শেষ সিদ্ধান্ত-শেৱালি বৰুৱা শইকীয়া

Rinku Rajowar
0
অনিৰুদ্ধ সপোনটোক বুকুৰ মাজৰ পৰা আজুৰি আজুৰি দলিয়াই পেলাবলৈ  মঞ্জিৰাৰ আজি সচাঁকৈয়ে মন গৈছে।  কিন্তু তাইৰ শিৰাই শিৰাই প্ৰবাহিত  হৈ থকা একমাত্ৰ সন্তান গীতৰ স্পর্শক কেনেকৈ অস্বীকাৰ কৰিব?  আজি  বোৱাৰী অপৰাজিতাৰ কৰ্কশ
 শব্দবোৰে তেওঁৰ সপোনৰ মুধচটোকে খহাই পেলালে।এইমাত্ৰ সংঘটিত হোৱা জীৱন্ত নাটকখনৰ তাই নীৰৱ সাক্ষী হৈ থাকিল।বুকুখনক গধুৰ কথাবোৰে  দেখোন বৰকৈয়ে হেঁচি ধৰিছে।আজি দেখোন অতনুলৈ বৰকৈয়ে মনত পৰি তাইৰ। উশাহবোৰ আগতকৈও ঘন  হৈছে। হৃদয়ৰ অকথিত বেদনাৰ ভাৰখন  কিছু পাতল কৰিব পৰাহেঁতেন তেওঁৰ উশাহবোৰৰ কঁপনি কিছু কমিলহেঁতেন চাগে।সুদীৰ্ঘ আঠাইছটা বছৰে বুকুত বেদনাৰ ভাৰখন কঢ়িয়াই মঞ্জিৰা সচাঁকৈয়ে ভাগৰি পৰিছিল।

  মঞ্জিৰাই  আজি সংসাৰৰ চাকনৈয়াৰ পৰা জিৰণি ল'বলৈ বিচাৰিছে। অলস ভাৱে বিচনাখনৰ পৰা উঠি
গৈ তাইৰ কোঠাত থকা পুৰণি আলমাৰীটো খুলিলে। কাপোৰৰ ভাঁজত সযতনে সাঁচি থোৱা  এখন উৱঁলি যোৱা ডায়েৰী মঞ্জিৰাই তাৰ পৰা উলিয়াই আনিলে। ডায়েৰীখনৰ পৃষ্ঠাবোৰৰ পৰা  নীলা চিয়াঁহীৰ ৰংবোৰ প্ৰায় নোহোৱাৰ দৰেই হৈছেগৈ।ডায়েৰীখন বুকুত সাৱটি মঞ্জিৰাই  আজি সুদীৰ্ঘ দিনৰ অৱসাদবোৰক চকু পানীৰে উটুৱাই দিলে। চকুপানীবোৰ লুকুৱাবলৈ তাইৰ কাষত আজি কোনো নাই।মঞ্জিৰাই অস্পষ্ট আখৰবোৰৰ ওপৰেৰে আঙুলি বোলাই দিওঁতে ভিতৰৰ মই জনীয়ে যন্ত্ৰণাত কেঁকাই উঠিল। 

