অসমীয়া সাহিত্যৰ চানেকি-তৃতীয় বৰ্ষ ৩৪১ সংখ্যা

Rinku Rajowar
0
সম্পাদকৰ একাষাৰ


আজি বুধবাৰ আঘোণ মাহৰ ২০ তাৰিখ । ইং ৭ ডিচেম্বৰ ২০২২ । বছৰটো শেষ হ'বলৈ মাত্ৰ ২৪ টা দিন বাকী । প্ৰিয় পাঠক সকল আগৰ সংখ্যা সমূহত আপোনাকে আমাক যথেষ্ট মৰম দিছে আশা কৰো এই সংখ্যাটোৱেও যাতে আগৰ দৰেই আপোনালোকৰ পৰা মৰম পাব । সেই আশাৰে অসমীয়া একমাত্ৰ দৈনিক ৱেব আলোচনীৰ তৃতীয় বৰ্ষৰ ৩৪১ সংখ্যক সংখ্যাটি আপোনালোকৰ হাতত তুলি দিলোঁ । পঢ়ি কেনেকুৱা পাইছে আমাক নিশ্চয় জনাবলৈ নাপাহৰিব আৰু আলোচনীখন বিভিন্ন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আমাৰ আলোচনীখন পঢ়িবলৈ সুযোগ পায় । 

সূচীপত্ৰ 

🔷ইতিহাসত আজিৰ দিনটো 

🔷সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ 

🔷এগৰাকী অসাধাৰণ নাৰী আজলীতৰা নেওগৰ কথাৰে-শেৱালি বৰুৱা শইকীয়া

🔷পিতৃৰ দায়িত্ব-হাবেজ উদ্দিন

🔷পৰীক্ষা আৰু এজন ছাত্ৰ-ক্ষীৰোদ মণি মহন 

🔷মাতৃৰ নামত তুমি কলংকিনী মা-প্ৰিয়া বৰা 

🔷আঘোণৰ শীতৰ নিশা -এছ,ইছলাম 

🔷পৰিশিষ্ট -আব্দুল কাদেৰ মিঞা

🔷এটি কবিতা-চিমি চিদ্দিকা 

🔷জলসংকট-কাব্যশ্ৰী হেমেন হাজৰিকা

🔷দিগন্তত প্ৰতিধ্বনিত মোৰ মনপখীৰ কূজন-ছফিক্ উজ জামান

🔷জীৱন দৰ্শন-ৰজনী কুমাৰ ডেকা

🔷তোমাৰ ভাষাৰ কৰুণ সুৰত-কুমকুম গগৈ

🔷ফুলবোৰেও কান্দে-ফখৰুদ্দিন আলি আহমেদ

🔷আঘোণৰ সোণালী পথাৰ-নিজৰা বৰ্মন ডেকা



☯️১৮৫৬ চনৰ আজিৰ দিনটোত চৰকাৰীভাৱে ভাৰতত প্ৰথম বিধৱা বিবাহ আৰম্ভ। হিন্দু বিধৱা পুনৰ্বিবাহ আইন, ১৮৫৬ আইনখন গৃহীত হোৱাৰ পিছতেই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ প্ৰচেষ্টাত ১৮৫৬চনৰ ৭ ডিচেম্বৰত কলিকতাত মাত্ৰ এঘাৰ বছৰীয়া বিধৱা কালিমতি দেৱী আৰু শিৰিষ চন্দ্ৰ বিদ্যাৰত্নৰ মাজত প্ৰথমখন বিধবা বিবাহ সম্পন্ন হয়।
☯️১৯১৭ চনৰ আজিৰ দিনটো অষ্টিয়াৰ বিৰুদ্ধে আমেৰিকাই যুদ্ধ ঘোষণা কৰে।
☯️১৯২১ চনৰ আজিৰ দিনটোত আয়াৰলেণ্ড আৰু ব্ৰিটেইনৰ মাজত শান্তি চুক্তি প্ৰস্তাৱিত হয় আৰু আয়াৰলেণ্ডে স্বাধীনতা লাভ কৰে।
☯️১৯৪১ চনৰ আজিৰ দিনটোত জাপানে বিমানেৰে আমেৰিকান নৌ-ঘাটি পাৰ্ল হাৰ্বাৰৰ ওপৰত আক্ৰমণ চলায়।
☯️১৯৭২ চনৰ আজিৰ দিনটো কুৰি শতিকাৰ অন্তিমটো চন্দ্ৰ অভিযান হৈছিল।
☯️২০০৬ চনৰ আজিৰ দিনটোত উত্তৰাঞ্চল ৰাজ্যৰ নাম সলনি কৰি নতুন নাম দিয়া হয় উত্তৰাখণ্ড।
☯️২০২১ চনত সুদীৰ্ঘ একৈশ বছৰীয়া প্ৰতীক্ষাৰ অন্তত অসমলৈ জ্ঞানপীঠ বঁটা। আজিৰ দিনটোতে জ্ঞানপীঠ পুৰস্কাৰ চয়ন সমিতিয়ে ঘোষণা কৰা মতে ২০২১ বৰ্ষৰ ৫৬ সংখ্যক জ্ঞানপীঠ বঁটা অসমৰ প্ৰসিদ্ধ কবি নীলমণি ফুকনলৈ আৰু ২০২২ বৰ্ষৰ ৫৭ সংখ্যক জ্ঞানপীঠ বঁটা কোংকনী ভাষাৰ লেখক দামোদৰ মৌউজোলৈ আগবঢ়োৱা হয়।


প্রঃ ‘Educare’  শব্দৰ অৰ্থ কি ?

