শীতত এপাহি হাঁহি - হৃদয় বৈশ্য

©Admin
0
শীতৰ আকাশ কেনভাচত 
 কুঁৱলীৰ অৱগুণ্ঠন ।
তাৰ মাজে মাজে
মেঘৰঞ্জনীএ চুমি অহা
ৰঙা ৰʼদে 
মোৰ মুখলৈ হাঁহি বিৰিঙাইছে ।
দুবৰিৰ দলিচাত 
মোৰ দুয়ো ভৰি পাৰি
অনুভৱ কৰিছোঁ
প্ৰকৃতিয়ে দিয়া 
এই সেউজ ধৰাৰ সুখবোৰ ।
ভৈৰৱ পুৱাই গছৰ পাতত 
পৰি থকা 
নিয়ৰৰ টোপালবোৰ 
চুই চাই 
শীতৰ মাদকতা অনুভৱ কৰিছোঁ।
সচাকৈ শীত মোৰ প্ৰিয়
প্ৰিয় মোৰ শীতৰ নিয়ৰে আবৰি ৰখা আকাশ খন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)