এটা গল্পৰ পোষ্ট মৰ্টেম - আব্দুৰ ৰহিম

©Admin
0
গল্পটোৰ আৰম্ভণি ৰোমান্টিক। মৃদু পশ্চিমীয়া সংগীত । সুমধুৰ এটা পৰিৱেশ। বেৰত ওলমি আছে দুখনমান ডেকা-গাভৰুৰ আলিংগন আৰু সংগীতৰ তালে তালে নৃত্যৰত ডেকা গাভৰুৰ ছবি। ৱালখনৰ চুক এটাত প্ৰাচীন ভাস্কৰ্যৰ আদিম মইথুঁৰত এখন স্নেপচত।তাৰ ওচৰে পাজৰে আছিল কেইটামান সৰু সৰু জুপুৰিত বসবাস কৰা গ্ৰাম্য জীৱনৰ দৃশ্য।পাহাৰৰ তলেদি বৈ যোৱা নৈ এখনৰ স্কেচ্। কণ কণ ল'ৰা-ছোৱালীবোৰ নাঙঠ-পিঙঠ।নাৰীসকলৰ দেহ বিবস্ত্ৰা নতুবা অৰ্ধানগ্না। হতবোৰ আকাশলৈ প্ৰসাৰিত।পুৰুষবোৰৰ বহল বক্ষ খামি ডাঠ।পিঠিৰ কুজবৰ স্পষ্ট।দীঘল কেশ।
        ৰাজপথেৰে গৈ আছে ‘কা’বিৰোধী আন্দোলনৰ শোভাযাত্ৰা। নিশা জোঁৰ লৈ নেতাৰ ছন্দে ছন্দে হু হু শব্দৰ গুজৰণিৰ ঐক্যতান।কাষে কাষে আৰক্ষী বাহিনি আৰু নিৰাপত্তাৰক্ষীৰ পায়চৰী।

       “ভাইয়া খানেকেলিয়ে কুছ দিজীয়েনা।বহুত ভুখা হু”।
       "যা যা কি ভূখা? কা আন্দোলন চলি আছে দেখা নাই"?
       পাঁচ টকীয়া দস্তাৰ মুদ্ৰা এটা আগ বঢ়াই এজনে ক'লে-"দিবলৈ এইটোৱে আছে। বিৰি দুটামান কিনিম বুলি অনিছিলো এটা টেৰে- মেৰে খাই ল যা........."

        কান্ধত এখন ৰঙা মোনা।পিঠিত এখন গীটাৰ। কভাৰত ভৰাই লোৱা।দীঘল দাৰি।উশৃঙ্খল দীঘলীয়া চুলি।সম্ভৱ গায়ক।শিল্পী। অভিনেতা।চকুত চশমা।
        স্মাৰ্ট ফোনটো বাজি উঠে।ৰিছিভ কৰোঁ। সিফালৰ পৰা ভাঁহি আহে নাৰী কণ্ঠ -"আই লাভ ইউ ডাৰলিং । আজি নিশা ক্লাবলৈ আহিবা। জমিব।"
        হয়তো এইখন ভিভান্তা।ডেকা গাভৰুৰ যৌন গন্ধি নৃত্য। উত্তাল পশ্চিমীয়া সংগীত।মৃদু উন্মাদ পৰিৱেশ।চঞ্চল হ'ব পাৰে।দিনটোৰ ব্যাস্ত অফিছিয় জীৱনৰ ক্লান্তিখিনি দূৰ কৰাৰ কি যে দুৰ্মদ হেঁপাহ।ফ্ৰয়েদিয় প্ৰেম।
        ওচৰৰ গলিটোৰ সিমূৰে মুকলি বহল ঠাইত কেইটামান জুপুৰি।হৰিজন,দিন হাজিৰা কৰা, ঠেলাৱালা, ৰিক্সাৱালা, কিছুমানৰ বাসস্থান এইটো ।হিন্দী, বাংলা, ভোজপুৰী আদি টুকুৰা টুকুৰি গান কিছুমান বাজি উঠে। সৰু সৰু ইলেকট্ৰিক লাইটে গিলি আছে ৰাতিৰ নগৰীয়া আন্ধাৰ খিনি।কেইটামান টোনি লাইট জোনাকী পৰুৱাৰ দৰে জ্বলি থাকে।জিলি সদৃশ পতংগৰ চিৰ চিৰ শব্দ। ক'ৰবাত মতা-মাইকীৰ কাজিয়াৰ ধমক। মদাহিৰ অনৰ্থক অনৰ্গল গলি-গালাজ।বুভুক্ষু ল'ৰা ছোৱালীৰ খিকিন্দালি। ফটকা ফুটাৰ শব্দ। আতচ বাজিৰ পোহৰ।

