শীতৰ সেমেকা ৰাতিপুৱা - সীমা ৰবিদাস

©Admin
0
শীতৰ সেমেকা ৰাতিপুৱা
ডাঠ কুঁৱলীৰ চাদৰেৰে ঢকা, 
ধুৱলীয়ে আৱৰা নিলীম আকাশখন
কিযে দৃশ্য এই মন পৰশা।
লিহিৰি লিহিৰি বলিছে বতাহ
দেহ প্ৰাণত শীতল সুবাস বুলাই, 
যেন হৃদয়ত নিজমতাৰ পৰশ সানে
পুৱাৰ দূবৰিত জিলিকা মুকুতাই।
কিৰিলি কিৰিলি চৰাইৰ মাতত 
ভাগি যায় টোপনি
শীতল পুৱা,কুঁৱলীৰে ঢকা 
ধুৱলীৰ আ‍ঁৰত একোকেই নমনি।। 

✍️সীমা ৰবিদাস
বিশ্বনাথ চাৰিআলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)