ভোগৰ ভোগালী- মিন্টু গোৱলা

©Admin
0
নৱ বৰ্ষৰ আৰম্ভণিয়ে লৈ আনে বিহুৰ বতৰা ।
সোণোৱালী ধাননিৰ লক্ষ্মী আদৰা লৈ 
য'ত কষ্ট,দুখ সকলো পাহৰি 
আনন্দত বিলীন হঁও এদিন 
ভোগৰ ভোগালীত।
শস্যৰে নদন-বদন কৰি 
বছৰৰ 
প্ৰতিটো দিনেই শান্তিৰে এমুঠি 
খাওঁ ভোগালীত ।
বহো মেজিৰ কাষত 
লঁও গৰমৰ 
ওম !! 
ঠাণ্ডাত চেঁচা পৰা দেহটোক
 গৰম কৰোঁ আনন্দৰ মেলাৰে ।
পিঠা-পনা,লাড়ু,দৈ,তিলৰ লাড়ু ,চিৰা,
মূড়ী,গুৰৰ জুতি লঁও মেজিৰ তলত ।
উম! কি? সুমধুৰ ক্ষণ ...............
ৰাতি চুৰ কৰি অনা সেই বাৰীৰ 
বেঙেনা,কবি,আলু বোৰ পুৱাই 
ভগাই এসাঁজ মৰমেৰে ভোগৰ 
ভোগালী পাৰ কৰোঁ ।
হেঁপাহৰ ভোগালী তুমিয়ে 
অসমীয়াৰ হিয়াৰ আমঠু||

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)