কিতাপৰ মাজতেই ছাত্ৰ জীৱন আবদ্ধ নহয় -আব্দুল কাদেৰ মিঞা

©Admin
0
ছাত্ৰ-ছাত্ৰী হৈছে দেশ এখনৰ ভৱিষ্যত।তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰে দেশ‌ আৰু সমাজ ।প্ৰভাতৰ পোহৰৰ দৰে নৱজীৱনৰ বিকিৰণ কৰি এওঁলোকে নিজৰ কৰ্মৰ যোগেদি দেশ আৰু সমাজৰ সকলো আইন শৃংখলাহীনতা, অন্যায় ঠেলি দিয়ে।তেওঁলোকৰ অপৰিসীম সম্ভাৱনা আছে। পৃথিৱীত এওঁলোকে কৰিব নোৱাৰা কাম একোৱেই নাই।যেতিয়া ছাত্ৰ সমাজ সাৰ পায় তেতিয়া গোটেই জাতি, দেশ, আৰু বিশ্বই সাৰ পায়। তেওঁলোকে নিজৰ সংগ্ৰামেৰে দেশক সংঘাতমুক্ত, শিষ্টাচাৰ, সৌজন্যতাৰেও দেশখনক সুখী আৰু সুন্দৰ কৰি তোলে।
অধ্যয়ন জীৱন হৈছে ছাত্ৰ জীৱন । ছাত্ৰ জীৱনত প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে দেশ - বিদেশৰ বিভিন্ন গৱেষণা অধ্যয়নলৈকে সকলোকে সামৰি লোৱা হয়।এজন ছাত্ৰই কোনো কামতে ৰৈ নাথাকে। ছাত্ৰ জীৱন মানৱ জীৱনৰ শ্ৰেষ্ঠ সময় বুলি কোৱা হয়।মানুহে ছাত্ৰ জীৱনতে ভৱিষ্যত জীৱনৰ ভেটি গঢ়ি তোলে।মানুহে ছাত্ৰ জীৱনৰ পৰাই জীৱনটো প্ৰচুৰতাৰে ভৰাই তুলিবলৈ শিকে। উদাহৰণ - সততা, ন্যায়, অনুশাসন, দেশপ্ৰেম, আত্মত্যাগ আদি ছাত্ৰ জীৱনৰ পৰাই আৰম্ভ হয়। প্ৰতিজন ছাত্ৰই জাতি গঠনৰ এক আহিলা বুলি ক'ব পাৰি। ছাত্ৰ এজনেই ভৱিষ্যতে দেশ এখনক নেতৃত্বত দিব।ছাত্ৰ জীৱন হৈছে মানৱ জীৱনৰ বীজ সিঁচাৰ সময়।শিক্ষা, স্বাস্থ্য আৰু চৰিত্ৰ যদি ছাত্ৰ জীৱনত অৰ্জন কৰা নহয় , তেন্তে ভৱিষ্যত জীৱনত সেইবোৰ কেতিয়াও আহৰণ কৰিব নোৱাৰি।দাৰ্শনিকৰ সকলৰ মতে আমি সেই শিক্ষা বিচাৰিব লাগে য'ত চৰিত্ৰ গঢ়ি তোলে।মনৰ শক্তি বিকশিত কৰে আৰু মানুহক নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ সক্ষম কৰে।
" ছাত্ৰানং অধ্যয়নং তপ:" এই শব্দটো প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ হৃদয়ত সদায় সজাগ কৰি ৰখা উচিত। শিক্ষা জাতিৰ মেৰুদণ্ড । জাতিৰ প্ৰগতিৰ মূলতে শিক্ষা।ছাত্ৰ-ছাত্ৰী সকলে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে জ্ঞান আহৰণ কৰিব লাগে।সকলো সময়তে নিজকে বেয়া সংগীৰ পৰা মুক্ত কৰি ৰাখিব লাগে।
