অসমীয়া সাহিত্যৰ চানেকি-তৃতীয় বৰ্ষ ৩৩৯ সংখ্যা

Rinku Rajowar
0

সূচীপত্ৰ

🔷ইতিহাসত আজিৰ দিনটো 

🔷সাধাৰণ জ্ঞান 

🔷নৱবৰ্ষ আৰু বনভোজৰস্থলী- মিন্টু গোৱলা

🔷শিশু শ্ৰমিক বনাম শিশু দিৱস-সুস্মিতা দাস 

🔷আঘোণৰ উপহাৰ-ড° আৰাধনা বৰুৱা

🔷ভাবেৰ বন্ধু -সাহিজুল ইছলাম 

🔷সপোনত তুমি-দিপশিখা ৰাজকোঁৱৰ

🔷বিচাৰি এখোজ-মোন আলী

🔷বৰদেউল জাতীয় বিদ্যালয়ৰ এক শিহৰন-নৱজিৎ নাথ

🔷মোৰ হৈ থাকিব দিয়া-আকাশ কুমাৰ মেধী

🔷ছয় ৰঙী ৰামধেনু-সম্ৰাট সাহা
🅾️১৯৫০ চনৰ আজিৰ দিনটোতে চীনা সৈন্যই উত্তৰ কোৰিয়াৰ ৰাজধানী প্যংয়াংৰ পৰা ৰাষ্ট্ৰ সংঘৰ বাহিনীক খেদি পঠিয়াই।
🅾️১৯৯৫ চনৰ আজিৰ দিনটোতে শ্ৰীলংকাৰ সৈন্যয়ে ৪৯ দিন চলা অভিযানৰ অন্তত টামিল টাইগাৰ বাহিনীৰ পৰা জাফনা দখল কৰে।
🅾️১৯৬৯ চনৰ আজিৰ দিনটোতে অসমবাসীয়ে কৰা আন্দোলনৰ ফলস্বৰূপে অসমৰ তৃতীয়টো শোধনাগাৰ ভাৰত চৰকাৰে বঙাইগাঁও তেল শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্ৰকল্প স্থাপন কৰিবলৈ লোৱাৰ কথা ঘোষণা কৰিছিল।
🅾️২০১৮ চনৰ আজিৰ দিনটোতে আজিৰ দিনটোতে ২৪টা ভাৰতীয় ভাষাৰ বাবে ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা কৰা হয়। অসমীয়া ভাষাত কাইলৈৰ দিনটো আমাৰ হ'ব কবিতা পুথিৰ বাবে কবি সনন্ত তাঁতীলৈ আৰু বড়ো ভাষাৰ ছুটি গল্পৰ সংকলন দৌংছে লামা গ্ৰন্থৰ বাবে ঋতুৰাজ বসুমতাৰীলৈ এই বঁটা আগবঢ়োৱা হয়।
🅾️২০২১ চনৰ আজিৰ দিনটোতে নাগালেণ্ডৰ ম'ন জিলাত ভাৰতীয় সেনাৰ দ্বাৰা ১৩ জন নিৰীহ নগালোকক গুলীয়াই হত্যা। এনে এছ চি চনৰ সন্দেহত চলোৱা এই গুলীচালনাত তীব্ৰ প্ৰতিক্ৰিয়া, গাওঁবাসীৰ প্ৰত্যাক্ৰমণত দুজনকৈ সেনা জোৱান নিহত, জ্বলাই দিয়া হ'ল ম'ন জিলাস্থিত অসম ৰাইফলছৰ শিবিৰ। সমগ্ৰ নাগালেণ্ডৰ পৰিস্থিতি অধিক অৱনতি যাৰ ফলত গোটেই ৰাজ্যখনতে ইন্টাৰনেট আৰু এছ এছ এছ সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়।


প্রঃ ‘Curriculum’  শব্দটো কোন ভাষাৰ পৰা আহিছে ?

উঃ লেটিন ভাষাৰ ‘Currere’ শব্দৰ পৰা।

প্রঃ UGC  কিমান চনত স্থাপিত হয় ?

উঃ ১৯৫৩ চনত।

প্রঃ Website  ৰ প্ৰথম পেজটোক কি বুলি জনা যায় ?

