আজি বৃহস্পতিবাৰ আঘোণ মাহৰ ২১ তাৰিখ । ইং ৮ ডিচেম্বৰ ২০২২ । বছৰটো শেষ হ'বলৈ মাত্ৰ ২৩ টা দিন বাকী । প্ৰিয় পাঠক সকল আগৰ সংখ্যা সমূহত আপোনাকে আমাক যথেষ্ট মৰম দিছে আশা কৰো এই সংখ্যাটোৱেও যাতে আগৰ দৰেই আপোনালোকৰ পৰা মৰম পাব । সেই আশাৰে অসমীয়া একমাত্ৰ দৈনিক ৱেব আলোচনীৰ তৃতীয় বৰ্ষৰ ৩৪২ সংখ্যক সংখ্যাটি আপোনালোকৰ হাতত তুলি দিলোঁ । পঢ়ি কেনেকুৱা পাইছে আমাক নিশ্চয় জনাবলৈ নাপাহৰিব আৰু আলোচনীখন বিভিন্ন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আমাৰ আলোচনীখন পঢ়িবলৈ সুযোগ পায় ।
সূচীপত্ৰ
✳️ইতিহাসত আজিৰ দিনটো
❇️সাধাৰণ জ্ঞান-কুইজ
✳️তামোল-পাণ : অসমীয়া জাতিৰ এটা অংগস্বৰূপ-সুশান্ত দাস
✳️কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰকাশত অৰ্জুন ভঞ্জন নাটক-মণিৰূপা মিশ্ৰ
✳️সংঘাত -প্ৰিয়া বৰা
✳️মই কমলাৰ বাকলি-অৰূপ বড়ো
✳️আকাশ চুই উৰিবৰ মন -মাৰ্জিনা বেগম
✳️শীতৰ সেমেকা ৰাতি-ছেলিমা বেগম
✳️নামনি ভ্ৰমণ -যদুমণি গগৈ
✳️একা বেকা জীৱনৰ পথ-দিপশিখা ৰাজকোঁৱৰ
✳️এখন নীলা চাদৰত উচুপনি -নিবেদিতা দাস কলিতা
✳️মোৰ এটা সপোন আছে-ছাইফুদ্দিন আহমেদ
✳️ভাগৰুৱা জীৱন-লহৰজ্যোতি মৰাণ
✳️চিন্তাশীল মনোভাৱ -সুমন্ত নায়ক
✳️বিবেকক প্ৰশ্ন -আব্দুল কাদেৰ মিঞা
✳️নীৰৱ কোলাহল -লিপি শইকীয়া
২০২১ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাৰ ইতিহাসত সৰ্ববৃহৎ বিমান দুৰ্ঘটনা। সৰ্বাধিনায়ক বিপিন ৰাৱাটসহ ১২জনৰ অপঘাত মৃত্যু। নিহতৰ মাজত ৰাৱাটৰ পত্নী মধুলিকা, ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেঃ কৰ্ণেল হৰজিন্দৰ সিং। প্ৰাণৰক্ষা পৰা গ্ৰুপ কেপ্টেইন বৰুণ সিং ৱেলিংটনক সংকটজনক অৱস্থাত চিকিৎসাধীন। ইয়াৰ পূৰ্বেও ২০১৫ চনত ডিমাপুৰৰ ৰঙা পাহাৰত বিমান দুৰ্ঘটনা হৈ কথমপি প্ৰাণৰক্ষা পৰিছিল ৰাৱাটৰ।
উঃ জন ডিউইয়ে।
প্রঃ শিক্ষাত সমাজকেন্দ্ৰিক লক্ষ্যত বৰ্তমানৰ বাবে গ্ৰহণযোগ্য দৃষ্টিভংগী কোনে আগবঢ়ায় ?
উঃ শিক্ষাবিদ জন ডিউইয়ে।
প্রঃ ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি ?
উঃ কৈশোৰ কাল।
তামোল-পাণ : অসমীয়া জাতিৰ এটা অংগস্বৰূপ
🅾️সুশান্ত দাস, শিৱসাগৰ।।
তামোল খোৱাটো অসমীয়া মানুহৰ এটি পুৰণিকলীয়া ৰীতি। অসমীয়া মানুহৰ ঘৰত দৈনন্দিন তামোল-পাণৰ ব্যৱহাৰ হোৱাৰ উপৰিও বিভিন্ন ধৰণৰ সামাজিক আৰু ধর্মীয় কার্যত ই অপৰিহার্য। অসমীয়া মানুহৰ মাজত তামোল খোৱা অভ্যাসটো প্রাক্ আৰ্য সংস্কৃতিৰ পৰা অহা বুলি পণ্ডিতসকলে অনুমান কৰিছে। তামোল আৰু পাণক একেলগে তামোল-পাণ নাইবা সচৰাচৰ তামোল বুলিয়েই কোৱা হয়। এই শব্দ দুটা অষ্ট্ৰো এচিয়ান ভাষাৰ পৰা সংস্কৃত হৈ অসমীয়ালৈ অহা বুলি অনুমান কৰা হৈছে। তামোলক ‘গুৱা’ বুলিও কোৱা হয়। আমাৰ প্ৰতিবেশী খাচীসকলে তামোলক ‘কোৱাই’ বুলি কয়। দক্ষিণ-পূব এচিয়াৰ বিভিন্ন দেশ আৰু অঞ্চলত তামোলৰ ব্যৱহাৰ আছে আৰু এই অঞ্চলবোৰৰ কেইবাটাও ভাষাৰ তামোল বাচক শব্দৰ ‘গুৱা’ বা ‘কোৱাই’ৰ সৈতে ধ্বনিগত মিল লক্ষ্য কৰা যায়। তামোল -পানৰ অসমত বিশেষ প্ৰচলন, ভোজনবিলাসৰ বস্তু হিচাপে প্ৰয়োজন হোৱাৰ বাহিৰেও বিভিন্ন ধৰ্মানুষ্ঠান আৰু ক্ৰিয়া-কাণ্ডতো তামোলৰ প্ৰয়োজন হয়।হিন্দু-সংস্কৃতিত তামোল-পাণৰ ব্যৱহাৰ আৰ্য্যোতৰসকলৰ প্ৰভাৱত সোমাইছে বুলি পণ্ডিতসকলে অনুমান কৰে। তামোল বুজাবলৈ প্ৰয়োগ হোৱা নাগাবল্লী পুগফলম,গুৱাক আদি শব্দও তাৎপৰ্যপূৰ্ণ।এই শব্দসমূহ সম্ভৱতঃ আৰ্য্যোতৰ ভাষাভাষীসকলৰ পৰা আহিছে। জ্যঁপুছিলুস্কিয়ে মনখেমৰ বুল ধাতুৰ লগত তম উপসৰ্গ সংযোগ হৈ তাম্বুল শব্দ নিস্পন্ন হোৱা বুলি মত প্ৰকাশ কৰিছে।পুছিলুস্কিৰ মতে তামোল -পানৰ লগত জড়িত পোন,গণ্ডা ,কৰি বিড়া আদি শব্দৰো উৎপত্তি অষ্ট্ৰোএছিয়াটিক মনখেমৰ ভাষাৰ পৰা।কোনো কোনোৰ মতে তামোল খোৱা প্ৰথাটো দ্ৰাৱিড়ীয় প্ৰথা ।কাৰণbetel(তামোল)শব্দটোৱেই মালায়ালম ভাষাৰ ৱেটিল্লা শব্দৰ পৰা অহা। পশ্চিম উপকূললৈ অহা পৰ্তুগীজ ব্যৱসায়ীসকলে এই দ্ৰাবিড়ীয় শব্দটো সৰ্বত্ৰ প্ৰচাৰ কৰে।মহামহোপাধ্যায় কানেৰ মতে দহ্মিণ ভাৰতত তামোলৰ প্ৰৱৰ্তন সম্ভৱতঃ খ্ৰীষ্টীয় শতিকা আৰম্ভ হোৱাৰ কিছুদিনৰ পূৰ্বে।ইয়াৰ পিছতহে এই প্ৰথা উত্তৰ ভাৰতলৈ বিয়পে।তামোল খোৱা প্ৰথাৰ উল্লেখ সৰ্বপ্ৰথম পালি সাহিত্যতেই পোৱা যায়।ভোজনৰ পিছত তামোল খোৱা প্ৰথাৰ বিধান স্মৃতিশাস্ত্ৰত আছে।বাৎসায়নৰ কামশাস্ত্ৰত দাঁত ঘঁহি মুখ ধোৱাৰ পিছত তামোল খাই মুখৰ নিশ্বাস সুগন্ধি কৰাৰ নিৰ্দেশ আছে।চৰক,সুশ্ৰুত আদি নিদানকাৰসকলে ঔষধত তামোলৰ গুণাগুণ নিৰ্ণয় কৰি লিখিছে।
