অসমীয়া সাহিত্যৰ চানেকি- তৃতীয় বৰ্ষ ৩৩৮ সংখ্যা

Rinku Rajowar
0
আজি দেওবাৰ ১৭ আঘোণ ১৪২৯ শকাব্দ । ইং ৪ ডিচেম্বৰ  ২০২২ । আজিৰ সংখ্যাটো আপোনালোকলৈ আগবঢ়ালো পঢ়ি কেনেকুৱা পাইছে কমেন্ট কৰি জনাবচোন । 

সময় আছে মনটোহে নাই

◾চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ।

আজি মোৰ ভাগিনৰ জোৰণ পিন্ধোৱা । যথা সময়ত নগাৱঁৰ হাতীচোঙৰ বাইদেউৰ ঘৰৰ পৰা আহি কইনা ঘৰৰ বিয়াৰ  ৰভা তলিত উপস্থিত হ'লোহি। আলহী অতিথিৰে গিজগিজাই থকা বিয়াৰ ৰভা তলীত চাহ জলপানৰে আতিথ্য চলি থকাৰ মাজতেই চা-চিনাকীৰ পৰ্বও আৰম্ভ হ'ল। তাৰ মাজতে দুই একে ইজনে সিজনক বহুত দিন লগ নোপোৱাৰ আক্ষেপ প্ৰকাশ কৰি  সময় নামৰ এটা দিশ বিদিশ নথকা স্কেলাৰ ৰাখিকে উৰাই ঘূৰাই দোষাৰোপ কৰিব ধৰিলে। ব্যস্ততাৰ বাবে সময়ৰ অভাৱ ঘটাৰ কাৰণে হেনো ইজনে সিজনক ল'গ নোপোৱা হ'ল। ল’ৰা-ছোৱালীৰ পৰীক্ষা, অফিচৰ কাম, ব্যৱসায় বাণিজ্যৰ ব্যস্ততা, শ্ৰীমতীৰ বুটিকৰ কাম ইত্যাদি ইত্যাদিবোৰ অজুহাত পূৰ্ণ শব্দ পৰস্পৰে পৰস্পৰলৈ নিক্ষেপ কৰি ইজনে সিজনক ল'গ নোপোৱাৰ বেদনা উথলি উঠিছিল। 
ভদ্ৰলোক সকলৰ ফুলজাৰি মৰা কথা কেইষাৰ ঠহৰ ঠহৰ কৈ কাণত পৰাৰ লগেলগে মোৰ আজি দুদিনমানৰ আগতে গাঁৱলৈ যাওঁতে এখন প্ৰাথমিক স্কুলৰ দেৱালত ডাঙৰ ডাঙৰ কৈ লিখি থোৱা "আপুনি  কৰিলে মন চন বাকৰি মাটিতো ধন" বাক্যশাৰীলৈ মনত পৰিছিল।  আমি সৰু থাকোতে চামতাৰ মামাৰ ছোৱালী কেইজনী, ডাঙৰ পেহীৰ ল'ৰা আৰু ছোৱালী, বৰদেউতাৰ লৰা- ছোৱালী আৰু মোৰ বাইদেউ হতঁৰ বিয়া হোৱা সময়খিনিত বাৰু মানুহবোৰ ব্যস্ত নাছিল নেকি? তেতিয়া দেখোন বিয়া সভা বুলিলেই সপ্তাহ দিন আগৰ পৰা ঘৰ আলহী অতিথিৰে ভৰি পৰিছিল। তেতিয়াওটো কাম কৰা মানুহবোৰ সমানেই ব্যস্ত আছিল, । স্কুল, কলেজ, অফিচ,কাছাৰী সকলোতে সমানেই অনুশাসন আছিল। অথচ সেই সময়ত যানবাহন তথা যোগাযোগ ব্যৱস্থা সুবিধাজনক নাছিল।  পাছে সেই সময়ত মানুহৰ মাজত আন্তৰিক মৰম প্ৰীতি , সহৃদয়তা আৰু মনৰ বুজাবুজি অধিক আছিল। অৱশ্যে আজিকালি নিমন্ত্ৰণ দাতাইয়ো নিবিচাৰে যে  নিমন্ত্ৰিত অতিথিজন আগতীয়াকৈ গৈ ঘৰত উপস্থিত হওঁক। আধুনিকতাৰ ধামখুমীয়াত ক্ৰমান্বয়ে আমি আমাৰ আত্মীয়তাৰ আকৰ্ষণ আৰু পৰম্পৰাবোৰ হেৰুৱাই পেলোৱাৰ লগতে " অতিথি দেৱ ভৱ "ৰ প্ৰকৃতাৰ্থ কি পাহৰি পেলাব ধৰিছো। 
