অপেক্ষাৰ শাওন-নৱজিৎ নাথ

©Admin
0
শাওন মানেই,
সেউজীয়া সেউজীয়া পথাৰত ;
এটি দুটি সপোন বন্ধাৰ,
 সোনোৱালী সপোনৰ 
সোনগুটি সিঁচাৰ এটি মধুৰ ক্ষন।।

শাওন মানেই,
আকাশৰ কলীয়া মেঘৰ ডাৱৰত, 
 উম্মাদ ভৰা মেঘৰ মাদলত
 আশাৰ এজাক জীপাল বৰষুণৰ বতৰা ।।

শাওন মানেই, 
হালধীয়া হালধীয়া
 সোনাৰু  আলসুৱা পাহিৰ
  আৰু কৃষ্ণচূড়াৰ পাহিৰ 
 এটি  মিচিকিয়া হেঙুলীয়া হাঁহি।।

শাওন মানেই, 
এচেৰেঙা ৰ'দৰ বিননী।
 দাৱনী কপালৰ ঘাম 
 মাটিত পেলাৱা আৰু 
 কঠোৰ  পৰিশ্ৰমৰে 
 এমুঠি সপোন ৰচাৰ  ক্ষন।।

শাওন মানেই,
 কৃষকৰ আশা সপোনত 
 শূন্য হীন কৰি পেলোৱা।
 সপোন পথাৰত বিধ্বস্ত কৰা  
 বাৰিষাৰ এজাক কৰুন 
 বানপানীৰ বিননী মাথোঁ ।।
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)