সৃষ্টিৰ শংখ বজাব কোনে?
শূন্য নদীৰ শিলনি বগাই অহা সৰীসৃপৰ দল
তহঁতে নাজান
ইয়াতো এখন স্ফীতবক্ষা নদী আছিল।
দুয়োপাৰে কত মানুহৰ ইতিহাস গঢ়িছিল।
তাৰ বুকুতে জোন, বেলি, তৰাই সপোন ৰচিছিল
সোণ জিলিকা সোৱনশিৰিৰ দুপাৰে বাগৰিছিল
সেউজীয়া সপোনৰ ঢল
বালিত জিলিকা
সোণৰ চেকুৰা
সিওযে অতীত হ'ল।।
মোৰ বুকুৱে আজি বিচাৰিছে
এটা নতুন গান হ'বলৈ
মোৰ প্ৰাণে বিচাৰিছে এখনি আকাশ হ'বলৈ
মোৰ দেহে বিচাৰিছে
এখনি স্বপ্নৰ কেনভাচ হ'বলৈ
চাহাৰা বুকুত লুইতৰ গান শুনিবলৈ
আৰু
সৃষ্টিৰ নৱৰাগে ৰঞ্জিত
জনতাৰ হৃদয় জুৰাবলৈ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