আচলতে সময়ৰ অভাৱৰ অজুহাত দেখুৱাই আমি পৰিয়াল আৰু বন্ধুবৰ্গৰ সতে মিলামিছা পৰা আঁতৰি থাকো যদিও দৰাচলতে ইয়াৰ বাবে আমাৰ মনটোহে জগৰীয়া।  আমি যদি সচাঁকৈয়েই কাৰোবাক লগ ধৰিবলৈ  কাৰোবাৰ ঘৰত এপাক যাবলৈ হেঁপাহ কৰো তেন্তে সেইটো কঠিন হ'লেও অসম্ভৱ নহৱ।  সেইবাবেই মই ক'ব বিচাৰো যে কাৰোবাক লগ ধৰিব নোপোৱা অথৱা কাৰোবাৰ ঘৰত এভূমুকি মাৰিব নোৱাৰাৰ বাবে আক্ষেপ কৰা সকলৰ সময়ৰ অভাৱ নাই। ইয়াৰ বাবে তেওঁলোকৰ হাতত পৰ্য্যাপ্ত সময় আছে পাছে মনহে নাই । সময় আৰু ধন পৰ্য্যাপ্ত পৰিমাণে থাকিলেও তেওঁলোক মনৰ দুখীয়া  ।
কিছুদিন আগতে জাপানলৈ যাওঁতে দেখিছিলো যে তাত চলা বাছ, মেট্ৰ,  ট্ৰাম, চিংকাচেন(বুলেট ট্ৰেইন) আদিত যাত্রা কৰা যাত্রী সকলে ইজনে সিজনৰ লগত অথৱা ফোনটো কথা বতৰা নাপাতে ।  বেচিভাগ মানুহেই মোবাইলত ভিডিঅ গেম, চুডকু অথৱা সাথঁৰ আদি খেলি গৈ থাকে।  যাত্রাকালত ফোনত কথা বতৰা পাতিলে কাষৰ সহযাত্ৰী জন বিৰক্তি পাব পাৰে বুলি তেওঁলোক খুবেই সচেতন । সেইয়েহে ট্ৰেইন , মেট্ৰ আৰু চিংকাচেনত ফোনত কথা পতাৰ বাবে নিৰ্ধাৰিত স্থান নিৰ্ধাৰণ কৰা থাকে  যাতে জৰুৰী ফোনত কথা পাতিব লগীয়া হলে আনে অসুবিধা নাপাই ।  জাপানীজ সকলে এনেয়ো পৰস্পৰে পৰস্পৰৰ মাজত কথা বতৰা কম পাতে অথৱা আৱশ্যকীয় কথা বতৰাবোৰো খুবেই সংক্ষিপ্ত ভাবে পাতে বুলি জানিবলৈ পাই ভাল লগাত মোৰ মনৰ ভাৱ কন মোৰ জাপানীজ সহকৰ্মী এজনৰ আগত প্ৰকাশ কৰিছিলোঁ । পাছে মোৰ মুখৰ কথাখিনি শুনি মোৰ সহকৰ্মীজনৰ প্ৰতুত্তৰ শুনি স্তম্ভিত হৈ পৰিছিলোঁ। 
কৰ্মসুত্রে উত্তৰ প্ৰদেশৰ নয়ডাত কৰ্মৰত মোৰ জাপানীজ বন্ধুজনে কৈছিল,  চুমিন্দ্ৰ চান জাপানীজ সকলে তুলনাত্মক ভাৱে ভাৰতীয় সকলতকৈ দীঘলীয়া জীৱন জীয়াই যদিও ভাৰতীয় সকলৰ দৰে জীৱনটো উপভোগ কৰাৰ পৰা বঞ্চিত।  ইমানবোৰ ধৰ্মীয়,  সাংস্কৃতিক আৰু ভাষিক পাৰ্থক্য থকাৰ স্বতেও ভাৰতৰ মানুহে খুব সহজেই এজনে আন এজনৰ লগত সহৃদয়তা গঢ়ি তুলিব পাৰে।  কথা বতৰা পাতি হাঁহি মাতি মিলাপ্ৰীতিৰে সময় উপভোগ কৰিব জানে লাগিলে আকাশী বিমানেই হওঁক অথৱা মেট্ৰ ,বাছ ৰেলগাড়ীয়েই নহওঁক কিয়? সেইয়া অৱশ্যেই ভাৰততেই সম্ভৱপৰ হয়। ইয়াৰ প্ৰকৃত কাৰণ হৈছে আপোনালোক অতিথিপৰায়ণ মনবোৰ। 
জাপানীজ সহকৰ্মীজনৰ কথাখিনি শুনি অলপ হলেও গৰ্বিত হৈছিলো যদিও সাম্প্ৰতিক সময়ত আমি সেই পৰম্পৰাগত সহৃদয়তাৰ আতঁৰি আহিব ধৰিছো তাৰ কাৰণে চিন্তিতো হৈছিলোঁ। গতিকে আহঁকছোন আমি সকলোৱেই কেৱল সময়ৰ দোহাই দি আত্মীয়তাৰ পৰা আঁতৰি নাথাকি জীৱনটোক আৰু বেচি উপভোগ্য কৰি তোলো। 

