অসমীয়া সাহিত্যৰ চানেকি- তৃতীয় বৰ্ষ ৩৪০ সংখ্যা

Rinku Rajowar
0
সম্পাদকৰ একাষাৰ

আজি মঙলবাৰ আঘোণ মাহৰ ১৯ তাৰিখ । ইং ৬ ডিচেম্বৰ ২০২২ । বছৰটো শেষ হ'বলৈ মাত্ৰ ২৫ টা দিন বাকী । খেতিৰ সময় সকলো পথাৰত ব্যস্ত সোণগুটি চপোৱাত তাৰ মাজতো বহু পৰিশ্ৰমৰ  মাজেৰে তৃতীয় বৰ্ষৰ ৩৪০ সংখ্যক সংখ্যাটি আপোনালোকলৈ তুলি দিলোঁ । পঢ়ি কেনেকুৱা পাইছে আমাক জনাবলৈ নাপাহৰিব আৰু আলোচনীখন শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আমাৰ আলোচনীখন পঢ়িবলৈ সুযোগ পায় । 

সূচীপত্ৰ 

🔷ইতিহাসত আজিৰ দিনটো 

🔷সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 

🔷শিশু সবলীকৰণ -কল্পনা বৰা

🔷এটা মোবাইল ফোন আৰু এজন ল'ৰা আৰু প্ৰেম-ক্ষীৰোদ মণি মহন

🔷মোৰ দক্ষিণ ভাৰত যাত্ৰা - পৱিত্ৰ কুমাৰ শৰ্মা 

🔷অনাথ -প্ৰিয়ংকা বৰা

🔷তুমি পাষাণ প্ৰতিমা নহয় -অনন্ত কুমাৰ ভূঞা

🔷নদীৰ গীত-সুশান্ত দাস

🔷আহিনৰ এটি আবেলি-নৱজিৎ নাথ

🔷সময়-হিমশিখা সন্দিকৈ

🔷সময়-নিৰঞ্জন হাজৰিকা

🔷প্ৰেম-চাহিদা বেগম



▶️১৮৯৭ চনৰ আজিৰ দিনটোতে লণ্ডন চহৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত টেক্সিকেব সেৱা প্ৰদান কৰা বিশ্বৰ প্ৰথমখন চহৰ হিচাপে পৰিগণিত হয়।
▶️১৯৯২ চনৰ আজিৰ দিনটোতে বাবৰি মছজিদ ধ্বংস কৰা হয়। বিশ্ব হিন্দু পৰিষদ আৰু সহযোগী সংগঠনসমূহৰ এক বৃহৎ কৰ্মীৰ দ্বাৰা বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। উত্তৰ প্ৰদেশৰ অযোধ্যা চহৰৰ ষোড়শ শতিকাৰ বাবৰি মছজিদ এক দীঘলীয়া সামাজিক-ৰাজনৈতিক বিবাদৰ বিষয় হৈ আছিল। হিন্দু জাতীয়তাবাদী সংগঠনসমূহৰ দ্বাৰা আয়োজিত এক ৰাজনৈতিক সমদল হিংসাত্মক ঘটনালৈ ৰূপ লোৱাৰ পিছত সকলোৱে ইয়াক লক্ষ্য কৰি লৈছিল। এই হিংসাত্মক ঘটনাৰ ফলত প্ৰায় ১৫০০লোকৰ মৃত্যু হৈছিল।
▶️১৯১৭ চনৰ আজিৰ দিনটোতে ফিনলেণ্ড-এ ৰাছিয়ান সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে।
▶️১৯২৯ চনৰ আজিৰ দিনটোতে তুৰস্কত প্ৰথম বাৰৰ বাবে মহিলাই ভোটাধিকাৰ লাভ কৰে।
▶️১৯১১ চনৰ আজিৰ দিনটোতে মংগোলিয়া ৰুছ নিৰাপত্তা অঞ্চলত পৰিণত হয়।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতে অষ্টিন ১৯৮৯ নামৰ ধূমকেতুটোৰ আৱিষ্কাৰ হয়।
▶️২০১৭ চনৰ আজিৰ দিনটোতে তদানীন্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে আমেৰিকাই জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে স্বীকৃতি দিব আৰু ইজৰাইলস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাস তেল আভিভৰ পৰা জেৰুজালেমলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনাৰ নিৰ্দেশ দিয়ে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই সিদ্ধান্তক আদৰণি জনায় আৰু ঘোষণাটোৰ প্ৰশংসা কৰে। ৮ ডিচেম্বৰত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব ৰেক্স টিলাৰছনে স্পষ্ট কৰি দিছিল যে ট্ৰাম্পৰ মন্তব্যই "জেৰুজালেমৰ বাবে কোনো চূড়ান্ত স্থিতি প্ৰদান কৰা নাছিল" আৰু অতি স্পষ্ট আছিল যে চূড়ান্ত স্থিতি, মীমাংসা আৰু সিদ্ধান্ত লোৱাৰ বাবে দুয়োপক্ষৰ ওপৰত এৰি দিয়া হ'ব"।


প্রঃ UNESCO কোন চনত গঠন কৰা হয় ?

উঃ ১৯৪৫  চনত।

প্রঃ NCERT-ৰ  সম্পূৰ্ণ ৰূপটো কি ?

উঃ National Council of Educational Research and Training.

প্রঃ DIET -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ District Institute of Educational Training.

প্রঃ C D ROM -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ Compact Disk Read Only Memory.

প্রঃ ‘School’ শব্দটো কোন ভাষাৰ পৰা আহিছে ?

উঃ গ্ৰীক ভাষাৰ Skhole শব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে অৱসৰ বা জিৰণি।

 