অসমীয়া সমাজত তামোল খোৱা অভ্যাসটো সকলো স্তৰৰ লোকৰে আছে। সাধাৰণতে ল’ৰা-ছোৱালী, ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সকলো সময়তে তামোল খায়। বিশেষকৈ ভাত খোৱাৰ পাছত মুখশুদ্ধি হিচাপে তামোল খোৱাটো অসমীয়া সমাজৰ বৈশিষ্ট্য। কিছুমান লোকৰ অনবৰতে তামোল খোৱা অভ্যাস, আনকি ৰাতি সাৰ পাই উঠি তামোল খোৱাৰ অভ্যাস বহুতো বয়সীয়াল অসমীয়া মানুহৰ আছে। বুঢ়া লোকসকলে খুন্দনা ব্যৱহাৰ কৰি মিহিকৈ খুন্দি লৈ তামোল খায়। কোনো কোনোৱে তামোল খোৱা ৰীতিটো দ্রাবিড় সংস্কৃতিৰ পৰা অহা বুলি দাবী কৰে। মহামহোপাধ্যায় পি. ভি. কানে মন্তব্য কৰে যে তামোল খোৱা অভ্যাসটো খ্রীষ্ট জন্মৰ ঠিক আগে আগে নাইবা খ্রীষ্ট জন্মৰ সময়ৰ পৰা আৰম্ভ হৈছে। সংস্কৃত সাহিত্যত, বিশেষকৈ ঋগবেদৰ পৰা আৰম্ভ কৰি ব্ৰহ্মণ, উপনিষদৰ সময়লৈ আৰু ৰামায়ণ-মহাভাৰত আদি মহাকাব্যৰ যুগলৈকে তামোলৰ ব্যৱহাৰৰ উল্লেখ ক’তো পোৱা নাযায়। সম্ভৱতঃ ভাত খোৱাৰ পাছত তামোল খোৱাৰ প্রথা প্রথমে পালি সাহিত্যতহে পোৱা যায়। স্মৃতিশাস্ত্ৰত ভাত খোৱাৰ পাছত তামোল খোৱা ৰীতিৰ উল্লেখ আছে। উপচাৰৰ অন্যতম উপকৰণস্বৰূপে দশম শতিকাত ৰচিত কালিকা পুৰাণেই সৰ্বপ্ৰথম তামোলক গণ্য কৰিছে অসমৰ তামোল-পাণৰ বাৰীৰ সুখ্যাতি পুৰণি তাম্ৰ লিপিটো কৰা হৈছে।অসমীয়া পুৰুষ-স্ত্ৰী, ডেকা-বুঢ়া কাৰো কাৰনে তামোল খোৱাত সামাজিক বাধা-নিষেধ নাই।আনকি দাঁত নোহোৱা বুঢ়া-বুঢ়ী সকলেও খুন্দনাত খুন্দি তামোল খায়।আহোম ৰজাৰ দিনত ৰজা আৰু ডা-ডাঙৰীয়া সকলক তামোল-পাণ যতনাবলৈ তামুলী বিষয়া আছিল।সত্ৰসমূহতো গুৱাকটা বাব আছে।মোমাই তামুলীৰ বৰবৰুৱাৰ পদোন্নতিৰ ঘটনাৰপৰা আহোম ৰজা সকলে তামোল-পাণৰ বাৰী পতাত কিমান গুৰুত্ব আৰুউৎসাহ দিছিল বুজিব পাৰি।বাৰীত তামোল-পাণ ৰোৱা অসমীয়া গাৱঁলীয়া মানুহৰ ধৰাবন্ধা ৰীতি।অসমীয়া মানুহৰ প্ৰিয় কথা এফাকি মন কৰিবলগীয়া,"আগফাল শুৱনি কাকিনী তামোল পাছফাল শুৱনি পাণ"তামোল ৰুৱা আৰু তামোলৰ বাৰী পতা সম্বন্ধে ডাক পুৰুষৰ অলেখ অমূল্য বচন আছে।আমাৰ ধৰ্ম-অনুষ্ঠান আৰু সামাজিক উৎসৱত তামোল-পাণ বাগুৱা-পাণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে।পূজাৰ নৈবেদ্যত তামোল-পাণ অপৰিহাৰ্য উপচাৰ।গুৰু-গোসাঁইলৈ বা সদৌ-ৰাইজলৈ তামোলৰ শৰাই আগবঢ়োৱা হয়।উৎসৱ অনুষ্ঠানত অথবা অপায় অমঙ্গলৰ সময়ত গুৰুঘৰলৈ,নামঘৰলৈ,দেৱতা বা অপদেৱতালৈ গুৱা পাণ আগবঢ়োৱা হয়।আলহী অতিথিক সৰ্বপ্ৰথম তামোল-পাণ দি অভ্যৰ্থনা কৰা হয়।তামোল খনৰ যোগেদি গুৰুৰ আশীৰ্বাদ লাভ কৰা হয়; তামোলৰ আদান প্ৰদানত বন্ধুত্বৰ স্থাপন হয়। ৰাজহুৱা দায় জগৰত পৰিলেও তামোল-পাণৰ দণ্ড এভাগ দি দোষ খণ্ডন কৰিব পাৰি।বিবাহৰ নিমন্ত্ৰণ কাৰ্য্যতো তামোল-পাণৰ প্ৰয়োজন হয়। তামোল পাণ থুৰিওৱা আদি কাৰ্য্যৰ মাজেদি তিৰোতাৰ কল সুলভ মনৰ পৰিচয় পোৱা যায়।বিয়াৰ ভালেমান ক্ৰিয়া কাৰ্য্যত তামোলৰ ব্যৱহাৰ মন কৰিবলগীয়া।বিয়াৰ কেইদিনা দৰা-কন্যাই এযোৰ পাণ তামোল আৰু এখন কটাৰী লগত ৰাখিব লাগে।বিবাহ অনুষ্ঠান শেষ হলে দৰা-কন্যাই এই তামোল-কটাৰী সলনা-সলনি কৰে। দৈয়ন দিওতেও পাণৰ প্ৰয়োজন। বিয়াৰ দিনা পুৱা ছোৱালীক শোৱা কোঠাৰ দুৱাৰদলিত পিৰা এখন পাৰি বহুওৱা হয়।কন্যাৰ মাক বা আন কোনো সমন্ধীয় তিৰোতাই দুখন হাতত দুখন পাণ লৈ কন্যাৰ সমুখত আঠু কাঢ়ে;পাণ দুখন দৈ গাখীৰত জুবুৰিয়াই কন্যাৰ গাল,বাহু, ভৰিত সানি দিয়ে।কোনো কোনো অঞ্চলত বিবাহৰ সপ্তপদি গমনত দৰা কন্যাই সাতখিলা পাণ গছকাৰ বিধি আছে।আহোমৰ চকলং বিবাহ পদ্ধতিত তামোল পাণৰ প্ৰয়োজনৰ বিষয়ে বুৰঞ্জীত আছে-সোণৰ বাটি এটা ভৰাই দৈ,এঁৱা গাখীৰ, মৌ,চেনী,ঘিঁউ মিহলোৱা পঞ্চামৃত এবাটি আনি ৰজাৰ ওচৰত দিব।তাৰেপৰা আঙ্গুলি লগাই আনি মুখলৈ টোৱাঁই সুঙী পেলাই খৰিকা লৈ মুখে পানী লৈ তামোল চোবাব।এইদৰে ২১খন থুৰীয়া তামোল চোবাই পলাব পায়।
অসমীয়া সমাজত তামোলৰ ব্যৱহাৰ:
খ্রীষ্টীয় দ্বাদশ শতিকাত ৰচিত কালিকা পুৰাণত পোন প্রথমবাৰৰ বাবে ধর্মীয় দক্ষিণা হিচাপে তামোল-পাণ দিয়াৰ উল্লেখ আছে। প্ৰাগজ্যোতিষপুৰ নগৰখন ৰজা বলবর্মনে তামোল-পাণৰ গছ ৰুই সজোৱা বুলি বর্ণনা আছে। সপ্তম শতিকাত পোৱা শিলালিপিতো লৌহিত্যৰ পাৰত তামোল-পাণৰ থকাৰ উল্লেখ আছে। জনশ্রুতি মতে, তামোল-পাণেৰে আগুৰি থকা বাবেই প্রাগজ্যোতিষপুৰৰ নাম পাছলৈ গুৱাহাটী (গুৱা= তামোল) হয়।
অসমত তামোল-পাণৰ লগত জড়িত ৰীতি নীতিসমূহ:
অসমত তামোল খোৱা ৰীতি বহুলভাৱে প্ৰচলিত আছিল বুলি যোগিনী তন্ত্রৰ এটি শ্লোকত আছে। আন খাদ্যদ্রব্য একেলগে খোৱাত বাধা-নিষেধ থাকিলেও তামোল খোৱাৰ ক্ষেত্ৰত এনে ধৰণৰ বাধা নাই। পুৰুষ-মহিলা উভয়ে, সকলো বয়সৰ ব্যক্তিয়ে একেলগে তামোল খোৱাত কোনো সামাজিক বাধা নাই। আহোমৰ দিনত ৰজা বা ডা-ডাঙৰীয়াসকলক তামোল যোগান ধৰিবলৈ এজন সুকীয়া বিষয়া ৰখা হৈছিল, যাৰ উপাধি আছিল তামুলী। আনকি সত্ৰসমূহতো ‘গুৱাকটা’ নামৰ এটি বাবা আছিল। আহোম ৰজাসকলে তামোল-পাণৰ খেতিত বিশেষ গুৰুত্ব দিছিল আৰু এই ক্ষেত্ৰত পাৰদৰ্শিতা প্রদর্শন কৰা বিষয়াক তামুলী ফুকনৰ পৰা বৰবৰুৱালৈ পদোন্নতি দিয়াৰ কাহিনী পোৱা যায়।