উঃ প্ৰতিপালন কৰা বা তুলি-তালি ডাঙৰ-দীঘল কৰা।

প্রঃ লেটিন শব্দ Educatum -ৰ অৰ্থ কি ?

উঃ শিক্ষাদান কৰা কাৰ্য।

প্রঃ ‘Emile’  গ্ৰন্থৰ ৰচক কোন ?

 
উঃ জে. জে. ৰুচো।

প্রঃ ‘Republic’  গ্ৰন্থৰ ৰচক কোন ?

উঃ প্লেটো।

প্রঃ UNESCO -ৰ সম্পূৰ্ণ ৰূপটো কি ?

উঃ United Nations Educational Scientific and Cultural Organisation

এগৰাকী অসাধাৰণ নাৰী আজলীতৰা নেওগৰ কথাৰে

🅾️শেৱালি বৰুৱা শইকীয়া
পুৰণিগুদাম,নগাঁও

এই অসাধাৰণ নাৰী গৰাকীৰ জন্ম হৈছিল ১৯১৩ চনৰ ৫ ডিচেম্বৰত ডিব্ৰুগড়ত। অসমৰ স্বনামধন্য সাহিত্যিক শ্ৰদ্ধাৰ বেণুধৰ ৰাজখোৱা দেৱৰ সুযোগ্যা জীয়ৰী আছিল আজলী তৰা নেওগ।তেওঁ কলম তুলি লৈছিল যদিও সেই লেখা লাজ সংকোচত কাকোৱেই দেখুৱাব পৰা নাছিল। আজলী তৰা অৰ্থাৎ শুৱনিকণৰ লগত ডিম্বেশ্বৰ নিয়োগৰ বিবাহ কৰাবলৈ তেওঁৰ পিতৃ বেণুধৰ ৰাজখোৱাই ইচ্ছা  ব্যক্ত কৰিছিল। পিতৃৰ ৰাজপ্ৰসাদৰ পৰা আহি আজলীতৰাই  তেওঁৰ স্বামী গৃহত   গাঁৱৰ মাটিৰ ঘৰত শুদা ভৰিৰে খোজ কাঢ়িব জানিছিল।

 বিদ্বান স্বামীৰ প্ৰেৰণা আৰু স্নেহে তেওঁক জীৱনৰ পথত  নানান কৰ্মত ব্ৰতী হৈ আগুৱাই যোৱাত সহায় কৰিছিল।
 আজলীতৰাৰ ১৯৩১ চনত ""আলিবাবা আৰু দুকুৰি ডকাইত"" ছপা হৈ ওলাইছিল।তাৰপিছত ১৯৩৩- ১৯৩৪ চনত ""সিন্দবাদ আৰু সাতোটি জলযাত্ৰা,""প্ৰকাশ পাইছিল।১৯৩৯ চনত আৰব্য উপন্যাসৰ কাহিনীৰ আধাৰত "" আলাদিন আৰু এটা আচৰিত চাকি" লিখি উলিয়াইছিল।১৯৩৬ চনত আজলীতৰা নেওগে আনন্দ ৰাম ঢেকিয়াল ফুকনৰ জীৱনী প্ৰকাশ কৰে।তেওঁ শিশু সকলক লৈ পাতনিতে লিখিছিল,,""বছৰৰ জোখ কাঠি ধৰি জীৱনক চুটি দীঘল বোলা উচিত নহয়, কামেৰেহে জীৱনৰ প্ৰকৃত জোখ হয়।""ইয়াৰ পিছত তেওঁ শিশু উপযোগীকৈ ''গুণাভিৰাম বৰুৱাৰ"" জীৱনী লিখিছিল।এই গ্ৰন্থ খনৰ বাবে আজলী তৰা নেওগে ১৯৩৮ চনত অসম সাহিত্য সভাৰ পৰা '' কমলা দেৱী শিশু সাহিত্য বঁটা"" লাভ কৰিছিল।এই গ্ৰন্থখনি গুণাভিৰাম বৰুৱাৰ পুত্ৰ জ্ঞানদাভিৰাম বৰুৱাই পঢ়ি আজলী তৰা  নেওগক উচ্চ প্ৰশংসা কৰিছিল।