শিশু সবলীকৰণ

🅾️কল্পনা বৰা, গোলাঘাট।।

আমি সকলোৱে জানো, শিশুসকল এখন দেশৰ ধৰণীস্বৰূপ । নহয়নে বাৰু ! এই শিশুসকলক আমি ভৱিষ্যতৰ সুস্থ-সবল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ হ'লে শিশু অৱস্থাৰ পৰাই তেওঁলোকৰ যত্ন ল'ব লাগিব, শিশু সকলৰ মূল্যবোধ ৰাখিব জানিব লাগিব। এজন শিশুৱে পোনপ্ৰথমে ঘৰখনৰ পৰাই আচাৰ, ব্যৱহাৰ আদি মানৱত্ব গুণবোৰ আয়ত্ত কৰে। শিশুসকল বাঁহৰ লেকেচি স্বৰূপ। তেওঁলোকক সৰুতে যিটো আদৰ্শ দেখুওৱা হয় , তেওঁলোকে সেই আদৰ্শকে অনুকৰণ কৰিব ল'ব। সেয়ে শিশুসকলক সৰু অৱস্থাৰে পৰা উপযুক্তভাৱে গঢ় দিয়াটো আমাৰ জানো দায়িত্ব আৰু কৰ্তব্য নহয় ! 
                    আমি কেৱল মেল-মিটিং বা বাতৰিকাকত , আলোচনী আদিত চিঞৰি থাকিলে হ'ব -- 'আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক।' 
উপযুক্ত মানুহ হিচাপে গঢ়ি তুলিবলৈ আমিয়েই উপযুক্ত ব্যৱস্থাপনা হাতত ল'ব লাগিব। 
আজিৰ আধুনিক যুগতো শিশুসকল কিন্তু সম্পূৰ্ণভাৱে আগবাঢ়ি যাব পৰা নাই। দেশৰ এজন সৱল নাগৰিক হ'বলৈ শিশুসকলক যি পৰিৱেশ লাগে, আমি জ্যেষ্ঠসকলে দিব পাৰিব লাগিব। 
                   সঁচা কথা, শিশুসকল যাতে আগবাঢ়ি গৈ এজন ভাল মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে; তাৰ বাবে আমাৰ দেশত বহুতো আইন প্ৰণয়ন হৈছে। কিন্তু আইনবোৰ জানো সঠিকৰূপে কাৰ্যকৰী হৈছে? নহ'লেনো দেশৰ হাজাৰ হাজাৰ শিশু আজিও ইমান পিছপৰি থাকি অন্ধকাৰৰ বক্ষগহ্বৰত ক্ষণ কটাবলগা হয়নে? ১৯৮৬ চনত 'শিশু শ্ৰমিক প্ৰতিবন্ধক আৰু নিয়ন্ত্ৰণ' আইন প্ৰণয়ন হৈছিল আৰু এই আইনমতে চৈধ্য (১৪)  বছৰ বয়সৰ তলৰ কোনো শিশুৱে কোনো উদ্যোগত কাম কৰিব নোৱাৰিব আৰু শিক্ষাৰ পৰা বঞ্চিত হ'ব নোৱাৰিব । কিন্তু এই আইনখন বৰ্তমান সময়ত কিমান ফলপ্ৰসূ ? এইটো সঁচাই ভাৱিবলগীয়া নহয়নে? 
আজিও দৰিদ্ৰতাৰ কৱলত পৰি হাজাৰ হাজাৰ শিশুৱে জাৰত কঁপি কঁপি হোটেল, চাহ-দোকানৰ বাচন-বৰ্তন ধুই দিনৰ পাছত দিন অতিবাহিত কৰিবলগা হৈছে । এই শিশুসকলৰ  পঢ়াৰ কথা ভাৱিবলৈ সময় বা ক'ত ,নহয়নে ? মাথোঁ নিজৰ সামান্য উপাৰ্জনেৰে পিতৃ-মাতৃক ঘৰ চলোৱাত সহায় কৰোঁতেই দিনৰ পাছত দিন পাৰ হয় । এই শিশুসকলকে আনকি পুষ্টিকৰ খাদ্যৰ মুখো দেখা নাপায় । নানানটা অচিন ৰোগে অকালতে তেওঁলোকৰ জীৱনলৈ দুৰ্যোগ কঢ়িয়াই আনে। 
             বিশেষকৈ আমাৰ গাঁৱৰ সমাজত বেছিকৈ শিশুসকল পিছপৰি থকা দেখা যায়। সৰুতে পঢ়া শুনা এৰি বাগানত পাত তোলা, ৰেষ্টোৰেন্টত কাম কৰা আদিবোৰ কাৰ্য বাৰুকৈয়ে পৰিলক্ষিত হয়। আচলতে এনেবোৰ ক্ষেত্ৰত অভিভাৱকৰো দোষ যথেষ্ট আছে। সৰুতেই আমি শিশুসকলক পইছাৰ পাছত দৌৰিবলৈ শিকোৱাতো মুঠেই শুদ্ধ নহয় । তেওঁলোকে বাগানত কাম কৰায়ে হওঁক বা অন্য উপায়েৰে হ'লেও দুই-এটকা টকা উপাৰ্জন কৰিলেই এনে অৱস্থাত যথেষ্ট সুখ অনুভৱ কৰে আৰু পঢ়া শুনাৰ প্ৰতি একেবাৰে মন নাইকিয়া হৈ পৰে, কেৱল ইটো সিটো কাম কৰি পইছাৰ পাছতেই দৌৰিব ধৰে। 
        
                আৰু এটা কথাই সঘনাই মনত প্ৰশ্ন তোলে যে আজিৰ শিশুসকল মুক্তমনে ক'ৰবালৈ নিৰ্ভয়ে অকলশৰে জানো ওলাই যাব পাৰিছে ? চাৰিওফালে ধৰ্ষণ, অপহৰণ আদি অমানৱীয় কাৰ্যবোৰ  সংঘটিত হৈ আছে। অকলশৰে ক'ৰবাত ওলাই গ'লেও মনত অনবৰতে ভয়ভাৱ এটা কঢ়িয়াই লৈ ফুৰিব লগা হয়, কিজানি অপহৰণকাৰী ক'ৰবাত লুকাই আছে। আজিৰ পিতৃ-মাতৃয়ে শিশুসকলক নগৰ-চহৰত পঢ়িবলৈ নিৰ্ভয়ে এৰি দিব পাৰিছে নে নিজে ঘৰত শান্তিৰে শুব পাৰিছে ? তেন্তে আমি জানো দাঠি ক'ব পাৰি যে শিশুসকলে নিজৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱা নাই? 
                বৰ্তমান যুগতো শিশুসকল শোষণৰ পৰা হাত সাৰি যোৱা নাই সম্পূৰ্ণৰূপে। বৰ্তমান সময়তো পৰিলক্ষিত হয় যে দহ,এঘাৰ বছৰীয়া এগৰাকী শিশুৱে পুৱাৰে পৰা গধূলিলৈকে ইখনৰ পিছত সিখন কাম কৰি গৈ আছে মূৰ তুলিবলৈ সময় নোপোৱাকৈ।অথচ তেওঁলোকৰ সমবয়সীয়া গৃহস্থৰ ছোৱালী গৰাকীয়ে নিজ হাতেৰে পানী এগিলাচো বাকি নাখায়। হয়, এয়াই আমাৰ আধুনিক যুগৰ সমাজত পৰিলক্ষিত নিদৰ্শন।
            আমি যেতিয়া ফুৰিবলৈ যাওঁ তেতিয়া ৰাস্তাই পদূলিয়ে অন্যথা ৰে'ল আলিৰ দাঁতিত মলিয়ন কাপোৰ পিন্ধি হাতত ভিক্ষাৰ পাত্ৰ লৈ কণ কণ শিশু ঘূৰি ফুৰা হৃদয়বিদাৰক দৃশ্য দেখিবলৈ পাওঁ। যদি ভিক্ষাৰ হাত পাতে আমাৰ ওচৰত,আমি ঘৃণা কৰি আঁতৰাই খেদি পঠাই কওঁ--- "এই আপদবোৰৰ পৰা আৰু শান্তি নাই ।" কিন্তু আমি এবাৰো ভাৱি নাচাও সেই শিশুসকলৰ দুৰ্ভগীয়া জীৱনটোৰ কথা, কিমান কষ্টেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হৈছে ! 