চাকৰি

◾উৎপল দাস
বোকখাত কুৰুৱাবাহী

চৰকাৰী চাকৰি এটা সকলোৰে আশা থাকে। গাড়ী, ঘৰ অন্য বহুত আনন্দ উপভোগে সহবাস কৰে সেইজন মনুহৰ লগত । অৱসৰৰ সময়ে বিভিন্ন গঠনমূলক কাম কৰাত সহায় কৰে । চৰকাৰী চাকৰি কৰা জনক মানুহে বিশ্বাস কৰে, সন্মান কৰে । চৰকাৰী চাকৰি কৰা  জনৰ তুলনাত বেলেগ কাম কৰা মানুহে একো কৰিব নোৱাৰে বুলি মানুহে ভাৱিবলৈ ধৰিছে ।  জীৱন ধাৰণ সকলোতকে বেলেগ বুলি ভাৱিবলে ধৰে । মানুহৰ মানসিকতা এইটো পৰ্য্যায়লে গৈছে যে আগৰ জনমত কৰি অহা ভুলৰ বাবে মানুহবোৰে চৰকাৰী চাকৰিৰ পৰা বনচিত হৈ থাকিব লাগে ।মনত দুখ লৈ  নিজৰ ল'ৰা ছোৱালীয়ে একো কৰিব নোৱাৰিলে বুলি দুখত বুঢ়া কালটো পাৰ কৰে । এটা চাকৰি বিছাৰি বহু বছৰ পাৰ হৈ যোৱাত অন্য কাম কৰিব নোৱাৰা হৈ পৰে সেইজন মানুহক অকমন্য বুলি ভাবিবলে ধৰে সমাজে । পিছত হাতাসাত দিন কতাব লাগে । হাজাৰ সোপন একলগে পূৰণ কৰিব নোৱাৰাত মানসিকভাৱে হতাস হৈ পৰে । বহুজনে নিজৰ ওপৰত বিশ্বাস ৰাখি বিভিন্ন ব্যবসায় বাণিজ্যত মনোনিৱেশ  কৰিছে । কোনোবা আৰ্থিক ভাবে সবল নহয় সেই সকলে বিভিন্ন কোম্পানিত কাম কৰি নিজকে সমাজৰ উন্নতি কাম কৰি আহিছে । সমাজত যেতিয়ালেকে চৰকাৰী চাকৰিক কথা প্ৰাধান্য দি যাব, সমাজখন বহুত পিছ পৰি ৰ'ব । নিজৰ ল'ৰা ছোৱালীক বিভিন্ন কামত মনোযোগ দিবলৈ সাহস দিব লাগিব । সমাজত বহুত কমসংখ্যক মানুহে চাকৰি কৰে বাকীবোৰে বিভিন্ন কাম কৰি আহিছে চৰকাৰী চাকৰিক লৈ হৈ চৈ কৰাৰ কোনো প্ৰয়োজন নাই । সকলোৱে সমাজ ,দেশ আৰু জাতিটোৰ কাৰণে অৱদান আগবঢ়াই আহিছে । চৰকাৰী চাকৰিয়েই মনুহৰ সকলোবোৰ পোৱাৰ শেষ নহয় । মানসিকতা সলনি কৰিবৰ হ'ল । চাকৰিৰ বাহিৰেও কৰিব লগা বহুত আছে । কৰ্মক সন্মান নিদিয়ালৈকে এনেবোৰ কথা অৱতাৰনা হৈ থাকিব । পূঁজিপতিৰ হাতৰপৰা নিজকে মুক্ত কৰিব লাগিব ।

