শ্ৰদ্ধাঞ্জলিঃ ড° শিৱনাথ বৰ্মন দেৱ'লৈ-চিন্ময় ডেকা

©Admin
0
অসমীয়া সাহিত্যৰ একনিষ্ঠ সাধক, বিশিষ্ট পণ্ডিত, প্ৰগতিশীল লেখক, অধ্যাপক, সাংবাদিক তথা চিন্তাবিদ ড° শিৱনাথ বৰ্মন দেৱৰ জন্ম ১৯৪২ চনত যোৰহাট জিলাত। তেখেতৰ পিতৃৰ নাম কাশীনাথ বৰ্মন আৰু মাতৃৰ নাম ভবাণীবালা বৰ্মন। ১৯৫৯ চনত নাজিৰাৰ ল'ৰাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ গুৱাহাটীৰ কটন কলেজৰ পৰা ১৯৬৩ চনত পদাৰ্থ বিজ্ঞানত সম্মানসহ স্নাতক পৰীক্ষা পাছ কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়। যদিওঁ ২০০২ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে আৰু ২০০৮ চনত তেওঁ ‘জনসাধাৰণ’ কাকতৰ দায়িত্বভাৰ লৈ আঠ বছৰ মুখ্য সম্পাদক ৰূপেও সেৱা আগবঢ়াইছিল। তেখেতৰ গ্ৰন্থ সকলোৰে পৰিচিত আইনষ্টাইন আৰু পদাৰ্থ জগত (১৯৭৬), স্বদেশ-স্বমত (১৯৮০), ন মনুষ্যৎ (১৯৮২), লোক-কৃষ্টিৰ উৎস (১৯৮২), অন্বেষা (১৯৮৪), পদাৰ্থ বিজ্ঞান প্ৰবেশ (১৯৮৪), শ্ৰীমন্ত শংকৰদেৱ: কৃতি আৰু কৃতিত্ব (১৯৮৬), বাস্তৱ নে বিভ্ৰম (প্ৰসেনজিৎ চৌধুৰীৰ সৈতে, ১৯৮৬, বাংলা অনুবাদ-২০১৩), টংক মামাৰ অংকৰ সাধু (১৯৮৮), বিশ্বৰ বৰেণ্য বিজ্ঞানী (১৯৮৮), কিৰ্তিৰ্যস্য (১৯৯১), অসমীয়া জীৱনী অভিধান (১৯৯২), অসমীয়া আখৰ জোঁটনিৰ কথা (১৯৯৩, ১৯৯৮, ২০১৩), শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰ সুৰীসকল (১৯৯৩), অসমীয়া ব্যাকৰণ অভিধান (১৯৯২), ভাৰতীয় চিন্তা (১ম খণ্ড, ১৯৯৩), সংস্কৃতিৰ সংকট (১৯৯৪), ভাৰতীয় চিন্তা (২য় খণ্ড, ১৯৯৫), অসমৰ জনজাতি সমস্যা (১৯৯৫), মৃত-বিস্মৃত (১৯৯৬), ক্ষুৰতম কণাৰ সন্ধানত (১৯৯৫), ইমানুৱেল কাণ্ট: মানুহজন আৰু তেওঁৰ মতবাদ (১৯৯৫), মহান বিজ্ঞানীৰ চানেকি জীৱনৰ (১৯৯৮, অসম জাতীয় বিদ্যালয়ৰ পৰা), আলবাৰ্ট আইনষ্টাইন (১৯৯৮), গেলিলিঅ'(২০০৫), হেমচন্দ্ৰ বৰুৱা (২০০৬), অৰ্দ্ধ আকাশ (২০০৯), মাটি কমলাৰ কুকি (২০১০), টংক মামাৰ শব্দৰ সাধু (২০১২), ভাকুটকুট (২০১২), ভাৰতীয় চিন্তা: চমু পৰিচয় (পূৰ্বৰ দুটা খণ্ডৰ, একত্ৰ সংকলন, ২০১৩), ৰূপান্তৰৰ ৰেহৰূপ (২০১৩), সাধক আৰু সাধনা (২০১৩), প্ৰত্যাবৰ্তন (২০১৪), অশ্ৰু-অৰ্ঘ্য (২০১৪), নাম যাৰ ফিবনাচ্ছি (২০১৪), ভূমৈব সুখম (২০১৬), অমৃত পুত্ৰ (২০১৭)ইতাদ্দি তেখেতৰ অনবদ্য সৃষ্টিৰাজি নৱপ্ৰজন্মৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত নিগাজিকৈ বাহৰ পাতিছে। উল্লেখ্যযোগ্য যে, ২০২২বৰ্ষত তেখেতৰ জীৱনযোৰা সাহিত্যিক অৱদানৰ বাবে ‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’ লগতে অসম সাহিত্য সভাৰ 'ছগনলাল জৈন' বঁটাৰে বিভূষিত হৈছিল। তেখেতৰ অসহনীয় মৃত্যু ১৫,ডিচেম্বৰ ২০২২বৰ্ষ বৃহস্পতিবাৰে আজি ৰাজ্যবাসী শোকস্তব্ধ। অসমীয়া জাতিৰ প্ৰতি অৰিহনা আগবঢ়োৱা ড° শিৱনাথ বৰ্মন সঁচা অৰ্থত অসমীয়া জাতীয় জীৱনৰ বাবে এক উল্লেখযোগ্য আৰু দিক নিৰ্ণয়কাৰী চিন্তা চেতনাৰ বাৰ্তাবাহক ব্যক্তিগৰাকী ইহ: সংসাৰৰ পৰা বিদায় মাগিলে সেয়ে মোৰ লগতে দৈনন্দিন বাৰ্তা কাকতত তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ চিৰ সৎগতিৰ কামনা কৰিলোঁ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)