               আমি কোনহকেৰে সম্পূৰ্ণৰূপে দাঠি ক'ব পাৰিম যে আধুনিকতাৰ প্ৰেক্ষাপটতো শিশুসকল মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱা নাই ; শোষণ , ধৰ্ষণ, অপহৰণ আদি অমানৱীয় কাৰ্যবোৰৰ পৰা হাত সাৰি নিৰ্ভয়ে জীৱন নিৰ্বাহ কৰি আগবাঢ়ি যাব পাৰিছে নিজৰ ভৱিষ্যতৰ লক্ষ্যৰ দিশত? আমি এনেদৰে ক'ব পাৰিছোঁ জানো বৰ্তমানেও ? নাইপৰা ন ! 
আমি কেৱল আইন প্ৰণয়ন কৰিলেই নহ'ব , সেই আইনসমূহৰ সু প্ৰয়োগ হোৱা উচিত আৰু আঁচনি সমূহ বাস্তৱভিত্তিক  হোৱা উচিত ; যি আঁচনিৰ দ্বাৰা পিতৃ মাতৃয়ে দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্ত হৈ  উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে আৰু শিশুসকলৰ ওপৰতো উপাৰ্জনৰ ভাৰ মূৰত জাপি দিয়াৰ বিপৰীতে বিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণৰ পথ মুকলি কৰি দিব পাৰে ; সকলো শিশুৱে ভয়-শংকা আঁতৰাই ৰাস্তালৈ ওলাই আহিব পাৰে। 
আমি কেৱল মুখেৰে ক'লেই নহ'ব, শিশুসকলক মৰম কৰিব শিকিব লাগিব,যাৰ দ্বাৰা তেওঁলোক উৎসাহিত হ'ব পাৰে দুখোজ আগুৱাই যাবলৈ আৰু আমি শিশুসকল আগবাঢ়ি যাবলৈ দিব পাৰিব লাগিব উপযুক্ত পৰিৱেশ , যি পৰিৱেশত ডাঙৰ হৈ এজন শিশু ভৱিষ্যতে দেশৰ এজন সুস্থ সবল নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে আৰু ভৱিষ্যতৰ সোণালী স্বপ্ন ৰচি আগবাঢ়ি যাবলৈ উৎসুক হ'ব পাৰে। 

এটা মোবাইল ফোন আৰু এজন ল'ৰা আৰু প্ৰেম
 (কাল্পনিক চৰিত্ৰৰ আধাৰত)

ক্ষীৰোদ মণি মহন
    চৰাইদেউ


সমগ্ৰ বিশ্বতে তেতিয়া কৰুণা মহামাৰীৰ বাবে ‌  লকডাউন , লকডাউন।  আমি তেতিয়া একাদশ শ্ৰেণীত । ফুৰিবলৈ গৈছিলো ককাৰ ঘৰলৈ । তাত থাকোতেই ঘূৰ লকডাউন দি দিলে । মুখত মাস্ক মাৰি হাতত চেনীটাইজাৰ কৰি এঘৰৰ পৰা সিঘৰলৈ গলো ।  আমাৰ ক্লাছ কৰিবলৈও বহু অসুবিধা হৈছিল। তেতিয়া  মোৰ ওচৰত এটা মোবাইল নাছিল। মা লৈ ফোন মাৰিলোঁ --- কলো, মা মোক এটা ডাঙৰ মোবাইল লাগে । স্কুলত ক্লাছ কৰিবৰ বাবে। মায়ে প্ৰথমতে দিবলৈ ভয় কৰিছিল । কিযানিবা মোবাইল টো বেয়া কামত খটুৱায়। লগডাউন অলপমান কমিল । ঘৰলৈ আহিলো। মোবাইলটো তেতিয়ালৈকে নাই লোৱা। আহি ঘৰত এদিন থাকি ১৫ খনমান খমখমীয়া ১০০০ টকাৰ নোট লৈ গলো মোবাইল ল'বলৈ । মোবাইল লৈ কিহে পাই । তেতিয়া ভালদৰে মোবাইল চলাব নাজানো‍ঁ। আবেলি ভিতৰতে ১.৫ জিবি নেট খতম কৰিলো যি টি কৰি। ৰাতি ইউটিউব টো খুলিছো বেহাৰবাৰী চাবলৈ মা দেউতা ম‌ই বহিছিলোঁহে । ঘূৰিল নহয় নেটৰ চকৰী । ঘূৰিল যি ঘূৰিল সেইটো একেবাৰেই ঘূৰি থাকিল । ৰাম গালি খালো দুয়োজনৰ পৰা সেইদিনা। সেইদিনাৰ পৰা সাৱধান হলো। পিছদিনা অৰ্থনীতি বিষয়ৰ চাৰলৈ ফোন কৰি নম্বৰটো দি দিলো স্কুলৰ গোটত এড কৰিবলৈ । পিছদিনাখনৰ পৰা আহিগল অনলাইন ক্লাছ কৰিলে আৰু সি দুদিনমান । সি পৰিল নহয় প্ৰেমত  পঢ়কছোন বাৰু তলৰ খিনি
       ----: তাৰ পিছত চাওক তাৰ দশা:----

ঐ ৰাহুল:- ছোৱালী এজনীৰ নম্বৰ দেছোন।
ৰাহুল:-  এইহ ৰহ । চাব লাগিব।
নবীন--চাচোন চা এগৰাকী জীৱন সংগী লাগিছিল।
            
ৰাহুল:-‌ওকে ।  দিলো চা। নামটো গুণ, ঘৰ-গুৱাহাটী , মেট্ৰিক দিছে এইবাৰ। ব্যৱহাৰ পাতি ভাল।
নবীন-- ঠিক আছে ধন্যবাদ দেই। 

নবীনে এইবাৰ ৰাহুলে দিয়া নম্বৰটোক মেচেজ দিলে।

প্ৰথমতে হাই বুলি দিলে। তাৰ পিছতে সেইফালৰ পৰাও ৰিপ্লাই আহিল হেল্ল' বুলি।
তাৰ পিছতে দুয়োৱে সুন্দৰকৈ কথা পাতিলে। চা চিনাকী হ'ল । সুন্দৰকৈ কথা পাতি আছে বন্ধু বান্ধৱী হিচাপে। পাতিল কেইদিনমান । ছোৱালীজনীয়ে ও বিভিন্ন ধৰণৰ গঠনমূলক কাম কাজ কৰিছিল। বিভিন্ন কামৰ লগত জড়িত হৈ পৰিছিল। নবীনে কিন্তু মনে মনে সেই ছোৱালী জনীক ভাল পাবলৈ ধৰে। কিন্তু ছোৱালীজনীক কবলৈ সাহস কৰিব পৰা নাই। এদিন কি হল জানো সি হোৱাটচাপৰ জৰিয়তে ষ্টিটাচ দিছিল এইবুলি ‌ Single Single বুলি চিঞৰি থাকোঁতেই আমাৰ যাব। হঠাৎতে যিগৰাকীক‌ জোকাইছিলো সেইগৰাকীয়ে ষ্টেটাছ চাই মন্তব্য আগবঢ়ালে যে দাদা আমি চিংগলৰ সেই পৃথিৱীখনলৈ যাও ব'লক বুলি যেতিয়া ক'লে। তেতিয়া ভাবিলো যে এইগৰাকী ছিংগুল আছে। 
            এনেও তাইৰ বিষয়ে বাৰু ম‌ই অ'তদিনে চিনাকীহোৱাৰ পিছত তাইকতো এনেও কেনেকুৱা প্ৰকৃতিৰ গমেই পালোঁ । ঠিক সেইদৰে এইটো বিষয়ত অলপমান কথা বাৰ্তা পতাৰ পিছত  তাইক মোৰ ভাল লগাৰ কথাটো লাজ লাজকৈ কলো। সেই পৰিস্থিতিটো কেনেকুৱা হয় নিশ্চয় আমাৰ ল'ৰা ,সকলে গম পাইছে। তাইও কলে যে ম‌ই কথাটো ভাবি চাওঁ। ম‌ইও অধিক আগ্ৰহেৰে মতামত টো শুনিবলৈ বাট চাই ৰলো ।ঠিক অলপ দেৰিৰ পিছতে সেইপিনৰ পৰা মতামত টো পিছে ভালেই আহিল । ঠিক সেই দিনাৰ পৰা যেন ম‌ই প্ৰথমবাৰৰ বাবে নতুন এখন পৃথিৱীত সোমাই পৰিলোঁ। কেতিয়াবা খুব খং, নমতা নমতি , নম্বৰ ব্লক কৰা  আদিৰে আগুৱাই গৈ আছোঁ।। সেইদৰে গৈ আছে নবীন আৰু গুণৰ প্ৰেম। সচা প্ৰেমত কাজিয়া থাকেই ন? কিয় জানেনে?
    
