ন পৰিকল্পনাৰে আগুৱাই যাম
অতীতৰ প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ
হিচাপবোৰ সামৰি বৰ্তমানৰ
প্ৰতিটো পলৰ সময়বোৰ
জীপাল কৰি তুলিম মোৰ
নিজৰ বুদ্ধি বিবেচনাৰে ।
কেলেণ্ডাৰৰ তাৰিখ সলনি হ'ব
সেয়া সঁচা কথা বুলি বুজি পাওঁ,
কিন্তু সকলো সলনি হ'লেও
মোৰ লক্ষ্য সদায় একেই থাকিব
শেষ মূহুৰ্তলৈকে সাহসেৰে
যুঁজি যোৱাটোৱেই মোৰ কৰ্ম।
অতীতত নোপোৱাবোৰ এতিয়া
আকৌ পাবলৈ কষ্ট কৰিম;
নোপোৱাৰ হিচাপবোৰ লিখা
হিচাপৰ বহীখন মেলি
পুনৰ কিছু সংযোজন কৰি
সফল হ'বলৈ চেষ্টা কৰিম ।
বাধা যিমানেই নাহক কিয়
মই কেতিয়াও সাৰ নামানো
নৱবৰ্ষতেই আৰম্ভ কৰিম
এটি নতুন জীৱন...... ।
✍️দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