এতিয়া জানিছোঁ সুখ আৰু দুখৰ কাহিনী।
জীৱনৰ গতিপথত সুখ কেতিয়াবা দুখ আহে বুলিয়েই
এই জীৱনৰ গতিপথত আশাও কেতিয়াবা হৈ পৰে প্ৰত্যাশা
বহুত আশা কৰিও একো পোৱা নাযায় যেতিয়া
তেতিয়া পোৱাৰ আশাত সকলো
পাহৰি যোৱাটো জীৱনৰ কোনো অৰ্থ নাথাকে।
জীৱনৰ কষ্ট পথত চিৰদিনলৈ বিলীন হৈ যায়
অন্তহীন যাত্ৰা জীৱনৰ গতিপথত সুখ কেতিয়া আহিব?
মৰুভূমিৰ বালিৰ দৰে শুকান হৃদয়ত পানী ছটিয়াই দিলেও
নৰম হৈ নাযায়
হালধীয়া শুকান পাতৰ দৰে
জীৱনৰ গতিপথত হেৰাই যোৱা স্মৃতি কেতিয়াও তাজা হৈ নাযায়।
প্ৰেমিক চৰাই মই খবৰটো তুমিও জানিছিলা
মই দিয়া দেখা সমূহ পঢ়িও কেতিয়াও উত্তৰ নিদিলা।
তুমিনো কি বুজিবা মোৰ উমান বুকুৰ মাজত বিষাদ কিমান!
মোৰ বুকুত জ্বলে বিষাদৰ বিননি, বুজিবলৈ তুমি চেষ্টাও নকৰিলা।
প্ৰেম অবিহনে, সংগী অবিহনে, তুমি অবিহনে
মোৰ জীৱনৰ গতিপথত সুখ বিচাৰি আকৌ কৈছোঁ
মোৰ জীৱনৰ অৰ্থনো কি ?
জীয়াই থাকিবলৈ প্ৰেৰণা নোপোৱা প্ৰেমিক চৰাই মই।
তথাপিও আশাবাদী আৰু সপোনৰ ভেঁটিত আছোঁ ৰৈ
হয় যদি কেতিয়াবা পূৰণ।
বিশ্বাস শব্দটোক হেৰাই পেলাব নিবিচাৰিবা
বিশ্বাস শব্দটোক সাৱটি ধৰিম আৰু তোমাৰ কথাই ভাবিম।
দূৰত থাকিলেও তুমি কাষত থকা লাগে
দেখা নাপালেও তোমাক
হৃদয়ৰ চকুৰে চোৱা লাগে।
তোমাৰ মোৰ অন্তহীন যাত্ৰা
জীৱনৰ গতিপথত সুখ আৰু দুখৰ কাহিনীত ।
পাহৰিব নোৱাৰা স্মৃতি ধৰি ৰাখিবলৈ মোৰ শৰীৰটো উচৰ্গা কৰিম মই।
তোমাৰ হৃদয়ত জীয়াই থাকিবলৈ
তোমাৰ মগজুত জীয়াই থাকিবলৈ
আকৌ এবাৰ বিচাৰি যাম।
তোমাৰ হৃদয় জয় কৰিবলৈ
তোমাক বিশ্বাস দিবলৈ
তোমাক মনে প্ৰাণে ভাল পাবলৈ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