      যিগৰাকীক সচাকৈ ভাল পায় ন তেওক হেৰুৱাৰ ভয় থাকে সেইকাৰণে দুয়োজনৰ মাজত সৰুসুৰা কাজিয়া হয়েই্। কিন্তু কিমানদিনো হ'ব ন কাজিয়া ।২০/৩০ মিনিট তাৰ পিছত আকৌ দুয়ো প্ৰেম যুগলত আবদ্ধ হৈ থাকে । সেইদৰে চলি আছে দুয়োজনৰ প্ৰেম। 
         আহিল নহয় নবীনৰ বাবেই সেই বিষাক্ত ক'লা দিনটো। সেইদিনাই হ'ল  তাৰ বাবে ঠিকনা বিহীন জীৱন নাটৰ প্ৰেমৰ অন্তিম দিন। বেচেৰাই কিনো জানে নো তাক যে গুণে এৰি থৈ যাব। দিনটো সুন্দৰকৈ গ'ল দুয়োজনৰ । নবীনে মাকৰ ওচৰত বহি লগৰ এজনীৰ লগত কথা পাতিছো বুলি কৈ কথা পাতি প্ৰেমৰ সেই  অজান সাগৰত ডুব গৈ আছিল। ৰাতি ৮ বাজিছিল। সেইটোৱেই আছিল নবীন ক'লা দিনটোৰ ক'লা সময়। 
            গুণে ফোন মাৰি কলে । 
গুণ:-- ঐ শুন ক! কথা এটা ক‌ও দেই বেয়া নাপাবি।
নবীন:- ক ! নাপাওঁ ক ।
গুণ:- ম‌ই তোৰ পৰা আতৰি আহিব বিচাৰোঁ। আজিৰ পৰা তোৰ মোৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই।
নবীন:- কি কৈছ ও ত‌ই।
গুণ:- ওম সচাকৈ কৈছোঁ ও। মোক বেয়া নাপাবি দেই ত‌ই । আগৰ দৰে মোৰ লগত কথা পাতিবি নে নাই বুলি সুধিছিল তাই।
নবীন:- নবীনৰ মোৰত যেন আকাশখন খহি পৰিল ।সেইদিনাৰ পৰা আৰু সি আগৰ সেই নবীন হৈ নাথাকিল। সি যেন বহু পিছ পৰি গ'ল ।

   তাৰ এতিয়া এটাই সপোন সি সমাজত এজন ভাল মানুহ হৈ নিজৰ ভৰিৰ ওপৰত থিয় হ'ব ।
       প্ৰত্যেকজন ব্যক্তিৰ সফলতাৰ আঁৰত এজন ব্যক্তি থাকে সেইদৰে নবীনৰ সফলতাৰ আঁৰত তিনিজন ব্যক্তি লোকাই আছে সেইকেইজন মা দেউতা আৰু তাক এৰি থৈ যোৱা গুণ।

নবীনে তেতিয়া দ্বাদশ শ্ৰেণীত পালেগৈ নহয় । সি কিন্তু এইবাৰ ক্লাছ কৰিব নাপালে। বেলেগ ক্লাছ কৰিব ললে  কম্পিউটাৰৰ। লাগিল নহয় গণ্ডগোল। পঢ়াত তাৰ মন নাইকিয়া হ'ল । তাতে আকৌ মিছা প্ৰেমত পৰা ঝাল আছেই । তথাপিও নেৰিছে । প্ৰস্তুতি খুব চলাইছে পৰীক্ষালৈ । আশা কৰিছে সি পৰীক্ষাত যেনেতেনে হ'লেও পাছ কৰিব‌ই। ঠিক সেইদৰে লাগি আছে সেই গুণ বোলা জনীৰ লগতো । তাইক পাবলৈ কিমান হোৱাটচাপ নম্বৰ বদলাইছে সিহে জানিছে আৰু। তথাপিও ব্লক কৰে । বেচেৰাৰ অৱস্থা শোচনীয়। আকৌ লাগিল হোজাইৰ এজনৰ লগত যে তাক গুণক লাগে আৰু কাকো নালাগে। আৰু বোলে তেওঁকো বোলে দত্ত বোলা ছোৱালী এজনীক লাগে । দুয়োজনে লাগি গৈছে। ইজনীও নোবোজে সিজনিও নোবোজে।

 দত্ত আহ ঐ হোজাইৰ ল'ৰা জনলৈ  আৰু গুণ ত‌ইও ঘূৰি আহ  সচা প্ৰেমৰ গভীৰ সাগৰত পৰি থকা সেই নবীনটোলৈ । বেছেৰাৰ অৱস্থা দেখি লগৰবোৰে হাঁহে ও । Dhunu বুলি মতা লৰাটোৰ অৱস্থা।

এই কাহিনীটোৰ পৰা এটি কথা সকলোকে জনাব বিচাৰিছোঁ এটা মোবাইলৰ পৰা আমি‌ এজনৰ লগতে দহোজনৰ বাবে ভাল কাম কৰিব পাৰোঁ। যদি কোনোবাই কাৰোবাক ভাল পাই তেন্তে সঁচা ভাল পাব লাগে । তেতিয়াহে প্ৰেমিক / প্ৰেমিকাবোৰৰ সপোনবোৰ পূৰ্ণ হয় । হয়টো মিছা প্ৰেম কাৰোবাৰ বাবে ধ্বংসস্বৰূপ ও হ'ব পাৰে।

