বিৰতিৰ পিছত - যোগদা মহন গগৈ

©Admin
0
আজি বহু দিন বিৰতিৰ পিছত
আহিলো সন্ধিয়া বেলাত
বিপদ আপদ নেওচি 
ৰান্ধনী শালখন সামৰি
অধিক ক্লান্ত পথৰ ভ্ৰষ্ট হৈ
নেদেখা হ'লো সু গতিৰ লক্ষ্য
আহিলো সন্ধিয়া বেলাত ।
পিছলৈ ঘূৰি ঘূৰি
আগলৈ নচলে ভৰি
গৈছো নিজৰ কৰ্ম কৰি
আহিলো সন্ধিয়া বেলালৈ বুলি ।
কাব্যিক মনক নকৰোঁ উপহাস
চিৰযুগমীয়া হ'ব ইয়াৰ ইতিহাস
স্তৱক মালিতা , কবিতা গাঁথি
হৃদয়ৰ অকুণ্ঠত গৰজি উঠি
আহিছোঁ সন্ধিয়া বেলাত ।
শব্দৰ ব্যঞ্জ্যনেৰে ছন্দৰ মিলনেৰে
উপস্থাপন আৰম্ভণিৰে
ঢৌতে খৰ মাৰি
শৃংখলা মালা গাঁথি
আহিছোঁ সন্ধিয়া বেলাত ।
নতুন দিগন্ত সু প্ৰভাত প্ৰত্যাশাত
আতঁৰাই বিঘিনি বিনাশী
নিলগাই বিষবাষ্প আজি
সুগন্ধি মলয়া বাচি
আহিছোঁ সন্ধিয়া বেলাত আজি ।।

✍️শ্ৰীমতী যোগদা মহন গগৈ 
 নাহৰকটীয়া চাচনী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)