আন্দোলনে অসমক কি দিলে ?
 
◾দেবর্ষি গৌতম
 নলবাৰী
 দুৰাভাষ - 69139 30829       
     
আন্দোলনে অসমক কি দিলে ? প্ৰতিটো আন্দোলনৰ পৰা অসমৰ কিবা লাভ হৈছে নে ? নে প্ৰতিটো আন্দোলনৰ নামত এগৰাকীৰ পিছত আন এগৰাকী অসমীয়া ডেকাই নিজৰ প্ৰাণ বিসৰ্জন দিছে। অসমৰ স্বাৰ্থ পূৰণ কৰাত কোনোবাটো আন্দোলনে প্ৰকৃতাৰ্থত সফল হৈছে নে ?
     ১৯৮৫ চনৰ সেই ভয়াৱহ আন্দোলন, যি আন্দোলনৰ ভয়াবহতা নেদেখিলেও আনৰ মুখৰ পৰা বিৱৰণ শুনাৰ পিছতো দেহ সিঁহৰি উঠে,অসমী আইৰ মান আৰু মৰ্য্যদা অটুট ৰখাৰ স্বাৰ্থতে ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ ডেকা গাভৰু। ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি আন্দোলন সফল কৰিবলৈ শ শ ডেকাই নিজৰ বুকুত গুলি খাবলৈ এবাৰৰ বাবেও পিছ হুঁহুকি অহাৰ কথা মনত ভবা নাছিল। আই অসমীৰ বাবে আন্দোলন সফল কৰাৰ নামত নিজৰ প্ৰাণ বিসৰ্জন দিছিল ৮৫৫ জন অসমীয়া ডেকাই। কিন্তু সেই নিঃস্বাৰ্থ বলিদানৰ বিনিময়ত অসম আৰু অসমীয়াই আজি কি পালে সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। আন্দোলন কৰি নেতা, মন্ত্ৰী, বিধায়ক হোৱা সেইসকল ব্যক্তিয়ে আজি মনত ৰাখিছে নে তেওঁলোকৰ সেইসকল সতীৰ্থ শ্বহীদক ? সেই শ্বহীদ সকলৰ পৰিয়ালবোৰ কিদৰে চলি আছে এবাৰৰ বাবে খৱৰ ল'বলৈ তেওঁলোকৰ হাতত সময় আছে জানো ? কেৱল শ্বহীদ দিৱসৰ দিনটোৰ বাহিৰে সেইসকল শ্বহীদৰ খবৰ কোনোবাই লয় জানো আজিৰ দিনত ? কেৱল এইয়াই নহয় ইয়াৰ পিছতো অসমত আৰু বহুত আন্দোলন হ'ল। নামনি সোৱণশিৰী নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ আন্দোলন হ'ল। অসমৰ জনতাই এই আন্দোলনৰ বাবে বিপুল সঁহাৰি জনাইছিল। এই আন্দোলন ইমানেই তীব্রতৰ হ'ল যে এই আন্দোলনৰ পৰিসৰ ৰাষ্ট্ৰীয় পৰ্য্যায়লৈকে বিয়পি পৰিল। নদীবান্ধৰ বিৰুদ্ধে ৰাজনৈতিক, অৰাজনৈতিক বিভিন্ন ধৰণৰ আন্দোলন হ'ল। কিন্তু এটা সময়ৰ পিছত এই আন্দোলনৰো একো ফলাফল নাহিল। সকলো নিষ্ক্ৰিয় হৈ পৰিল। অসমৰ বিভিন্ন ঠাইত বসবাস কৰি থকা লোক সকলক ভূমি পট্টা দিয়াৰ বাবে আন এক আন্দোলনৰ উকমুকণি আৰম্ভ হ'ল। বিশেষকৈ গুৱাহাটী মহানগৰীৰ পাহাৰত বসবাস কৰি থকা লোক সকলক ভূমি পট্টা দিয়াৰ বাবে এক তীব্ৰ আন্দোলন গঢ়ি তোলা হল। এই আন্দোলনৰ সময়তো এগৰাকী লোকে নিজৰ গাত জুই লগাই আত্মজাহ দিয়াৰ চেষ্টা কৰে। আন্দোলন