কঠোৰ পৰিশ্ৰম আৰু অধ্যয়নে ছাত্ৰ ছাত্ৰীৰ বুদ্ধিমত্তাক চোকা কৰি তোলে আৰু ছাত্ৰ-ছাত্ৰী সকলক সফলতাৰ দিশে লৈ যায়। আনকি সাধাৰণ ছাত্ৰ ছাত্ৰীয়েও কঠোৰ পৰিশ্ৰম আৰু অধ্যয়নৰ দ্বাৰা প্ৰগতিৰ উচ্চ শিখৰত উপনীত হ'ব পাৰে।আমাৰ দেশখন পৰিচালনাৰ দায়িত্ব ছাত্ৰ ছাত্ৰীৰ বাবে অপেক্ষা কৰি আছে।সেইবাবে ছাত্ৰ ছাত্ৰী সকলে সকলো ধৰণৰ সংকীৰ্ণ মনোভাৱ, স্বাৰ্থপৰতা, নিন্দা আৰু অন্যায়ৰ ওপৰত সামগ্ৰিক কল্যাণৰ বাবে নিজকে উৎসৰ্গা কৰাৰ প্ৰতিজ্ঞা লৈ আগবাঢ়িব লাগে।সময় আৰু নদীৰ প্ৰবাহে কাৰো বাবে অপেক্ষা নকৰে।সেইবাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সময়মতে অনুশাসিত হ'ব লাগে। সময়মতে অনুশাসন অৰ্জনৰ বাবে ছাত্ৰ জীৱনটোৱেই উত্তম সময়। কাৰণ ছাত্ৰ জীৱনত যিবোৰ সুযোগ পোৱা যায় আন সময়ত এইবোৰ সুযোগ পোৱা নাযায়।গতিকে ছাত্ৰ জীৱনত প্ৰত্যেকেই অনুশাসন অৰ্জন কৰিব লাগে। আৰু যিসকলে ইয়াক অৰ্জন কৰিব পাৰে তেওঁলোকে জীৱনত সফলতা লাভ কৰিব পাৰে।" ছাত্ৰানং অধ্যয়নং তপ: "
ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনৰ মূল মন্ত্ৰ।এই সংস্কৃত শব্দৰ অৰ্থ হৈছে- অধ্যয়ন ছাত্ৰ ছাত্ৰীৰ একমাত্ৰ তপস্যা। ছাত্ৰ জীৱন মানে জ্ঞান আৰু বিজ্ঞানৰ জগতখন , যাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অহৰহ নতুন কিবা এটা শিকিব পাৰে । আৰু এই জ্ঞান ব্যৱহাৰ কৰি ভৱিষ্যতে কৰ্মমুখী জীৱনত প্ৰৱেশ কৰে। যদি আপুনি এখন সুস্থ সুন্দৰ পৰিবেশত কাম কৰিব বিচাৰে তেন্তে আপোনাৰ ছাত্ৰ জীৱনৰ পৰাই সেই মানসিকতা গঢ়ি তুলিব লাগিব। সেইবাবে ছাত্ৰ জীৱনত পঢ়া শুনাৰ কোনো বিকল্প নাই।শিক্ষকক সন্মান প্ৰদৰ্শন কৰিব লাগিব।শিক্ষকৰ আদেশ পালন কৰি এজন ছাত্ৰই নিশ্চয় ভাল গুণ অৰ্জন কৰিব পাৰে। কাৰণ শিক্ষক জনেই এজন ছাত্ৰক সৎ আৰু মেধাৱী কৰি তুলিব পাৰে।গতিকে শিক্ষকক সৰ্বোচ্চ মৰ্যাদাৰ আসনত বহাব লাগে। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰধান কৰ্তব্য হ'ল পাঠ্যপুথিৰ বাহিৰেও শিকিব লগীয়া বহু কথাই তেওঁলোকক প্ৰকৃত জ্ঞান লাভ কৰাত সহায় কৰে।