উঃ Home Page।

প্রঃ মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা ?

উঃ চাৰিটা।


নৱবৰ্ষ আৰু বনভোজৰস্থলী
                           
✍️মিন্টু গোৱলা, লখিমপুৰ কদম

এদিন দুদিনকৈ দিনবোৰ বাগৰি যায় ।ঠিক তেনেকৈ বছৰ বোৰ বাগৰি গৈ নৱবৰ্ষত ভৰি দিয়ে। নৱবৰ্ষ বুলি ক'লে- নতুনক আদৰা । পুৰণিক বিদায় দি নতুনক আদৰা । গোটেই বছৰটো দুখ সুখেৰে পাৰ কৰা সময়খিনিক আমি নৱবৰ্ষত নতুন সপোন আৰু আশা বুকুত বান্ধি সকলোৱে নৱবৰ্ষ লৈ বাট চাওঁ । নৱবৰ্ষ মানেই সকলোৰে মনত বহু আশা, সপোন থাকে । নৱবৰ্ষত যাতে আশা আৰু সপোন হ'ব বুলি । আমি বিভিন্ন মঠ-মন্দিৰ , তীৰ্থস্থান আদিত যাওঁ নতুন বছৰটো যাতে আমাৰ বাবে ভালকৈ যাব বুলি । নৱবৰ্ষত সকলোৱে উদয়পুৰাই মিলা প্ৰীতিৰে প্ৰকৃতিৰ মাজত কটায় এসাজ খোৱাৰ আমেজেই বেলেগ হয়। সেইবাবে আমি বিভিন্ন বনভোজস্হলীলৈ যাওঁ।শীতকাল আৰম্ভ হোৱাৰ লগে লগে  বনভোজৰ বতৰ আৰম্ভ হয়৷পৰিয়াল, বন্ধুৰ সৈতে বনভোজ খাবলৈ যোৱাটো বৰ আমেজ লাগে।  বিভিন্ন বনভোজস্থলীলৈ বনভোজপ্ৰেমীকৰ দলৰ আগমন ঘটে নৱবৰ্ষত।  ইংৰাজী নৱবৰ্ষৰ দিনবোৰ চমু চাপি অহাৰ লগে লগে ৰাইজৰ মাজত বনভোজ খোৱাৰ উৎসাহ বাঢ়ি যায় ।
বনভোজস্হলীবোৰো যেন প্রকৃতিয়ে মানুহৰ বাবেই অকৃপণ হাতেৰে সজাই-পৰাই তুলিছে৷ যিফালেই চোৱা যায় নয়নাভিৰাম দৃশ্য৷ বনভোজৰ পাতল অৱগুণ্ঠন, শিলৰ ওপৰেদি কুলু কুলু সুৰেৰে বৈ যোৱা এখন শীর্ণ নদী বা জুৰি৷ ৰৌদ্রোজ্জ্বল বলুকা, আলফুলে পৃথিৱীক বুকুত সাবটি ৰখা নীলিম আকাশ  ৷ আকাশেদি উৰি যোৱা সুশৃংখল চৰাইৰ জাক, নল, খাগৰি, বিৰিণা বন,নদীৰ বুকুৰ প্রকাণ্ড একোটা শিল, গগনচুম্বী একোজোপা গছ, নাতি দূৰৈৰ শ্যামলিমা পাহাৰ, গান গোৱা পখীজাকৰ সুললিত কণ্ঠই এক স্বর্গীয় অনুভূতি প্রদান কৰে৷ ঘূৰি অহাৰ পৰত দিগন্তত সূর্যাস্তৰ দৃশ্যই মন পুলকিত কৰে৷ 
                       নৱবৰ্ষত বনভোজস্হলীবোৰ বৰ মনোমোহা হৈ উঠে ।য'ত প্ৰকৃতিৰ মৃদু বতাহ বয় আৰু সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত থাকি বৰ ভাল লাগে। মানুহ প্ৰকৃতিপ্ৰেমী হোৱা বাবে প্ৰকৃতিৰ পৰিবেশত অলপ সময় কটায় এসাজ খোৱাৰ বৰ আনন্দ লাগে।
অসমৰ এনে পাঁচ খন‌বনভোজস্হলীৰ চমুকৈ উল্লেখ কৰিলোঁ।

