পুৱাই এগৰাকী মহিলা আহি পখিলীহঁতৰ দূৰ সম্পকীয় পেহীয়েক বুলি পৰিচয় দিলে।কৰবাৰ অঙহী- বঙহী এলেক-পেলেক সমন্ধৰ কথা কৈ থকা মহিলা গৰাকী কিয় অহা হৈছে, দেউতাকে ঠিয়ই- ঠিয়ই সুধিলে।মহিলা গৰাকীয়ে থতমত খালে।যদিও সেপ ঢুকি হাঁহি এটা বিৰিঙাই পখিলী বাপেকলৈ চাই ক'লে, বৰ ভাল মানুহ এঘৰ ওলাইছে।বন কৰা ছোৱালী এজনী লাগে।
পখিলীয়ে স্তম্ভিত হৈ মহিলা গৰাকীৰ কথাবোৰ শুনি থাকিল।
কথাষাৰ বুজাই কওকচোন।মই বুজা নাই।। পখিলীৰ বাপেকে চকু পকাই মহিলা গৰাকীক সুধিলে।
চহৰত মোৰ সমন্ধীয় মানুহ এঘৰক এজনী বন কৰা ছোৱালীৰ প্ৰয়োজন হৈছে।ভাল দৰমহা দিব।চলাহী যেন লগা মানুহ জনীয়ে ক'লে, গৃহস্থ- গৃহস্থনী আৰু ল'ৰা ছোৱালী এহাল।সময়ত ঘৰুৱা কাম কেইটা কৰি গৃহস্থনীক অলপ সহায় কৰি দিয়া।বৰ ভাল মানুহ।গৃহস্থ- গৃহস্থনী দুয়োটাই চাকৰি কৰে।তোমাৰ ছোৱালীয়ে অকনো কষ্ট নেপায়।
পখিলীৰ বাপেকক বাৰে বাৰে টকাৰ লোভ দেখুৱাই এই সুবিধা নেহেৰুৱাবলৈ বুজনী দিলে।লগতে এই ডেকা বয়সৰ পৰাই বৰলাহৈ থাকি দিন কটোৱাতকৈ এজনী চপাই ল'লে ঘৰখন ঘৰ হ'ব বুলি ভালৰি লগালে।
বাপেকে কি উত্তৰ দিব।তাকেই শুনিবলৈ পখিলীয়ে কাণ উনাই থাকিল।চহৰত থকা সুখ-সুবিধাৰ কথা কৈ মহিলা গৰাকীয়ে পখিলীলৈ পিৰিক-পাৰাক চকু মাৰিছে।
অকণমানি ভায়েকটোৱে চোতালত গাত খান্দি-খান্দি খেলি আছিল।পখিলীয়ে বাধা দিলে।
থক দে।ইহঁত এতিয়া ডাঙৰ হ'ল।নিজেই নিজৰ কাম কৰিব পাৰিব ।এইয়া নিজে- নিজেই খেলিবলৈও শিকিছে।
মহিলা গৰাকীৰ কথাবোৰ ইমান সময়ে মৌন হৈ শুনি থকা পখিলীৰ বাপেকে ওচৰতে পৰি থকা এচাৰি ডালেৰে চাওপকৈ এচাত কণমানি ল'ৰাটোক মাৰি খঙতে ফোঁফাবলৈ ধৰিলে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