   আজলী তৰা নেওগে শিশু সকলৰ বাবে ""অসমপূৰ্ণ গৌৰৱ"""" গ্ৰন্থাৱলীত কেইবাজনো বিখ্যাত   ব্যক্তিৰ জীৱনী সন্নিবিষ্ট কৰিবলৈ সমল গোটাইছিল।কিন্তু সেই সপোন তেওঁৰ পৰা মৃত্যুৱে আজুৰি লৈ গ'ল।মাত্ৰ জীৱনৰ ৩৬ টা বসন্ত গৰকি তেওঁ নিজৰ নাম স্বৰ্ণিল আখৰেৰে লিখি থৈ গৈছিল।
    এগৰাকী পাকৈত গৃহিনী আজলীতৰাৰ শুৱনিকণ নামটোৰে তেওঁৰ স্বামী ডিম্বেশ্বৰ নেওগে তেওঁৰ পঁজাটিৰ নাম দিছিল ""শুৱনিপঁজা""! জ্ঞানদাভিৰাম বৰুৱাই শুৱনি পঁজা নামটো খুবেই ভাল পাই এবাৰ চিঠিত লিখিছিল,
I like the name of your house, শুৱনি পঁজা" is excellent,. It refers to your house, to your wife and to the sweetness of our Language.""

১৯৪৮ চনত আজলী তৰা নেওগে  শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মোৎসৱত নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত হৈ এটা সুচিন্তিত ভাষণ প্ৰদান কৰিছিল।তেওঁ মহান সাহিত্য ৰাজিৰে সকলোৰে হৃদয়ত সদায়েই আলফুলকৈ জীয়াই থাকিব। এই বিদুষী নাৰী গৰাকীয়ে ১৯৪৯ চনৰ ১ নৱেম্বৰত আমাৰ মাজৰ পৰা চিৰ বিদায় লৈছিল।
  আজলীতৰাৰ পিতৃ বেণুধৰ ৰাজখোৱাই  তেওঁৰ আপুৰুগীয়া মন এটাৰ অধিকাৰী জীয়ৰী শুৱনীকণক লৈ আত্মসন্তুষ্টি লাভ কৰিছিল।এই আজলী তৰা নামটো আজিও জ্বিলিকি আছে সেয়া হ'ল গুৱাহাটী- শ্বিলং পথত থকা আজলী তৰা ভৱন।তেওঁ সেই সময়ৰ আলোচনী ঘৰজেউতি, বাঁহী, ভ্ৰমৰ আৰু বৰদৈচিলা আদিত লিখিছিল।তেওঁ এগৰাকী সু গায়িকাও আছিল।সম্পদশালী পিতৃ গৃহৰ আহিও স্বামীৰ ঘৰখন সুন্দৰকৈ চলাইছিল।তেওঁ অ'ত ত'ত পৰি থকা  অলাগতিয়াল বস্তুৰেও ঘৰ সজোৱা সুন্দৰ সামগ্ৰী প্ৰস্তুত কৰিছিল। আনকি তেওঁ বোৱা- কটা আৰু এমব্ৰইদাৰী কৰিব জানিছিল।শাহুৱেকৰ পৰা বিবিধ ব্যঞ্জন সুন্দৰকৈ প্ৰস্তুত কৰিবলৈ শিকিছিল। তেওঁৰ হাতৰ খাদ্য খাই বহু দিনলৈকে সোৱাদ পাহৰিব পৰা নাছিল পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱে।তেওঁলোকৰ সাতোটা সন্তান আছিল।তেওঁলোক হৈছে ক্ৰমে,, মানিকী মধুৰী,,বসন্ত মঙ্গল,,সপোন মধুৰী, শৰৎ মঙ্গল,,হেমন্ত মঙ্গল, অমিয়া মধুৰী আৰু জীৱন মধুৰী।তেওঁ সন্তান কেইটিক আজৰি সময়ত সাধু কৈছিল , গান শুনাইছিল আৰু তেওঁ নিজেও সিহঁতৰ লগত শিশু হৈ পৰিছিল। 
কিন্তু নিয়তিয়ে এই সম্ভাৱনা পূৰ্ণ বিৰল প্ৰতিভাৰ আকৰ মহীয়সী নাৰী গৰাকীক বৰ নিষ্ঠুৰ ভাৱে আজুৰি  আঁতৰাই নিছিল আপোনজনৰ বুকুৰ পৰা।এই মহীয়সী গৰাকীক প্ৰণাম জনাইছোঁ।

(লেখাটো বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰস্তুত কৰা হৈছে")