১)বগীবিল– বগীবিল ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ডিব্ৰুগড়ৰ ওচৰত অৱস্থিত আৰু উজনি অসমৰ আটাইতকৈ বেছি ভ্ৰমণ কৰা বনভোজস্থলীসমূহৰ ভিতৰত অন্যতম ঠাই। প্ৰায় ৫ কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগীবিল দলং খন অৱস্থিত। ধেমাজি, চিলাপথাৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ দৰে কেইবাটাও গন্তব্যস্থানৰ পৰা মানুহৰ ইয়াত ভিৰ হয়।

২)চৰাইদেউ – চৰাইদেউ হৈছে এক ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ স্থান। যি প্ৰতি বছৰে শ শ বনভোজৰ লোকক আকৰ্ষিত কৰে। ই আছিল আহোম ৰাজবংশৰ ৰাজধানী যি শিৱসাগৰৰ পৰা প্ৰায় ২৮ কিলোমিটাৰ দূৰত অৱস্থিত। বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে আনন্দৰ সময় অতিবাহিত কৰাৰ উপৰিও, ভ্ৰমণ কৰাৰ সময়ত আহোম ৰাজবংশৰ বিশাল ইতিহাসৰ বিষয়ৰ লগতে শিৱসাগৰৰ ভিন্ন বুৰঞ্জীপ্ৰসিদ্ধ কীৰ্তিচিহ্ন সমূহ প্ৰত্যক্ষ কৰিব পাৰি।
৩)মৌ চাপৰী – যিসকলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত তেওঁলোকৰ অৱসৰ উপভোগ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই বনভোজস্থলী অতি সুবিধাজনক। ইয়াত আপুনি কম মূল্যত নাও যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব পাৰিব আৰু ধুনীয়া নদীখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ই যোৰহাটৰ পৰা মাত্ৰ ১৩ কিলোমিটাৰ দূৰত আৰু আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে এক সুন্দৰ সময় অতিবাহিত কৰিব পাৰে।

৪)বৰ শিল – বনভোজৰ বাবে ই অসমৰ অন্য এক সুন্দৰ স্থান। ই শিৱসাগৰ জিলাত অৱস্থিত আৰু পৰ্বতৰ সুন্দৰ মনোৰম দৃশ্য আৰু নদীৰ উখল-মাখল শব্দৰ সৈতে এক সুন্দৰ ঠাই। এই ঠাই খন আহোম ৰজা গদাধৰ সিংহৰ বাবে বিখ্যাত।
 ৫)জেইপুৰ বৰ্ষাৰণ্য – জেইপুৰ বৰ্ষাৰণ্য অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত। ইয়াত বহুতো সুন্দৰ বিদেশী প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ আছে। লোকসকলে তেওঁলোকৰ চাৰিওফালৰ সেউজীয়াৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ প্ৰতি বছৰে ঠাইখন ভিৰ কৰেহি। শীতকালত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে এই বনভোজস্থলীলৈ এটা নিখুঁত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।
           অসমত এনে বনভোজস্হলী বহু আছে । কিন্তু তাৰেই দুটামান বৰ্ণনা কৰিলোঁ । নৱবৰ্ষৰ সেই সময়ৰ বোৰ বৰ ভাল লাগে।আমি যিবোৰ বনভোজ স্হলীলৈ যাওঁ।সেই ঠাইখন আমাৰ বুলি ভাবি প্ৰকৃতিক নিকা বা চাফ  কৰি  ৰখাটো আমাৰ দায়িত্ব ।যাতে  প্ৰকৃতিৰ বিনষ্ট নহয় । প্ৰকৃতি অবিহনে মানুহ বৰ আধৰুৱা হয় ।