ভ্ৰমণ কাহিনী
                  
         মোৰ দক্ষিণ ভাৰত যাত্ৰা         

পৱিত্ৰ কুমাৰ শৰ্মা
     জিলা:- নগাঁও

        বহুদিন আগৰ পৰাই মোৰ দক্ষিণ ভাৰতত ফুৰাৰ এটা খুব হেপাঁহ আছিল । যিহেতু মোৰ ল'ৰা ৰিম্পু বাঙ্গলোৰত থাকে সেয়ে আমি দুয়ো স্বামী-স্ত্ৰী লগ লাগি তালৈ যাবলৈ ইচ্ছা কৰিছিলোঁ আৰু তাক সেই বিষয়ে জনাইছিলোঁ । ৰিম্পুয়ে শুনি ভাল পাইছিল আৰু আমি তালৈ যাবৰ বাবে এটা দিন থিক কৰি বিমানত যাবলৈ টিকট কৰি থৈছিল । যোৱা নৱেম্বৰ মাহৰ ৪ তাৰিখে আমি দুয়ো গুৱাহাটীৰ বিমানবন্দৰত উঠি বাঙ্গলোৰলৈ গৈছিলোঁ । ইতিমধ্যে ৰিম্পুয়ে আমাক নিবলৈ বাঙ্গালোৰ বিমানবন্দৰত উপস্থিত হৈছিল । বিমানত আমি বহা আসনৰ কাষতে এজনী ছোৱালী বহিছিল । ছোৱালীজনীৰ মাত-কথাবোৰ বৰ ভাল লগা । তাই আমাৰ লগত নিজে নিজেই চিনাকি হৈছিল আৰু আমাৰো কথা পাতি বৰ ভাল লাগিছিল । সেয়ে আমি বিমানৰ পৰা নমালৈকে কথা পাতি গৈছিলোঁ ।
        বাঙ্গালোৰ বিমানবন্দৰত নামিয়েই এখন কেব ভাৰা কৰি পোনে পোনে ল'ৰাৰ ফ্লেটলৈ গৈছিলোঁ । ৰিম্পু ফ্লেটটোৰ চতুৰ্থ মহলাত থাকে আনহাতে মোৰ ভতিজা ৰাজ সেই একেটা ফ্লেটৰ দ্বিতীয় মহলাত থাকে । গতিকে আমি নিজৰ ঘৰত থকাৰ দৰেই লাগিছিল । ৰাতিটো আমি তাতে কটাই পিছদিনা ৰাতিপুৱাই মহীসুৰলৈ গৈছিলোঁ । গোটেই যাত্ৰাটোৰ বাবে এখন গাড়ী ভাৰা কৰি পোনতে আমি মহীসুৰলৈ গৈছিলোঁ ।
        মহীসুৰ ঐতিহাসিক আৰু সাংস্কৃতিকভাবে পৰ্যটকৰ বাবে এখন গুৰুত্বপূৰ্ণ ঠাই । এই ঠাইখনত ভালেমান মঠ-মন্দিৰ আৰু পাৰ্ক আছে । ইয়াত ফুৰিব লগা ভাল ঠাইৰ ভিতৰত হৈছে মহীসুৰ ৰাজপ্ৰসাদ, বৃন্দাৱন বাগিছা, সমন্তপুৰ মন্দিৰ চামুণ্ডেচৰী মন্দিৰ, চিৰিয়াখানা , সংগ্ৰহালয় ইত্যাদি ।
        বাঙ্গালোৰৰ পৰা পোনে পোনে আহি আমি প্ৰথমতে চামুণ্ডেচৰী মন্দিৰলৈ আহিছিলোঁ । এই মন্দিৰটোত যথেষ্ট ভীৰ আছিল ; সেয়ে কিছু সময় তাতে থাকি সময় নষ্ট নকৰি মহীসুৰ ৰাজ-প্ৰসাদলৈ গৈছিলোঁ । এই ৰাজ প্ৰসাদটোত ভালেমান কোঠা আছে আৰু প্ৰতিটো কোঠাতে  ভালেমান পুৰণি সামগ্ৰীৰে ভৰি আছিল । ৰাজ-প্ৰসাদৰ চৌহদটো যথেষ্ট ডাঙৰ আৰু ই এক বিশাল এলেকা জুৰি আছে । কবলৈ গ'লে আচলতে ই এটা সংগ্ৰহালয়হে । সেয়ে ইয়াত প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ সমাগম হয় । ৰাজ-প্ৰসাদৰ ভিতৰত বস্তুবোৰ চাই-চিতি পিছত আমি থকা হোটেলখনলৈ ঘূৰি আহিছিলোঁ । মোৰ ভিনদেউৰ ভায়েকো (দুলদাদা) মহীসুৰতে নিজৰ ফ্লেটত থাকে সেয়ে তেওঁলোকৰ ঘৰলৈ যাম বুলি ফোন এটা কৰিছিলোঁ। দুল দাদাই আমি তালৈ যোৱাৰ কথা জানিব পাৰি বৰ ভাল পাইছিল আৰু আমাক তেখেতৰ ঘৰলৈ আহিবলৈ কৈছিল । আমিও ততালিকে তেখেতৰ ঘৰলৈ গৈছিলোঁ । তাত প্ৰায় আধা ঘণ্টামান থাকি বৃন্দাৱন বাগিছা চাবলৈ আহিছিলোঁ । বৃন্দাৱন বাগিছাৰ মনোমোহা দৃশ্য‌ই সকলোকে মুগ্ধ কৰে । এই ঠাইখনৰ মুল আকৰ্ষণ হৈছে  (বিশেষকৈ ৰাতি )সঙ্গীতৰ তালে তালে বিভিন্ন ৰং বিৰঙৰ ফোৱাৰাৰ দৃশ্য‌ই পৰ্যটকক আকৰ্ষণ কৰা । প্ৰায় ডেৰ ঘণ্টা মান তাত থকাৰ পিছত হোটেললৈ ঘূৰি আহিছিলোঁ ।
        পিছদিনা আমি হোটেল এৰি উটিলৈ গৈছিলোঁ । উটি এখন ঠাণ্ডা ঠাই আৰু তালৈ যোৱাৰ পথত বন্দীপুৰ নামৰ এখন সংৰক্ষিত বনাঞ্চল পাইছিলোঁ । বাটৰ কাষতে থকা এই বনাঞ্চলত হৰিণ , ম'ৰা চৰাই আৰু বনৰীয়া গাহৰি  আদি জীৱ-জন্তুবোৰে মুক্ত মনেৰে বিচৰণ কৰা দেখা পাইছিলোঁ । সেই ৰাজ্য(কৰ্ণাটক)ৰ ৰাজ্য চৰকাৰে জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে যথেষ্ট উদ্যোগ লৈছিল যাতে কোনেও জীৱ-জন্তুক আমনি কৰিব নোৱাৰে । আনহাতে তামিল নাডুত অৱস্থিত মুডুমালাই নামৰ আন এখন সংৰক্ষিত  বনাঞ্চলৰ মাজেৰে আমি অগ্ৰসৰ হৈছিলোঁ । এই দুয়োখন বনাঞ্চল দুয়োখন ৰাজ্যৰ সীমান্তত অৱস্থিত । এসময়ত ইয়াতেই তাহানিৰ বনদস্যু বীৰাপ্পানে ত্ৰাসৰ সৃষ্টি কৰিছিল । এইদৰে আগুৱাই গৈ প্ৰায় ১১-৩০ বজাত পাহাৰৰ এঢলীয়া এডোখৰ ঠাই পাইছিলোঁ য'ত অভিনেতা অভিনেত্ৰীসকলে চিনেমাৰ শ্বুটিং লোৱা দেখা যায় । তাৰ পৰা কিছু দুৰ আগুৱাই গৈ শীতকালত ব্যৱহাৰ কৰা কাপোৰ-কানি বিক্ৰী কৰা এখন বজাৰ পাই তাৰে দুই এপদ বস্তুও কিনিছিলো । অৱশ্যে বৰষুণেও কিছু আমনি কৰিছিল যদিও অৱশেষত আমি উটিত উপস্থিত হৈছিলোঁ । বৰষুণ আৰু সময় কম হোৱাৰ বাবে উটিত উটি-হ্ৰদৰ বাহিৰে একো চাব নোৱাৰিলোঁ । 
