নালাগে মোক বিলাসী জীৱন - প্ৰিয়া বৰা

©Admin
0
 
মোৰ নহ'ব পাৰে আনৰ দৰে লাহ বিলাহৰ জীৱন
হব পাৰো মই দুখীয়া,
কিন্তু মোৰ থাকিবলৈ এটা জুপুৰী ঘৰ আছে 
হব পাৰে মোৰ এই জুপুৰীটো ভঙা,
কিন্তু মোৰ এই ভঙা জুপুৰীটোৰ মাজতেই 
লুকাই আছে অনাবিল সুখ ,
এই ভঙা জুপুৰীটোৰ মাজতেই বিছাৰি পাইছো মই
জীৱনৰ প্ৰকৃত সুখ
এই ভঙা জুপুৰীটোতেই আছে 
মোক ভালপোৱা,মোক বিশ্বাস কৰা মানুহবোৰ ।
এই মৰম,বিশ্বাসবোৰৰ মাজতেই মই 
বিছাৰি পাইছো মোৰ সুখবোৰ,
এই মৰমবোৰৰ বাহিৰে আৰু মোক 
 লাগে জানো কিবা সুখী হবলৈ,
মই কেৱল দুখীয়া ধনেৰেহে
মোৰ নাই কেৱল টকা পইছাহে,
নাই মোৰ এটা দামি ঘৰহে
পৰা নাই মই আনৰ দৰে দামি খাদ্য খাব,
নাই পৰা মই আনৰ দৰে দামি সাজ পিন্ধিব।
তথাপিও মই আজি সুখেৰে জীৱন কটাইছো
এটা জুপুৰী লৈ,কচু,ঢেকীয়া খাই 
আৰু সস্তিয়া কপোৰ পিন্ধিয়ে মই সুখী।
মোৰ যে এই ভঙা জুপুৰীটো 
এই জুপুৰীটোতেই আছে
 মৰম,ভালপোৱা,বিশ্বাস,সত্য ,শান্তি আৰু অহিংসা,
এই ভঙা জুপুৰীটোত বহুত সুখেৰে দিন কটাইছো 
আৰু কটোৱাৰ আশাত,
নহও মই ধনেৰে সুখী
নালাগে মোক সুখী হ'বলৈ কোনো টকা পইচা,
নালাগে মোক বিলাসী জীৱন।

✍️প্ৰিয়া বৰা,যোৰহাট,অসম
একাদশ শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)