ধর্মীয় ৰীতি-নীতি আৰু অনুষ্ঠানত তামোল:
ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানসমূহত গুৱা-পাণ বা তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সমাজত অপৰিহার্য। তামোল-পাণ আগবঢ়াইহে যিকোনো ধর্মীয় বা সামাজিক অনুষ্ঠান আৰম্ভ কৰা হয়। আনকি আলহী-অতিথিকো প্রথমে গুৱা-পাণেৰেহে অভ্যর্থনা কৰা হয়। তামোল-পাণৰ শৰাই আগবঢ়োৱাটো অতি সন্মানৰ চিন। গুৰুৱে শিষ্যক অথবা ৰজাই প্রজাক তামোল-পাণ যঁচা মানে বুজিব লাগিব যে তেওঁলোকে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সামাজিক বিচাৰৰ ক্ষেত্ৰতো দুয়োপক্ষই সমাজলৈ তামোল-পাণৰ শৰাই আগবঢ়োৱা মানেই হ’ল দুয়োপক্ষৰ মাজত মিত-মাত হোৱা কার্য।
মাংগলিক অনুষ্ঠানত তামোল-পাণ
প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত:
প্রেম আৰু বিবাহৰ ক্ষেত্ৰত তামোল-পাণে বিশেষ তাৎপর্য বহন কৰি আহিছে। তামোল-পাণে ডেকা গাভৰুৰ হিয়াৰ আদান-প্রদানৰ মাধ্যম হিচাপে কাম কৰে। তামোলে আনকি ডেকাৰ অন্তৰৰ বেদনাও প্রকাশ কৰে।
‘লোকলৈ চুপতি কৰা নাই লাহৰি
মনত কথাষাৰ আহে,
তামোল হোৱা হ’লে ফালি যেন দেখুৱাম
ভিতৰত কি কথা আছে।‘
অসমীয়া সংস্কৃতিৰ অন্যতম লোকগীত-বিহুগীতসমূহত বহুল অংশত তামোলক প্রেম-ভালপোৱাৰ প্রতীক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।
বিবাহ অনুষ্ঠানত সম্পূৰ্ণ তামোলৰ ঠোক
বিয়া-বাৰুৰ ক্ষেত্ৰত:
তামোল-পাণে বিয়াৰ নিমন্ত্ৰণী পত্ৰ হিচাপে কাম কৰে। যদিও নগৰ-চহৰসমূহত এই ৰীতি কমি আহিছে, তথাপি জ্যেষ্ঠজনক বা সন্মানীয়জনক তামোল-পাণ এযোৰ আগবঢ়াইহে নিমন্ত্রণ জনোৱা হয়। বিবাহ কাৰ্যৰ লগত জড়িত আন আন ৰীতি-নীতি, যেনে— জোৰণৰ দিনৰ পৰা বিবাহ কাৰ্য পৰ্যন্ত আৰু তৎপৰৱৰ্তী কাৰ্যসমূহতো তামোল-পাণৰ ব্যৱহাৰ অপৰিহার্য। জোৰণৰ দিনাৰ পৰা বিবাহ কার্য সমাপন নোহোৱালৈকে দৰা-কইনাই তামোল-পাণ এযোৰ লগত ৰখাটো বাধ্যতামূলক। বিয়াৰ লগত জড়িত দৈয়ন দিয়া অনুষ্ঠানতো বিয়াৰ দিনা ঢলপুৱাতে দৰা-কইনাক বিচনাৰ পৰা আনি দুৱাৰডলিত বহুৱাই মাক, বায়েক আৰু অন্যান্য সম্পর্কীয় মহিলাসকলে দুয়োহাতে পাণ দুখিলাৰে দৈ লৈ মুখ, বাহু, ভৰি আদিত লগাই দিয়াৰ প্রথা চলি আহিছে। আনকি বিবাহ কার্যত কইনাক পাণ গছকাই পিতৃৰ গোত্র ত্যাগ কৰি স্বামীৰ গোত্র গ্রহণ কৰোৱা হয়। অসমৰ কিছুমান ঠাইত পাণ ছিঙি দৰা-কইনাৰ বিবাহ বিচ্ছেদ ঘটোৱা প্রথা প্রচলিত।
দৰৱ আৰু মন্ত্র বিচাপে তামোল-পাণৰ ব্যৱহাৰ:
অসমৰ বহুতো বন দৰৱত তামোল-পাণ আৱশ্যকীয় উপাদান। অসমৰ বেজ, কবিৰাজ সকলে পেটৰ বিষ, দাঁতৰ বিষ আদিত তামোল উপকাৰী বুলি গণ্য কৰিছিল। তামোলৰ পিক গৰুৰ ছাল আৰু চকুৰ বেমাৰৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা হৈছিল। তামোল-পাণে হজম শক্তি বঢ়ায় বাবে মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰা হয়। তামোল-পাণে মুখৰ দুর্গন্ধ আঁতৰোৱাতো সহায় কৰে। তামোল-পাণৰ অলৌকিক গুণ থকা বুলি ধৰা হৈছে। তামোলেৰে মন্ত্ৰ কৰাকে ‘আহুদি’ কৰা বুলি কোৱা হৈছিল। গিৰীয়েকে ঘৈণীয়েকক আৰু ঘৈণীয়েকে গিৰীয়েকক বশ কৰিবলৈ তামোল-পাণত মন্ত্ৰ কৰা হৈছিল। এইটোও বিশ্বাস কৰা হৈছিল যে চূণেৰে সৈতে তামোল-পাণ কোনো জলচৰ প্ৰাণীৰ মুখত লগাই সেই তামোল-পাণ গিৰীয়েকক বা ঘৈণীয়েকক খুৱালে ইজন আনজনৰ বশ হয়। কালিকা মন্ত্র মাতি চোবোৱা তামোলখন যদি কাৰোবাৰ ঘৰৰ চাৰিসীমাৰ ভিতৰত পেলোৱা হয়, তেনেহ’লে গৃহস্থৰ টোপনি নহা বেমাৰ হয়।
অসমত তামোল খোৱা প্রথা:
অসমত সাধাৰণতে কেঁচা তামোল আৰু বুঢ়া তামোল চূণ আৰু পাণেৰে খোৱা হয়। পুৰণি কালত তামোল খাবৰ বাবে বিশেষ এজাতি শামুক পুৰি চূণ তৈয়াৰ কৰা হৈছিল। পুৰণি অসমীয়া সাহিত্যত কৰ্পূৰেৰে তামোল খোৱাৰ উল্লেখ আছে। কোনো কোনো ঠাইত বিশেষ প্রকাৰে ধঁপাত তৈয়াৰ কৰি তামোলৰ লগত খোৱা হয়। বানৰ হর্ষচৰিত আৰু মুছলমান বুৰঞ্জীবিদসকলৰ টোকাতো অসমীয়া মানুহৰ তামোল-পাণৰ ব্যৱহাৰৰ উল্লেখ আছে। অসমীয়া মানুহে বিবাহ আদি শুভ অনুষ্ঠানত বিশেষভাৱে সন্মান প্রদর্শন কৰি থুৰীয়া তামোল আগবঢ়ায়। থুৰীয়া তামোল হ’ল এখিলা পাণৰ আধা ভাগত তামোল এখন ভৰাই কৰা শংকু আকৃতিৰ ৰূপটো। সাধাৰণতে থুৰীয়া তামোল খাবলৈ ব্যৱহাৰ কৰা নহয়। অকল উৎসৱ-পার্বণ আদিতহে ব্যৱহাৰ কৰা হয়। পাণ খাওঁতে পাণখিলাৰ আগ-গুৰি আৰু ওপৰৰ সিৰডাল কাটি পেলাইহে খোৱা হয়।
