সময়-ডাঃ প্ৰণৱ কুমাৰ চক্ৰৱৰ্ত্তী

Rinku Rajowar
0
জীৱনক ভাল নাপায় বুলি
দাবী কৰা এজনে সুধিছিল
আপুনি কিহক ভয় কৰে?
মই কৈছিলো সময়ক৷
তেখেতে সুধিছিল সময়ক কিয় ভয় কৰে?
মই কৈছিলো
সময় মায়াৱী, সময় খুউব হিচাপী,
সময় কৰ্মজীৱনৰ আদালত
সেয়েহে সময়কলৈ মোৰ ভয়৷
তেওঁ কৈছিল-
আপুনি সময়ৰ পৰা বিনিময় বিচাৰে৷
মই কৈছিলোঁ- আচলতে তেনে কথা নহয়,
আত্মিক টান থকা প্ৰিয় মানুহবোৰক 
এদিন সময়ে আগজাননী নিদিয়াকৈ লৈ যাব
তাকেই লৈ মোৰ ভয় সময়লৈ,
হয়তো কোনেও খবৰ নোপোৱাকৈ
মই অতীত হৈ যাম,
তাকেলৈ মোৰ ভয় সময়লৈ
ভয় সময়ৰ বিবেচনালৈ৷
জীৱনক ভাল নোপোৱা মানুহজনে কৈছিল-
আপুনি আৱেগিক, আপুনি জীৱনক ভাল পায় বাবে
আপোনাৰ ভয় সময়লৈ..

প্ৰেৰক- 
নলবাৰী, ৯৮৬৪১৪৯৬৬৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)