আমি প্লাষ্টিক বৰ্জন কৰিব পাৰিম নে ?-দেৱজিত বৰুৱা

Rinku Rajowar
0
জনজীৱনৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা প্লাষ্টিক জাতীয় সামগ্ৰীৰ নিষিদ্ধকৰণৰ বাবে যিসময়ত চৰকাৰে আইন প্ৰণয়নৰ কথা বিবেচনা কৰি আছে তেনে সময়তে পৰিৱেশ প্ৰদূূষণৰ ক্ষেত্ৰত মাৰাত্মক ব্যাধিস্বৰূপ প্লাষ্টিক অতিমাত্ৰা ব্যৱহাৰ কৰা দেখা গৈছে। আজিৰ সভ্যতাই হʼল প্লাষ্টিক সভ্যতা। ইয়াৰ আৱিষ্কাৰে নৱজাগৰণ আনিছে। আজিৰ আধুনিক পৃথিৱীত ই অপৰিহাৰ্য হৈ পৰিছে।পলিথিন প্লাষ্টিকৰ অপকাৰিতাৰ বিষয়ে আমি সকলোৱে অৱগত যদিও ইয়াক এৰি যেন আমি চলিব নোৱাৰো। আজিৰ বৈজ্ঞানিক যুগৰ সকলো সামগ্ৰী প্লাষ্টিক পৰিয়ালৰ অন্তৰ্গত। লিখিবলৈ লোৱা কলমটোৰ পৰা আৰম্ভ কৰি টি.ভি,ৰেডিঅ',ঘড়ী,বেটাৰী, কম্পিউটাৰ, টেবুল-চকী,ফেন, বজাৰলৈ নিয়া মোনাটোও ইয়াৰেই সৃষ্টি।

পলিথিনৰপৰা সৃষ্টি হোৱা বেমাৰৰ বিষয়ে জানিও আমি ইয়াক বৰ্জন কৰিব পৰা নাই। আমি জানি বুজি এখন প্লাষ্টিকৰ বজাৰ গঢ়ি তুলিছো।শ শ বছৰ ধৰি জহি-পচি নোযোৱা এই মাৰাত্মক সামগ্ৰীবিধ হৈ পৰিছে মানৱ জাতিৰ বাবে মৌন হত্যাকাৰী।মানৱ জাতিক লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিয়া এইবিধ সামগ্ৰীক আমি এৰাই চলিব পৰা নাই।

আজি কালি বিয়া,সকামবোৰত, যিকোনো পাৰ্টিত প্লাষ্টিক ডিছপাত,ডিছপʼজিৱল গ্ৰাছ ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ সলনি আমি যদি কলপাত ,কৌপাত ব্যৱহাৰ কৰো, বজাৰৰ বস্তু আনিবলৈ কাপোৰৰ মোনাটো লওঁ, প্লাষ্টিক বটলত ভৰোৱা পানী,জেলী,চৰ্বত আদি বৰ্জন কৰো তেতিয়া প্লাষ্টিক ধ্বংস হʼবলৈ বেছি দিন নালাগে। আমাৰ চৌপাশৰ সেউজীয়া আমি নিজে শেষ কৰিছো। যি প্লাষ্টিক মুক্ত অৱস্থাৰ কথা আমি সকলোৱে অনুভৱ কৰিব পাৰিছো কিন্তু কাৰ্যত একো কৰা নাই।

আমাৰ ইচ্ছা থাকিলে সকলো কামেই সম্ভৱ হৈ উঠিব। এজন,দুজনকৈ সকলোৱে ইয়াৰ বিকল্প পন্থা লʼলে, সকলো সজাগ-সচেতন হʼলে তেতিয়া প্লাষ্টিক সভ্যতা অভিশাপ নহয় আশীৰ্বাদহে হʼব।

◾দেৱজিত বৰুৱা
দ্বাদশ শ্ৰেণী
শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,শিৱসাগৰ*
ফোন-৯৩৯৪১২৫৫১১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)