      হাইৱেৰ দুয়োকাষৰ ওখ ওখ দালানৰ অৰণ্যখনে যেন সিহঁতক গিলী থ'ব। মানসিক ৰোগী দুটামানে উদ্দেশ্যবিহীন ভাবে অনৰ্থক গীত গাই গাই যেন কিবা ক'ব খোজে।এই দুৰ্ভগীয়া মানুহৰ নিঃশব্দ মিছিলবোৰে আধুনিক নগৰীয়া সভ্যতাৰ তথা কথিত আভিজাত্যক উপহাস কৰিছে। নাতিদূৰৈৰ গ্ৰাম্য বন্য সমাজখন যেন নাৰ্ছিংহোমৰ অপাৰেশ্যন টেবুলত পঢ়ি থকা ক্ষয় ৰোগত আক্ৰান্ত ব্যক্তি।মুখ মণ্ডলত জীয়াই থকাৰ হেঁপাহৰ অভিব্যক্তি।
       ওচৰৰ ৰাস্তাৰ কাষৰ গছজোপাৰ ডালত বহি কেইটামান চৰাইৰ কাকলি।
         টাউন খনৰ পদপথৰ কাষেৰে পৰ হৈ যোৱা মেনহল বোৰত উটি যায় মৰাশ। পথাৰৰ বোকাৰ গন্ধতকৈও লেতেৰা তীব্ৰ ভেঁকেটা ভেঁকেত গোন্ধ। পথৰুৱা বোকাত নৱ নৱ সৃষ্টি আছে।নগৰীয়া বোকাত ?
         কলেজীয়া বইফ্ৰেণ্ড- গাৰ্লফ্ৰেণ্ড বোৰে একেলগে বহি ফাষ্ট ফুডৰ দোকানত ভিৰ কৰে। কোনোবা গাঁৱৰ পৰা আহি হোষ্টেল বা পিজিত বাস কৰা ষ্টুডেন্টৰ মাজত প্ৰেমৰ আলাপ। অধ্যয়নৰ পোকটোৱে কাৰোবাৰ গাত ভালকৈ লম্ভে। কাৰোবাৰ প্ৰেম মেডনা।কোনবোৰ পাৱলো নেৰুদা।কাৰোবাৰ আদৰ্শ আঙ চাং চ্যু কি। জ্যাপলো চাৰ্ত্ৰে।আইনষ্টাইন।
         কি এইখন লিখি আছা দাৰ্লিং।মোৰ কাষলৈ আহি পৰিবাৰে তেওঁৰ বাহু দুটাৰে ডিঙিত সাৱটি ধৰি দোপাত্তা খনেৰে আব্দাৰ কৰে।মুখত প্ৰসাধনৰ তীব্ৰ গোন্ধ। এইমাত্ৰ তেওঁ বিউটি পৰ্লাৰৰ পৰা আহি সোমাইছে।কাপোৰ কানি সলাই আহি ক'লে -"চাহ একাপ দিও নেকি?" গজগামিনি খোজেৰে তেওঁ পাকঘৰৰ ফালে আগবাঢ়ি যায়।
         ৰিডিং ৰুমৰ ভিতৰত খিৰিকী খন খুলি এটা দীঘলীয়া উশাহ লৈছোঁ। এটা হুমুনিয়াহ। কাষৰ দুই মহলীয়া বিল্ডিং টোৰ ওপৰ মহলাৰ পৰা এটা সুমধুৰ হিন্দী ভাষাৰ গীত এটি ভাঁহি আহিছে।এতিয়া নিশা চাৰে আঠ বাজিছে।কিবা এটা বিচাৰি কবি মাতাল।
         কিবা এটা স্থায়ী দৰ্শন গল্পটোৰ মাজত বিচাৰি নোপোৱা।না আছে জা পালোঁ চৰ্ত্ৰে। না আইনষ্টাইনৰ আপেক্ষিকতাবাদ। ফ্ৰায়েদিয় মনস্তত্ত্ব।না আছে কাৰ্লমাৰ্ক্স দৰ্শন। না সাৰ্বাক। কিবা এটা মেচেজ ও নোপোৱা। মহেঞ্জোদাৰো বা হৰপ্পা এনেকুৱা আছিল নেকি? তাক্ষশীলা বা নালন্দা? প্ৰাচীন গৃষীয় সভ্যতা বা মেচপটেমিয়?
         স্মাৰ্ট ফোনৰ ফেচবুক খুলি দেখিলোঁ খণ্ড খণ্ড ভিডিঅ' তলৰ পৰা ওপৰলৈ গৈ আছে। পৰ্টেল নিউজ চেনেলটোৰ মূখ্য বাৰ্তা কেতবোৰ।দাপোনখন সম্মুখত দাঙি চালোঁ -"চুলি খিনি ক'ৰবাত ক'ৰবাত দুই এডাল পকিছে।মুখ মণ্ডলাত বয়সৰ চাপ। হাই পাৱাৰৰ চশমাযোৰ খুলি মুখ খন হাতেৰে মোহাৰি অনুভৱ হ'ল - এনেকৈ আমি বিকাশ হৈ শেষ হৈ যাম। গল্পটোৰ দৰে মোৰ শৱ দেহৰ পোষ্ট মৰ্তেম হ'ব।হাস্পতালত বা স্মশানত নতুবা কবৰস্থানত ?
        

✍️আব্দুৰ ৰহিম
    বিশ্বনাথ চাৰিআলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)