পাণৰ লগত কিছুমান জনবিশ্বাস জড়িত হৈ আছে। উদাহৰণ স্বৰূপে, পাণৰ সিৰ খালে মানুহ মুৰ্খ হয়। দুজন মানুহে হাতে হাতে পাণ ছিঙিব নেপায়, তেনে কৰিলে মানুহ দুজনৰ মাজত কাজিয়া লাগে। ভাত খাই উঠিয়েই পাণৰ গছৰ পৰা পাণ ছিঙিব নেপায়, তেনে কৰিলে পাণ গছ মৰি যায়। সন্মানীয় বা জ্যেষ্ঠজনক হাতে হাতে তামোল দিয়া নহয়, বটা বা শৰাইতহে তামোল-পাণ খাবলৈ আগবঢ়াই দিয়া হয়। তামোল পাণ গাৱলীয়া দৰৱ জাতিৰ অন্যতম উপাদান।অসমীয়া নিদানমতে তামোল খালে পেটৰ অসুখ, দাঁতৰ ৰোগ আৰু বিষ ভাল হয়।গৰু ম'হৰ বেমাৰত তামোলৰ পিক ব্যৱহাৰ কৰা হয়।তামোল পাণৰ অলৌকিক শক্তিত বিশ্বাস কৰি ইয়াক মন্ত্ৰত ব্যৱহাৰ কৰা হয়।তামোল গাঁততপুতি ভৱিষ্যতলৈ সচাঁৰ নিয়মটোও অসমীয়াৰ নিজা।গুৰু ঘৰলৈ ঠোক তামোল আগবঢ়োৱা প্ৰথা আজিও আমাৰ দেশত প্ৰচলিত।সংস্কৃত সাহিত্যত কপূৰ,কংকাল, লৱঙ্গ জাতিফলৰ লগত মিহলাই তামোল খোৱাৰ নিয়ম বুলি কোৱা হৈছে।এই আটাইকেইটা মিলি হৈছে 'পঞ্চসুগন্ধিকম'।
সাধাৰণতে পাণত চূণ সানিহে খোৱাৰ নিয়ম। পাণ চূণৰ অভেদ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়াত বহু প্ৰৱাদৰো সৃষ্টি হৈছে।অৱশ্যে, পূজা নৈৱেদ্যত আগবঢ়োৱা তামোল পাণত চূণ সনা নহয়।তামোল ,পাণ ,চূণ,আৰু ধপাত এই চাৰিওবিধ মিলিলেহে তামোল খন সম্পূৰ্ণ হয় ।সাধাৰণতে অসমীয়া মানুহে নুথুৰিওৱা তামোল খায়। থুৰিওৱা তামোল উৎসৱ অনুষ্ঠান আৰু গুৰু গোঁসাইৰ ঘৰতহে খোৱা হয়। তামোল পাণ আগবঢ়োৱা বিশেষ সা সৰঞ্জামৰ প্ৰচলনো মন কৰিবলগীয়া।এইবোৰৰ ভিতৰত পাণ বটা, শৰাই মুখ্য।তামোলৰ সাঁচতি,তামোলৰ জোলোঙা,তামোলৰ কটাৰী, খুন্দনা তামোল খোৱা প্ৰথাৰ লগত সম্বন্ধ থকা অন্যান্য সামগ্ৰী।
লোক-কথা অনুসৰি তামোল আৰু পাণৰ জন্মকাহিনীও কিছু পৰিমাণে অপৰিষ্কাৰ। ভগৱান শ্ৰীকৃষ্ণই হেনো এদিন গোপনে বিজেতা নামৰ এক নাৰীৰ ঘৰলৈ গৈ পৰকীয়া প্ৰেমত মচগুল হৈছিল। হেন সময়ত তাত ৰাধা আহি আকস্মাৎ উপস্থিত হোৱা বুলি গম পাই ধৰা পৰাৰ ভয়ত শ্ৰীকৃষ্ণই তামোল গছৰ ৰূপ লৈ নিজকে লুকুৱাই পেলাইছিল। একেটা ভয়তে বিজেতাইও শ্ৰীকৃষ্ণৰ গাত পাণৰ ৰূপ লৈ মেৰিয়াই ধৰিছিল। লোক কথাৰ এই আখ্যানে তামোলৰ উৎপত্তিৰ আঁৰত কৃষ্ণ আৰু বিজেতাৰ এক অপৰিষ্কাৰ সম্পৰ্কৰ কথা মনলৈ আনে। সময়ত তামোলগছ পৰিষ্কাৰ-পৰিচ্ছন্ন বৈকুণ্ঠৰ বাসিন্দা আৰু তামোল গছৰ ফলবিলাক দেৱভোগ্য সম্পদ হৈ পৰিছিল। পিছে, সঘনাই বৈকুণ্ঠ ভ্ৰমণত যোৱা নাৰদ মুণিয়ে এবাৰ বৈকুণ্ঠত এই ফলৰ সোৱাদ পাই বোলে তাৰে এটা নিজৰ গুহ্যপথত লুকুৱাই মনে মনে মৰ্ত্যলৈ লৈ আহিছিল। আজি পৃথিৱীত পোৱা তামোলৰ গছ বা ফলবিলাক নাৰদমুণিৰ অপৰিচ্ছন্ন অংগৰে কঢ়িওৱা অপৰিষ্কাৰ কাৰ্যৰে সুফল আৰু সুবিধা পালে ই এতিয়াও নাৰদ মুণিৰ গুহ্যদ্বাৰৰ সদৃষ দুৰ্গন্ধ বিয়পায় বুলি কোৱা হয়।
পৰীক্ষাগাৰত কৰা অধ্যয়নৰ জৰিয়তে পোৱা তথ্য অনুসৰি, তামোলত সাধাৰণতে পোৱা সক্ৰিয় ৰসায়নিক উপাদান সমূহৰ ভিতৰত এৰিকাইডাইন (Arecaidine), এৰিকেইণ (Arecaine), গুভাচাইন (Guvacine) আদি এলকালয়ড আৰু আৰু কেইবিধমান ক্ল’ৰাইড লৱণেই মূল। তেনেদৰে, পাণত ছেভিকল (Chavicol), এলাইল পাইৰ’কেথেকল (Allyl pyrocathechol), ছেভিবিটল (Chavibetol), ইউগেনল (Eugenol) আৰু কেডিনিন (Cadinene) থাকে। আকৌ, চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) আৰু মানুহৰ লালটিৰ সংস্পৰ্শলৈ আহিলে তামোলে এক ৰসায়নিক বিক্ৰিয়াৰ জৰিয়তে এৰিক’লিন (Arecoline) নামৰ উদ্বায়ী পদাৰ্থৰ সৃষ্টি কৰে। এই এৰিক’লিনে মানুহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ (Central Nervous System)ৰ বাবে এক মৃদু উত্তেজক হিচাবে কাম কৰে। এৰিক’লিন আৰু পাণত থকা ইউগেনলৰ মানুহৰ ৰক্তবাহী নলীসমূহক সংকুচিত কৰাৰ ক্ষমতা আছে। সেয়েহে, ইয়াৰ সেৱনে মানুহৰ শ্বাস-প্ৰশ্বাসৰ গতি কিছু পৰিমাণে দ্ৰুততৰ কৰি তোলে আৰু সামান্য পৰিমাণে শৰীৰৰ উষ্ণতাও বৃদ্ধি কৰে। তামোলৰ লগত যোগ কৰা ধপাতত নিক’টিন নামৰ আন এক নিচাযুক্ত দ্ৰব্য থাকে। উল্লেখযোগ্য যে, তামোলৰ পিকৰ বিশিষ্ট ৰঙা ৰঙৰ বাবে ওপৰোক্ত সকলোবিধৰ ৰসায়নিক পদাৰ্থই কম-বেছি পৰিমাণে দায়ী।
তামোলৰ কঠিন টুকুৰাই বা পাণৰ লগত ব্যৱহাৰ কৰা চূণৰ আধিক্যই মূখৰ ভিতৰত মাজে-সময়ে ঘাঁ লগোৱাটো সাধাৰণ ঘটনা। কিছুমান তামোলে সেৱনকাৰীৰ মূৰঘূৰণি, চৰ্চৰণি, তৃষ্ণাবৰ্ধণ আদি সাময়িক সমস্যাৰ সৃষ্টি কৰে। বিজ্ঞানসন্মত অধ্যয়নৰ মতে তামোল-পাণৰ সেৱন মানুহৰ বাবে কেন্সাৰৰ কাৰক (Carcinogenic) হ’ব পাৰে। দীৰ্ঘদিন ধৰি তামোল সেৱন কৰা লোকৰ মুখগহবৰ, দাঁতৰ আলু, ফেৰিংছ, ইছ’ফেগাছ আৰু পাকস্থলীকে ধৰি খাদ্যনলীৰ বিভিন্ন অংশত কেন্সাৰ ৰোগ হোৱাৰ আশংকা অধিক। বিশুদ্ধ তামোল-পাণতকৈ তাৰ সৈতে ব্যৱহাৰ কৰা অন্যান্য অনুপান সামগ্ৰীবিলাকে (Additives) এনে আশংকা আৰু অধিক কৰি তোলে। ইয়াৰ উপৰিও তামোল-পাণৰ অত্যাধিক সেৱনে উচ্চ-ৰক্তচাপ, মধুমেহ, হাপানী, হাওঁফাওঁ আৰু শ্লেষ্মাজনিত অসুখ, প্ৰষ্টেটৰ সমস্যা আদি বিভিন্ন ধৰণৰ ৰোগৰো সৃষ্টি কৰিব পাৰে। কোনো কোনো ক্ষেত্ৰত তামোল-পাণৰ অত্যাধিক সেৱনে মানসিক ভাৰসাম্য নষ্ট কৰাৰ প্ৰমাণো পোৱা গৈছে। তামোলৰ প্ৰতি অত্যাধিক আসক্তি বা নিচাও তেনেধৰণৰ এক মানসিক বিসংগতি বুলি কোনো কোনোৱে ক’ব খোজে। কিছুমান অধ্যয়নত তামোল-পাণ সেৱনৰ ফলত গৰ্ভৱতী নাৰীৰ গৰ্ভনাশ, গৰ্ভকালৰ হ্ৰস্বতা, গৰ্ভস্থ শিশুৰ ওজন হ্ৰাস আদিৰ দৰে সমস্যাও দেখা পোৱা গৈছে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি তামোলে আসন্ন কৰি তোলা ভাবুকিলৈ লক্ষ্য ৰাখি কোনো কোনো ব্যক্তি বা নিকায়ে তেওঁলোকৰ চৌহদত তামোল-পাণৰ সেৱন নিষিদ্ধ কৰি জাননী জাৰী কৰে। তামোলত পোৱা মূখ্য ৰসায়নিক উপাদান, এৰিক’লিনক অষ্ট্ৰেলিয়াত এবিধ চতুৰ্থ অনুসূচীৰ বিষাক্ত পদাৰ্থ (Schedule 4 Poison) বুলি গণ্য কৰা হয়, যাক ডাক্তৰী পৰামৰ্শ অবিহনে ব্যৱহাৰ কৰাটো আইনগতভাবে নিষিদ্ধ। কিন্তু অতীজৰ পৰা পৃথিৱীৰ বহুতো স্থানত বিভিন্ন সভ্যতা-সংস্কৃতিৰ লগত জড়িত হৈ আজিলৈ তামোলে যি জনপ্ৰিয়তা অৰ্জন কৰিছে, তালৈ চালে জনস্বাস্থ্য বা পৰিচ্ছন্নতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা তামোলক সম্পূৰ্ণকৈ নিষিদ্ধ কৰাটো একপ্ৰকাৰ অসম্ভৱ কথা যেনেই লাগে। তামোলৰ এই জনপ্ৰিয়তাই ইয়াক বহুতো দেশৰ সমাজনীতি আৰু অৰ্থনীতিৰ লগত ওতঃপ্ৰোতভাবে জড়িত কৰি পেলাইছে। তামোলৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতেই এখন শীৰ্ষস্থানীয় দেশ। ভাৰতত প্ৰায় ২.৬৪ লাখ হেক্টৰ ভূমিত তামোলৰ খেতি আছে আৰু দেশখনে প্ৰতিবছৰে গঢ়ে ৩.৩ লাখ টন তামোল উৎপাদন কৰে। ইয়াৰে প্ৰায় ৭২% উৎপাদন কেৱল কেৰালা আৰু কৰ্ণাতকতেই হয়। ভাৰতৰ ৬ নিযুততকৈও অধিক লোক তামোলৰ ব্যৱসায়ৰ লগত জড়িত। কেৱল তামোল বা পাণ হিচাবেই নহয়, বিভিন্ন ব্যৱসায়িক বুদ্ধিৰে তামোলক বিভিন্ন ধৰণেৰে সংসাধন (Processing) কৰি অন্য কিছুমান অপৰম্পৰাগত ৰূপত বজাৰত মুকলি কৰি দিও ব্যৱসায়িকভাবে সফলতা লাভ কৰা হৈছে।তামোল আৰু পাণৰ সংসাধিত (Processed) ৰূপসমূহৰ ভিতৰত চুপাৰী, মিঠা বা জৰ্দ্দা পাণ, মিঠা চুপাৰী, গুটখা আদি ভাৰতত বেছ জনপ্ৰিয়। অবশ্যে গুটখাৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে অতিপাত ক্ষতিকৰ বুলি প্ৰমাণ হোৱাৰ পিছত অসমকে ধৰি ভাৰতৰ প্ৰায় ২৪ খনমান ৰাজ্যত গুটখাৰ সেৱন আৰু বিক্ৰী ইতিমধ্যে নিষিদ্ধ কৰা হৈছে। বেনাৰসী পাণৰ চাহিদা আৰু জনপ্ৰিয়তাৰ বাবে ইয়াক দেশৰ বাহিৰলৈকো ৰপ্তানি কৰা হয়। মেঘালয়ৰ গুৱামুৰি ৰাজ্যখনলৈ অহা পৰ্যটকসকলৰ বাবে অন্য এক আকৰ্ষণৰ বস্তু। মানুহৰ উপৰিও কেৰ্কটুৱা, বান্দৰ, বাদুলি আদিৰ বাবে তামোল বা তামোলৰ মাণিক এক উপাদেয় আৰু মূখ্য খাদ্য। পৰুৱা, টোকোৰা চৰাই আদি বিভিন্ন জীৱ-জন্তুৰ উপৰিও তামোল গছে মানুহৰ বাবে অতি মূল্যবান কপৌফুল, পাণ বা জালুকৰ দৰে প্ৰয়োজনীয় উদ্ভিদকো জীৱনৰ বাবে আশ্ৰয় প্ৰদান কৰে।
অসমৰ বিভিন্ন জাতি আৰু গোষ্ঠীৰ মাজতো তামোলৰ ব্যৱহাৰ এটি সাধাৰণ ৰীতি। অসমীয়া সমাজ আৰু সংস্কৃতিত তামোলে এটি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। এতিয়াও দূৰ ভ্ৰমণলৈ যাবলৈ ওলোৱাজনে তামোল এটোপোলা লৈ ওলায়। ই ভ্ৰমণৰ ক্লান্তি আঁতৰায়, লগতে সহযাত্রীৰ লগত সম্পর্ক অতি কম সময়ৰ ভিতৰত মধুৰ কৰাটো বিশেষভাৱে সহায় কৰে। বর্তমান সময়তো ৰাস্তাই-ঘাটে হঠাতে পৰিচিত মানুহক লগ পালে ওচৰৰ পাণ দোকানলৈ লৈ গৈ তামোল এখন যঁচাটো অসমীয়া মানুহৰ এক প্ৰকাৰৰ সৌজন্য। সময়ৰ লগে লগে মিঠাপাণ, জৰ্দাপাণৰ প্ৰভাৱত তামোলৰ প্ৰাধান্য কিছু কমিছে যদিও তামোলে অসমীয়া সমাজ আৰু সংস্কৃতিত এক অপৰিহাৰ্য আৰু বিশিষ্ট স্থান গ্রহণ কৰি আছে। তামোল পাণ ৰ ব্যৱহাৰে অসমীয়া সমাজত এটা নিটোল স্থান অধিকাৰ কৰি আহিছে আৰু অসমীয়া সমাজে ইয়াক জীয়াই ৰাখিছে।।
কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰকাশত অৰ্জুন ভঞ্জন নাটক
🅾️মণিৰূপা মিশ্ৰ
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকন'লজি, আজাৰা
গুৱাহাটী-১৭
ফোন নং- ৮৬৩৮৬৮৪৮৯১
ভাগৱত পুৰাণৰ ওপৰত আধাৰিত অৰ্জুন ভঞ্জন নাটকখন মহাপুৰুষ মাধৱদেৱৰ প্ৰথম নাট । নাটকত মাধৱদেৱে শিশু কৃষ্ণৰ বিভিন্ন কাৰ্য কলাপৰ মাজেৰে দাঙি ধৰা দুষ্টালিৰ দ্বাৰা কৃষ্ণৰ অপাৰ মহিমা ব্যক্ত কৰিছে। মাধৱদেৱৰ সৃষ্টি ৰাজিৰ মূলতে আছিল কৃষ্ণৰ শ্ৰেষ্ঠত্ব দেখুওৱা। অৰ্জুন ভঞ্জন নাটকতো সেয়ে শিশু কৃষ্ণ আৰু মাতৃ যশোদাৰ মাজত বিৰোধ, যমলাৰ্জুন ভংগ আৰু শেষত নন্দ আৰু যশোদাৰ মাজত চলা বাক বিতণ্ডা এই তিনিটা স্তৰত ৰচনা কৰি প্ৰতিটো অংশতে পাকে প্ৰকাৰে কৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰিছে।
নাটকখনৰ কাহিনী ভাগ গাঁৱলীয়া পটভূমিত ৰচনা কৰা। যশোদা, কৃষ্ণ, নন্দ, ৰোহিনী, গোৱাল, গোৱালী, কুবেৰৰ পুত্ৰদ্বয় নল কুবেৰ আৰু মণিগ্ৰীব ইত্যাদি কেইবাটাও চৰিত্ৰৰ ইয়াত সমাবেশ ঘটিছে। কৃষ্ণ আৰু যশোদাৰ চৰিত্ৰই মুখ্য যদিও কাহিনীৰ অগ্ৰগতিত বাকী চৰিত্ৰ সমূহৰ যথেষ্ট ভূমিকা আছে ।