        পিছদিনা পুৱাই আমি এলেপ্পিলৈ আহিছিলোঁ আৰু উটিৰ পৰা যথেষ্ট দূৰ হোৱাৰ বাবে সন্ধিয়াহে পাইছিলোঁ । এই ঠাইখন নাওঁ চালনা, বীছ, সাগৰীয় সামগ্ৰী আৰু কয়ৰ উদ্যোগৰ বাবে বিখ্যাত । এলেপ্পিৰ বেকৱাটাৰ, তাৰ দৃশ্যমান সৌন্দৰ্য আৰু শান্ত পৰিবেশৰ বাবে জনপ্ৰিয় । আমি হাউচবটত উঠি মম জ্বলাই তাৰ এবিধ দামী সাগৰীয় মাছ খাই আনন্দ উপভোগ কৰিছিলোঁ । পিছদিনা আহাৰ খাই পোনে পোনে মাৰাৰি বীছলৈ আহিছিলোঁ আৰু তাৰ পিছত চম্পাকুলম চেণ্টমেৰী চাইৰ'মালবাৰ নামৰ এটা পুৰণি গীৰ্জাও দেখা পাইছিলো । সেই ঠাইবোৰ অৰ্থাৎ দাক্ষিনাত্য উপকূলীয় অঞ্চলসমূহত হাজাৰ হাজাৰ নাৰিকলৰ গছ দেখিবলৈ পোৱা যায় ।
        ইয়াৰ পিছতে এলেপ্পি এৰি থিৰুৱনন্তপুৰমলৈ গৈছিলোঁ । এই যাত্ৰা পথত ভাৰকালা আৰু ব্লেক চেণ্ড নামৰ দুখন বীছ পোৱা যায় । তাতে প্ৰায় দুঘণ্টামান থাকি পুণৰ থিৰুৱনন্তপুৰমলৈ গৈছিলোঁ । থিৰুৱনন্তপুৰম এখন পৰিকল্পিত আৰু সুন্দৰ মহানগৰ । প্ৰথমতে এখন হোটেল বুক কৰি শ্ৰীপদ্মনাভাস্বামী নামৰ এটা মন্দিৰলৈ গৈছিলোঁ ; অৱশ্যে মন্দিৰ কতৃপক্ষৰ কঠোৰ নিয়মৰ বাবে মন্দিৰত সোমাব নোৱাৰিলোঁ । যিসকলে মন্দিৰৰ ভিতৰত সোমাব খোজে, তেওঁলোকে সেই ঠাইৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰিব লাগিব । তাৰ পিছতেই ভাৰতৰ অন্যতম বৃহৎ এখন মলত সোমাইছিলোঁ ।
        পিছদিনা থিৰুৱনন্তপুৰমৰ পৰা কন্যাকুমাৰীলৈ আহিছিলোঁ য'ত বঙ্গোপসাগৰ, ভাৰত মহাসাগৰ আৰু আৰৱ সাগৰ মিলিত হৈছে । ইয়াক ত্ৰিৱেনী সংগম বুলি কোৱা হ'য় । যাত্ৰপথত আমি দুখন সুন্দৰ বীছ পাইছিলোঁ । তাৰে এখনৰ নাম কৱলম আৰু আনখনৰ নাম গোল্ডচেণ্ড । তাত আমি আধা ঘণ্টামান থাকি পুণৰ কন্যাকুমাৰী অভিমুখে যাত্ৰা কৰিছিলোঁ ।
        যোৱা নৱেম্বৰ মাহৰ ৯ তাৰিখে প্ৰায় ১১-৩০ বজাত কন্যাকুমাৰীৰ এখন হোটেল বুক কৰি অলপ খাই বৈ লৈ আমি ভাট্টাকোটাই নামৰ এটা দূৰ্গলৈ গৈছিলোঁ । এই দূৰ্গটো ১৮ শতিকাতে নিৰ্মিত আৰু ভাৰত মহাসাগৰৰ পাৰত অৱস্থিত । তাৰ পিছতে ভেঙ্কটেশ্বৰ মন্দিৰলৈ গৈছিলোঁ । সন্ধিয়া প্ৰায় ৫-৩০ বজাত ভাৰত মহাসাগৰৰ পাৰত সূৰ্যাস্ত হোৱা ঠাইলৈ গৈছিলোঁ । লাহে লাহে বেলিটো ডুবিবলৈ লৈছিল আৰু এটা সময়ত প্ৰায় নোহোৱাৰ দৰেই হৈছিল । সেই মুহূৰ্ততোত সচাকৈয়ে বৰ ভাল লাগিছিল । সেই সময়তে আমি তাতে গুৱাহাটীৰ পৰা অহা এটা অসমীয়া পৰিয়াল লগ পাইছিলোঁ । পৰিয়ালটোৰ মানুহজন মোৰ বাইদেউ আৰু ভিনদেউৰ লগত একেটা বেঙ্কতে কাম কৰিছিল, অৱশ্যে শাখা কেইটা বেলেগ আছিল । তাৰ পৰা ঘূৰি আহোতে আৰুল মিগু ভাগৱতী অমন নামৰ এটা মন্দিৰত সোমাইছিলোঁ ।
        পিছদিনা কাহিলীপূৱাতে আমি ত্ৰিৱেনী সংগমত  সূৰ্যোদয় চাবলৈ আহিছিলোঁ । দূৰ্ভাগ্যৰ কথা যে ডাৱৰৰ বাবে আমি চাব নোৱাৰিলোঁ । কন্যাকুমাৰীত আন এটা চাবলগীয়া বস্তু হ'ল , বিবেকানন্দ ৰক মেমৰিয়েল । সেয়া চাই আমি মাডুৰাই অভিমুখে গতি কৰিছিলোঁ ।
        মাডুৰাইত ভালেমান ঐতিহাসিক স্মৃতিসৌধৰ ভিতৰত মিনাক্ষী মন্দিৰ আৰু থিৰুমালাই নায়ক ৰাজ-প্ৰসাদ অন্যতম । আবেলি প্ৰায় ৫ বজাত মিনাক্ষী মন্দিৰ অভিমুখে গৈছিলোঁ । বতৰটো অলপ বেয়া আছিল, তথাপি আমি মন্দিৰৰ ভিতৰত সোমাবলৈ সক্ষম হৈছিলোঁ । ই ভাৰতৰ ভিতৰতে এটা অতি বৃহৎ মন্দিৰ আৰু ইয়াৰ ভিতৰত কাৰুকাৰ্য চমকলগা । আমি মন্দিৰত সোমাই হোটেললৈ ঘূৰি আহিছিলোঁ ।
        পিছদিনা মাডুৰাই এৰি আমি বাঙ্গালোৰলৈ আহিছিলোঁ । ই ৭-৮ ঘণ্টামান লগা দিঘলীয়া যাত্ৰা । আবেলি প্ৰায় ৪ বজাত বাঙ্গালোৰ মহানগৰত উপস্থিত হৈছিলোঁ আৰু অলপমান ঘূৰা-পকাৰ পিছত  আমি এখন অসমীয়া ৰেষ্টুৰেণ্টত সোমাইছিলোঁ । ইয়াত সম্পূৰ্ণ অসমীয়া আহাৰ পৰিবেশন কৰাৰ উপৰিও বেৰত জাপি আৰু ফুলাম গামোচা আৰু অসমীয়া গীত-মাত বাজি আছিল । ইয়াৰ পিছতে ল'ৰাৰ ফ্লেট পাইছিলোঁ ।
        ৰাতিটো ল'ৰাৰ তাতে থাকি পিছদিনা আবেলি মোৰ মামাৰ ছোৱালী কুকিৰ ফ্লেটলৈ আহিছিলোঁ । এই ফ্লেটতো ৩৮ মহলীয়া আৰু ইয়াৰ ২৩ মহলাত কুকি থাকে । আমি তাইৰ তাতে থাকি দুখন ডাঙৰ মললৈ গৈছিলোঁ ।
        আমাৰ ১২ দিনীয়া দক্ষিণ ভাৰত যাত্ৰা শেষ হৈছিল আৰু আমাৰো ফুৰি ভাল লাগিছিল । সেয়ে যোৱা ১৬ নৱেম্বৰৰ দিনা ৮-৪৫ বজাত বিমান থকাৰ বাবে ৰাতিপুৱাই বাঙ্গলোৰ বিমানবন্দৰলৈ গৈছিলোঁ । প্ৰায় দিনৰ ১২ বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈছিলোঁ । তাৰ পৰা গাড়ী এখন লৈ সন্ধিয়া ঘৰ পাইছিলোঁ ।

