নাপায় -কুমকুম গগৈ

©Admin
0
এইখন সমাজ
মানুহেই গঢ়া, মানুহেই পতা সমাজ
আৰু মই... মই এগৰাকী নাৰী
 এই অদ্ভুত সমাজৰ।
মানুহেই প্ৰচাৰ কৰা নিয়ম-কানুনে
মোক নাপায় নামৰ কাপোৰেৰে
দি দিলে ওৰণি ।
সেই ওৰণি দাঙি মুক্ত আকাশলৈ চালেই
যেন তিয়াই পেলাব মোক এজাক এচিড বৰষুণে।
তালৈ যাব নাপায়, নাযাবা;
এইটো কৰিব নাপায়, নকৰিবা;
উস! অদ্ভুত সমাজৰ অদ্ভুত নিয়ম।
সকলোতে মাথো এটাই শব্দ;
নাপায় ! নাপায় ! নাপায় !



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)