  পদুমণি গাঁৱৰ ভগা জুপুৰীটোত জ্বলি থকা একমাত্ৰ  টিপ চাকিটো ফু- মাৰি নুমুৱাই দি গভীৰ টোপনিত ঢলি পৰিছিল ঘৰখনৰ  আটাইকেইটা প্ৰাণী। চাকি জ্বলাবলৈ কেৰাচিন তেলৰ অভাৱ বাবে সিহঁত সন্ধিয়াতে শুব লগা হৈছিল।বেৰৰ জলঙাৰে নীলিম আকাশৰ তৰাবোৰ চাই চাই বহুনিশা লৈকে কেৱল মঞ্জিৰাৰ টোপনি  অহা নাছিল।নদী দ্বীপ মাজুলীৰ গৰাখহনীয়াত সিহঁতৰ ঘৰখনো সৰ্বশ্ৰান্ত। লোকৰ  আধি মাটিত  দেউতাকে খেতি কৰে। মাক আৰু বায়েক পৰীৰ সৈতে তিনিও জনীয়ে লোকৰ ঘৰত ৰোৱা- তোলাৰ কাম  কৰি  কোনোমতে ঘৰখন চলাই নিছিল।কিন্তু শামুকৰ পেটত মাণিক ওপজা বুলি বাই- ভনী দুয়োজনীৰে কথাবোৰ ওচৰ চুবুৰীয়াই কোৱা -কুই কৰিছিল।  বায়েক পৰীয়ে প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিছিল যদিও চহৰৰ কলেজত পঢ়িবলৈ যাব নোৱাৰাৰ বাবে সিমানতে তাইৰ  পঢ়াৰ সামৰণি পৰিছিল।কিন্তু দুখীয়াৰ ভগা পঁজাত দুয়োজনী বাই- ভনীৰ ৰূপৰ জোনাকে ছাটি ধৰিছিল। সেই বছৰ কমলাবাৰী সত্ৰৰ ৰাসত ৰাধাৰ ভাৱত পৰীয়ে অভিনয় কৰিছিল। মাজুলীৰ ৰাস বুলি ক'লেই এক উৎসৱ মুখৰ পৰিৱেশ।লোকে লোকাৰণ্য মাজুলীত ৰসেশ্বৰৰ ঘৰখনলৈও  যেন আনন্দৰ জোৱাৰ নামিছিল।
মাজুলীৰ ৰাস চাবলৈ আহিছিল তিনিচুকীয়াৰ বিখ্যাত চাহ খেতিয়ক অতনু চলিহা।পৰীক মঞ্চত দেখা পাই অতনু আচৰিত হৈছিল।ইমান ধুনীয়া ছোৱালী থাকিব পাৰেনে? অতনুৱে খা- খবৰ লৈ ৰাসৰ শেষত পৰীৰ দেউতাকক লগ ধৰিলেগৈ।অতনুৰ কথাই ৰসেশ্বৰক অবাক কৰি তুলিছিল।উৰুখা চালেৰে আকাশৰ তৰা দেখা ঘৰখনত ডাঙৰ হোৱা ছোৱালীজনীক অতনুৱে জীৱন সংগিনী কৰিবলৈ বিচৰা কথাটোৱে পৰীৰ দেউতাকক অবাক কৰিছিল। ৰসেশ্বৰে হাতযোৰ কৰি অতনুৰ প্ৰস্তাৱক অমান্য কৰিছিল।কিন্তু অতনুৱে তাৰ-মাক- দেউতাকক লৈ আহি পৰীৰ দেউতাকক মান্তি কৰাইছিল। ৰসেশ্বৰে গাঁৱৰ ৰাইজখনৰ সহযোগত  জীয়েক পৰীক কুশ ছিঙি বিয়া দিছিল।গাঁৱৰ উৰুখা 
পঁজাটোৰ পৰা আহি পৰীয়ে অতনুৰ ঘৰখনৰ সংস্কাৰবোৰ সুন্দৰকৈ পালন কৰিছিল। অতনুৰ মাক -দেউতাকে পৰীৰ দৰে বোৱাৰী পাই হাততে সৰগ ঢুকি পাইছিল।
বিয়াৰ প্ৰায় ছমাহ মানৰ পিছতেই পৰী মাক হ'বলৈ ওলোৱা খবৰটোৱে অতনুহঁতৰ ঘৰখনত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। অতনুৰ বাহিৰে ঘৰৰ সকলোৱেই সুখী হৈছিল।কিন্তু কিয় জানো সি যেন ভিতৰি ভিতৰি কিবা আশংকাত  ভুগিছিল। সেইদিনা ৰাতি পৰীয়ে লাজ লাজকৈ অতনুক কথাষাৰ কওঁতেও তেওঁ বিশেষ উৎসাহ দেখুওৱা নাছিল। পৰীৰ সকলো সা- সুবিধাৰ প্ৰতি শাহুৱেকে চকু ৰাখিছিল।কিবা এটা বস্তু চাপৰি আনিবলৈ ল'লেও শাহুৱেকে বাধা দিছিল।  পৰীক কেৱল বিচনাত বহি বহি  কিতাপ পঢ়া আৰু টিভি চোৱাৰ বাহিৰে অন্য একো কামেই শাহুৱেকে কৰিবলৈ দিয়া নাছিল।পৰীৰ ভাবি ভাল লাগিছিল যে তাই এখন
 মৰমিয়াল ঘৰ পাইছে।বিশেষকৈ শাহুৱেকৰ মৰমবোৰে পৰীক সকলো সময়তে আকুলতাৰে ভৰাই ৰাখিছিল।

 পৰীৰ ভাল খবৰটো  মাজুলীৰ ঘৰখনত 
দিবলৈ আৰু দুদিনমান পৰীৰ লগত থাকিবলৈ ভনীয়েক মঞ্জিৰাক আনিবলৈ  বুলি মাকে  অতনুক মাজুলীলৈ পঠাই দিছিল। ভিনিয়েকৰ লগত মঞ্জিৰা বায়েকৰ ঘৰলৈ আহিছিল। বাই- ভনী দুয়োজনীয়ে বিচনাত বাগৰি বাগৰি কিমানযে কথা পাতিছিল আৰু কেৱল হাঁহিছিল। শাহুৱেক মিনতিয়ে পৰীক আনন্দত দেখি নিজেও সুখ অনুভৱ কৰিছিল।
  #মঞ্জিৰাই  অতনুক ভিনদেউ বুলি বৰ সুন্দৰকৈ মাতবোল কৰিছিল। অতনুৰ সেমেকি থকা মনটো দেখি তাই বায়েকে এই সময়ত কষ্ট পাব বুলিয়েই একো সোধা নাছিল। পৰীৰ লগত ডাক্তৰৰ ওচৰলৈ মাহেকীয়া চেকাপৰ বাবে যাওঁতে  প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ অৰিন্দম কাকতিয়ে কোৱা এষাৰ কথাই মঞ্জিৰাকো চিন্তিত  কৰিছিল।পৰীৰ গৰ্ভস্থ সন্তানৰ  জটিলতাৰ বিষয়ে আলোচনা কৰিবলৈ  অতনুক  ডাক্তৰ কাকতিয়ে তেওঁৰ চেম্বাৰলৈ মাতি নিছিল। 

