এছাটি পছোৱা বতাহৰ
এক উৰুঙা উৰুঙা মন ।
তল সৰা পাতৰ বিননি, আৰু বতাহৰ ৰিণিকি ৰিণিকি শব্দ মাথোঁ ।
ফাগুন মানেই ,
ধূলিয়ৰি বাটৰ উদং
পথাৰৰ পলাশ ,শিমলু আৰু
ৰঙচুৱা মদাৰ ফুলৰ
নানা বৰনীয়া ৰঙৰ মেলা মাথোঁ।
উতলা ফাগুনৰ ৰঙত
মনে নাচে উলাহত।
দেহত ফাকুৱা ৰঙৰ বোল আৰু
মনত প্ৰেমৰ উতনুৱা
এছাটি বতাহে
মোৰ কাণে কাণে কয়...?
মই ফাগুন ।।
ফাগুনৰ বলিয়া বতাহত
হেজাৰ জনতাৰ মন প্ৰাণত,
ফাগুনে প্ৰতিবাৰে আনে ।
প্ৰতিজন অসমীয়াৰ মাজত
নতুনত্বৰ এক পৰশ ।
মৌ সনা হৃদয়ত
ফাগুনে প্ৰতিবাৰে আহি
জাকি মাৰি উৰা মাৰে ।
অসমীয়াৰ অন্তৰত।।
ফাগুনৰ ধূলিয়ৰি বাটক
এজাক বৰষুণে আহি
ধুই নিয়ক,আকৌ
সজীৱ হৈ উঠক,
শীতৰ লঠঙা লঠঙা
গছ -বিৰিখ বোৰ।।
আকৌ ,এজাক বৰষুণৰ
অপেক্ষাৰ অন্তত ফাগুনৰ
উৰুঙা উৰুঙা মনত
আনি দিয়ক বসন্তৰ
আগজাননী মধুৰ বতৰা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