আহিছে মাঘৰ বিহুটি।
গাত তত নাইকিয়া জী-বোৱাৰীৰ,
আৰু নাই ডেকাৰে গাত।
ঢেঁকীৰ চাবত ৰজনজনাই গাঁৱৰ
ইঘৰ -সিঘৰে,
উদংকৈ সোণোৱালি পথাৰত
সাজিছে বৰ মেজিটি ।
উৰুকা আহিব বৰ ভোজ চলিব
এয়াই আমাৰ পৰম্পৰা,
এয়াই আমাৰ সপোন সংস্কৃতি ।
দোমাহীৰ পুৱতি নিশা
এছাৰি জুৰিব
তামোল-নাৰিকল গছত
লাগ লাগ আৰু বেছিকৈ লাগ ককা-দেউতাই শিকোৱা নীতি ।
বেলি উদয়ৰ আগতে
মেজিটি
জ্বলাব ইকৰা এমুঠি লৈ
সকলোৱে মিলি অগ্নি দেৱতাক
আৰাধনা কৰিব নিধন কৰা প্ৰভু
দেশৰ অপায় -অমঙ্গল খিনি ,
শান্তি ঘুৰাই আনা প্ৰভু ,
বিহুৰে আদৰণিতে ঐ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