স্থলীৰ পৰা লোক গৰাকীক অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱশেষত তেওঁৰ মৃত্যু হয়। এই আন্দোলনো এটা সময়ৰ পিছত একেবাৰে নিষ্ক্ৰিয় হৈ পৰে। এই আন্দোলনৰ পৰাও যে একো ফলাফল নোলাল সেই কথা সহজে অনুমান কৰিব পাৰি। ইয়াৰ পিছত একদম শেহতীয়াকৈ আৰম্ভ হল নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু পিছলৈ সংসদৰ মজিয়াত বিধেয়ক গৃহীত হোৱাৰ লগে লগে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন। এই আন্দোলনৰ ফলতো অসমৰ বিভিন্ন ঠাইত চৰকাৰী সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হয়। অসমীয়া জনতাৰ বিপুল সঁহাৰিয়ে এই আন্দোলনক বিশেষভাৱে শক্তিশালী কৰি তুলিছিল। এই আন্দোলনতো শ্বহীদ হৈছে পাঁচ গৰাকীকৈ সম্ভাৱনাপূৰ্ণ চফল অসমীয়া ডেকা। এটা নিৰ্দিষ্ট সময়লৈকে চলাৰ পিছত এই আন্দোলনো একেবাৰে নিষ্ক্ৰিয় হৈ পৰে। এইয়া কেৱল কেইটামান উদাহৰণহে। ক'বলৈ বা লিখিবলৈ হ'লে হয়তো সৰু বৰ আন্দোলনৰ তালিকা শেষ নহ'ব। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অথবা ভাৰতবৰ্ষৰ অন্য ৰাজ্য সমূহৰ প্ৰেক্ষাপটত যদি আমি ইতিহাসৰ পাত লুটিয়াই চাওঁ তেনেহ'লে বহুতো সফল আন্দোলনৰ উদাহৰণ দেখিবলৈ বা পঢ়িবলৈ পাম। কিন্তু অসমৰ ক্ষেত্ৰত ই একদম বিপৰীত। কেৱল আবেগৰ বশৱৰ্তী নহৈ যদি সকলোৱে নিজৰ বিবেকৰ দ্বাৰা সিদ্ধান্ত গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰে তেনেহ'লে হয়তো অসমৰ ক্ষেত্ৰতো তেনেকুৱা উদাহৰণ আগন্তুক দিনত আমি দেখিবলৈ সক্ষম হ'ম। নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰাৰ উদ্দেশ্যে আগত ৰাখি আন্দোলনত জঁপিয়াই পৰা একাংশ লোকক আগতীয়াকৈ চিনাক্তকৰণ কৰিবলৈ আছুতীয়া কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আন্দোলনৰ নেতৃত্ব বহন কৰা অসমৰ জাতীয় দল সংগঠন সমূহে কিছুমান এনেকুৱা নীতি নিয়মৰ ব্যৱস্থা কৰিব লাগিব যিবোৰে সেই স্বাৰ্থলোভী ব্যক্তিসকলক আন্দোলনৰ জৰিয়তে নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ বাবে যাতে এশবাৰ চিন্তা কৰিবলৈ বাধ্য হয়। যদি প্ৰতিটো আন্দোলনৰ পিছত একো সমাধান সূত্ৰ নোলায় তেনেহ'লে অসমৰ জনতাই ভাবিবলৈ বাধ্য হব যে আন্দোলন কেৱল ব্যক্তি স্বাৰ্থ সিদ্ধি কৰাৰ বাবেহে কৰা হয়। 
মহাপুৰুষ জনাক সুৱঁৰি 