অণুগল্পঃ পিতৃৰ দায়িত্ব
                
🅾️হাবেজ উদ্দিন
ঠিকনাঃ- মিলন বজাৰ,নলবাৰী।
ফোন নম্বৰঃ- ৯৮৫৯৬৫৯৪৫২

বজাৰলৈ গʼলেই মূল্য বৃদ্ধিৰ সন্ত্ৰাস, এই লৈ আব্দুল চাচাৰ বৰ চিন্তা! ঈদ আহিছে, ল'ৰা ছোৱালীৰ বাবে কাপোৰ কানি কিনিব নে অত্যাৱশ্যকীয় সামগ্ৰী কিনিব ভাবি তʼত পোৱা নাই।
           হাজিৰা কৰি পোৱা টকা কেইটাৰে আব্দুল চাচা বজাৰলৈ ওলাই গ'ল। সন্ধিয়া পৰত ল'ৰা ছোৱালীৰ বাবে ৰংবিৰংৰ কাপোৰ, বাদাম কিচ্-মিচ্, তেৱেঁই আৰু যে ক'ত কি.... মোনা ভৰ্তি কৰি আনিছে। ডাঙৰ ছোৱালী ফাতিমাই মোনা খন হাতত লৈ খুলি চাই কয়- "আব্বা"....! তুমি চোন তোমাৰ বাবে একোৱেই লোৱা নাই, তুমি চোলা এখন ল'ব নোৱাৰিলা নে...?
          ফাতিমাৰ কথা শুনি আব্দুল চাচাই কলে- হ'ব মা জনী...! মোৰ বাবে একোৱে নালাগে। মোৰ চোন গেঞ্জী এখন আছেই, সেই খনেই হৈ যাব!

পৰীক্ষা আৰু এজন ছাত্ৰ
                                 
🅾️ক্ষীৰোদ মণি মহন
    দিচাংপানী,চৰাইদেউ ,অসম
                                  
          
লকডাউনৰ সময়। চাৰিওফালে তেতিয়া এম্বুলেন্সৰ চাইৰেন। পুলিচৰ গাড়ী আহ-যাহ। ক'ৰবাত কোনোবাই মাৰ খাইছে নাইবা পুলিছে কুকুৰ খেদোৱাৰ দৰে খেদিছে বা ৰাস্তাত ব্যায়াম কৰাইছে।  বহুতো ছাত্ৰ-ছাত্ৰীয়ে তেতিয়া অনলাইন ক্লাছৰ সুযোগ লৈছে। আন বহুতে আকৌ ঘৰতে পঢ়িছে। লকডাউন কমিলে কৰুণা ভাইৰাছ গৈছে আৰু স্কুলবোৰো খুলিছে। ক্লাছো  হৈছে। আহিল নহয় দ্বিতীয় ঢৌ কৰুণাৰ আকৌ বন্ধ। মৃত্যুৰ হাৰ কমিছে বাঢ়িছে। স্কুল এদিন এৰি এৰি খুলিছে। ঠিকেই হৈছে পৰিস্থিতিটো।
     কভিডে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাগত জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। তাৰ উপৰিও চৰকাৰ খনেও তেওঁলোকৰ লগত খেলিলে! নহয়নে?
     মেট্ৰিক পৰীক্ষা ও উজুতে পাছ কৰালে। পিছত তেওঁলোকৰ কি হয় নাজানো। দিন গৈ আছে ।২০২২ চনৰ মেট্ৰিক ও হাইস্কুল চূড়ান্ত পৰীক্ষা হৈ গ'ল । অপেক্ষা এতিয়া সকলোৰে ৰিজাল্টৰ ওপৰত ‌। আহিল নহয় মেট্ৰিকৰ ৰিজাল্টৰ দিনটোৰ ওপৰত এখন সৰু নাটক।
    (ৰাহুল, মাক, দেউতাক, বন্ধু-বান্ধৱী, ওচৰ চুবুৰীয়া, আত্মীয় কুতুম এইবোৰ কাল্পনিক)
 ৰাহুল- মা ম‌ই যাওঁ! আৰ্শীবাদ কৰিবা পৰীক্ষাটো ভালকৈ দিবলৈ ।
 মাক- যা পিতাই ! যা। ভালকৈ দিবি। সকলো লিখিবি, এটাও নেৰিবি। এইবুলি কৈ মাকে চকুলোটোকে। সেইসময়খিনি মা এগৰাকীৰ বাবে বহু দুখৰ সময় । তেওঁৰ বুকুখন কেনেদৰে কঁপে সেইটো সময় তেওঁহে জানে।
ৰাহুল- হ'ব মা। আহিছো দেই।
             তিনিঘন্টাৰ পিছত
ৰাহুল- মা কিবা এটা দে ও ভোক লাগিছে। খাই ল‌ও তাৰ পিছত কৈ আছো পৰীক্ষা কেনেকুৱা হ'ল
মাক-- ওম খাই ল। তাৰ পিছত কবি।
ৰাহুল- মা পৰীক্ষাটো ভাল হ'ল দেই। 
মাক- অলপ জিৰণি ল এতিয়া। 
ৰাহুল- ওম।
    জিৰণি লোৱাৰ পিছত ৰাহুলে অলপমান ওলাই গ'ল ।
পৰীক্ষা শেষ হ'ল  ৰাহুলৰ। সি এইবাৰ এনেই থকাতকৈ কম্পিউটাৰ ক্লাছ কৰিব ললে ।
আহিল নহয় সেই দিনটো ৰাহুলৰ। ৰিজাল্ট দিয়া আগদিনাৰ পৰা ৰাহুলৰ মন বেয়া । সি ভাবিছে কিজানিবা সি পৰীক্ষা বেয়া কৰে। মাক-দেউতাকক মানুহৰ আগত মুখ উলি‌য়াব নোৱাৰিব নি? সি নানা কথা ভাবিলে । বহুত দেৰি কান্দিলে সি। তাৰ পিছত কবলৈ বে‌য়া লাগিছে । সি উপায়হীন হৈ আত্মহত্যাৰ দৰে পথ বাছি ল'লে। তাক ঘৰত বিছাৰি মাক দেউতাক, আত্মীয়-স্বজনে বিচাৰি হাবাথুৰি খাই ফুৰিছে। গাঁৱৰে ল'ৰা কেইটামানে পিছদিনা ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁতে ৰাহুলৰ মৃতদেহটো নৈত উপঙি থকা দেখা পাই চিঞৰ বাখৰ কৰে । তাৰ পিছত তাত বহুত মানুহ গোট খালে। শেষত মাক দেউতাকৰ অৱস্থা শোচনীয় হৈ পৰে। সময় তেতিয়া  ৯ বাজিছে । ব'ৰ্ডে তেতিয়া ৰিজাল্ট ঘোষনা কৰিছে। যেতিয়া স্কুলত ৰাহুলৰ ৰিজাল্ট চালে তেতিয়া সি অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ পাবলৈ সক্ষম হৈছিল। কিন্তু সি যদি ধৈৰ্য্য ধৰাহেঁতেন! তেতিয়া মাক-দেউতাকে তেতিয়া কান্দোনেৰে নহয় হা‍ঁহিৰে মৰম কৰিলেহেঁতেন । সেই হাঁহিটো যে মা-দেউতাৰ অতি সুখৰ হাঁহি।
  