অণুগল্প-শিশু শ্ৰমিক বনাম শিশু দিৱস

সুস্মিতা দাস 
     মৰিগাঁও

প্ৰতিবছৰৰ দৰেই এইবছৰো ১৪ নবেম্বৰ দিনটোত দেশত শিশু দিৱস উদযাপনৰ বিশাল  আয়োজন । IAS নিখিতা দাসে গোটেই চহৰৰ সৰু সৰু ল'ৰা - ছোৱালীক শিশু দিৱসৰ শুভেচ্ছা জনাই চকলেট, কিতাপ- বহী আৰু বহুতো বস্তু কণমানিহঁতক উপহাৰ দিছে ।
               
               হঠাৎ চহৰৰ ডাঙৰ নামী-দামী হোটেল এখনত ১২ বছৰীয়া ল'ৰা এটাই হোটেলত ডাঙৰ ডাঙৰ মানুহে খাই লেতেৰা কৰি যোৱা বাচন- বৰ্তনবোৰ ধুই আছে। বহুতো শিক্ষিত মানুহে নিজৰ নিজৰ ল'ৰা -ছোৱালীক শিশু দিৱসৰ বিশেষ আকৰ্ষণীয় বস্তু উপহাৰ দি আছে । কিন্তু, সেই ১২ বছৰীয়া ল'ৰাজনলৈ কাৰো কাণষাৰেই নাই । এনেতে IAS নিখিতা দাসে সম্পূৰ্ণ দৃশ্যটো লক্ষ্য কৰি আছিল আৰু তেখেতে আহি সেই ১২ বছৰীয়া ল'ৰাজনক শিশু দিৱসৰ  শুভেচ্ছা জনাই বহুতো উপহাৰ দিয়ে । লগতে হোটেলত থকা মানুহকেইজনক  কয় যে - " যদি দেশৰ শিশুসকলে শিক্ষাৰ লগতে আন অধিকাৰ সমূহৰ পৰা বঞ্চিত হ'বলগীয়া হয় নাইবা সকলো শিশুকে যদি সমান দৃষ্টিৰে চোৱা নহয়, তেন্তে কিয় পালন কৰা হয় শিশু দিৱস?  শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰৰ ফালে আগুৱাই দিয়াই বিপৰীতে  মৰমৰে তেওঁলোকৰ ভৱিষ্যত ৰঙীন কৰি তোলাৰ লগতে দেশৰ এগৰাকী সু - নাগৰিক হিচাপে গঢ় দি তোঁলক, তেতিয়াহে দেশত "শিশু দিৱস" পালনৰ অৰ্থ সাৰ্থক হ'ব।"

         

আঘোণৰ উপহাৰ

ড° আৰাধনা বৰুৱা
পাঠশালা       

কেৰপাইহঁতৰ আজি ধান দোৱা শেষ হ'ল l দিনটোত কেইবাভাৰো ছঠৰীয়া ডাঙৰি কঢ়িয়াই নিও সি ভাগৰি পৰা নাই l হওঁতে গো-বাটেৰে পোনাই দিলে ঘৰৰ পৰা পথাৰলৈও মাত্ৰ মুহুদিখনৰহে বাট l তাতে আকৌ শাওণীয়া পথাৰলৈ ভূঁই ৰুবলৈ আহোঁতেই মন খোৱা সোণপাহীয়েও মত দিছে এইবাৰ ধান চিঙাৰ পিছত আঘোণতে তালৈ বিয়া সোমাবলৈ ! 
          শেষৰ ভাৰ ডাঙৰি বিৰিয়াত লৈ মনৰ উচাহেৰে ঘৰলৈ বাট বুলা কেৰপাইৰ মনত অসীম আনন্দ ! ডাঙৰিৰ জিৰিক জিৰিক শব্দই চহা কেৰপাইৰ পৰাণত সানিছে জীৱন সংগীত ! ভঁড়ালৰ লখিমী আৰু গৃহ লখিমীক আদৰাৰ মধুৰ ভাৱনাই কণপাইৰ খোজৰ গতি বঢ়াই তুলিলে !