◾ৰুনু দেবী শর্মা 
 গুৱাহাটী 37

হে মহান মানৱতাৰ!         
মহামিলনৰ মহাজাতি নিৰ্মাণ 
মানৱতাৰ বাবে, 
ভক্তিৰসৰ ভেঁটি গঢ়ি, সকলো
একত্র কৰি ,বোৱালা ভক্তিৰ ৰসৰ অমৃতৰ নদী।  
পুণ্যভূমি অসমক কৰি তীর্থভূমি,আকাশে বতাহে
বোৱালা নামৰ ধ্বনিত
পাপী-তাপীবোৰ হয় মুকুতি।
জাতিভেদ, কুসংস্কাৰৰ আৱৰণ ফালি, ন সমাজৰ বুনিয়াদ ৰচিলা হৃদয়ে হৃদয়ে। 
সত্র-নামঘৰ পাতি প্রচাৰিলা
বৈষ্ণৱ ধৰ্ম  "এক শৰণ নাম"লৈ
একত্ৰিত কৰিলা অসমীয়া ,
হে মানৱতাৰ , কি তোমাৰ লীলা
খেৰসূতিৰ তত্বাৱধানতেই অলৌকিকতা দেখুৱাই থাউকতে স্বৰলিপিত কবিতাৰ
"কৰতল কমল কমল দল নয়ন, ভৱদৱ গহন, গহন বন শয়ন" পাণ্ডুলিপি ভৰাই তুলিলা !
সত্র- নামঘৰৰ পদূলি আজি
উদুলি -মুদুলি নামঘোষা, বৰগীত, নামেৰে - পদেৰে, 
কীৰ্তন, দশম,গুণমালা ,অঙ্কীয়া -ভাওনাৰে,বান্ধিলা সাহিত্য -
সংস্কৃতিৰ ভেঁটিৰে বিশ্বৰ দৰবাৰত খ্যাতি বোৱাই, 
অপূর্ব সৃষ্টিৰাজিৰে বান্ধিলা
নামৰ ভেঁটি,তোমাৰ মহিমাৰ
তুলনা নাই। 
চাৰিবেদ চৈধ্যশাস্ত্র কৰিলা অধ্যয়ন মাত্ৰ ছয়বছৰ বয়সতেই,ভক্তিৰ সোঁত বোৱালা,
বৃন্দাবনী বস্ত্ৰৰ বয়ন সাধনা 
তাতীকুছিত, কি নিদিলা তুমি
অসমক তুলনা নাই ভাষা নাই
ধন্য হ'ল মহাপুৰুষ মাধৱদেৱৰ
মনিকাঞ্চন সংযোগত, 
এশ বিশ বছৰ সংস্কৃতিৰ পোহৰ বিলাই, কৰিলা মহাপ্রয়াণ মধুপুৰত কৰি তীৰ্থস্থান, 
অক্ষয় বন্তিগছি সৌ জিলিকি আছে সত্র -নামঘৰ কীর্তনঘৰৰ শান্তিৰ শলিতা। 
কৰা যেন দয়া, 
ভক্তি-অঞ্জলীৰে কৰো প্ৰণিপাত। 