ছাত্ৰ-ছাত্ৰী হৈছে দেশ এখনৰ সচেতন নাগৰিক ।পঢ়া-শুনা ছাত্ৰ ছাত্ৰীৰ মূল লক্ষ্য যদিও সামাজিক ক্ষেত্ৰখনত তেওঁলোকৰ বহু দায়িত্ব আৰু কৰ্তব্য আছে।দেশক সঠিক পথত আগবাঢ়িবলৈ সদায় সহায় কৰিব পাৰে।আমাৰ দেশৰ বহু দৰিদ্ৰ বঞ্চিত পৰিয়ালৰ মাত্ৰ এজন সদস্যই শিক্ষিত, সেই সদস্যই গোটেই পৰিয়ালটোক শিক্ষাৰ পোহৰ বিয়পাই দিয়ে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক অনুকূল শিক্ষণ পৰিৱেশৰ সৃষ্টি কৰে।
কেৱল পৰিয়াল বা সমাজেই নহয় ছাত্ৰ সমাজে সমগ্ৰ জাতিটোৰ নিৰক্ষৰতা নিৰ্মূল কৰাত সহায় কৰিব পাৰে।
উন্নয়নশীল দেশসমূহত য'ত জনসংখ্যা বৃদ্ধিৰ হাৰ আতংকজনক , তাত ছাত্ৰ সমাজে সংগঠিত হৈ পৰিয়াল পৰিকল্পনা আৰু উচ্চ জনসংখ্যা বৃদ্ধিৰ কু-অভ্যাসৰ বিষয়ে মানুহক সজাগ কৰিব লাগে।সমাজ আৰু পৰিৱেশ সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰাটো সকলো ছাত্ৰ ছাত্ৰীৰ দায়িত্ব।
পৰিয়াল পৰিকল্পনা আৰু অতিৰিক্ত জনসংখ্যাৰ কু-প্ৰভাৱৰ বিষয়ে মানুহক সংগঠিতভাৱে সংবেদনশীল কৰা আৰু সমাজ আৰু বিদ্যালয় চৌহদক সন্ত্ৰাসবাদমুক্ত কৰাৰ দায়িত্ব কান্ধত ল'ব লাগিব ছাত্ৰ-ছাত্ৰীয়ে। আমাৰ দেশৰ অৰ্থ-সামাজিক আন্তঃগাঁথনিৰ বাবে ছাত্ৰ-ছাত্ৰীক পৰ্যাপ্ত কৰ্মসংস্থাপন দিয়া সম্ভৱ নহয় , যাৰ ফলত নিবনুৱা সমস্যা বাঢ়িছে। কিন্তু ছাত্ৰ ছাত্ৰীসকলে নতুন কৰ্মক্ষেত্ৰ সৃষ্টি কৰিব পাৰে।শিক্ষিত যুৱক-যুৱতীসকলে যদি নিজৰ প্ৰতিভা আৰু শ্ৰম কৃষি , মীন , পশুপালন , নাৰ্চাৰী , আদি ক্ষেত্ৰত ব্যৱহাৰ কৰে তেন্তে দেশৰ উন্নয়ন বৃদ্ধি আৰু নিবনুৱা সমস্যাও হ্ৰাস হ'ব পাৰে।সকলো ছাত্ৰ- ছাত্ৰীয়ে ৰাজনীতিৰ পৰা সদায় আঁতৰি থাকিব লাগে।ঘৰতেই দান বৰঙণি আৰম্ভ হয় ।ছাত্ৰ-ছাত্ৰীয়ে পৰিয়ালৰ পৰাও বহুখিনি পোৱাৰ লগে লগে পৰিয়ালৰ প্ৰতিও তেওঁলোকৰ বহু দায়িত্ব থাকে।
পৰিয়ালৰ পিতৃ মাতৃ আৰু বয়োজ্যেষ্ঠসকলক শ্ৰদ্ধা প্ৰদৰ্শন কৰা সৰু বোৰক ভালপোৱা তেওঁলোকৰ কৰ্তব্য ।


✍️আব্দুল কাদেৰ মিঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)