 অতনুৱে পৰীক সকলো সময়তে অতনুৱে আনন্দত ৰাখিবলৈ বিচাৰিও নিজেই বিমৰ্ষ হৈ আছিল।সিহঁতৰ যুগ্ম জীৱনলৈ অহা নতুন অতিথিক লৈ খুবেই উদ্বিগ্ন হৈ থকা অতনুক এদিন  মঞ্জিৰাই   বায়েকৰ কথা সুধি পেলাইছিল।অতনুৱে কথাবোৰ কওঁতে  মাজে মাজে কঁপি উঠিছিল।চিকিৎসা বিজ্ঞানৰ ভাষাত  পৰী কোনো দিনেই মা হ'ব নোৱাৰিব বুলিয়েই ডাক্তৰে কৈছিল।কিন্তু পৰীৰ গৰ্ভৰ জটিলতা এনেকুৱা এটা পৰ্য্যায়ত আছে যে মাক অথবা সন্তান যি কোনো এজনকহে ডাক্তৰে বচাব পাৰিব।এই কথাবোৰ অতনুৱে মাক আৰু পৰী এজনীকো  ক'ব পৰা নাছিল।যাৰ কাৰণে তেওঁ বৰ কষ্টত দিন কটাইছে।মঞ্জিৰাক অতনুৰ কথাবোৰে যথেষ্ট চিন্তিত কৰি তুলিছিল।একমাত্ৰ ঈশ্বৰক ভৰষা কৰাৰ বাহিৰে অন্য পথ নাই বুলি অতনুৱে মনে মনে ভাবিবলৈ বাধ্য হৈছিল। মাকে নাতিক আদৰিবলৈ বোৱাৰীৰ কোঠাত নতুনকৈ ৰং কৰাইছিল।পৰীৰ কোঠাটো কেঁচুৱাৰ ফটোৰে ভৰাই তুলিছিল।কিন্তু পুতেকৰ গোমা মুখখন দেখি মাজে মাজে তেওঁ অতনুৰ কি হৈছে জানিবলৈ বিচাৰিও মনৰ উৎকণ্ঠাত আকৌ পাহৰি পেলাইছিল।

 #মঞ্জিৰাই তাইৰ স্নাতক দ্বিতীয় বৰ্ষৰ পৰীক্ষা বায়েকৰ বাবেই সেই বছৰ  নিদিয়াটোকেই সিদ্ধান্ত লৈ বায়েকৰ লগতেই আছিল।

 পৰীৰ ন- মহীয়া সেৱা পাতি  শাহুৱেকে তাইৰ বাবে গোপিনীসকলৰ পৰা এটা আশীৰ্বাদ ল'লে।  পৰীক প্ৰসৱৰ নিৰ্দিষ্ট সময়ৰ আগতেই ডাক্তৰৰ পৰামৰ্শ মতে হস্পিটেলত ভৰ্তি কৰিবলৈ লোৱা  কথাটো অতনুৱে মাক-দেউতাকৰ লগতো আলোচনা কৰিছিল। মঞ্জিৰাই  পৰীৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বেগত ভৰাই  থাকোঁতে কোনোবা মুহূৰ্তত বায়েকে নেদেখাকৈ কান্দি পেলাইছিল । পৰীয়ে অতনুৰ  মাক-দেউতাক দুয়োকে সেৱা কৰি  আহি  গাড়ীত বহিছিল।মঞ্জিৰা আৰু শাহুৱেকে গেটলৈকে আগবঢ়াই দিছিল।  পৰীৰ  তেতিয়ালৈকে বিশেষ একো অসুবিধা হোৱা নাছিল। কেৱল ডাক্তৰৰ পৰামৰ্শ মতে  আগতীয়াকৈ ভৰ্তি কৰাবলৈ নিছিল।অতনুৰ মাকে সেইকাৰণে বৰ বিশেষ চিন্তা কৰা নাছিল।
  সেই দিনটো আছিল ১৯৯৪ চনৰ ০৬ জুলাই। জ্যোতিষীয়ে দিয়া শুভ দিনটোতেই অতনুৱে মনৰ সকলো শংকা দূৰ কৰি পৰীক কাষত বহুৱাই লৈ হস্পিটেল অভিমুখে আগবাঢ়িছিল।হঠাতে অতনুৰ গাড়ীৰ আগত  চাৰিবছৰীয়া  কণমানি এটা দৌৰি  
আহি পৰাত অতনুৱে কণমানিটোক বচাবলৈ খুব জোৰেৰে গাড়ীৰ ব্ৰেক মাৰিছিল।অতনুৰ গাড়ীখনে গৈ এজোপা গছত খুন্দিয়াই  দিছিল।মুহূৰ্ততে হুৱাদুৱা লাগিছিল।প্ৰত্যক্ষদর্শীয়ে লৰালৰিকৈ পৰী আৰু অতনুক হস্পিটেললৈ লৈ গৈছিল।পৰীয়ে তলপেটত আঘাত পোৱাৰ বাবেই তাইৰ হঠাতে প্ৰসৱ যন্ত্ৰণা আৰম্ভ হৈছিল।।অতনুৰ ক্ষন্তেক পিছতেই জ্ঞান আহিছিল।অতনুৱে মূৰৰ আঘাতকো আওকাণ কৰি পৰীৰ কাষলৈ দৌৰি গৈছিল।অতনুৰ ঘৰলৈও কোনোবাই খবৰ দিছিল।মঞ্জিৰাই বৰমাকক  লগত লৈ হস্পিটেললৈ ঢপলিয়াই আহিছিল।ইতিমধ্যে পৰীৰ প্ৰসৱ 
বেদনা আৰম্ভ  হোৱাত তাইক লেবাৰ ৰুমলৈ  সুমুৱাই নিছিল।অতনু জোপোকা মাৰি বহি আছিল।হঠাতে কেঁচুৱাৰ কান্দোন শুনি অতনুৰ জড়তা ভাগিছিল।এখোজ দুখোজ কৈ লেবাৰ ৰুমৰ ফালে অতনু আগবাঢ়ি গৈছিল।এগৰাকী নাৰ্চে  কেঁচুৱাটোক বগা কাপোৰেৰে মেৰিয়াই  কোলাত দিওঁতে অতনুৰ হাত দুখন বৰকৈয়ে কঁপিছিল।মাক মিনতিয়ে তেওঁৰ নাতি ল'ৰাক বুকুলৈ চপাই লৈছিল।অতনুৱে নাৰ্চক পৰীৰ কথা সুধিছিল।কিন্তু নাৰ্চে একো উত্তৰ নিদিয়াকৈ পুনৰ অপাৰেচন ৰুমলৈ সোমাই গৈছিল। ক্ষন্তেক পিছতে ডাক্তৰ অৰিন্দমে আহি অতনুৰ কান্ধত হাতখন থৈ সেমেকা কণ্ঠেৰে কৈছিল, sorry ,বন্ধু , বহু যত্ন কৰিও মই তোমাৰ পৰীক বচাব নোৱাৰিলোঁ।পৰীৰ এই সন্তান কেনেকৈ ইমান সুস্থ ভাৱে জন্ম হ'ল সেই কথা ভাবি  আজি মোৰ  নিজকে চিকিৎসা বিজ্ঞানৰ ওচৰত পৰাজিত হোৱা যেন লাগিছে ।ঈশ্বৰ প্ৰদত্ত এই দেৱদূতক আজিৰ পৰা তুমিয়েই মাক আৰু দেউতাক দুয়োৰে মৰম দিব লাগিব অতনু।ডাক্তৰে কথাখিনি কৈ থাকোঁতেই অতনু  পুনৰবাৰ সংজ্ঞাহীন হৈ পৰিছিল।কোনোমতে অতনুক দাঙি নি হস্পিটেলৰ বিচনাত শুৱাই দিছিল। ডাক্তৰৰ কথাখিনি শুনাৰ পিছত অতনুৰ মাক থিৰেৰে থাকিব পৰা নাছিল।
মঞ্জিৰাই বায়েকৰ সপোনটোক বুকুত সুমুৱাই লৈ উচুপি উঠিছিল।ইতিমধ্যে পৰিয়ালৰ মানুহবোৰ আহি হস্পিটেল পাইছিল।পৰীৰ  অন্তিম সৎকাৰৰ বাবে মানুহবোৰ সাজু হৈছিল। মঞ্জিৰাই কোনোমতেহে পৰিস্থিতি চম্ভালি লৈছিল।মাজুলীৰ পৰা মাক- দেউতাক আহি পাইছিল। পৰীক  মঞ্জিৰাই কইনাৰ দৰে সজাই দিছিল।অতনুক ধৰি ধৰি আনি পৰীৰ কপালত ডগমগীয়া সেন্দূৰৰ ফোঁটতো আঁকি দিছিল। অতনুৱে পৰীক মুখাগ্নি কৰাৰ সম্পূৰ্ণ দুটা  দিনৰ পিছত জ্ঞান ঘূৰাই পাইছিল।