নাটকৰ আৰম্ভণিতে কৃষ্ণৰ মাতৃ যশোদাই ঘৰৰ গোপীসকলে দধি মথিলে ভাল নহয় বাবে তেওঁলোকক দধি মথিবলৈ নিদি নিজেই কামত লাগিছে। নাটকত কৈছে " তোৰাসব কৈচন দধি মথন কৰহ ? শুহি দধিক কলসে পুৰুৰক সমানে লবনু কৈছে নাহি পাৱত? তোৰাসৱক গাৱে কি বল নাহি?..." যশোদাৰ কথাখিনিৰ দ্বাৰা তেওঁক এগৰাকী সাধাৰণ গ্ৰাম্য মহিলা হিচাপে চিহ্নিত হৈছে। যশোদাই দধি মথি থাকোঁতে সমুখত খেলি থকা পুত্ৰ কৃষ্ণক চাই চাইও আনন্দ লভি আছে। লগে লগে কৃষ্ণৰ ৰূপ গুণৰ বৰ্ণনা কৰিব ধৰিছে। তেওঁ কৈছে " হে বাপু কৃষ্ণ , তুহো হামাৰি কোটি পুৰুষক পৰম দেৱতা, মাথাত মুকুট, শিৰত ভূষণ, গলাৰ সাতসৰী , কৰ্ণৰ কুণ্ডল, কৰৰ কংকন। আহে বাপু , তোহাৰি অৰুণ অধৰক বালাই লঞো।...." । যশোদাৰ ঐকান্তিক ভক্তিত সন্তুষ্ট হৈ কৃষ্ণই মনতে ভাবিলে " হামু পৰমেশ্বৰ, লক্ষ্মীৰ নায়ক, ইহাৰি গৃহে ভকতিক ব্শ্য হয় ৰহলছি। হামু জীৱক পৰম দুৰ্লভ।..." অথচ কৃষ্ণক পুত্ৰ হিচাপে পাইও যেন যশোদাই সাধাৰণ বস্তুৰ প্ৰতি লোভ সামৰিব নোৱাৰাত কৃষ্ণৰ খং উঠিছে । কৃষ্ণই কৈছে "... ভল , বস্তুক বাঞ্ছা নাহি টুটত। হামাৰা ভকতা গোপী সৱক কোপ কৰিয়ে লৱণু অধিক কৰিয়ে গোপীসবক দণ্ড কৰিতে অতয়ে শ্ৰম কৰিতে লাগল । ইহাক আজু লৱণু তুলিতে নাহি দেৱব। " তেওঁ যশোদা মাতৃৰ স্তন পান কৰিব বিচাৰিছে। দধি মথি থকা অৱস্থাতো যশোদাই কৃষ্ণক মৰমেৰে স্তন পান কৰাইছে। কিন্তু সেই সময়ত গোপী সকলে আহি যেতিয়া যশোদাক ক'লে যে চৌকাত থালী ভৰাই যি ক্ষীৰ উতলাই ৰখা হৈছে , সেইয়া পৰিবলৈ ধৰিছে আৰু তেওঁ সোনকালে আহিব লাগে। তেতিয়া যশোদাই কৃষ্ণক পিছত স্তন পান কৰিব দিব বুলি কোলাৰ পৰা নামিবলৈ দিলে। কৃষ্ণই কিন্তু নানামি আকোৰগোঁজ হৈ থাকিল। শেষত যশোদাই খঙতে কৃষ্ণক থেকেচা মাৰি মাটিত নমাই ক্ষীৰ নমাবলৈ দৌৰি গ'ল। ইয়াতেই কৃষ্ণই খং কৰি পটা গুটি দলিয়াই মথনি দণ্ডৰ লগতে দধিৰ ভাণ্ড ভাঙি চুৰমাৰ কৰে আৰু বানৰৰ লগত নিজেও দধি ভোজন কৰিবলৈ ধৰে। মাক যশোদাই কৃষ্ণৰ এনে কাৰ্য কলাপ দেখি মাৰিবলৈ উদ্যত হওঁতে কৃষ্ণই আকৌ পলাই লৰ মাৰে। শেষত ধৰা পৰাত চকু পানী টুকি সহানুভূতি ল'ব বিচাৰে। এই কাৰ্যাৱলীৰ মাজেৰে কৃষ্ণক এটি সাধাৰণ শিশু ৰূপে দেখা পোৱা যায়। কৃষ্ণৰ দুষ্টালিৰ বাবে মাতৃ যশোদাই কৃষ্ণক উৰালত বান্ধিব খুজিছে কিন্তু বাৰে বাৰে দুই আঙুলি ৰচী কম হোৱা বাবে চেষ্টা কৰি কৰি ভাগৰি পৰিছে। শেষত কৃষ্ণই নিজেই বন্ধন মানি লোৱা বাবেহে কৃষ্ণক বন্ধাতো সম্ভৱ হ'ল। ৰচি ডাল বাৰে বাৰে চুটি হোৱা কাৰ্য্যই যশোদাৰ লগতে গোপী সকলকো আচম্বিত কৰি তুলিছে । এই ঘটনাৰ দ্বাৰা স্বৰূপাৰ্থত শ্ৰীকৃষ্ণৰ মাহাত্ম্যহে প্ৰকাশ পাইছে । নিজৰ পুত্ৰ কৃষ্ণতকৈ যশোদাই পাৰ্থিৱ বস্তুকহে বেছি প্ৰাধান্য দিছে। ধন জন পুত্ৰ মোহত বন্দী যশোদা। এই মায়া আৰু মোহৰ বাবেই দুখৰ জন্ম হয়। কৃষ্ণক বান্ধিব খোজাতোৰ দ্বাৰা আচলতে যশোদাৰ মমতা আৰু অহংকাৰ প্ৰকাশ পাইছে। দুই আঙুলি ৰচি চুটি কৰি থোৱা কথাটো কৃষ্ণৰ মাহাত্ম্যৰ স্বৰূপ লগতে যশোদাৰ অহংকাৰৰ ফল । কিন্তু ভগৱন্ত ভক্ত বৎসল। যশোদাই কৃষ্ণক পুত্ৰ ৰূপে পাইছে। সেয়ে মাতৃৰ দায়িত্বৰে কেতিয়াবা খং ৰাগ কৰিলেও যশোদাৰ সুখ দুখ কৃষ্ণৰ লগত বান্ধ খাই আছে। কৃষ্ণৰ প্ৰতি থকা প্ৰেম, মমতা, কৰুণা দায়বদ্ধতাই যশোদাক কৃষ্ণৰ সৈতে সংযোগ কৰি ৰাখিছে। সেইবাবে শেষত কৃষ্ণই নিজেই যশোদাৰ ৰচীত বান্ধ খাই গ'ল। ভগৱন্তৰ ঐশ্বৰিক শক্তি বা মাহাত্ম্যক উপলব্ধি কৰিবলৈ কৃষ্ণই মানৱ ৰূপেৰে বিভিন্ন ক্ৰিয়া কলাপৰ মাজেৰে নিজৰ শ্ৰেষ্ঠত্ব দেখুৱাইছে । এটা স্বাভাৱিক মানৱ শিশু ৰূপে মানুহৰ মাজত ডাঙৰ হোৱা কৃষ্ণক অইনৰ দৰে সকলোৱে ভাবে যদিও সময়ে সময়ে কৃষ্ণৰ বিস্ময় আৰু আশ্বৰ্য্যজনক কাৰ্য্য কলাপে সকলোকে আচৰিত কৰোৱায়। কৃষ্ণ এফালে পৰম পুৰুষ পৰমেশ্বৰ আন ফালে মানৱ। কৃষ্ণক উৰালত বান্ধি দিয়া বাবে যশোদাই বলোৰামৰ মাতৃ ৰোহিনী, গোপী সকলৰ পৰা নানান কথা শুনিব লগা হৈছে। ৰোহিনীয়ে কৈছে " ওহি মনুষ্য বালক নহি; প্ৰভাৱ দেখিয়ে হামু জানল, ওহি জগতক কাৰণ নাৰায়ণ।" ৰোহিনীৰ কথাৰ দ্বাৰা আচলতে কৃষ্ণৰ অলৌকিক আচৰণ প্ৰকাশ কৰিব বিচাৰিছে।