(বি:-দ্ৰ;- কোনো ছাত্ৰ-ছাত্ৰীয়ে ভাগি নপৰিবা । পৰীক্ষা বে‌য়া হ'লেও কোনো কথা নাই। বে‌য়া হলে আকৌ দিবা। এবাৰ যদি তুমি অসফল হৈছা আকৌ চেষ্টা কৰা। বাৰে বাৰে চেষ্টা কৰা তেতিয়াহে সফল হ'ব । কোনেও যাতে পৰীক্ষা বেয়া হ'ব বুলি ভাবি ৰাহুলৰ দৰে নকৰা। ৰাহুলৰ পিছৰ অৱস্থা কি হল - সিচোন অসমৰ ভিতৰত প্ৰথম হ'ল । সি কষ্ট কৰিছিল সেইবাবে সি সেইটো স্থান পাবলৈ সক্ষম হৈছিল। চেষ্টা কৰা সফল হবা ।
         
 যদি জীৱনৰ ৰং বোৰে লুকা ভাকু খেলে
           যদি আশাৰ চাকিটি উমি উমি জ্বলে
              তথাপিও বন্ধু আগুৱাই যাবা
                     পিছলৈ ঘূৰি নাচাবা।


মাতৃৰ নামত তুমি কলংকিনী মা

🅾️প্ৰিয়া বৰা , যোৰহাট
 একাদশ শ্ৰেণী                     
ঘনকান্ত বৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়,তামূলীছিগা

                     

