শৰতৰ শেৱালীপাহ আৰু মই - প্ৰিয়ংকা বৰা

©Admin
0
শৰতৰ এটি সুকোমল ৰাতিপুৱা
বিছনাখন এৰি, চকুহাল মোহাৰি
সন্মুখৰ খিৰিকীখন খুলি দিলোঁ।
পোৱাৰ সূৰুযৰ একাজলী পোহৰ
মোৰ কোঠালীত সোমাই
কোঠালীতো পোহৰাই তুলিলে।
ৰঙীন পোহৰে মোৰ চকুহাল
চাট মাৰি ধৰিলে।
আউলি - বাউলি হৈ থকা চুলিকোচা বান্ধি,
বাহিৰলৈ ওলাই আহিলো।
দেখিলোঁ, মোৰ পদূলিৰ শেৱালীজোপাই
গোটেই চোতালখন বগা কৰি তুলিলে।
আলফুলে, মৰমেৰে কেইপাহমান ফুল
হাতেৰে তুলি ললোঁ।
নাকৰ কাষলৈ নি
তাৰ সুবাস ললোঁ।
সুগন্ধি সুবাসে মোৰ হিয়াখন
অভিমানী কৰি তুলিলে।
শেৱালীকেইপাহে এটি মিচিকিয়া হাঁহি
মাৰি মোক ক'লে
তুমি সদায় এনেকৈয়ে থাকিবা,
সলনি ন'হবা কেতিয়াও
উত্তৰত এটি মিচিকিয়া হাঁহিৰে
সৈতে ক'লো..
শৰতৰ নিশা সুবাস বিলোৱা শেৱালী
তুমিও সদায় এনেকৈয়ে থাকিবা,,
চৌদিশে সুবাস বিলায়।
মাথোঁ সলনি ন'হবা, ময়ো নহওঁ।।
                       
◾প্ৰিয়ংকা বৰা
কাকজান মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)