শ্বিলং চেৰাপুঞ্জী আৰু ডাউকী ভ্ৰমণ - পৱিত্ৰ কুমাৰ শৰ্মা

1
পৱিত্ৰ কুমাৰ শৰ্মা
নগাঁও
  
বহুত দিন আগৰ পৰাই মোৰ মেঘালয়ৰ শ্বিলং , চেৰাপুঞ্জী আৰু ডাউকীলৈ যোৱাৰ এটা খুব হেপাঁহ আছিল ।  তালৈ যাবলৈ তেনে কোনো লগ পোৱা নাছিলো, বাবে যোৱা হোৱা নাছিল । অৱশ্যে  ইয়াৰ আগতে মই মোৰ দাদা শ্বিলঙত থকাৰ বাবে কেৱল শ্বিলঙলৈ গৈছিলোঁ । মোৰ শালপতি গৰাকীজন এজন ভ্ৰমণ-প্ৰিয় লোক আৰু সেয়ে মোক তেখেতে  প্ৰায়েই উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান উল্লেখযোগ্য ঠাই চাবলৈ লগ ধৰিছিল । মই এই বিষয়ে ওপৰোক্ত ঠাই কেইখনলৈ যোৱাৰ কথা কৈছিলোঁ । এই কথাত তেখেতে বৰ সন্তোষ পাইছিল আৰু তৎক্ষণাত যাবলৈ সন্মতি প্ৰকাশ কৰিছিল । 
        যোৱা চেপ্তেম্বৰ মাহৰ ২ তাৰিখে আমি দুয়োটা পৰিয়ালে লগ-লাগি এখন চুইফ্ ডিজায়াৰ ভাৰা কৰি চেৰাপুঞ্জী অভিমুখে ৰাওনা হৈছিলোঁ । ঘৰৰ পৰা ওলাই কেৱল জাগীৰোডৰ ওচৰৰ এঠাইত অলপ চাহ-তামোল খাই পুনৰ যাত্ৰা কৰিছিলোঁ আৰু শ্বিলঙত নোৰোৱাকৈয়ে পোনে পোনে চেৰাপুঞ্জীলৈ গৈ আছিলো । এইদৰে গৈ থকাৰ পিছত 'দোৱান সিং চিয়েম' নামৰ এঠাইত গাড়ীখন ৰৈছিল । এইখন ঠাই আচলতে পৰ্যটকৰ বাবে দৰ্শন কৰাৰ  ঠাই । কিন্তু সেই সময়ত অত্যন্ত ডাঠ ডাৱৰ থকাৰ বাবে আমি একোকে চাব পৰা নাছিলোঁ । তাৰোপৰি অনবৰতে বতাহ বলি থকাৰ বাবে ঠাইখিনিত খুব ঠাণ্ডা পৰিছিল আৰু সেই ঠাইতে দুপৰীয়া সাঁজ খাই পুনৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ । এইদৰে আহি-আহি আবেলি গাড়ীখন 'ৱাকাবা' নামৰ এটা জলপ্ৰপাতৰ ওচৰত ৰৈছিল ।ইতিমধ্যে টিকট কক্ষৰ পৰা টিকট কাটি আমি আটাইয়ে ভিতৰত সোমাইছিলোঁ । ঠাইখন বৰ সুন্দৰ, এখন পাৰ্কৰ সৈতে এটা নিজৰা বৈ আছিল আৰু সেই নিজৰাটো ক্ৰমাৎ আহি-আহি এটা দ খাৱৈত পৰিছিল । তাতেই জলপ্ৰপাতটো আৰম্ভ হৈছিল আৰু তাৰ পৰা বহুত তললৈ অনবৰত পানী বৈ আছিল । নিজৰাটোৰ ওপৰেৰে এখন দলঙেদি মানুহ অহা-যোৱা কৰিব পৰা ব্যৱস্থা আছে । তেতিয়াও ডাৱৰ থকাৰ বাবে দূৰৈত থকা কিছুমান বস্তু ৰিণিকি-ৰিণিকিহে দেখা পাইছিলোঁ । সেই ঠাইৰ পৰা আহি আকৌ গৈ আবেলি পৰত 'মাউচমাই' নামৰ এটা গুহা পাইছিলোঁ । এই গুহাটোৰ ভিতৰখন ঠায়ে ঠায়ে ঠেক , ঠায়ে ঠায়ে বহল আৰু ওপৰৰ পৰা বৰষুণৰ ডাঙৰ টোপাল পৰাৰ দৰে পানী পৰি থাকে । সেয়ে দৰ্শনাৰ্থীসকলে খুব সাৱধানে অহা-যোৱা কৰিব লগীয়া হয় । ইয়াৰ আকৃতি ইংৰাজী U আকাৰৰ আৰু ইমুৰৰ পৰা সিমুৰলৈ দূৰত্ব‌ও প্ৰায় ১৫০ মিটাৰমান হ'ব ।