#দুদিনীয়া কেঁচুৱাটোৰ ওঁঠ দুটা  কপাহেৰে ঘনাই ঘনাই মঞ্জিৰাই তিয়াই দিছিল। জন্ম মুহূৰ্ততে মাতৃহাৰা হোৱা কেঁচুৱাটোৰ মুখখন চাবলৈ কোনেও সাহস গোটাব পৰা নাছিল।অতনু  লাহে লাহে প্ৰকৃতস্থ হৈছিল।কণমানিটোৰ বাবে এজনী ধাই বিচাৰি অতনু  বলিয়াৰ দৰেই ঘূৰি ফুৰিছিল।কিন্তু জন্ম মুহূৰ্ততে বায়েকৰ সন্তানটোক বুকুত সুমুৱাই লওঁতে  অনুভৱ কৰা  আত্মিক স্পৰ্শই মঞ্জিৰাক ব্যথিত কৰিছিল।

লাহে লাহে পৰী আৰু অতনুৰ সন্তান গীতে কলকলাবলৈ আৰম্ভ কৰিছিল। দুয়োখন ঘৰৰ মানুহৰ এক বিশেষ সিদ্ধান্তক সেইদিনা মঞ্জিৰা আৰু অতনুৱে অনিচ্ছা স্বত্তেও মানি লৈছিল।তাইৰ বাবে আজীৱন বাট চাই থাকিম বুলি কোৱা তাইৰ প্ৰথম প্ৰেম সুবাসক একমাত্ৰ গীতৰ বাবেই এৰিবলৈ সাজু 
হৈছিল ।

  মঞ্জিৰা আৰু অতনুৱে কোৰ্ট মেৰেজ কৰি সামাজিক ভাৱে 
দুয়ো গীতৰ মাক  দেউতাক হৈছিল।সমাজৰ দৃষ্টিত মঞ্জিৰা আৰু অতনু দুয়োটাই কেৱল পতি পত্নী হৈ থকাৰ সিদ্ধান্ত লৈছিল।মঞ্জিৰাই গীতক মাতৃৰ  উমাল আৱেশেৰে লালন পালন কৰিছিল।