মা তুমি কিয় ইমান স্বাৰ্থপৰ
কিয় নেভাবিলা এই নিষ্পাপ শিশুটিৰ কথা,
কেনেকৈ পাৰিলা মা........
এই কণমানি শিশুটিক ৰাজপথৰ দাঁতিত 
পেলাই থৈ যাব ।
কি পাপ কৰিছিল এই শিশুটিৱে
কাৰ কি অনিষ্ট কৰিছিল,
এবাৰো বেয়া লগা নাছিল নে তোমাৰ
পিছলৈ এবাৰো উভতি চাব মন যোৱা নাছিল নেকি তোমাৰ ।
তোমাৰ নো কিয় বেয়া লাগিব
তুমি কিয় চাবা পিছলৈ উভতি,
তুমিটো এই শিশুটিক মৰিবলৈহে এৰি থৈ গৈছা,
এই ৰাজপথৰ কাষত..........,
তোমাৰতো মমতা,হৃদয় বুলি একোৱে নাই
তেন্তে তুমি কিয় ভাবিবা,
এই শিশুটিৰ কথা
তুমি এগৰাকী হৃদয়হীন ,মমতাহীন মাতৃ মা,
তুমিটো এই শিশুটিক নিজৰ স্বাৰ্থৰ বাবেহে 
দিছিলা জন্ম,
স্বাৰ্থসিদ্ধি হোৱাৰ পিছত শিশুটিক দলিয়াই থৈ গ'লা ।
এয়াই নেকি ............?
 এগৰাকী মাতৃৰ  সন্তানৰ প্ৰতি থকা
দায়িত্ব,কৰ্তব্য,
এয়াই নেকি............?
 মাতৃৰ মমতা, মাতৃৰ স্নেহ,
কি ভুল কৰিছিল এই কণমানি শিশুটিৱে
কিহৰ শাস্তি দিলা এই শিশুটিক,
এই শিশুটিৰ অধিকাৰ নাছিল নেকি
মাক দেউতাকৰ মৰমত ডাঙৰ হোৱাৰ।
কিয় কাঢ়ি নিলা...........?
শিশুটিৰ পৰা এই মৰমৰ অধিকাৰখিনি
কিয় এই শিশুটিক,
পৰিচয়হীন কৰি থৈ গ'লা
কিয় মা কিয়..........?
এই মা নামৰ মধুৰ শব্দতোত তুমি 
কলংক সানিলা,
সচাকৈ মা
তুমি মাতৃৰ নামত এগৰাকী কলংকিনী মা কলংকিনী ।

                      
আঘোণৰ শীতৰ নিশা 

🅾️এছ,ইছলাম বৰপেটা 
                          
                           
                

ঢিমিক্ ঢামাক্ জ্বলিছে
বিজুলীৰ চাকি
টিপ টিপ নিয়ঁৰৰ টোপাল 
পৰিছে শীতৰ ৰাতি।

গছ-গছনি নিজুম মাৰিছে
ঠেৰেঙা লগা জাৰত,
গভীৰ নিদ্ৰাত মগ্ন হৈছে 
গোটেই জগত।

গভীৰ নিদ্ৰাত লালকাল 
পোক-পতংগ চৰাই -চিৰিকতি 
ময়ে কিজানি  সাৰে আছোঁ
গোটেই এন্ধাৰ  ৰাতি ।

সুবৰ্ণিল আকাশখনত
নাই অকণো তৰা
গোটেই জগতখন মাথোঁ
শুভ্ৰ কুঁৱলীৰে ভৰা।

গা মোৰ ইচাতি বিচাতি কৰি 
আছোঁ চোফাত পৰি,
মেলি দিছোঁ দুৱাৰ-খিৰিকী 
কবিতাৰ ছন্দ বিচাৰি ।

হিম-চেঁচা জাৰত কঁপি কঁপি 
উৰুৱাই লওঁ নিহালিখন
কোনে শুনিব অভাগা কবিৰ
অতৃপ্ত মনৰ গুপুত গুনগুন।

পৰিশিষ্ট 

🅾️আব্দুল কাদেৰ মিঞা
দক্ষিণ শালমাৰা মানকাচাৰ 


ঘাইপথত অকলে খোজ কাঢ়ি থকা
বাটৰ অন্তৰালত তুমি আৰু তোমাৰ ছাঁ,
নীৰৱ বিশ্বাসঘাতকতাৰ ভ্ৰমত
তুমি শূণ্যতাৰ প্ৰতিশ্ৰুতি
চাৰিওফালে এন্ধাৰে,এন্ধাৰ!

শিল্পীৰ অস্পৃশ্য স্পৰ্শত 
মোৰ হৃদয় তিতি গৈছে,
শাস্ত্ৰীয় নৃত্যৰ যাদুত
শৈশৱৰ সপোনবোৰ ম্লান হৈ গৈছে
আৰু তাৰ লগত তুমিও!

তোমালৈ লিখা শেষ চিঠিখন
সময়ৰ বিদ্ৰুপত আধৰুৱা হৈ থাকিল!
বিৱৰ্তনৰ মাজতো আজিৰ দিনটো অসম্পূৰ্ণ
এয়াই 'মই' ।


                 
               
এটি কবিতা

🅾️চিমি চিদ্দিকা

লিখো বুলিয়ে, লিখিব পাৰি জানো ?
          এটি কবিতা......! 
মূৰ্খ মগজুৱে বুজি পাব জানো ? 
          হৃদয়ত বাজি থকা শব্দৰ গভীৰতা......! 
দুচকুৰ অশ্ৰুত, প্ৰকাশ পাব জানো ? 
         শব্দৰে বুজাব নোৱৰা কিছুমান ভাষা । 
দিনৰ হাঁহিবোৰ...অদৃশ্য হয় !
         নিশাৰ আন্ধাৰ কোঠালিত । 
নিসংগতাৰ মাজতো, নিৰৱে চাই ৰওঁ । 
         ৰাতিৰ আকাশ, য'ত থাকে ....
মোৰ এখন কল্পনাৰে সজোৱা পৃথিৱী । 
         তাত প্ৰাণ পাই উঠে ...
মোৰ এটি কবিতা ।। 

