অস্তমিত বেলিটো চুই চোৱাৰ হেঁপাহ।
সৰল মনত ৰং বিৰঙী নাওঁ আকিবলৈ মন!
বিচিত্ৰতাৰ পৃথিৱীত বিচাৰিছোঁ আজি মই
জীৱনৰ ৰং।
ৰাতিৰ অভ্যন্তৰত মই মোৰ আত্মাৰ কথকজনক বিচাৰোঁ,
অনুসৰণ কৰোঁ তাৰ স্বৰ, কম্পন, গতি।
ৰাতি গুচি যায় সি নিজৰ বাটেৰে,
থাকি যায় প্ৰণৱ পৰম ওমকাৰ ধ্বনি।
মই এজন অক্লান্ত পথিক
বাস্তৱৰ অভিজ্ঞতাই মোৰ কবিতা।
মই নিজে মোৰ মন ফৰকাল কৰি
আগুৱাই গৈ আছোঁ।
আবেলিৰ কবিতাৰ প্ৰথম খোজত
মন প্ৰাংগনত অনুসৰণ কৰিছোঁ
জীৱন জেতুকাৰ বোল।
দুচকুৱে কয়-
বুকুত জিৰি জিৰিকৈ বৈ আছে
সুখৰ এটি নিজৰা।
দুচকুৰ নীলাত জিলিকি ৰয়
এখন নতুন পৃথিৱী।
নতুন পৃথিৱীৰ দূৰ সীমনাত
মই পখিলা পাখিৰে ছাঁ দিব খোজোঁ।
এনেদৰেই গতি কৰি গৈছো,
জীৱন চক্ৰৰ একাঁ বেকাঁ ৰেখাত
মনোৰম, সুন্দৰ, স্বপ্নাতুৰ
এটি পথৰ সন্ধানত...
✍️দেৱজিত বৰুৱা
দ্বাদশ শ্ৰেণী
শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