৩ ডিচেম্বৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
🔺আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। ১৯৮২ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ দ্বাৰা পালন কৰা এক আন্তৰ্জাতিক দিৱস। এই দিৱসটো পালন কৰাৰ উদ্দেশ্য হৈছে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰতিটো দিশত দিব্যাংগ ব্যক্তিসকলক একগোট কৰি তেওঁলোকৰ মৰ্যদা, অধিকাৰ আৰু কল্যাণৰ হকে কাম কৰা। ইয়াক মূলতঃ ২০০৭ চনলৈকে "আন্তৰ্জাতিক দিব্যাংগ ব্যক্তি দিৱস" বুলি কোৱা হৈছিল। প্ৰতি বছৰে এই দিনটোত বেলেগ বেলেগ বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হয়।

🔺১৯৭১ - ভাৰত-পাকিস্তান যুদ্ধ আৰম্ভ। এই যুদ্ধ আছিল ভাৰত আৰু পাকিস্তানৰ মাজত এক সামৰিক সংঘৰ্ষ যি ১৯৭১ চনৰ ৩ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ ১৬ ডিচেম্বৰলৈকে ঢাকাস্থিত পাকিস্তানী সৈন্যৰ আত্মসমৰ্পণলৈকে চলিছিল অৰ্থাৎ পূব-পাকিস্তানত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত সংঘটিত হৈছিল।

🔺১৯৮৪ চনৰ আজিৰ দিনটোতে ভূপাল দুৰ্যোগ, যাক ভূপাল গেছ ট্ৰেজেডী বুলিও কোৱা হয়, ভাৰতৰ মধ্য প্ৰদেশৰ ভূপালত থকা ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড (ইউচিআইএল) কীটনাশক প্ৰকল্পত ১৯৮৪ চনৰ ২-৩ ডিচেম্বৰৰ নিশা এক ৰাসায়নিক দুৰ্ঘটনা সংঘটিত হৈছিল। ৫,০০,০০০ৰো অধিক লোক এই প্মিৰকল্থাপটোৰ পৰা ওলোৱা ইল আইচোচাইনেট (এমআইচি) গেছত আক্ৰান্ত হৈছিল। এই গেছৰ সংক্ৰমণত চৰকাৰী তথ্য মতে তাৎক্ষণিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২,২৫৯জন। ২০০৮ চনত, মধ্য প্ৰদেশ চৰকাৰে গেছ সংক্ৰমণত মৃত্যু হোৱা ৩,৭৮৭ জন লোকৰ পৰিয়ালৰ সদস্যসকলক আৰু ৫,৭৪,৩৬৬ জন আহত লোকক ক্ষতিপূৰণ পৰিশোধ কৰিছিল। কিন্তু ২০০৬ চনত এক চৰকাৰী শপতনামাত কোৱা হৈছিল যে এই গেছৰ সংক্ৰমণৰ ফলত ৫,৫৮,১২৫ জন আঘাতপ্ৰাপ্ত হৈছিল, যাৰ ভিতৰত আছিল ৩৮,৪৭৮ টা অস্থায়ী আংশিক আঘাত আৰু প্ৰায় ৩,৯০০ গুৰুতৰ ভাৱে তথা স্থায়ীভাৱে আঘাতপ্ৰাপ্ত হোৱা। আন এক তথ্য অনুসৰি এই গেছৰ সংক্ৰমণৰ ফলত দুসপ্তাহৰ ভিতৰত ৮,০০০ জন লোকৰ মৃত্যু হৈছিল অথবা গেছ সম্পৰ্কীয় ৰোগত আক্ৰান্ত হৈ ৮,০০০ বা ততোধিক লোকৰ মৃত্যু হৈছিল।

🔺১৯৯২ চনৰ আজিৰ দিনটোতে চেমা গ্ৰুপৰ এজন পৰীক্ষক অভিযন্তাই ভোডাফোন নেটৱৰ্কৰ জৰিয়তে বিশ্বৰ প্ৰথম পাঠ বাৰ্তা (Text Message) এজন সহকৰ্মীৰ ফোনলৈ প্ৰেৰণ কৰিবলৈ ব্যক্তিগত কম্পিউটাৰ ব্যৱহাৰ কৰে।

সংগ্ৰাহক - ৰিংকু ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)