সপোনৰ দুৱাৰদলি বাঘজানত ,
এতিয়া, জুয়ে পুৰি কৰিলে ছাৰখাৰ।
শ -শ গাঁৱৰ লগতে বহু পৰিয়ালৰে
সপোনৰ ঘৰখনি আৰু শতবৰ্ষ গৰকা
অইল ইণ্ডিয়াৰ প্ৰতিটো অহংকাৰে
আজি কৰিলে মাথোঁ চূৰ্ণ -বিচূৰ্ণ ।
বাঘজানৰ তৈলখাদৰ প্ৰকোপত
ভুমিকম্পৰ দৰে অগ্নিকাণ্ডৰ
মহাপলয়ত কঁপি উঠিছে বাঘজান।।
প্ৰাণৰ ভয়ত সকলোৱে আজি
হেঁপাহৰ , সপোনৰ ঘৰখনৰ
ঠিকনা হেৰুৱাই নিজৰে সুৰক্ষাৰ্থে
সকলো অঞ্চলবাসী হ'ল পলায়ন।।
বাঘজানত এতিয়া মাথোঁ।
গগনফলা একোটা বিকট শব্দ।
পলকতে বুকু কঁপি উঠা
এটুকুৰা জুই শিখা মাথোঁ।।
ভুমিকম্পৰ মহাকম্পনত,
প্ৰতিটো উশাহত কেৱল
তেলৰে দুৰ্গন্ধ ঘোৰ পলয়।।
বাঘজানৰ সমৃদ্ধিশালী
জৈৱ বৈচিত্ৰ্যলৈ আনিলে
প্ৰচণ্ড এক অশনি সংকেত।।
শ -শ থলুৱা প্ৰজাতিৰ চৰাইৰ
প্ৰতিটো মুক্ত বিচৰণথলীবোৰ ।
বিখ্যাত বনৰীয়া ঘোঁৰাৰ থলী।
শিহুৰ ঘন বসতি এলেকাৰ লগতে
মাগুৰ শিঙিৰ দৰে বনৰীয়া
মাছৰ ভৰপূৰ মাগুৰী মতাপুং
বিলো আজি কৃত্ৰিম
মৃত্যুৰ গ্ৰাসত পৰিণত হ'ল
বাঘজানৰ বিশাল ভূমিত ।।
বাঘজানৰ বিভীষিকাই
সমগ্ৰ অঞ্চলত পাৰ্শ্ব প্ৰতিক্ৰিয়াই
বৰ্তমান প্ৰজন্মৰ লগতে
ভবিষ্যত প্ৰজন্মৰ মাজলৈ
আনিলে এক প্ৰচণ্ড ভাবুকি সংবাদ।।
সেয়ে,প্ৰত্যেকে প্ৰকৃতিক সংৰক্ষণ কৰক
পৃথিৱীক সেউজীয়া কৰাৰ একোটা
সেউজীয়া সেউজীয়া সপোন ৰছক।।
◾ নৱজিৎ নাথ
ছিপাঝাৰ ,দৰং ..
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