     
অজৰ অমৰ

◾ৰেণু শৰ্মা ,ডিব্ৰুগড়

এটোপ এটোপ কৰি
সৰি পৰা
ডাৱৰৰ টোপালে  গঢ়ে
পৃথিৱীৰ যত জলাধাৰ
নদ নদী নিজৰাই
বুকুত জাঁজৰি লৈ
কত দূৰ বাটকুৰি বায়
পাইগৈ মহাজলাধাৰ। 
সেইদৰে 
এখোজ দুখোজকৈ
আহোঁতে আহোঁতে
পালোঁ আহি বৃদ্ধৰ আশ্ৰম
আৰুনো কেইখোজ
আছে যাবলৈ
প্ৰিয় পৰমৰ স'তে
মিলি যাবলৈ
আহোঁতে যিদৰে আহা
অকলশৰে 
যাওঁতে যাবা তেনেকৈ
সেই যাত্ৰাত
কাকো নাপাবা তুমি 
লগ দিবলৈ।

একুটা দুকুটা কৰি কুটা কঢ়িয়াই
সাজিছিলা বাহ এটি বৰ মৰমৰ
বাৰে বাৰে ভাঙি চিঙি
কৰে চূৰমাৰ
নিষ্ঠুৰ বলিয়া বতাহে
বতাহৰ কি বা দোষ বাৰু? 
সুকুমল কমোৱা তুলাৰে
নালাগে সাজিব বহা
লাগিব তীখাৰ শান
অজৰ অমৰ। 


প্ৰেমিক চৰাই মই (ছিৰিজ ১৯৫)
 
◾হাইছ উদ্দিন আহমেদ, নগাঁও 


ভালপোৱাৰ আন এটা নাম
ত্যাগ কৰা
ত্যাগ কৰাৰ আন এটা নাম
অমৰ জীৱন।

মানুহৰ পৰা মানুহলৈ 
প্ৰচাৰ হ'ল
গাঁও-চহৰ উন্নত হ'ল।

জন্তুৰ পৰা জন্তুলৈ
ডাঙৰ অৰণ্য হ'ল
ঘাঁহ, গছ-গছনি হ'ল।

মানুহৰ পৰা দানৱলৈ
পৰিৱৰ্তন হ'ল
ৰাজবাটত মুকলিকৈ ধৰ্ষণ হ'ল।

গাওঁ -চহৰ সকলোতে 
ডেকা -গাভৰুৱে নিচাযুক্ত দ্ৰব্য
কিনিব পোৱা হ'ল।

ঐক্য, শান্তি নাইকীয়া হ'ল
সন্ধিয়া হ'লেই মদৰ আড্ডা
নিৰ্লজ কাণ্ডৰ হুলস্থূল হ'ল।

সন্তানৰ শিক্ষা আৰু সংস্কাৰ নাথাকিলে পিতৃ-মাতৃক দোষে
আৰু কয়,সব পিতৃ মাতৃৰ দোষ।

সমাজৰ প্ৰগতি আৰু শান্তিৰ বাবে
ডেকা -গাভৰুৱে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ কৰা এৰক।
নহ'লে এদিন সৃষ্টিকৰ্তাই উপলব্ধি কৰিব।

মই মানুহক শ্ৰেষ্ঠ প্ৰাণী কিয়নো বনালোঁ
যেতিয়াই তললৈ চাই
মানুহক পোক -পৰুৱা লগা হ'ল
মানুহ, মানুহ হৈ নৰ'ল।


ভুল

◾হীৰক কলিতা

প্ৰতিটো সময়তে খেদি
ফুৰে এক অদৃশ্য অনুভৱে
প্ৰকাশ‌ কৰিবলৈ মাথোঁ
চকুহালে একমাত্ৰ আশ্ৰয় । 