উৰালত বন্ধনৰত অৱস্থাত কৃষ্ণই বাহিৰলৈ ওলাই আহে। নাৰদৰ অভিশাপত কুবেৰৰ দুই পুত্ৰ নলকুৱেৰ আৰু মণিগ্ৰীৱ যমলাৰ্জুন ৰূপে অভিশাপগ্ৰস্ত হৈ আছিল। কৃষ্ণৰ দ্বাৰাহে তেওঁলোক অভিশাপ মুক্ত হ'ব পাৰিব। কৃষ্ণই কুৱেৰ পুত্ৰদ্বয়ক মুক্ত কৰাৰ বাবে যমলাৰ্জুন গছ দুডালৰ মাজেৰে উৰালৰ সৈতে পাৰ হৈ আহি দুয়ো জোপা গছ বগৰাই পেলালে। প্ৰকাণ্ড শব্দ কৰি গছ দুডাল উভালি পৰিল আৰু তাৰ পৰা কুবেৰ পুত্ৰদ্বয় শাপ মুক্ত হৈ ওলাই আহিল । " জয় জয় কৃষ্ণ বোলি দণ্ডৱতে বাৰম্বাৰ পৰনাম" কৰি কুৱেৰ পুত্ৰদ্বয় অন্তৰ্ধান হয়। এই দৃশ্য প্ৰত্যক্ষ কৰি আছিল বাহিৰত খেলি থকা কৃষ্ণৰ লগৰীয়াবোৰে। প্ৰকাণ্ড গছ দুজোপা বতাহ বৰষুণ নোহোৱা সত্বেও ভাঙি পৰাত পিতৃ নন্দৰ লগতে সকলোৱে আচৰিত হৈছে। গোৱাল বালক সকলে আশ্চৰ্য প্ৰকাশ কৰি কৈছে " ওহি কি অদভুত , বাত নাহি , বৃষ্টি নাহি , নিৰ্ঘাত বজ্ৰপাত নাহি , হস্তীসৱক বিক্ৰান্ত দোষ নাহি , অতয়ে বালক বৃক্ষ কৈচন উভালি পৰল? " নন্দই কৃষ্ণক সুৰক্ষিত হয় থকা দেখি স্বস্তি বোধ কৰিলেও কণমানি শিশুটিক এনেকুৱা শাস্তি দিয়া বাবে যশোদাক গালি পাৰিবলৈ ধৰিলে যে গভাইড চুৰকো তেনে শাস্তি নিদিয়ে। ক'ত তপস্যাৰ ফলত কৃষ্ণক বৃদ্ধ বয়সত পুত্ৰ হিচাপে পাইছে, অথচ সেই প্ৰাণৰ পুত্ৰক গৰুৰ পঘাৰে বান্ধিছে । নন্দই কৈছে " তুহু কি নিমিত্তে মানুষী ভেলিহ্ল ৰাক্ষসতো ধিক।" নন্দৰ কথাত যশোদাই আকৌ নন্দৰ লগত বাক যুদ্ধত লিপ্ত হয়। তাতেই নাটকৰ পৰিসমাপ্তি ঘটিছে।
মাধৱদেৱে অৰ্জুন ভঞ্জন নাটকখনত যশোদা আৰু নন্দকে আদি কৰি বিভিন্ন চৰিত্ৰৰ দ্বাৰা কৃষ্ণৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিছে। কৃষ্ণক বন্ধন কৰ্মই ভক্তিৰ শ্ৰেষ্ঠত্ব নিৰুপন কৰে। এই ভগৱত প্ৰেমে ঈশ্বৰ বন্ধন আৰু জীৱৰ মুক্তি সূচনা কৰে। গতিকে দেখা যায় নাটকখনত বিভিন্ন ঘটনাৰ দ্বাৰা কৃষ্ণৰ মাহাত্ম্যৰ লগতে কৃষ্ণ ভক্তিৰ স্বৰূপ সুন্দৰকৈ ব্যক্ত হৈছে।
সংঘাত
🅾️প্ৰিয়া বৰা ,যোৰহাট
এটা নতুন স্বপ্নই
মনৰ গোপন কোণত
খুন্দিয়াই আছে বাৰে বাৰে ।
এখন নতুন ৰাজ্যত
এটা ভঙা জুপুৰী দিন কটাইছো ।
আৰু কটোৱাৰ আশাত ------আছে তাত শান্তি,সত্য আৰু
অহিংসা ।
ব্যস্ততাৰে ভৰা জীৱনত
কল্পনা পিয়াসী মনে সুন্দৰতাকেই কঢ়িয়াই
আনিছে বাৰে বাৰে ।
এয়া ব্যথাভৰা জীৱনৰ
আৰ্তনাদ নহয়------
ই সুখৰ নিজৰা বোৱাই অনা
এক বোৱতি সুঁতি !
মই কমলাৰ বাকলি
🅾️অৰূপ বড়ো
মই
সকলোৰে প্রিয়
মাথোঁ ভক্ষণৰ বাবে..
মোৰ দেহৰ বাকলি খুলি খুলি
তৃপ্তি লয় মোৰ প্ৰতিটো কোহ!
মোৰ পৰা সিহঁতে বহুত উপকৃত
জীৱন নিৰ্বাহ কৰিবলে
মই সিহঁতৰ পৰা আজীৱন অৱহেলিত ।
সিহঁতবোৰে
আক্ৰমণৰ লুলোপ দৃষ্টিৰে
মোক লক্ষ্য কৰে ।
আৰু কুটি কুটি খাই
গিনিপিগৰ দৰে..
নিজৰ বাসনা সন্তুষ্ট হোৱাৰ পাছত
মোক পেলাই থৈ যায়
মই যেন ,
অবৈধ জাৰজ সন্তান।।
আকাশ চুই উৰিবৰ মন
🅾️মাৰ্জিনা বেগম
বৰপেটা
আকাশ চুবৰ দুৰ্বাৰ বাসনা জাগে ,
সচাঁকৈ আকাশ জানো
চুব পৰা যায়?
এই যে
চৰাই হৈ উৰিব মন দূৰ দূৰণিত
উৰিব পৰাকৈ আছে জানো সহজ উপায় ?
এয়া যে সকলো মিছা মৰীচিকা
তুমি জানা মইও জানো,
নেদেখি নুবুজি মোহৰ জালত পৰি
হৃদয়ত জলাই জুই
চগা হৈ মৰো পুৰি ।
আকাশ চুবৰ বাসনা,
উৰি যোৱাৰ আশা ,
সপোনতে জাগি উঠে
সপোনতে সমাধি পাতে ।
আকাশ যে চুব পৰা নাযায়
উৰিব পৰা নাযায়
দূৰ দূৰণিত
সকলো জানি আজি
মই নিশ্চুপ পথৰ পথিক ।
শীতৰ সেমেকা ৰাতি
🅾️ছেলিমা বেগম ৷
থৰকবৰক কৈ কঁপিছে
ককা আইতাহঁতৰ বুঢ়া দেহাটি
বুলু দে জুইকুৰাটি ৷
শীতৰে সেমেকা গাভৰুহঁতৰ দেহাটি ,
মিচিকিয়া হাঁহিটি
ওঁঠ দুটি গোলাপী মিচিকিয়া হাঁহিটি
থওঁ নেকি ওলমাই ৷
গোলাপ ফুলৰ পাহিত সাঁচি ,
মিচিকিয়া হাঁহিটি ৷
শীতৰে সেমেকা বুঢ়া শিয়ালৰ
কঁপিছে দেহাটি
কে--কে-- হো--ৱা হো--ৱা চিঞৰটি
গুহাত সোমালেহি ৷
শীতৰে সেমেকা ন -বোৱাৰীৰ দেহাটি ,
মিচিকিয়া হাঁহিটি
পিঠা গুৰ লৈ সাজু হৈছে
জীয়ৰী বোৱাৰী ৷
মৰমৰ বিহুটিক আদৰিবলৈ
মাঘৰ বিহু আহিল ঐ
শীতৰে সেমেকা সেমেকা পুৱাতি,
ডেকাহঁতৰ দেহাটি ৷
চিতল ধৰিবলৈ নাচি নাচি বিলতে
এসাঁজ খাবলৈ ৷
নামনি ভ্ৰমণ
🅾️যদুমণি গগৈ ।
ৰেলত বহি নামনি ভ্ৰমণ- - -
সাঁচতিয়া আশা
নয়ন ভৰি চাম ।
নালাগে নিদিয়া যদিও
এষাৰি মাত
নিলগত থাকি শুনিম
দেহা পৰিব শাত।
সিমানে যথেষ্ট
ভাবি লম পালো
কবিৰ সভাত এভূমুকি
কবিতা পাঠত নিচিনিলোঁ
বেয়া পালাই বা কাষতে বহিলো
বয়সৰ দোপাল পিতা বৰষুণত
বেলি লহিওৱালে
একে থৰে আছিলোঁ চাই
তোমাৰ একো
খবৰে নাই - - - ।
একা বেকা জীৱনৰ পথ
🅾️দিপশিখা ৰাজকোঁৱৰ।
সময়বোৰৰ কথা ভাবিলে
হাজাৰটা প্ৰশ্নই
বাট ভেটি ধৰে ।
আমি যেন একোটা গুহাত
বন্দীত্ব জীৱন পাৰ কৰোঁ।
সূৰুযৰ হেঙুলীয়া পোহৰ
বহু সাধনাৰ ফলতহে যেন
সূৰুজমুখী স্বপ্নৰ দৰে
মুক্ত ভাৱে লাভ কৰোঁ।
অতীতৰ বাস্তৱ কাহিনীবোৰ
এটা এটাকৈ লিপিবদ্ধ কৰিলে
নিজকে অতীতত বিচাৰি পাওঁ ।
একা বেকা
জীৱনৰ আলি
কেকুৰিটো
কিমান কষ্টৰ ফলত
সেউজীয়াকৈ সজাও।
জীৱনৰ ঘাত প্ৰতিঘাতবোৰটো আছেই
চিৰ জীৱনৰ লগৰী এইবোৰ
তাৰ মাজতেই হাঁহি হাঁহি নিজৰ
দুখ বেদনাবোৰ লুকুৱাই
আগুৱাই যাবলগীয়া হয়
মনৰ মনোবল নেহেৰুৱাই
আন্ধাৰ বিনাশি
পোহৰ বিচাৰি
জয়ী হ'বলগীয়া হয়
জীৱন যুঁজত ।
প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ কথা আছেই
এনেকৈয়ে চলি থাকে
একা বেকা জীৱনৰ পথ।
এখন নীলা চাদৰত উচুপনি
🅾️নিবেদিতা দাস কলিতা
নলবাৰী ।
অব্যক্ত বেদনা এটা লৈ
কোনে উচুপি উঠে?
