পখিলী খণ্ড ০১ | বিটুমনি কোচ

Rinku Rajowar
0
চপনীয়া ভলৌ ৰৌ-ৰৌৱনীত তাইৰ টোপনি ভাঙিল।কাহিলি-কাহিলি পুৱা হৈছে।বাঁহৰ চাংখনৰ পৰা নামি আহোঁতে কেকাই  উঠা  শব্দত ,তাই কাষতে শুই থকা ভাই-ভনীয়েক কেইটাই ইটোৰ গাত সিটো কুচি -মুচি সোমাইছে।তাই হাঁহি উঠিল।কাৰোবাৰ টিকাত কাৰোবাৰ মূৰ।কোনোবাটো মুখেৰে লেলাওটি বৈ গৈছে।কোনোবাটোৱে কিবা এটা যেন খাইছে, মুখেৰে চপচপাই উঠিছে।পখিলীয়ে বাঁহৰ ডোল ডালৰ পৰা এৰিচাদৰখন টান মাৰি আনি সিহঁতৰ গাত চটিয়াই দি বাহিৰলৈ ওলাই আহিল।

বাঁহৰ দৰ্জাখনৰ দাং ডাল  খোলোঁতে খটক কৰা শব্দটোত মাকে কেনকেনাই কিবা এটা ক'লে।তাই বুজি নেপালেও বাপেকৰ নাকৰ ঘৎ-ঘৎ  শব্দ ভালকৈয়ে শুনিবলৈ পালে।
বাহিৰত চৰাইৰ কিচমিচ শব্দৰ লগতেই ভলৌ ৰৌ-ৰৌৱনী।এই সময়ত গাঁৱৰ মানুহে হাবি বিচাৰি বাহিৰ ফুৰিবলৈ যায়।পখিলীহঁতৰ পাছফালৰ 
বাৰীতো কেতিয়াবা কেতিয়াবা কোনো- কোনোৱে বাহিৰ ফুৰি যায়।আজিও কোনোবা সোমাইছে হবলা।ভলৌৱে ভৌ -ভৌৱাই  খেদি গ'ল।ভলৌ আৰু তাই ঘৰ খনৰ বাবে নিষ্ঠাৰে কাম কৰে।বাকী বোৰৰ কাম নাই।সেইবাবে তাই খোৱাৰ পাতত কেইটামান ভাত ভলৌৰ বাবে সদায় এৰে। দেউতাকক তাই ঘিণ কৰে।ৰাতি দুপৰত মদ খাই টলং-ভটংকৈ  উকলিয়াই আহিব।দেউতাক নহা আগতেই তাই ভাই- ভনী কেইটাক শুৱাই থয়।সিহঁতে দেউতাকলৈ বৰ ভয় কৰে।তাই ভাই-ভনীয়েক কেইজনী লগত শুই থাকিলেও বাপেকে নোখোৱাকৈ ভাত মুঠি খাবলৈ মন নকৰা মাকজনীৰ লগত সাৰে থাকে।প্ৰায় ৰাতি মাকে দেউতাকৰ চৰ ভুকু ঠিয়গোৰ খাইয়েই টোপনি যায়। 

