাত, মোৰ 
যন্ত্ৰণাৰ শিলচটা
কোন জনমত আঁতৰ হ'ব? 
জীৱন জীয়াৰ তপস্যাৰ কণ্টকময় পথত
সকলো পোৱাৰ পিচতো
কিয় মানুহে কৰে 
নোপোৱাৰ হাহাকাৰ
সকলো থাকিও নিঃস্ব
মানুহ নামৰ প্ৰাণী ।
বুকুৰ  জুৰি ত
বেদনাৰ কল্লোল
দূৰ সুদূৰত স্বপ্নৰ
ময়ুৰপংখী
নীল অম্বৰত
অবাক তৰাৰ  উচুপনি।


🔴ৰেণু শৰ্মা ,ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)