পখিলী খণ্ড নং ৬ - বিটুমনি কোচ

©Admin
0
বেঙীজনী ভায়েৰ -ভনীয়েৰহঁতক আপডাল কৰি কৰি নিজৰ চুলি খিনি ফনিয়াবলৈও পাঁহৰি গৈছ।

চাওঁ এইফালে আহ। চুলি খিনি ফনিয়াই দিওঁ।

মদাহী কনকাই বুলি কোৱাটো সিহঁতৰ ঘৰলৈ বৰকৈ আহিবলৈ লোৱা কথাটো পখিলীয়ে ভাল পোৱা নাই। প্ৰথম প্ৰথম কেইদিনমান দেউতাক থাকোঁতেহে অহা মদাহীটো এতিয়ালৈ দেউতাক নেথাকিলেও অহা হৈছে।

কি ভেবা লাগি মোৰ ফালে চাই আছ।
তোলৈ মোৰ বৰ মৰম লাগে ঐ।

মদাহী কনকাই কোৱা এইষাৰ কথা শুনি পখিলীৰ ধৰ্য্য সীমা হেৰাই গ'ল। ওচৰতে পৰি থকা বাঁহ এচিতা বুটলি গাৰ জোৰে এক কোব সুধাই দিলে।

সামান্য এজনী সৰু ছোৱালীৰ হাতত মাৰ খায় মদাহী কনকাই বোলাটোৰ তেজৰ সোঁত উতলি উঠিছিল ।যদিও ওচৰ চুবুৰীয়াৰ আগত অপদস্ত হোৱা ভয়ত ভিৰাই ল'ৰ ধৰিলে।

পাছে- পাছে  পখিলীয়ে ৰনচণ্ডী মূৰ্ত্তি ধাৰণ কৰি খেদি গ'ল।

ঐ চপনীয়া, চোৱাচেলেকা আজিৰ পৰা আমাৰ ঘৰলৈ আহিবি। তোক মই দুচেও কৰিম।

ওচৰৰে বাসন্তী বৰমাকে  দৌৰি আহি পখিলীক সুধিলে, তোক সি কি কৰিলে।
মতা মানুহক জোকাই নলবি।জীয়ৰী ছোৱালী আছ। মতা মানুহ আহিবই। সেই কাৰণে মই বাপেৰক এজনী গোটাই লোৱা কথা কৈ আছোঁ । ঘৰখনত মানুহ এজনী লাগে ।

পখিলীয়ে খঙে-দুখে ভায়েক- ভনীয়েক কেইটাক গোটাই ভিতৰত সোমাই দৰজাখন মাৰি দিলে।

ভোৰভোৰাই, ভোৰভোৰাই বাসন্তী বৰ্মাক গ'লগৈ।

তাই ভায়েক-ভনীয়েক কেইটাক সাবটি উচুপি উঠিল। ইমান দিনে আপডাল কৰি ডাঙৰ দীঘল কৰা ভায়েক, ভনীয়েক কেইটাক আলৈ-এথানী কৰিব দিব নোৱাৰে।
তাই জীয়াই থাকিলেহে সিহঁত শান্তিৰে জী থাকিব পাৰিব।

ভায়েক -ভনীয়েক কেইটাৰ বাবে তাই জীৱনটো বৰ প্ৰিয়। সেই কাৰণে তাই জীৱনটো কেতিয়াও বিনাশ হ'ব দিব নোৱাৰে।

এনেকৈয়ে থাকিম মই। কোনেও মোক ভাল পাব নালাগে। তাইক আগুৰি থকা ভায়েক- ভনীয়েক কেইটাৰ বাবে তাই নিজৰ জীৱনটোৰ এটা ডাঙৰ অৰ্থ পোৱা যেন লাগিল। আগলৈ,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)