তুমি আকাশ মই সাগৰ -পাৰবীন বেগম

©Admin
0
আকাশে হয়তো স্বপ্ননীল কবিতা লিখে ,
   বিশালতাত নীৰৱতাৰ কবিতা !
     নীলখনি মচাৰ এটি নীলাৰঙী অসমাপ্ত সপোনৰ সেন্দুৰীয়া কবিতা !
        সাগৰেও লিখে স্মৃতি মোহনাত লক্ষ ঢৌ তোলা উতলা সংগীত ,
           প্ৰেমৰ পোহৰ - দিপ্ত হিয়াৰ মোহন গৌৰৱত সাগৰেও দিয়ে অচিনাকী প্ৰণয়ৰ ভালপোৱাৰ ইংগীত ।
 সেইবাবেইটো , তুমি আকাশ মই সাগৰ ! 
    যেন ইজনে - সিজনৰ চিৰদিনৰে অন্তৰংগৰ ;
       কিন্তু , কেতিয়াবা শুনিছানে সাগৰ - আকাশৰ মিলনৰ সুৰধ্বনি ,
         দেখিছানে অস্তগামী সূৰুযে তোলা হেঙুল লতাৰ ৰঙীন অনামী ।
            তাহানিতে লিখি যোৱা কবিৰ পাতনিত পঢ়িছানে সাগৰ - আকাশৰ অনন্ত মিলনৰ জীয়া কাহিনী !
               আমাৰ এই অনুভূতিক নাম দি মই যদি কওঁ - "তুমি মোৰ শ্ৰীকৃষ্ণ আৰু মই তোমাৰ ৰাধা" বুলি , তুমি ল'বানে মানি ?
   জানানে , সাগৰৰ অবিহনে আকাশ প্ৰতিবিম্ববিহীন ,
     আকাশৰ অবিহনে সাগৰ ৰংবিহীন ।
       য'ত অাকাশে কঢ়িয়াই লৈ ফুৰে সাগৰৰ সমস্ত অভিমান ,
         নীলা - বগাখিনিৰ মাজত আকাশে চটিয়াই দিয়ে আশাভৰা কোমল পৰশৰ বৃষ্টিজাক ।
            আকাশে ৰিক্ত হৃদয়ত তোলপাৰ লগাই কৃষ্ণচূড়াৰ ৰঙেৰে আৱৰে সাগৰৰ গহীন হাঁহি ,
               শুভ্ৰ প্ৰপাতৰ আঁচলেৰে সাগৰে চঞ্চল হৈ ঢৌ তোলে মায়াসনা পৃথিৱীৰ পাৰ - ঘাট নিচিনি ।
                   সেইবাবেইটো , তুমি আকাশ মই সাগৰ !
   আকাশেতো নুবুজে মৰহা খৰিকাজাইৰ জয়ৰ গৌৰৱ মালা ,
      আকাশে ৰ'দাই দিয়ে সৰাপাহিত পৰা হেঁপাহৰ একাঁজলি অনামিকা ।
        সাগৰেতো নাজানে আকাশলংঙ্ঘী আৱেষ্টনীৰ কাৰেং সোণালী পোহৰৰ বৰণ ,
          সাগৰে তৃষ্ণাৰ্ত পোহৰৰ দেওধনী দেখিও লক্ষ ঢৌৰ আঁৰৰ সেই ৰহস্য নকৰে উদ্‌ঘাটন ! !
            শান্তি - গম্ভীৰতাৰ জীয়া ঢল কঢ়িয়াই নিয়ে সাগৰে ,
               মেঘৰ মাডল ভাঙি ওন্দোলাই নামি আহে আকাশে ,
                  সেইবাবেই , সেইবাবেইটো মই তোমাৰ সাগৰ আৰু তুমি মোৰ আকাশ । ।  


✍🏻 পাৰবীন বেগম ।
       দ্বাদশ শ্ৰেণী ।
       তিনিচুকীয়া (কাকপথাৰ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)