এখন নীলা চাদৰত ৰিক্ত হৃদয়ৰ উচুপনি,
শুনিব জানো কোনোবাই?
হৃদয় খনে হাহাকাৰ কৰি উঠে
এবুকু মৰম উপচাই
আলফুলে সাবতি ধৰে
নিমিষতে হেৰাই যায় ।
কোন অচিন দেশৰ পখী
নিশা গুণগুণাই
শুৱনি কৰে তাইৰ আচল?
কিয় বাৰু সপোন মৰহি যায়
বহু বাৰ সাতুৰে গভীৰ নৈ খনত
কোনো পাৰাপাৰ নাই
ৰৈ ৰৈ ভাগৰি পৰে
আহিব জানো তাইৰ বঠাখনৰ
নাৱৰীয়া জন?
আজি যে তাই বঠা বিহীন
ভটিয়াই যাব বিচাৰে তাইও
যদি শুনে তাইৰ হৃদয়ৰ আৰ্তনাদ
জোনাকে উপচাব তাইৰো জীৱন ।
মোৰ এটা সপোন আছে
🅾️ছাইফুদ্দিন আহমেদ
চন্দ্ৰটোক সাতো ৰঙে
ৰঙীন কৰিবলৈ
যিমান টকা লাগে
অৰ্জন কৰিবলৈ ৷
মোৰ এটা সপোন আছে
আকাশৰ সকলো ত’ৰা
কিনিবলৈ সাজু মই
যিমান কষ্ট লাগে
কৰিবলৈ ৷
মোৰ এটা সপোন আছে
সূৰ্য্যটোক এদিন
প্ৰশান্ত মহাসাগৰত গাধুৱাই
বুৰ্জখলিফাৰ চাদত
দিম আৰি শুকাবলৈ ৷
মোৰ এটা সপোন আছে
পৃথিৱীখন প্ৰদূষণ
মুক্ত কৰিবলৈ ৷
নতুন কিবা কৰাৰ
নজিৰ সৃষ্টি কৰিবলৈ ৷
মোৰ এটা সপোন আছে
সকলো ধৰণৰ যুদ্ধ
নিষিদ্ধ কৰিবলৈ ৷
প্ৰস্তুত গোটেই বিশ্বৰ
অস্ত্ৰ-সস্ত্ৰ নিঃশেষ কৰিবলৈ ৷
মোৰ এটা সপোন আছে
পৃথিৱীবাসীক জীৱন্তে
এবাৰ সৰগ নৰক
দৰ্শন কৰাবলৈ ৷
ধৰ্মক একাষৰীয়া কৰি থৈ ৷
মোৰ এটা সপোন আছে
যুক্তিবাদী সৰ্বশান্তিৰ
এখন পৃথিৱী গঢ়িবলৈ ৷
প্ৰস্তুত মই
যিমান কষ্ট লাগে কৰিবলৈ ৷
ভাগৰুৱা জীৱন!
🅾️ লহৰজ্যোতি মৰাণ
তাতে ঘৰুৱা সমস্যা
ক্ৰমশ: মনৰ অস্থিৰতা বাঢ়িবলৈ ধৰিছে।
নাজানো জীৱনত কিমান দূৰ
আগবাঢ়ি যাব পাৰো
নাজানো সফলতাৰ মুখ
কেতিয়া দেখো
চেষ্টা সদায় অব্যাহত ৰাখো।
তথাপিও বাৰে বাৰে থমকি ৰওঁ
জীৱনত আগবাঢ়ি যোৱাত,
সদায় ভাগৰি পৰোঁ;
জীৱনৰ জটিলতা সময়ছোৱাত।
জীৱন চাগে এনেকুৱাই
পোৱাই পায়,
নোপোৱাই হেৰুৱাই,
ভগৱানে যদি চকু মেলি চাই
ভগৱান তুমিয়ে শেষ ভৰষা
দিবাহি ধিয়াই;
নতুন জীৱন !
চাই ৰম নতুন বৰ্ষ অপেক্ষাত।।
চিন্তাশীল মনোভাৱ
🅾️সুমন্ত নায়ক
বিবেক -বিবেচনাবোৰ কিয়নো
মানুহৰ দৰে নহয়।
কিয় ইমান নিষ্ঠুৰ মনোভাৱ
চেতনাহীন জ্ঞান।
ক'ত হেৰাই গ'ল সভ্যতাৰ সংস্কৃতি ,
শেষ হ'বলৈ ধৰিছে মানুহৰ অস্তিত্ব,
জ্ঞান আচৰণ, স্বাভিমান।
পৃথিৱীত মানুহেই
একো একোজন মানুহৰ ঘোৰ শত্ৰু ।
যিমানেই সময়, দিন ৰাতি পাৰ হয়,
সিমানেই মানুহে মানুহৰ হাততেই হত্যা, হিংসা, সন্ত্ৰাসৰ বলি হ'ৱ লগা হৈছে।
এয়েই নেকি চিন্তাশীল
মহা মানৱ জাতি ।
জাতি, ধর্ম, বর্ণৰ ওপৰতো
চলি আছে ধৰ্মীয় বিবাদ,
আন্দোলন।
কেতিয়া নিঃশেষ হ'ব কঠোৰ।মানসিক চিন্তা, ধাৰণা
এয়ে নেকি প্ৰকৃত মানুহৰ চৰিত্ৰ।
কেতিয়া শেষ হ'ব শত্ৰুৰ বিনাশ এদিন হয়তো পৃথিৱীয়েও
হাৰ মানিৱ লগা হ'ব পাৰে
তথাপি সলনি নহয় মানুহৰ হত্যা, হিংসা অহংকাৰৰ আচৰণৰ গতি বিধি।
বিজ্ঞান প্ৰযুক্তিৰ গতি
সলনি হ'ব পাৰে
কিন্তু সলনি নহয় মানুহৰ মনোভাৱ চেতনাহীন চিন্তা।
প্ৰকৃত মানুহ হ'লে জীয়াই থাকিলে হয় জাগ্ৰত চিন্তাশীল চেতনা।
বিবেকক প্ৰশ্ন
🅾️আব্দুল কাদেৰ মিঞা
দক্ষিণ শালমাৰা মানকাচাৰ
মুখখন চিলাই কৰা
গোটেই শৰীৰ আঘাতপ্ৰাপ্ত
মনুষ্যত্ব আধামৰা।
চকু দুটা যেন চিৰদিন বৈ যোৱা বোৱতী নদীৰ দৰে
অসংখ্য প্ৰেৰণা দিয়া বন্ধু সুলভ
প্ৰস্তাৱিত মহৎ বাণী
কোনে কাৰ কথা মানে!
সংঘাতে ভৰি পৰিছে ।
চলিছে হিংসাৰ মহোৎসৱৰ খেল
খেলৰ মাজে মাজে প্ৰাণ হেৰুৱাইছে
অসংখ্য মহৎ লোক।
ধৰ্মদেশত নাই কোনো মনোযোগ
সকলোৱে এনেকৈ বহি আছে
যেন হেলায় মানৱতাক হত্যা কৰি আছে।
কোৱাচোন বিবেক ?
আৰু কিমান দেখিম
এই শিখাই জ্বলি থকা মানুহৰ মৰ্মবেদনা
কিমান সহ্য কৰিম এই দুখৰ বোজা।
নীৰৱ কোলাহল
🅾️লিপি শইকীয়া
ফুলগুৰি, নগাঁও
এই কলীয়া ডাৱৰ ?
হঠাতে আজুৰি নিলে
ৰঙীন বতৰ ।
তীব্ৰগতিত বলিল পছোৱা
নামি আহিল ভৰ বাৰিষা
গৰজি উঠিল কলীয়া মেঘবোৰ
বোৱাই পেলালে জনসমুদ্ৰৰ নগৰ ।
ভাগি চুৰমাৰ হ'ল
হেপাঁহৰ পজাবোৰ
উটুৱাই লৈ গ'ল
নীৰৱ জীৱবোৰ ।
জীৱনৰ বাবে দি গ'ল
এক বিষাদ যান্ত্ৰনা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