গীতে থুনুক থানাককৈ মঞ্জিৰাক প্ৰথম বাৰৰ বাবে মা বুলি মাতোঁতে তাই বায়েকৰ ফটো খনৰ কাষত গৈ উচুপি উঠিছিল।গীতক লৈয়ে  অতনু আৰু মঞ্জিৰাই দিনবোৰ অতিক্ৰম কৰিছিল।বোৱঁতী নদীখনৰ দুটি পাৰত দুজন ভিন্ন মনৰ মানুহে সহাৱস্থান কৰিছিল।
 সুবাসক হৃদয়ত সন্তৰ্পনে কঢ়িয়াই গীতক মমতাৰ আঁচলেৰে ঢাকি ৰাখি অতনুৰ সকলো দিশতে চকু ৰাখিব পৰাকৈ মঞ্জিৰা সষ্টম হৈ উঠিছিল। বাত বিষত পিষ্ট হৈ থকা সত্তৰ উৰ্ধৰ শাহুৱেকক  তাই সুন্দৰকৈ পৰিচৰ্যা কৰিছিল।শহুৰেক মাণিক চলিহাই কিন্তু এই বয়সতো বাগানলৈ নিয়মিত ৰূপত অহা- যোৱা কৰিছিল।
গীতৰ স্কুলত এডমিশ্যন দিয়াৰ সময় হৈছিল।শাহুৱেকৰ মনত কিমান যে চিন্তা!কিজানিবা তেওঁৰ নাতিয়ে কষ্ট পায়! মঞ্জিৰাই শাহুৱেকৰ কথাত খুব হাঁহিছিল আৰু  সেইদিনা শাহুৱেক মিনতিয়ে তাইৰ ওচৰত অভিমান কৰিছিল।মঞ্জিৰাই বুজাইছিল মা গীতক আমি অসমীয়া মাধ্যমৰ ভাল স্কুলত পঢ়ুৱাম।দেউতাৰো একান্ত ইচ্ছা  আছিল তেওঁৰ নাতিক অসমীয়া মাধ্যমত পঢ়াই আপোন শিপাডালৰ সৈতে সংপৃক্ত কৰিব।অসমীয়া ভাষা  অস্তিত্বৰ সংকটত পৰাৰ সময়ত দেউতাৰ দৰে ব্যক্তিসকলৰ সিদ্ধান্ত সচাঁকৈয়ে সময় সাপেক্ষ। মা  আমি দুয়ো দেউতাৰ এই সিদ্ধান্তক  সন্মান জনাইছোঁ ।গীতেও ডাঙৰ হৈ নিশ্চয় অনুভৱ কৰিব পাৰিব যে তাৰ ভৱিষ্যতৰ বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত ককাকৰ অনন্য অৱদান আছিল।সচাঁকৈয়ে মা দেউতাৰ দৰে এজোপা স্থিতপ্ৰজ্ঞ  ঐশানুৰ ছাঁত জিৰণি ল'বলৈ পোৱাটো আমাৰ গীতৰ বাবেও যে কিমান সৌভাগ্যৰ কথা।

গীতে পঢ়াশলীয়া শিক্ষাৰ ঢাপবোৰ ঐকান্তিকতাৰে অতিক্ৰম কৰিছিল।গীতৰ প্ৰতিটো ওপজা দিনত অতনু আৰু মঞ্জিৰাই নিজৰ লগত যুঁজিবলৈ সাজু হয়।গীত অহা পোহৰৰ পথটোৰে সেইদিনা অতনু আৰু মঞ্জিৰাৰ বুকুলৈ আন্ধাৰবোৰো একেলগে সোমাই বুকুৰ ভিতৰখন খান্দি পেলাইছিল।কিন্তু গীতৰ বাবে এইদুখ বোৰকে দুটি ওঁঠত হাঁহিবোৰ বোলাই মঞ্জিৰা আৰু অতনু  গীতৰ  জীৱনৰ বিশেষ দিনটোৰ বাবে সদায় সাজু হৈছিল।

গীতৰ বাবেই লাহে লাহে অতনু আৰু মঞ্জিৰাই নিজক সলনি কৰিবলৈ আৰম্ভ কৰিছিল।গীতৰ বাবে মঞ্জিৰাই পৃথিৱীৰ সকলো দুখ সহিব পাৰে।

অতনু আৰু মঞ্জিৰাই গীতৰ বাহিৰে দ্বিতীয় সন্তানৰ কথা কোনোদিনেই ভবা নাছিল।মাক মিনতিয়ে মঞ্জিৰাক বহুবাৰ বুজাইছিল।তেতিয়া মঞ্জিৰাই শাহুৱেকক কোমলকৈ কৈছিল, মা জগতৰ গৰাকী কৃষ্ণ গোঁসাইৰ দুগৰাকী মাতৃ নাছিল জানো?আমাৰ গীত কিমান ভাগ্যৱান দেখিছে মা, তাৰ জীৱনত দৈৱকী আৰু যশোদা  দুয়োগৰাকী মাতৃৰে আশিস আছে।

গীতে মেডিকেলৰ শেষ পৰীক্ষাটো দি ওলাই অহা বছৰতেই অতনুৰ মাক- দেউতাক দুয়োজনৰে মৃত্যু হৈছিল।মঞ্জিৰাই অতনুৰ বাগানৰ কামবোৰতো সহায় কৰিছিল। বুকুত দুখবোৰ কঢ়িয়াই ফুৰা অতনুক সদায় তাই বিশেষ ভাৱে নজৰ দিছিল।অতনুৱে কষ্ট পোৱা কোনো কামেই তাই কৰিবলৈ বিচৰা নাছিল।

গীতে ডিব্ৰুগড় মেডিকেলত প্ৰসূতি ৰোগ বিশেষজ্ঞ হিচাপে জইন কৰিছিল।তাৰ চিকিৎসাই বহু নৱজাতকৰ জীৱন ৰক্ষা কৰিছিল।গীত কম দিনৰ ভিতৰতে দুখীয়া ৰোগীসকলৰ মাজত দেৱদূতৰ দৰেই হৈ পৰিছিল।মঞ্জিৰা আৰু অতনুৰ ভাল লাগিছিল।অতনুৱে ভাবিছিল চিকিৎসা বিজ্ঞানে পৰীক বচাব নোৱাৰিলেও আজি বহু সন্তান আৰু মাতৃক জীৱনদান কৰি গীতে মাক পৰীৰ আত্মাক  নিশ্চয় শান্তি দিছে।