অণুগল্পঃভাবেৰ বন্ধু 
(দেশী/গোৱালপাৰীয়া ভাষা)

সাহিজুল ইছলাম 
বিলাসীপাৰা, ধুবুৰী, অসম
৯৭০৬৯২৩৬৩১

উৰাং-বাইৰাং মন, ভাবেৰ বন্ধু কলেজ নাআশিলে মন কৰে ধৰ-ফৰ। কলেজেৰ দিনগুলা ৰংগ কৰি কাটাইলোং আৰো দুইজনে স্বপ্নত বান্ধিলোং ঘৰ। বাপ-মাও বিয়েও দিল চাকৰি কৰা চেংৰাৰ সাথে। কালা হইল পৰ, ভাঙিল স্বপ্নেৰ ঘৰ।


সপোনত তুমি

দিপশিখা ৰাজকোঁৱৰ।

দেউতা তোমাৰ অভিমানবোৰ
আজিকালি অলপ বেছি হৈছে
তুমি বুজিয়ে নোপোৱা
মোৰ অভিমান ক'ত.....
মই বহুত কষ্ট পাওঁ দেউতা
তোমাৰ লগত সপোনত
কথা নাপাতিলে দুচকু
উচুপি উঠে অভিমানত।
তুমি এবাৰো বুজি নোপোৱা
তোমাৰ অবিহনে মই কেনেকৈ
তোমাক কাষত বিচাৰি
অভিমান সামৰি হাঁহিবলৈ
চেষ্টা কৰিছোঁ..............
তুমি ঘূৰি নাহা বুলি জানিও
তোমাক চাবলৈ বিচাৰোঁ
তোমাক দেউতা বুলি
সকলো কথা পাতিবলৈ
প্ৰতি পলতে কাষত বিচাৰোঁ।
আহানা দেউতা এবাৰ সপোনত
এবাৰ মোৰ অভিমানী মনটো
তোমাৰ মৰমেৰে উপচাই দিয়া
সপোনতে মোক এবাৰ
জীয়াই থকাৰ প্ৰেৰণা দি যোৱা
এবাৰ মোক মৰমেৰে মাতানা
দিঠকত নাহা বুলি জানিয়েই
সদায় সপোনত তোমাক
মোৰ কাষত বিচাৰোঁ
সাহস দিবলৈ........


বিচাৰি এখোজ
মোন আলী

আকাশ চুমিবলৈ মনত 
পোখা মেলা সোণ বৰণীয়া সপোন
ধীৰে ধীৰে দুৰ্বল হৈ পৰিল, 
দৃঢ় সংকলন প্ৰকাশ কৰিও 
ৰ'দ-বৰষুণত জৰাজীৰ্ণ 
অৱকাশবোৰে আনন্দতে,
বিৰবিৰিণাৰ লেহুকা আঁহ
সাজি হেঁপাহৰ ক্ষুদ্ৰ নীলা
আশাত বন্দী জীৱন গীতৰ
সুখ অপেক্ষা মাথোন ।
ধুমুহা বিধ্বস্ত ক্ষণত
জীয়াই থকাৰ সাহ
সযতনে সাঁচে হিয়াত ,
এই গোটেই সময়ছোৱাত 
মই বুলিবলৈ কোন আৰু 
এক ৰহস্যময়  কাৰণ ।।
      


"বৰদেউল জাতীয় বিদ্যালয়ৰ এক শিহৰন"

নৱজিৎ নাথ, 
ছিপাঝাৰ,(দৰং,)  

"বৰদেউল জাতীয় বিদ্যালয়" এটি মিঠা অনুভৱ,           যাৰ নামে বুকুত শিপাই যায ,  
 এক সুকীয়া আবেগৰ বতৰা।। 

কেতিয়াবা যদি কোনোবাই মোক যদি সোধে,           সেই নীলা গেট আৰু     ৰাস্তাৰ সিপাৰে কি আছে....??                
তেতিয়া মোৰ উত্তৰ হৱ    
তাত হাজাৰ জন নীলা বগা পখিলাৰ সপোন আৰু হাঁহিৰ অলেখ খিলখিলনী আছে।।                        

ছাৰ,বাইদেউৰ সৈতে অগভীৰ মৰম আছে,                         ক্ৰিম ৰঙৰ সাজ, আৰু      
 বগা ৰঙৰ সেই সাজ যোৰ।
 ক'লাৰঙৰ জোতাযোৰ আৰু        
বগা ৰঙৰ মোজা যোৰ।   
ট্ৰাই আৰু বেলৰ সৈতে এক সুকীয়া মধুৰ আবেগ আছে।। 