অনাথ

প্ৰিয়ংকা বৰা
কাকজান মহাবিদ্যালয়

কিয় মোক জন্ম দিছিলা আই
যদি সমাজৰ আগত মোৰ পৰিচয় দিব নোৱাৰাই ?
ইয়াত মোৰ কি ভূল আছিল আই?
যাৰ বাবে তুমি মোক ইমান কষ্ট দিলা।
পেলনীয়া জাৱৰৰ দৰে ডাষ্টবিনত পেলাই থৈ
মোক তুমি অনাথ কৰিলা,
মানৱতাহীন পৃথিৱীত এই অনাথৰ
জানো কিবা অস্তিত্ব আছে?
আজি মই সকলোৰে পুতৌৰ পাত্ৰ,
অনাই - বনাই ঘূৰি ফুৰা এটি অনাথ সন্তান।
যাক কেৱল মানুহে ঘৃণা কৰে
জাৰজ সন্তান বুলি।
তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'লা আই?
মোক ডাষ্টবিনত পেলাই থৈ যাবলৈ
তোমাৰ বাৰু এবাৰো বুক নকঁপিলেনে?
এবাৰো মোলৈ তোমাৰ মমতা জাগি নুঠিলনে?
সমাজৰ অপবাদৰ ভয়ত মোক তুমি
নিঠৰুৱা কৰিলা।
অথচ এবাৰলৈয়ো নাভাবিলা
মোৰ কি হ'ব?
মই জানা,, আজিও তোমাক
ফুটপাথৰ অলিয়ে গলিয়ে বিচাৰি ফুৰো
কিজানিবা এবাৰ তোমাক লগ পাওঁ।
কিন্তু মই জানো তোমাক চিনি পাম
তুমিতো মোক সৰুতেই এৰি থৈ গুচি গ'লা।
আজিও তোমাৰ মোলৈ মনত নপৰেনে?
মই জীয়াই আছোঁ নে নাই
জানিব মন নাযাইনে?
আই,, মনত পৰিলে এবাৰ চাই যাবাহি
কেনেকৈ জীয়াই আছে তোমাৰ এই
দুৰ্ভগীয়া জাৰজ সন্তান।
এসোপা বিষ আৰু যন্ত্ৰণাৰ বোজা লৈ
চটফটাই পৰি আছে
মানৱতাহীন পৃথিৱীৰ একোণত।

তুমি পাষাণ প্ৰতিমা নহয় 

অনন্ত কুমাৰ ভূঞা

কাচৰ দৰে ঠুনুকা নহয় 
মোৰ প্ৰণয় 
মায়াবী স্বপ্নই চুব নোৱাৰে 
সাগৰ সদৃশ মোৰ মনৰ গভীৰতা ।

তুমি নোহোৱা পাষাণ প্ৰতিমা 
জগাবলৈ ভয় লাগে 
কাৰণ 
সাৰ পালে যৌৱন জাগিব তোমাৰ।

মই বাসনা পুহি ৰখা নাই 
অভিসাৰত লিপ্ত হোৱাৰ
হেঁ‌পাহ মোৰ নাই  ।

প্ৰতাৰণা এক অভিলাষ নহয়   
বশীকৰণ মন্ত্ৰ মাতি 
চলনা কৰিব নোৱাৰা মোক।

দুগ্ধ পবিত্ৰ মোৰ প্ৰণয়
মৰম পুহিছোঁ‌ সেউজীয়া বুকুত।

অতিৰঞ্জিত অভিনয় কৰি 
তাজমহল সাজিবলৈ 
সঘনাই তাগিদা নিদিবা মোক ।

বাঁ‌হীৰ কোমল সুৰত 
প্ৰণয় জাগে 
কুলিৰ মাতত বসন্ত আহে 
কুঁ‌হিপাতে অনুভৱ জগাই।

বিহ ঢালি নষ্ট নকৰিবা 
প্ৰশান্ত সাগৰ যেন গভীৰ প্ৰণয় ।

মই চিত্ৰত খোদিত 
মদন কাম দেৱ নহয়
মোক বিচাৰি নাপাবা তাত।

স্পন্দিত প্ৰাণ মোৰ 
অনুভৱ কোমল 
কল্পনাত বিচৰা নাই 
কামনা তোমাৰ ।

তুমি অজন্তা আৰু ইলোৰা গুহাত
শুই থকা পাষাণ প্ৰতিমা নহয়।

তোমাক চুই দিলে  
কামনাৰ জুঁ‌য়ে পুৰিব মোক
তোমাৰ যৌৱন সাৰ পাই আছে।

উন্মাদ দৃশ্যত বন্দী কৰি 
লেতেৰা নকৰিবা মোক ।


নদীৰ গীত

সুশান্ত দাস, শিৱসাগৰ।।

কল্প-কল্পান্তৰৰ বিৰল মাধ্যম
যিয়ে মাৰ্কণ্ডেয়ক মায়া দেখুৱালে,
সেইয়া সময়ৰ পৰিৱৰ্তন,
যিয়ে যুগৰ কাকলি তুলিলে ।।

সেই নদী (!)...
যিয়ে যুগৰ সলনি কৰিলে,
কক্ষাবদ্ধ তেওঁ, ৰুদ্ৰ পণৰ দৰে (!)...