চোতালখন সাৰি দৰ্জাখন ঠেলি তাই ভিতৰলৈ সোমাইছে।মাকে কেনকেনাই-কেনকেনাই দাঁত কৰচি উঠিল।গা-ভাৰি মাকৰ অৱশ দেহাটো দেখিলে তাই বৰ দুখ লাগে।এটা দুটাকৈ চাৰিটা ভাই-ভনীয়েকৰ লেদেনা উকটি তাই আঁহৰি নাই।আকৌ এটাৰ গো-মূত।ধুবলৈ তাই সাজু হ'বৰ হ'ল।বায়েকজনী থাকোঁতে তাই অলপ আৰাম আছিল।বায়েকজনী বিয়া দিয়াৰ পিছত তাই কষ্টকৰ জীৱনটোত সুখৰ মুখ দেখিবলৈ পোৱা নাই।
দেউতাকৰ কথাষাৰ আজিও তাই মনত পৰে।
ডাঙৰ মাই মাক। ডাঙৰ মাই শান্তি হোৱা দুবছৰ হ'ল।আৰু বেছি দিন ঘৰত থাকিলে মানুহে বুঢ়ী বুলি কব।মাকে কিবা এষাৰ কবলৈ মুখ মেলোতেই দেউতাকে দৰাৰ গুন বখানিলে।ৰং পুনাক মই মোৰ ছোৱালী দিম বুলি কথা দিলোঁ।মানুহ জনী কিবা কাৰণত  ঢুকাল বুলি সি বেয়া ল'ৰা নহয়।গৰু হাল আছে।মাটি এডৰা আছে।ঘৰ ভৰাল মজবুত।মাকৰ হুক-হুকনী,  চকুপানীৰে দেউতাকৰ অন্তৰ গলাব নোৱাৰে।পুৰুষে যি কয় , তাত মাইকীয়ে মাত মতাৰ আইন নাই।
সেইবাবে তাই দেউতাকৰ ওপৰত অনবৰতে খং উঠি থাকে।

কেইবাদিনো তাই বায়েকৰ ঘৰলৈ যাম বুলিও যাব পৰা নাই।বায়েক জনীও বোলে গা-ভাৰী। তাই মাহীয়েক হ'ব।কিন্তু হাতত লগা হোৱাৰ পৰাই  এবছৰীয়া ,ডেৰ বছৰীয়া ভায়েক-ভনীয়েকহঁৰ লেতেৰা চাফা কৰা পখিলী কেচুৱাৰ প্ৰতি মোহ নাই।

ৰাতি ভাত খাই দমাই থোৱা বাচন বৰ্তন খিনি পাছফালৰ পুখুৰীটোলৈ ধুবলৈ বুলি যাবলৈ ওলাই তাই থমকি ৰব লগা হ'ল।পাছফালৰ পৰা মাকে কেনকেনাই-কেনকেনাই কিবা এটা কৈ দাঁত কৰচি আছে।তাই উভতি চালে।ক্ষীণ মানুহজনী তিলতিলকৈ পেটটো লৈ খঙটোতেই যেন  জীয়াই আছে।পুৱাই পুৱাই পখিলী মাকলৈ বৰ খং উঠিল।বাপেকক একো মাতিব নোৱাৰে।তাই ওপৰত খং ঢালিব।মাকৰ কথা নুশুনা ভাও ধৰি বাচনখিনি লৈ তাই ভিতৰৰ পৰা ওলাই গ'ল।অকণমান ফুটছাই বিচাৰি তাই আকৌ ঘূৰি আহিল।মাকে ঢেকীত ধান বাকিছে মাকজনীয়ে বৰ কষ্ট পাইছে।তাই চিৎকাৰ কৰি উঠিল।

থ বৌটি মই খুন্দিম 
 নহয়।এতিয়ালৈ চাউল আছেই দেখোন।

নহয় অ' মাজুআই ।বাপেৰে ঘৰ চাবলৈ মানুহ মাতি আহিছে।ভিনিয়েৰাইও আহিব।চাউল লাগিব।

তই জুইকুৰা ধৰি অকণমান গৰম পানী কৰি খাই ল।মই বাচনখিনি ধুই ধান খুন্দিম।তই পাৰিলে ঢেকীত ৰচি এডাল বান্ধি দিবি। ঢেকীটো ইমান গধুৰ।
ফুটছাই খিনি হাতত লৈ তাই খৰ-খেদা কৰিলে।

ফুটছাইত বেছি চাফ মিহলি নকৰিবি।কাপোৰ ধুবলৈ চাফ কমিব।  
       তাই মুখেৰে একো নামাতিলে।

 আগলৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)