        চেৰাপুঞ্জী পৃথিৱীৰ অন্যতম সিক্ত অঞ্চল বুলি গন্য কৰা হয় আৰু বছৰটোৰ  প্ৰায় সকলো  সময়তে বৰষুণ পৰে । গোটেই বিশ্বৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ প্ৰতি বছৰে বিভিন্ন দেশৰ পৰ্যটকৰ  আগমন ঘটে । এই ঠাইখনৰ বিশেষত্ব হৈছে ইয়াত থকা বিভিন্ন জলপ্ৰপাত আৰু গুহাসমূহ । যিহেতু ঠাইখন বনাঞ্চলত অৱস্থিত , গতিকে ইয়াত সাধাৰণতে বিলাসী হোটেল পোৱা নাযায় । অৱশ্যে আমি এখন সৰু প্ৰয়োজনীয় সুবিধা থকা হোটেল পাইছিলোঁ । গোটেই দিনটো ঠায়ে ঠায়ে ঘূৰি ফুৰাৰ বাবে খুব ভাগৰ লাগিছিল , সেয়ে ৰাতিটো জিৰণি ল'বলৈ হোটেলখনতে থকাৰ বাবে ঠিক কৰিছিলোঁ আৰু ৰাতিটো  তাতে থাকি পিছদিনা অন্যান্য ঠাইলৈ যাবলৈ সাজু হৈছিলো । 
        পিছদিনা ৰাতিপুৱা সোনকালে খাই উঠি গাড়ীৰে আমি প্ৰায় ১২ কিমি মান  দূৰৈত থকা ডেইন্থলেন নামৰ এটা জলপ্ৰপাত চাবলৈ গৈছিলোঁ ।সেইদিনা বতৰটো অত্যন্ত বেয়া আছিল । মূল পথেৰে ৪ কিমি.মান যোৱাৰ পিছত বাওঁফালে এটা ৰাস্তা ফাটি গৈছিল । সেই ঠাইৰ পৰা জলপ্ৰপাতটোলৈ যোৱা ৰাস্তাতো অত্যন্ত বেয়া আছিল । তথাপিও আমি গৈ আমাৰ গন্তব্যস্থান পাইছিলোঁ । গাড়ীৰ পৰা নামি কিছুদূৰ যোৱাৰ পাছত দেখা পাইছিলো ঠাইখন সমান আৰু যথেষ্ট আহল-বহল । ক্ৰমান্বয়ে আগুৱাই গৈ এটা নিজৰাৰ সৈতে এখন  দলং পাইছিলোঁ । এইদৰে কিছু দূৰ যোৱাৰ পিছত নিজৰাৰ পৰা ধাৰাসাৰ পানী তললৈ বৈ আছিল আৰু আমাৰ তেতিয়াহে উপলব্ধি হৈছিল যে সেই ঠাইত এটা জলপ্ৰপাত আছে বুলি । এই জলপ্ৰপাতটোৰ পৰা থিয়ৈ থিয়ৈ পানী ইমান তললৈ বৈ গৈছিল যে তললৈ চালে মুৰ ঘূৰাই গৈছিল । দৰ্শনাৰ্থীসকলৰ নিৰাপত্তাৰ বাবে থিয় খাৱৈটোৰ কাষে কাষে লোহাৰৰ এখন বেৰা দিয়া হৈছিল । ইয়াৰ পিছতে আমি সেই ঠাই ত্যাগ কৰিছিলো ।
        সেই ঠাইৰ পৰা আহি আমি পোনে পোনে ভাৰত বাংলাদেশ সীমান্তত অৱস্থিত ডাউকী নামৰ আন এখন ঠাইলৈ গৈছিলোঁ । এই ডাউকী নামৰ ঠাইখনৰ মূল আকৰ্ষণ হৈছে নাৱত উঠা । ইয়াত ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰে পৰ্যটকে নাৱত উঠাৰ বাবে উপস্থিত হয় । কিন্তু উপস্থিত হ'লেও দুয়োখন দেশৰ নাগৰিকসকলক  একেলগ হ'বলৈ দিয়া নহয় । সেয়ে দুয়োখন দেশৰ নাগৰিকে ওচৰতে বেলেগ বেলেগ ঠাইত থাকি নাৱত উঠা-নমা কৰে । আমিও নাৱত উঠিবৰ বাবে সাজু হৈছিলোঁ ; কিন্তু এখন নাৱত নাৱৰীয়াৰ বাদে মাথোন দুজনেহে যাব পাৰে । সেয়ে দুখন নাওঁ ল'বলগীয়া হৈছিল । আনহাতে বেয়া বতৰৰ বাবে নাৱত উঠিবলৈকো সমস্যা হৈছিল । গতিকে নাৱৰীয়াৰ পৰা দুটা ছাতি লৈ কোনোমতে নাৱত উঠিছিলোঁ । ই আমাৰ বাবে এক সাংঘাতিক অভিজ্ঞতা হৈছিল ।
        ইয়াৰ পিছতে ডাউকীৰ পৰা উভতি আহিছিলোঁ । ওভতাৰ পথত কিছু দূৰ যোৱাৰ পিছত এটা হো-হোৱাই বৈ থকা বৰহিল নামৰ এটা ডাঙৰ জলপ্ৰপাত দেখা পাইছিলোঁ । অলপ দুৰৰ পৰাই তাৰ ফটো লবলৈ চেষ্টা কৰিছিলোঁ যদিও জোৰেৰে বৈ অহা বৃহৎ পৰিমাণৰ পানীৰ লগতে বতাহৰ বাবে পানীৰ কণিকা গাত  চিটিকি পৰিছিল । এয়া সচাকৈয়ে এক বুজাব নোৱাৰা মনোৰম দৃশ্য । ইয়াৰ পিছতেই আমি শ্বিলঙলৈ ৰাওনা হৈছিলো । বাটত মাথোন আহাৰ খাবলৈ আৰু অলপ সতেজ হ'বলৈ দুঠাইত ৰৈছিলো । এনেদৰে আহি আহি  নিশা শ্বিলং পাইছিলোঁ । নিশা গাড়ীখন শ্বিলঙৰ এটা পাৰ্কিং আস্থানত থৈ হোটেল এখনত আছিলোঁ ।
        পিছদিনা ৰাতিপুৱা খোৱা-বোৱা কৰি শ্বিলঙৰ প্ৰধান গীৰ্জাটোলৈ গৈছিলোঁ । যিহেতু সেইদিনা দেওবাৰ আছিল সেয়ে গীৰ্জাৰ ভিতৰত থকা প্ৰতিজন লোকেই সম্পূৰ্ণ নিস্তব্ধতা পালন কৰি  প্ৰাৰ্থনা কৰাত ব্যস্ত আছিল । ঠাইখন অত্যন্ত পৰিষ্কাৰ আৰু ক'তো অলপো লেতেৰা দেখা পোৱা নগৈছিল । ইয়াৰ পিছতে সেই স্থান ত্যাগ কৰি শ্বিলঙৰ পৰা প্ৰায় ২১কিমি নিলগত অৱস্থিত লাইটলুম নামৰ এখন মনোৰম ঠাই চাবলৈ গৈছিলো । আমাৰেই দূৰ্ভাগ্য যে সেইদিনা বৰষুণ দিয়াৰ বাবে একো চাব নোৱাৰিলোঁ ।
        লাইটলুমৰ পৰা ওলাই আহি আমি শ্বিলঙৰ জলক্ৰীড়া আৰু নাওঁচালনাৰ  প্ৰধান কেন্দ্ৰস্থল কৃত্ৰিম উমিয়াম হ্ৰদলৈ  গৈছিলোঁ । ঠাইখন গছ-গছনিৰে পৰিপূৰ্ণ এক বিশাল এলেকা । ইয়াৰ প্ৰাকৃতিক দৃশ্য সচাকৈয়ে বৰ মনোৰম ।
        আমাৰ তিনিদিনীয়া ভ্ৰমণৰ অন্ত পৰিছিল আৰু আমিও ঠাইসমুহ ফুৰি বৰ ভাল পাইছিলোঁ । সেয়ে আমি ঘৰলৈ যাবলৈ ওলাইছিলো । ঘৰলৈ অহাৰ পথত বাটত গাড়ীৰ তেল শেষ হৈছিল ‌। গতিকে তেলৰ বাবে কিছু ৰ'ৰ লগা হৈছিল । সেইদিনা সন্ধিয়া  সময়ত আমি ঘৰ পাইছিলোঁ ।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সঁচাকৈ বৰ ভাল লাগিল । একেবাৰে সঁচা কথা খিনি ব্যক্ত কৰিছে ।
    আগলৈও আশা কৰিলোঁ।

    ReplyDelete
Post a Comment