মেলানি-বসন্ত ওজা

Rinku Rajowar
0
বসুধাৰ চৰণত
মেলানি মাগি মই
      যেতিয়া পঞ্চভূতলৈ যাম ।
থাকিবনে বাৰু
চিৰযুগমীয়া হৈ
        মোৰ সৃষ্টিৰ কবিতা গান ।।
মোৰ অবিহনে
শ্ৰোতাই শুনিবনে
     মোৰ ভিন্ন সুৰীয়া গান ?
তাৰ ভাঁজে ভাঁজে
থাকিবনে বাৰু
      জননী আই অসমীৰ মান ??
নিঠৰ দেহাটি আনি
ঘৰৰ ভাই ককায়ে
     চোতালত থ'ব শুৱাই ।
গুণমুগ্ধ সমবেত হৈ
অন্তিম শয়ন শয্যাত
      দিবনে পুষ্প চটিয়াই ??
জীৱন্ত সময়ৰ
সৃষ্টিৰ পথাৰত যি সকলে
     দিছিল প্ৰতাৰণা জাপি ।
মই নোহোৱাৰ 
বাতৰি বিয়পিলে
      আহিবনে কাষলৈ চাপি ??
ধানে প্ৰতি কণটো
জনে প্ৰতি মনটো
     ভিন্ন জনৰ ভিন্ন চিন্তাধাৰা ।
ভিন্ন জনে ভিন্ন
কৰ্মৰ স্মৃতি সাক্ষী কৰি
     গ'লগৈ বসুধাৰ পৰা ।।
বিশ্বৰত্ন সুধা
উপন্যাসৰ ৰাণী
      হিৰুদা নীলপৱনো নাই ।
অসমীয়া ছবি জগতৰ
অভিনেতা নিপন দাদাইও
      সৰগৰ পৰা আছে সকলো চাই ।।

           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)