         জলসংকট

      🅾️কাব্যশ্ৰী হেমেন হাজৰিকা
                      ৰাণী
          কামৰূপ ( ম ) অসম
 

পঢ়াশলীয়া জ্ঞান        
পানীয়েই প্ৰাণীৰ প্ৰাণ  ।।

      তিনি চতুৰ্থাংশ পানী
     ডুবিব পাৰে পৃথিৱী
     হিমগিৰিৰ বৰফ গলিও
    হ'ব পাৰে বিপদ  ।।

    পিছে
    ভয়ংকৰ জলসংকটৰ দিশে
    আমাৰ ভৱিষ্যত   ।।

    ব্ৰহ্মপুত্ৰ শুকাইছে
    কলহীও ..........
    কলহীৰ শিহুকেইটা কুশলে 
     আছেনে  ??

     পানী নাথাকিলে
     থাকিব জানো প্ৰাণ  ??

     এটা শুকান ভৱিষ্যত
     কেনেকৈ কুশলে থাকিম আমি  

          
দিগন্তত প্ৰতিধ্বনিত মোৰ মনপখীৰ কূজন

🅾️ছফিক্ উজ জামান(দুলাল)
গোসাঁইডুবি
গোৱালপাৰা (অসম) 

বিয়লি বেলা
হোৰাহোৰে খহিছে লুইতৰে গৰা
দিগন্ত চুই ক্লান্ত আকাশ
অস্তমিত বেলিৰ আভা
সোঁতে সোঁতে ছিটিকি ফিৰিঙতি
পানীত লাগিছে জুই দাওঁদাওঁকৈ

মোৰো বুকুত বৈছে গুপুতে এখনি নৈ
পাৰত পৰিছে এছাৰি ওলট্-পালট ঢৌ
ঢৌত ব'ঠা কোবাই
আছোঁ মই ফুটা নাও বাই 
হতাশাত যাওঁ হেৰাই 
অনুভৱ কৰোঁ সকলো শূন্য 
একো নাই 

