মই তোমাৰ তুমি মোৰ
ভালপোৱাৰ
সান্নিধ্যবোৰে ৰিঙিয়াই যে মাতে
তাতে দেখোন পৰিস্ফূত হয়
প্ৰেমাস্পদৰ
হাজাৰ অনুভৱ ।
আহিব এদিন বলুকাত বহি
জোৎস্না ভৰা হাজাৰ তৃষ্ণাপূৰ্ণ কোমল নিশা
আৰু হদয়ে হৃদয়ৰ পাৰ ভাঙি বৈ যাব
মৰমৰ ঢৌ ।
আৰে বাদ দিয়ানা
এই ডিজিটেল দুনিয়াত সন্ধান কৰিব,
মাজ নিশালৈ পতি-পত্নী হৈ হৃদয় গলাবলৈ !
আৰু কি ?
মনুষ্যত্বৰ ভাষাৰে
ভালপোৱা, মৰম ইত্যাদি ইত্যাদিবোৰৰ
কাৰেং সাজিব মন নাযায় !
নে ভাল লাগে
পতি-পত্নীৰ খেলাৰে অভিনয় কৰিবলৈ ?
আকৌ কওঁ
হিয়া উজাৰি কিয় ক'ব লাগে
মই তোমাৰ তুমি মোৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