  পঢ়াৰ বাহিৰে একো বুজি নোপোৱা গীতৰ জীৱনলৈও এদিন প্ৰেম আহিছিল।অপৰাজিতাক গীতে জীৱন সংগিনী কৰাৰ কথা দিছিল।তাৰ এই সিদ্ধান্তক অতনু আৰু মঞ্জিৰাই হাঁহি মুখে সন্মতি জনাইছিল। অপৰাজিতাই মেডিকেল  পঢ়ি শেষ হোৱালৈ গভীৰ অপেক্ষাৰে ৰৈ আছিল গীত। অপৰাজিতাহতৰ
 ঘৰখনৰ সৈতে অতনু আৰু মঞ্জিৰা কথা পাতিবলৈ 
গৈছিল।কিন্তু ঘূৰি আহোঁতে অতনুৰ মনটো সেমেকি আহিছিল। মঞ্জিৰাই বহুবাৰ সোধাৰ পিছত অতনুৱে তাৰ অতীতৰ সেই গোপন কথাবোৰ কৈছিল।অতনুৱে অপৰাজিতাৰ মাক বিদিশাৰ সৈতে তাৰ হ'বলগীয়া বিয়াখন ভাঙি পৰীক বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছিল।অতনুৰ এই  সিদ্ধান্তই দেউতাকৰ পুৰণি বন্ধুৰ সৈতে সম্বন্ধত ফাট মেলিছিল। আজি অতনু সেই অতীতৰ লগত পুনৰবাৰ মুখামুখি হ'বলগীয়া হৈছে।কিন্তু গীতৰ সুখৰ কাৰণে অতনুৰ বাবে এই পৰিস্থিতি  তেনেই নগণ্য।মঞ্জিৰাৰ অপৰাজিতাক ভাল লাগিছিল, কিন্তু মাক বিদিশাৰ অহংকাৰী কথাবোৰে তাইক আমনি দিছিল।তথাপিও একমাত্ৰ সন্তানৰ সুখৰ কাৰণে সিহঁত দুয়ো সাজু হৈছিল এটা নতুন দিনক আদৰিবৰ বাবে।

কিন্তু নিয়তিয়ে মঞ্জিৰা আৰু গীতক অকলশৰীয়া কৰি অতনুক সিহঁতৰ মাজৰ পৰা আঁতৰাই নিছিল।বাগানলৈ বুলি হাঁহি মাতি ওলাই যোৱা অতনু বগা কাপোৰৰ তলত উভতি আহিছিল।মঞ্জিৰাৰ জীৱনৰ ৰংবোৰ  পুনৰবাৰ হেৰাই গৈছিল।

 মঞ্জিৰাই  অতনুৰ সকলোবোৰ দায়িত্ব কান্ধ পাতি লৈছিল।বাগানৰ পৰা আৰম্ভ কৰি ঘৰখনলৈকে সকলোতে তাই ব্যস্ত হৈ পৰিছিল।তাই প্ৰায়ে অতনুৰ ফটো খনৰ আগত গৈ অভিমান কৰি কান্দিছিল আৰু কৈছিল, অতনু মোক এনেকৈ ইমানবোৰ দায়িত্ব দি তুমি কিয় ইমান সোনকালে আঁতৰি গ'লা? মই কেনেকৈ কৰিম ইমানবোৰ কাম?গীতৰ বিয়া পাতিব লাগিব, মই তুমি কাষত নোহোৱাকৈ পাৰিমজানো?

 গীতে মঞ্জিৰাক সহায়ৰ এখন হাত আগবঢ়াই দিছিল।সি কৈছিল, মা তুমি  এনেকৈ সদায় কান্দি থাকিলে মই কিন্তু বিয়া নাপাতিম।মঞ্জিৰাই  গভীৰ আৱেগেৰে গীতক বুকুৰ মাজত সুমুৱাই লৈছিল।

 মঞ্জিৰাই গীতৰ বিয়াৰ আয়োজন ধুমধামেৰে কৰিছিল। ন- বোৱাৰী অপৰাজিতাই আহি ঘৰখন পোহৰাই তুলিছিল। বিয়াৰ দুবছৰৰ  পিছত গীত আৰু অপৰাজিতাৰ  জীৱনলৈ সিহঁতৰ সন্তান মন আহিছিল।  নীৰৱ ঘৰখনৰ কোঠাবোৰ পুনৰবাৰ মনৰ হাঁহিৰে ভৰি পৰিছিল।মনৰ পিছে পিছে দৌৰি ফুৰি মঞ্জিৰাও ভাগৰি পৰা নাছিল।মনত পৰিছিল গীতৰ শৈশৱলৈ।যি সোণালী শৈশৱৰ মণিকুন্তল অনুভৱক মঞ্জিৰাই হৃদয়ৰ নিভৃত কোণত
সোণালী সূতাৰে গাঁঠিছিল বৰ 
হেঁপাহেৰে।