আজি বিষণ্ণ-অতীত-প্রীতিত বুৰি
চাইছোঁ চৌদিশে উভতি
সকলো থান্-বান্
অসহায় মোৰ নিশকতীয়া প্রাণ
ধুমুহাত ডেউকা ভগা পখীহৈ
ধপলিয়াই ফুৰিছোঁ উৰি
সান্ত্বনাৰ এটি ক্ষুদ্ৰ নীড় বিচাৰি !
~~~•~~~•~~~•~~~•~~~•~~

জীৱন দৰ্শন

🅾️ৰজনী কুমাৰ ডেকা
     ৰঙিয়া                   

এ খোজ, দূখোজ  কৰি দিলো
বহুখোজ, 
বহুজনৰ, বহু কথা শুনিছো মই
বহু তিতা-মিঠা  ।     
কোনোবা ভিক্ষাৰী, কোনোবা ৰজাঘৰীয়া, 
আহিছো যদি যাবই লাগিব, 
উলঙ্গ জনমৰ, উলঙ্গ মৃত্যুত  , 
মাজত মাথো অভিনয় দুদিনৰ, 
সুন্দৰ হয় মৃন্ময় মূৰ্তি বোৰ 
মনৰ ৰং বোৰ প্ৰকাশিত হয়, 
বিপৰীতে নিভাজ জীৱন এটি
বিচাৰি কোনেনো পায়? 
জীৱনৰ ত্ৰিকালত পিতৃ-মাতৃ
আৰু গুৰুৰ সম আৰু উচ্চ 
বস্তু নাই  । 
সাৰে থকা দিনত অজ্ঞানতাৰ 
ৰণত দিশহাৰা  হয়, 
মৃত্যুৰ শেতেলি চাই, গুণগৰিমা
গাই গাই চকুলো মচি কৰে হায়! হায়! 
যেন জীয়াই থকা দিনতকৈ 
মৃত্যুৰ হে সুন্দৰ পৰিণাম বেছি। 
সঁচা-মিচা বিচাৰি বিচাৰি কত পাম
এই অবুজ সমিধান, 
আমাৰ বাৰু জীয়াই থকাৰ 
মাদকতা কি? 

              
তোমাৰ ভাষাৰ কৰুণ সুৰত...

🅾️কুমকুম গগৈ
শিৱসাগৰ, অসম

তোমাৰ ভাষাৰ কৰুণ সুৰত
উৰি যাব খোজে মন
কোনোবা অজান ঠাইলৈ।
শৰতৰ মুকুতা ভৰা দুবৰিৰ দলিচাত
সৰি থকা শেৱালীবোৰ দেখিলে
কিবা এক অজান আশংকাত
কপি উঠে হিয়াখন।
যেন মনটোৱে কান্দি উঠে
আমাৰ সমাগত বিচ্ছেদৰ পদধ্বনি শুনি।

মোৰ এতিয়াও মনত আছে
সেই যে প্ৰতিশ্ৰুতি দিছিলোঁ,
দুয়ো দুয়োকে কেতিয়াও এৰি নাযাও বুলি
বোধ হয় তোমাৰো মনত আছে।
জহি খহি গ'ল আমাৰ সপোনৰ কাৰেং
হেৰাই গ'ল আমাৰ সপোনবোৰ
      জীৱনৰ ৰংবোৰ।
মৰহি গল হেঁপাহৰ গোলাপ,
ভগ্নাৱশেষত পৰিণত হল
তুমি মই বিশ্বাসেৰে সজোৱা
প্ৰণয়ৰ জোনাকী কাৰেং,
চাৰিও দিশে দেখা পাবা কেৱল
শেষ হৈ অহা প্ৰেমৰ অৱশেষ।
কাণ পাতি যদি শুনা, তেতিয়া শুনি পাবা
মোৰ কলিজাৰ হিয়া ভঙা কান্দোন।
মন দি যদি চোৱা তেতিয়া দেখা পাবা
গুজৰি গুমৰি থকা মোৰ মন আকাশৰ কলিয়া ডাৱৰ চপৰা।
মোৰ কাষত থাকিলে গম পাবা
মোৰ হৃদয়ৰ পঞ্জীভূত বেদনা।
শুনিব বিচাৰিলে শুনি পাবা
মোৰ বিদীৰ্ণ হিয়াৰ ক্ৰন্দন ধ্বনি,
জানিব খুজিলে জানিব পাৰিবা
মোৰ জোনাক নিশাৰ সপোনৰ বাৰ্তা।।




ফুলবোৰেও কান্দে

🅾️ফখৰুদ্দিন আলি আহমেদ

এছাটি বতাহৰ হিম চেচা স্পৰ্শত
কপি উঠিল ৰঙা নীলা ফুলবোৰ, 
সিহঁতে ভাৱিলে, 
কিজানিবা বসন্ত আহিল
হয়তো আহিব আকৌ সেই 
অচিনাকি পখিলাবোৰ;
নিসংকোচে সুমুৱাই দিব 
সিহঁতৰ লুলুপ্ত জিভা, 
বুকুৰ গভীৰতাৰ পৰা গভীৰতালৈ,
অক্টোপাচৰ হাতোঁৰাৰে মেৰিয়াই পাহিবোৰক
চুহি খাব সিহঁতৰ সাঁচি থোৱা মৌবোৰ।  
ফুলবোৰে চেপা আৰ্তনাদ বোৰক 
গাঠুৰি বান্ধি সজাব লাগিব
বাধকতাৰ পেৰাডালত। 
সমৰ্পনৰ যাতনাৰ উচুপনিবোৰক
চেপি খুন্দি উলিওৱা ৰসবোৰ
ৰাখিব লাগিব অতিথিশালত। 
এপদ এপদ কৰি 
আতৰাই পাহিৰূপী দেহাবৰণ
অনিচ্ছা সত্বেও বিলাব লাগিব 
সিহঁতৰ যৌৱন, 
শুকাই ক্ষিণাই ফুলবোৰ পৰিব উবৰি
তথাপিও সিহঁত
 ৰসৰ তাড়নাত আহিব লৱৰি।  



আঘোণৰ সোণালী পথাৰ

🅾️নিজৰা বৰ্মন ডেকা

আঘোণৰ পথাৰত কাঁচিয়লি ৰ'দালি 
কুৱঁলীৰ ফাঁকেৰে মাৰেহি ভুমুকি, 
দুবৰিৰ দলিচাত পৰি নিয়ৰে 
শীত অহাৰ বতৰা দিলে ।
সোণগুটিয়া ধাননি লৈ
আঘোণ নামি আহে ধৰালৈ
শীতক বোকোচাত বান্ধি ।
আশা বাদী কৃষকৰ 
সীৰলুৱে সীৰলুৱে সিঁচা কঠীয়া বোৰ
প্ৰাণপাই উঠি লহপহীয়াকৈ  
আঘোণৰ পৰশত গাভৰু হ'ল।
পকা ধানৰ মাজে মাজে 
গীত গায় গৰখীয়া ডেকাটি ,
উৰি যায় জাক বালিমাহি 
দাৱনীয়ে  ধান দাই হাতত কাচিলৈ 
সোনগুটি ধাননি বোৰ
থয় ডাঙৰি বান্ধি ।
আঘোণৰ পথাৰত কুৱঁলী ফালি 
আবেলিৰ বেলিটিয়ে দি সেন্দুৰীয়া ৰ'দালি 
দূৰ দিগন্তত জোনটিৱে সিঁচিলে জোনাক 
আঘোণৰ পথাৰ ঢাকি
উজ্জ্বলি উঠিল প্ৰকৃতি ৰাণী ।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)