সময়ৰ সোঁতত নিজকে
উটুৱাই দিওঁ কিমান দূৰ
আছে আৰু এই 
ঠিকনাবিহীন যাত্ৰা ।

জটিল জীৱনৰ জটিল সময়
নিজে নিজৰ সহায়ক 
নিজে নিজৰ সংগী 
নিজৰ মাজতেই সীমাবদ্ধ ।

লাচিতৰ দেশৰ লৰা মই

◾ৰাহুল চেতিয়া
নিলখপুৰ, চিলাপথাৰ

মোৰ হৃদয়ৰ আৱেষ্টনীত 
গঢ় লৈ উঠিছে কিছু মহানুভৱতা,
ইকাণ-সিকাণ কৰি
দশোদিশ উভৈনদী,
বিয়পি পৰিব ধৰিত্ৰীৰ
চুকে কোণে ।
উদং হৃদয়ৰ
প্ৰতিটো কোঠালিত
 অবিচ্ছিন্নভাৱে 
 পৰিত্যক্ত হৈ
পৰি আছে
 দেশ ভক্তিৰ টুকুৰাবোৰ
অজ্ঞানিতে....।
প্ৰতিটো প্ৰভাতকেই
নতুনত্ব ৰূপ দি
সম্ভাষণ জনাম
নিৰ্জীৱতাৰ ঐশ্বৰিক শকতিক,
শান্তি দানৰ প্ৰতিশ্ৰুতিৰে
মোৰ দেশ ভক্তিক
কালধুমুহাই
 নি:ছিন্ন কৰিব নোৱাৰে।
প্ৰাপ্তি অপ্ৰাপ্তিৰ চেষ্টাত
বিয়োগাত্মক চিন্তাৰে
স্তব্ধ কৰিব খোজে মোৰ হৃদয়,
বিষাক্ত বা-মাৰলীয়ে ভাঙিব নোৱাৰি
আঘাত কৰে মোৰ চিন্তাধাৰাক
 প্ৰত্যেকদিনে,
শত্ৰুয়ে পথ কণ্টকময় কৰি
আঁচোৰি ফালিব বিচাৰে
মোৰ কোমল কলিজাটো।
 নিঃস্বাৰ্থ! নিৰ্বলী অবলা নহয় মই
শত্ৰুৰ জয় জয়কাৰে
স্তব্ধ কৰিব নোৱাৰে
মোৰ এই অবিৰত যাত্ৰা।
মৃত্যু এতিয়া সহজ
হুতাশন আন্ধাৰতো
খেদি ফুৰিছোঁ
এজাক পথভ্ৰষ্ট,লক্ষ্যবিহীন
উতনুৱা চেঙেলীয়া যুৱকক,
লাচিতৰ দেশৰ ডেকা লৰা মই
মোৰ স্বপ্ন স্বাধীনতাৰ ভোগজৰা
অপৰাজেয় দূৰন্ত যোদ্ধা মই। 


বিষাদৰ মৰুভূমিত হেঁপাহৰ গোলাপ 

◾আলতাব হুছেইন                                               
                                              

উত্তপ্ত বিৰহ-বিষাদে
 টেটু চেপি ধৰি
আঁউসীৰ এটি উৰুঙা ৰাতি 
মাৰি পেলাইছিল 
 হৃদয় মৰুভূমিৰ
হেঁপাহৰ কাঁচিয়লি গোলাপ জুপি ।

তুমি ঠিক সময়ত 
মেঘাচ্ছন্ন আকাশ ফালি
এজাক মেঘৰস হৈ অহাৰ বাবে 
উষ্ম বিষাদবোৰ মৰহি গৈ 
 কুমলীয়া গোলাপ কলি 
উঠিছে সতেজ হৈ ।

নিশাৰ নিঃসঙ্গতাত 
সৰা পাতৰ দৰে সৰিছে বিষাদ 
মনৰ বাকৰিত লহ-পহ কৈ 
ফুলি উঠিছে হেজাৰ গোলাপ  ! 

বিষাদৰ যন্ত্ৰনাত জ্বলিছে 
মৰুস্থলৰ বালিবোৰ 
সতেজ হৈ উঠা
কুমলীয়া গোলাপ কলি 
ফাগুনৰ পছোঁৱা বতাহ জাকত
উলহ -মালহেৰে নাচিছে আনন্দত ! 
------------------০০০-------------

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)