 ডিব্ৰুগড়ৰ মিলন নগৰত গঢ়ি উঠা প্ৰাপ্তি অনাথ আশ্ৰমখনৰ  নিৰ্মাণৰ বাবে মঞ্জিৰা আৰু গীতে  এক বৃহৎ অনুদান আগবঢ়াইছিল। প্ৰাপ্তি অনাথ আশ্ৰমখন আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ মঞ্জিৰাহঁতৰ ঘৰখনক নিমন্ত্ৰণৰ শৰাই দিছিল। নিৰ্দিষ্ট দিনটোত  গীতে মাক আৰু অপৰাজিতাক লৈ  উক্ত সভাখনলৈ গৈছিল।  সেই অনুষ্ঠানৰ মুখ্য উদ্যোক্তা জনক দেখা পাই মঞ্জিৰা আচৰিত হৈছিল।সিহঁতক সুবাসে আগবঢ়াই নি মঞ্চত বহুৱাইছিল। মঞ্জিৰাৰ বুকুত  এজাক ধুমুহা বলিছিল। কিন্তু বাহিৰত খুবেই সহজ হৈ থাকি গীত আৰু বোৱাৰীয়েকক সুবাসৰ লগত চিনাকি কৰি দিছিল।সুবাসেও সুন্দৰকৈ কথাবোৰ সামৰি লৈছিল।সভাৰ বিভিন্ন বক্তাৰ বক্তব্যৰ পৰা  মঞ্জিৰাই যি কথা গম পাইছিল, তাই আৰু আচৰিত হৈছিল।সুবাসে বিয়া নকৰালে, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হৈ অৱসৰ ল'লে।ঠিকনা নোহোৱা এজাক কণমানি শিশুক প্ৰাপ্তিৰ ৰ'দেৰে প্ৰজ্বলিত কৰি তুলিবলৈ বিচৰা সুবাসৰ এই প্ৰয়াসক সকলোৱেই একেমুখেই শলাগ ল'লে। সভাৰ অন্তত গীতহঁত যাবলৈ ওলাইছিল।গীতে সুবাসক সিহঁতৰ ঘৰলৈ জোৰকৈ মাতি গৈছিল।মঞ্জিৰাই বিশেষ একো কোৱা নাছিল। সুবাসৰ ওচৰত থকা সময়খিনিত মঞ্জিৰা নীৰৱেই আছিল।গীতে সুবাসৰ লগত বিভিন্ন বিষয়ৰ ওপৰত কথা পাতিছিল । আশ্ৰমৰ শিশু সকলৰ বাবে  বিনামূলীয়া চিকিৎসা সেৱা এআগবঢ়াবলৈ সকলো সময়তে গীত সাজু আছে বুলি সুবাসক জনাইছিল।সুবাসে মৰমেৰে গীতৰ পিঠিত থপৰিয়াই দিছিল। অলসহীনভাৱে মঞ্জিৰা ঘৰলৈ উভতিছিল।

দিনবোৰ বাগৰিছিল ।এদিন হঠাতে  গীতৰ লগত সুবাস মঞ্জিৰাৰ ঘৰলৈ আহিছিল।সৌজন্যসূচক কথা বার্তাৰে সুবাসক মঞ্জিৰাই বিদায় দিছিল। মঞ্জিৰাই বাগিচাৰ কামৰ সংক্ৰান্তত  কলিকতালৈ যাবলগীয়া হোৱাত নাতি মনৰ কাৰণে  অপৰাজিতাৰ মাকক দুদিনমান থকাকৈ মাতি পঠাইছিল।

কলিকতাৰ পৰা উভতি আহি মঞ্জিৰাই অপৰাজিতাৰ কথা বতৰাবোৰ কিছু সলনি হোৱা  যেন লক্ষ্য কৰিছিল যদিও একো ভবা নাছিল। যিমানেই দিনবোৰ বাগৰিছিল আৰু অপৰাজিতাৰ অনাদৰ মঞ্জিৰাৰ প্ৰতি বেছিহে হৈছিল। মনক তাইৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল।গীতে কথাবোৰ বৰ বিশেষ লক্ষ্য কৰা নাছিল। অপৰাজিতাই সুবাসক উদ্দেশ্য কৰি কথাবোৰ কওঁতে ইমান বেছি তললৈ নামিছিল যে মঞ্জিৰাৰ ভৰিৰ তলৰ মাটিখিনি কঁপি উঠিছিল।

মঞ্জিৰাই সুবাসৰ সৈতে কলেজীয়া দিনৰ সম্পৰ্ক আজিও ৰক্ষা কৰি চলি আছে বুলি বোৱাৰী অপৰাজিতাই  মাক বিদিশাৰ  সৈতে লগলাগি   তাইৰ ওপৰত অপযশ  জাপি দিছিল। কথাবোৰ শুনি  মঞ্জিৰা থৰথৰকৈ কঁপিছিল।কলিকতালৈ ব্যৱসায়ৰ কামত  গৈ একেখন হোটেলতে সুবাস আৰু মঞ্জিৰা  আছিল বুলি গীতৰ সন্মুখত অপৰাজিতাই দৃঢ়তাৰে কৈছিল।মঞ্জিৰাৰ পৃথিৱীখন চকুৰ পচাৰতে ৰংবিহীন হৈ পৰিছিল।

মঞ্জিৰাই ডায়েৰীখন জপাই থৈ চকুপানীবোৰ মচি পেলালে।।গুৱাহাটীৰ আশ্ৰয় নামৰ বৃদ্ধাশ্ৰমখনৰ নম্বৰটো যোগাৰ কৰি মঞ্জিৰাই  আশ্ৰম সমিতিৰ অধ্যক্ষৰ লগত কথা পাতিলে।  গুৱাহাটীলৈ যাবৰ কাৰণে তাই প্ৰয়োজনীয় দুপদমান বস্তু বেগত  ভৰাই ল'লে।অতনু আৰু পৰীৰ ফটো দুখন বেগত  ভৰাই থৈ মঞ্জিৰাই উকীল দেৱানন্দ কাকতিলৈ ফোন কৰিলে।গীত আৰু অপৰাজিতা হস্পিটেলৰ পৰা অহাৰ পিছতেই কাকতি আহিল। অতনুৰ স্থাৱৰ অস্থাৱৰ  সকলো সম্পত্তি নাতি মনৰ নামত  মঞ্জিৰাই উইল কৰিলে।কাকতিয়ে এটা কপি নিজৰ হাতত ৰাখি এটা কপি মঞ্জিৰাক দিলে।মঞ্জিৰাই গীতলৈ ফাইলটো আগবঢ়াই দিলে।ফেক্টৰীৰ নিয়মিত কামবোৰ নতুনকৈ অহা ডেকা মেনেজাৰ কৌস্তভ শইকীয়াকৰ হাতত অৰ্পণ কৰিলে।গীতে ক'ৰপৰা কি হ'ল বুজিব নোৱাৰি কেৱল উচুপি উঠিল।কিন্তু মাক মঞ্জিৰাই যে সিদ্ধান্ত  সলনি নকৰে সেই কথা সি মাকৰ কামখিনিৰ পৰাই বুজি উঠিছে।