এইয়াই নদী (!) 
কাল আৰু কালৰ শতৰুক বুকুত বান্ধি 
বৈ যায় নিৰৱধি (!)...

সৃষ্টি আৰু প্ৰলয়ৰ জীয়া দলিল,
কান্তি আৰু চণ্ডীৰ ৰূপধাৰী সলিল (!)...
যাৰ গীতে ৰছে ললিত স্বৰগম,
যিয়ে বিমুগ্ধ কৰে কাননৰ বিহঙ্গম ।।
যাৰ মাজত পূৰ্ণাৱতাৰ সৰোজ
যিয়ে অৰ্তকিতে বজাই সৰোদ,
সেই নদীৰ গীতেই মাধুৰী
সেইয়া সৰ্বোত্তম সৰিতৰ কাকলি ।।

প্ৰলয়ে কয় -
       “ এই নদীয়ে যদি গীত গাই
         কোনেনো ৰাখিব পাৰিব,
         এই নদীও অবিনশ্বৰা
         মৃত্যুকো বধিব পাৰিব (!)... ”

হৃদয়ৰ নিভাঁজ কোণত বাজে নীৰৰ সংগীত
কল্পান্তৰে ধোৱা এইয়া সলিয়ত নদীৰ গীত ।।

আহিনৰ এটি আবেলি

নৱজিৎ নাথ
ছিপাঝাৰ,দৰং।।


কাঁচিয়লী ৰ'দৰ এচেৰেঙা পোহৰ খিৰিকীৰে সোমাই, 
বতাহ জাকে দি যায়,   
আহিনৰ অনুভূতিৰ শিহৰণ এক বতৰা।।                     

আহিনৰ এটি হেঙুলীয়া                      
 মিঠা ৰ'দৰ পৰসত ,     
কৃষকৰ হেঁপাহৰ ধাননি   আঘোণত হয় সোনালী।। 

নীলা ডাৱৰে আৱৰা আকাশতো এটি মিচিকিয়া হাঁহিৰে জীপাল হৈ উঠে, 
পবিত্ৰ আৰু উজ্বল।।

আহিনৰ এচাতি শেৱালীত, আলফুলীয়া কহুৱাৰ বিননিত , চতিয়নাৰ মধুসনা সুবাসত,                আপোন পাহৰা হয়        
মানুহৰ মন।।                       

প্ৰকৃতিৰ শ্যামলী সৌন্দৰ্যত ,অস্তগামী সুৰুযৰ এক হেঙুলীয়া ৰহনসনাত, 
আহিনৰ প্ৰতিটো আবেলিত,
দি যায় প্ৰেৰনাৰ মধুৰ সমল।


সময়

হিমশিখা সন্দিকৈ
ডিব্ৰুগড়

চহৰৰ অলিয়ে-গলিয়ে
গাঁওবোৰ ক্ৰমশ:
হেৰাই যাব ধৰিছে,
কংক্ৰীটৰ হেঁচাত
হেৰাব ধৰিছে সেউজীয়াবোৰ...
চৰাইবোৰ চোন আজিকালি
ঘৰমূৱা নহয়
উৰি গৈয়ে থাকে
ভাগৰি‌ নপৰালৈ...
ষ্ট্ৰিট লাইটৰ সিপাৰেই ৰৈ যায়
অস্তৰাগৰ ৰংবোৰ.....
সন্ধ্যাবোৰ যে আজিকালি
বৰ ব্যস্ত হৈ পৰে
ঠিক উদুলি-মুদুলি
বিয়াঘৰৰ দৰে...
বতাহজাকেও কঢ়িয়াই ফুৰে
এটাই শব্দ - 'পৰিৱৰ্তন ' !
তৃষ্ণাতুৰ হৈ কেতিয়াবা
ফুলপাহেও পাহৰে হাঁহিবলৈ !
সকলোৰে সাক্ষী হৈ 
যুগে যুগে ৰৈ যায় মাথো 
আকাশখন ।

সময়

নিৰঞ্জন হাজৰিকা।
          
তোমাৰ সৈতে কেতিয়াবা মিতিৰালি
কেতি‌য়াবা বিৰোধ,
তুমি কিন্তু ধাৱমান
নিজ পথত,
তোমাৰ যাত্ৰা চলি থাকে
চলি থাকে অনন্ত কাললৈ,
তুমি বৰ আকোঁৰগোজ
কাৰো অনুৰোধ বিৰোধ
নকৰা ভ্ৰক্ষেপ ,
তুমিয়েই সত্য হে সময়,
তোমাৰ বুকুচাত উঠি
কোনো হয় মহান
অজৰ-অমৰ,
বিৰোধ কৰি তোমাৰ
কোনো হয় চিৰকাললৈ পতন,
তোমাক হাতৰ মুঠিত ৰাখি
কোনো হয় চিৰভাস্কৰ চিৰউজ্বল
তোমাৰ সতে বিৰোধ কৰি
কোনোৱে হেৰুৱাই
জীয়াই থকাৰ বাট!
তুমি মেলি দিয়া হাত
সবাৰে বাবে সমান,
তোমাক আকোঁৱালি ল'লে
দেখা পাওঁ পোহৰৰ বাট,
বিৰোধত ঘনঘোৰ আন্ধাৰ,
হে সময় জনাওঁ
তোমাক স্বাগতম।।

প্ৰেম

চাহিদা বেগম
শিৱসাগৰ ,অসম।।
        
                       

জীৱনৰ সোণোৱালী মূহুৰ্তত 
উৰি আছিলো মই পখিলাৰ দৰে
মুক্ত আকাশ, মুক্ত জীৱন
আৰু এই সহজ-সৰল জীৱনত
কিবা এটা বিচাৰি পোৱাৰ আশাৰে ঘূৰি ফুৰিছিলোঁ মই। 

তোমাৰ দুয়ো ওঠৰ পৰা
বিৰিঙি উঠা হাঁহি, 
তুমি কোৱা প্ৰতিটো শব্দই 
বুকুত জীপাল হৈ উঠিছিল! 
এনে লাগিছিল যেন
অমাৱস্যাৰ অন্ধকাৰতো 
পৃথিৱীখনো জোনাক হৈ
জিলিকি উঠিছিল। 
সপোনৰ কথাবোৰ, 
বাস্তব যেন লাগিছিল। 
পৃথিৱীখন যেন, 
ৰঙেৰে ভৰি পৰিছিল। 

এই ৰঙীন পৃথিৱীখনত সুখী আছিলোঁ 
যদিও কিবা এটা যেন সন্ধানহীন হৈ আছিল। 
যাৰ সন্ধানত মই ঘূৰি আছিলো
সেয়া হৈছে, দেখিও-নেদেখা
বুজিও-নুবুজা আৰু শুনিও-নুশুনা
 প্ৰেম...।। 




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)