তাত ওখ  ওখ অট্টালিকা নাই, 
 আছে মাথোঁ এটি উৰুখা পঁজা,  
 সময় পালে এবাৰ আহিব,              
আমাৰ অতি আপোন বৰদেউল জাতীয় বিদ্যালয়ৰ আবেগ আৰু মৰম   বুটলিবলৈ ।।  


মোৰ হৈ থাকিব দিয়া

◾আকাশ কুমাৰ মেধী (নগাঁও) 

ভাল পোৱা বোৰ ভাল লগা হৈ থাকক
কল্পনাই মনত ৰামধেনু আকক।
তাক মছিব নিদিবাঁ তুমি
পোৱা নোপোৱাৰ হিচাপেই জীৱন নাটক।
পশ্চিমৰ ৰাঙলী বেলিৰ কিৰণে
পাহৰাই যেনেকৈ দিনৰ ভাগৰ।
দুখৰ সময়টো কেতিয়াবা হাহিঁব প্ৰাণে
পৰিলেই মনত স্মৃতি আগৰ।
প্ৰতাৰিত হলেহে জীৱন সাৰ্থক
ভয় নাথাকে পৰাজয় বাবে।
প্ৰেমতো প্ৰেমই হয়
আকৌ এটি আহে পুৱা নিঃস্বাৰ্থ ভাবে।
বিফলতা যদিও সহা তান
সিওঁ দি যায় বহুতো জ্ঞান।
দুখেই যদি নাথাকে জীৱনত
স্মৃতি বোৰ হব অতীততে ম্লান।
স্মৃতিৰ পথাৰত সদায় সুখৰ কঠিয়া সিচিবা
দুখৰ গহৰাক নিদিবাঁ ঠাই।
যিমানো নাহক সময় বিপদৰ
সুখৰ স্মৃতি বোৰেই লব ঠাই।

ছয় ৰঙী ৰামধেনু

সম্ৰাট সাহা
কোকৰাঝাৰ


যতৰত তাঁত বোৱাৰ আকাংক্ষা লৈ
 সাত ৰং হাতত তুলি ললো-
কিন্তু সাতোটা ৰঙে যে
সেই বেৰঙীন সূতাৰে সজ্জিত নহ'ল।
অকল মাত্ৰ ছয়টা ৰঙেৰে
মই মোৰ সপোন ৰচিবলৈ
সুভাৰম্ভ কৰি, নীল দীগন্তত উৰা মাৰিলো।
কিন্তু হঠাৎ!
সমাজে মোক বন্ধ কোঠাতে-
অন্ধকাৰাচ্ছন্ন মায়া জালত-
মোৰ প্ৰতিটো অংগত শিকলিৰ
বেদনা দায়ক অলংকাৰ পৰিধান কৰাই দিলে।
এয়া ক'ত মই?
মোৰ সপোন, মোৰ ইচ্ছা, মোৰ সকলো যে-
আবদ্ধ হৈ ৰৈ গ'ল।
এই কলা কোঠাত, সাগৰৰ গভীৰতা লাভ কৰি
যাৰ নাই যে কোনো সমাপ্তি,
যাৰ নাই যে কোনো কুল নাই কোনো পাৰ।
কিন্তু, আবদ্ধ অন্ধকাৰ কক্ষ
ফালি পেলাই ৰবিৰ কিৰণ ভেদি
মোৰ মন, মোৰ জীৱন অৰণ্যৰ
প্ৰতিটো গছ লতিকা বসন্তৰ স্পৰ্শত
উজ্জীৱিত হৈ উঠিল আৰু ম‌ই?
মই উৰি উৰি গৈ দূৰন্ত নীলিমাৰ বুকুত
আৰোহণ কৰিবলৈ ধৰিলো 
মোৰ সাত ৰঙীন জগতৰ
ছয় ৰঙী পাখি মেলি!
আজি ম‌ই মুক্ত,
জীৱনৰ দুঃখ বোৰ প্ৰাণৰ স্পন্দনত লুপ্ত
কাৰণ যন্ত্ৰণাৰ বোজা আজি সুপ্ত।





                    
                                  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)