মঞ্জিৰাই  ড্ৰাইভাৰ নৰেনক লৈ গুৱাহাটীলৈ বুলি ওলাই  যাওঁতে বিদিশাৰ ওঁঠৰ কোণেৰে এটা কুটিল হাঁহি বাগৰি গৈছিল। গোটেই বাটছোৱা মঞ্জিৰাক মনৰ
কথাবোৰে আমনি কৰিলে।মনে আইতাকক কোঠাবোৰত বিচাৰি চলাথ কৰিব আৰু নাপালে কান্দিব। কিন্তু  অপৰাজিতাই মঞ্জিৰাক দিয়া আঘাটত আজি তাই শৰশয্যাত থকা পিতামহ ভীষ্মৰ দৰেই হৈ পৰিছে।সপোনৰ দৰে মাদকতাভৰা ক্ষণবোৰে আজি অমৃতৰ সলনি গৰল পান কৰি নীলকণ্ঠ হৈ পৰিছে। হেঁপাহৰ সীৰলুত  সুদীৰ্ঘ আঠাইছটা বছৰে  কৰ্ষণ কৰা   সুখৰ পলবোৰ হেৰুৱাই আজি মঞ্জিৰা নিঃস্ব হৈ পৰিছে।

গীতৰ জীৱনত মঞ্জিৰা আৰু অপৰাজিতা দুয়োগৰাকী নাৰীৰে বিশেষ স্থান আছে।কিন্তু গীতৰ মনৰ সমুদ্ৰৰ ধুমুহা জাকে তাক অশান্ত কৰি পেলাইছে।
মঞ্জিৰা যোৱাৰ পিছত গীতৰ একোতে মন নবহা হ'ল।দুদিনমানৰ ছুটী বিচাৰি জ্যেষ্ঠ চিকিৎসক অৰিন্দম কাকতিৰ ওচৰলৈ গৈছিল।
কাকতিয়ে গীতৰ ঘৰখনৰ সকলো খবৰ ৰাখে।মঞ্জিৰাই ঘৰ এৰি যোৱাৰ কথাষাৰে কাকতিক ব্যথিত কৰিছিল। সেয়েহে গীতৰ আগত আজি কাকতিয়ে অতনু আৰু মঞ্জিৰাৰ কথাবোৰ কোৱাৰ সিদ্ধান্ত লৈছিল। কাকতিৰ কথাখিনি শেষ হোৱাৰ পিছত গীতে থৰক বৰককৈ  তেওঁৰ চেম্বাৰৰ পৰা ওলাই আহিছিল।ঘৰলৈ গৈ অপৰাজিতাক একো নোকোৱাকৈয়ে গুৱাহাটীলৈ বুলি ঢাপলি মেলিলে।আশ্ৰম পায়ে গীতে মঞ্জিৰাৰ ভৰিত পৰি হুকহুকাই কান্দিবলৈ ধৰিলে।  তোমাৰ ত্যাগৰ ওচৰত আজি মই তেনেই নগণ্য হৈ পাৰিছোঁ মা।তুমি ত্যাগ আৰু সততাৰ সাজযোৰ পৰিধান কৰি ইমান ওখত আছা যে তোমাক আজি মই চুই চাবলৈও অক্ষম হৈ পৰিলোঁ মা। তোমাৰ গীতক ক্ষমা কৰি দিবা  মা।মাকক উভতি আহিবলৈ গীতে কাতৰ অনুৰোধ কৰিলে।মঞ্জিৰাই ম্লান হাঁহিৰে গীতক ক'লে, তুমি মোক বুজি পালা যেতিয়া মোৰ জীৱনৰ ওচৰত একো আক্ষেপ নাই গীত।তুমি উভতি যোৱাগৈ। মই ইয়াত শান্তিৰে আছোঁ।নিজৰ ঘৰখন ভাগি যাবলৈ নিদিবা।বোৱাৰীক ক্ষমা কৰি দিবা ।তাই নজনাৰ বাবেহে কথাবোৰ ক'লে।কি জানা গীত,  তুমি পৃথিৱীত ভূমিষ্ঠ হৈ যিদিনা প্ৰথম কান্দিছিলা সেই দিনাই মই তোমাৰ সৈতে  আত্মিক প্ৰেমেৰে বান্ধ খাই  পৰিছিলো। আজিও মই সততাৰে কওঁ ,সুবাস মোৰ জীৱনৰ বাবে এমুঠি সঁচা সুবাস আছিল। আজি তেওঁ জীৱনৰ নান্দনিকতাৰে সেউজীয়া সপোনবোৰক আশাৰ পৃথিৱীত ত্যাগৰ বীজেৰে ৰোপণ কৰিবলৈ সক্ষম হৈছে।গীতে মঞ্জিৰাৰ বুকুত সোমাই কণমানি গীত হৈ ফেঁকুৰি ফেঁকুৰি কান্দিলে।মঞ্জিৰাৰ বুকুৰ মোহনাত অঁকা হৈ ৰ'ল গীতৰ মুখেৰে প্ৰথমবাৰৰ বাবে ফুটি ওলোৱা #মা নামৰ অমৃতময় শব্দটো।গীতক বিদায় দি মঞ্জিৰাই অতনুৰ ফটোখন বুকুত সাৱটি উচুপি উঠিল।

সমাপ্ত***


🔴শেৱালি বৰুৱা শইকীয়া
পুৰণিগুদাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)