জগতৰ ন'ৰ, ন'ৰৰ নয়ন,
অংগ-পতংগ সৰল, ন'ৰৰ মন মৰমৰ।
নগৰ-চহৰ হয় পতন
পতন- অৱতৰণত হয় মৰণ।
শশধৰ, তপত,গগণ,
অসমৰ জ'ন বৰ অমৰ
শৰতৰ নৱম দশকত
বছৰৰ বৰণ সলনত
তগৰৰ তলত, ফলৰ লগত
অলপ সময় অপচয় হ'লত
জয় হ'ল অসমৰ ৰণ
ৰণৰ লগত গ'ল বল।
ৰণত মৰণ হ'ল ন'ৰসকলৰ
অসমৰ সৰল জ'নৰ মন বৰ মৰমৰ।।
গৰমক নকৰ ভয় অথচ
গৰমত গঠন হয় সৰল কমল
জনম- জনম গ'ল অকল মৰণ
মৰণত জয় হ'ল সৰল অসম।।
✍️চাহিদা বেগম ।
শিৱসাগৰ, অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