কবিতা - দিপশিখা ৰাজকোঁৱৰ

©Admin
0
তুমি মোৰ মনৰ কথা নুবুজিবা
কবিতাৰ ভাষা যে তুমি বুজি নোপোৱা 
অভিমানী মনক কেনেকৈ
তোমাৰ আগত প্ৰকাশ কৰিলে
তুমি বুজিবা মোৰ সুখবোৰৰ কথা ?
মই যে ভাৱনাৰ সাগৰখনত
অনুভূতিৰ সন্ধানত প্ৰতি দিনে 
সাতুৰি জীয়া কাহিনী সজাও
সেয়া শব্দৰ মাজত চাগে
তুমি বিচাৰিবলৈ জনা নাই।
বেদনাৰে সিক্ত চকুলো
তোমাৰ পৰা লুকুৱাই সদায়
হাঁহি থাকোঁ বাবেই হয়তো
তুমি আজিলৈ মোৰ প্ৰকৃত
ৰূপটো দেখা নাপালা...
দুখৰ কান্দোনবোৰো কবিতা
সুখৰ হাঁহিবোৰো কবিতা...
মোৰ জীৱনটোৱে বিষাদৰ কবিতা।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)