গ্ৰন্থ মানুহৰ প্ৰিয় বন্ধু -মিন্টু গোৱলা

Rinku Rajowar
0
যেতিয়ালৈকে আমি পঢ়িবলৈ শিকালোঁ। তেতিয়া লৈকে আমি বহু গ্ৰন্থ পঢ়ো ।যেন ভাল ভাল গ্ৰন্থ আলোচনী পঢ়ো ।কাৰণ ভাল ভাল গ্ৰন্থই ব্যক্তিৰ মন আৰু জীৱন সলনি কৰি দিয়ে । গ্ৰন্থই বহু নীতি শিকাই আৰু বহু কথাও শিকাই ।
অসমীয়াত একষাৰ কথা আছে 
  "  কিতাপত কৈ ভাল বন্ধু নাই"
   হয় নিশ্চয়। গ্ৰন্থতকৈ ভাল বন্ধু নাই এই পৃথিৱীত।কাৰণ  ভাল গ্ৰন্থই একোজন ভাল ব্যক্তি গঢ়ি তুলে। গ্ৰন্থই ব্যক্তিৰ মন আৰু জীৱন সলনি কৰাই । গ্ৰন্থই বেয়া ব্যক্তিকো ভাল হোৱাত সহায় কৰে । গ্ৰন্থই জীৱন গঢ়াৰ দিশো‌ দেখাই দিয়ে ।
আমি যদি এজন ভাল বন্ধুতকৈ এখন ভাল গ্ৰন্থৰ লগত সময় বেচি কৈ কটাওঁ । তেন্তে আমি বহু কথা শিকিবলৈ পাৰিম ।কাৰণ আজি কালি সময় বৰ মূল্যবান, সেই বাবে অভাৱত সময় নষ্ট কৰাতকৈ  নকৰাই ভাল ।আমি কেতিয়াবা কি কৰোঁ ,আজৰি সময় পালে লগৰ বন্ধুৰ সৈতে এনেই বহি বেলেগৰ কথা কৈ সময় নষ্ট কৰাতকৈ নকৰাই ভাল ।সেই সময়কণত যদি আমি এখন ভাল গ্ৰন্থৰ লগত সময় পাৰ কৰোঁ। তেন্তে আমি সেই গ্ৰন্থ খনৰ পৰা বহু ভাল কথা শিকিম। গ্ৰন্থ পঢ়িলে আমি এখন সমাজৰ নীতি ৰীতিৰ কথাও শিকিবলৈ পাওঁ ।সমাজ চলাই লোৱাৰ বাবে এক সহায় কৰে। বহু ভাল ভাল ব্যক্তিৰ জীৱনী বা গ্ৰন্থই আৰু সমাজ বিভিন্ন ধৰণৰ গৱেষণা গ্ৰন্থ পঢ়িলে ।আমি আমাৰ সমাজখনক নিকা কৰিবলৈ বহু কথা শিকিবলৈ পাৰোঁ। সেইবাবেই আমি যদি আমাৰ সমাজখনক নিকা কৰিবলৈ লওঁ। তেন্তে আমি বেচি ভাগ সময় গ্ৰন্থত দিয়া জৰুৰী । তেতিয়া হে সমাজৰ কু- সংস্কাৰ বোৰ আঁতৰিব।এখন গ্ৰন্থই এজন ব্যক্তিক এদিন ভাল মানুহ হ'বলৈ শিকাই। সেইবাবে আমি গ্ৰন্থক প্ৰিয় বন্ধু হিচাবে আকোঁৱালি লওঁ। তেন্তে আমাৰ সমাজ খনো নিকা হ'ব আৰু নিজৰ জীৱনটো সলনি কৰিবলৈ সক্ষম হ'ম।আমি যদি নিজৰ প্ৰিয় গ্ৰন্থ লগত আজৰি সময়ত কটাও‍ঁ ,তেন্তে বহু কথা শিকিবলৈ পাৰিম। গ্ৰন্থই জীৱন জীয়াৰ কথা শিকাই । গ্ৰন্থই এজন ব্যক্তিক শিক্ষক , মন্ত্ৰী, অভিযান্ত্ৰিক, ডাক্তৰ, নেতা, সাহিত্যিক হোৱাত সহায় কৰে। গ্ৰন্থৰ কাহিনীয়ে ব্যক্তিৰ জীৱন সলনি কৰি দিয়ে । সেইবাবেই আমি যদি গ্ৰন্থ ক প্ৰিয় বন্ধু হিচাবে বন্ধুত্ব গঢ়ি তুলো । তেন্তে জীৱনটো সলনি হ'ব আৰু সমাজখনক আমি নিকা কৰি চলাই লৈ যাব পাৰিম ।সমাজত ভাল কাম কৰিবলৈ হ'লে গ্ৰন্থ  পঢ়িব লাগে। তেতিয়া আমি ভাল কাম কৰি সমাজৰ নাম ৰাখিব পাৰিম আৰু আমাৰ জন্মৰো মান থাকিব। গ্ৰন্থ পঢ়াটো এটা ভাল অভ্যাস । সেইবাবে গ্ৰন্থ পঢ়িব লাগে।
            গ্ৰন্থই ব্যক্তিৰ জীৱনৰ পথ সলাই দিয়ে।  গ্ৰন্থ পঢ়ি  বহু ব্যক্তিয়ে নিজৰ জীৱনক সলনি কৰিছে। তেনে বহু উদাহৰণ পাওঁ।
সেইবাবে আমি গ্ৰন্থক প্ৰিয় বন্ধু হিচাবে গ্ৰহণ কৰাটো অতিশয় ভাল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)