আধুনিকতাৰ দম্ভ -অলকেশ খাটনিয়াৰ

©Admin
0
এয়া আধুনিকতাৰ সময়,  
নাঙঠ হৈ ঘূৰি ফুৰাৰ যুগ।
আজিৰ দিন হ'ল,
শৰীৰ দেখুৱাই ফুৰাৰ।

 এয়াটো বেয়া কথা নহয়,
 আজিৰ যুগৰ বাবে
 অতি সাধাৰণ কথা,
 অতি সামান্য কথা।

 এয়াই আজিৰ তথাকথিত,
 আধুনিক সমাজৰ এক,
 মূল চৰিত্ৰ,
 নগ্ন সত্যতা।

একালত 
পাঞ্চালীৰ বস্ত্ৰহৰণ কৰোতে কুৰুক্ষেত্ৰৰ ৰণ হৈছিল,
কিন্তু আজি শৰীৰ 
নেদেখুৱাবলৈ ক'লে,
সৃষ্টি হয় আন এক কুৰুক্ষেত্ৰ। 

 হয়তো কʼৰবাত সংস্কাৰ,
 অনুত্তীৰ্ণ হ'ল।
 উত্তীৰ্ণ হ'ল নগ্ন শৰীৰ     
 দেখুৱাই ফুৰা                 
 অঘোষিত প্ৰতিযোগিতাৰ।

       
শৰীৰ প্ৰদৰ্শনক অন্তৰ্ভুক্ত কৰা
হ'ল কলাৰ শাৰীত।
কামাতুৰৰ বাবে আছিল বেশ্যালয়,
কিন্তু
সামাজিক মাধ্যম আজিৰ আধুনিক বেশ্যালয়।

আধুনিকতাৰ দম্ভই,
আমাৰ উঠি অহা প্ৰজন্মক,
কালসৰ্পৰ দৰে 
মেৰিয়াই লৈছে,
আমাৰ প্ৰচলিত পৰম্পৰাক নিঃশেষ কৰিছে।

        
আৰু আমিবোৰ হৈছোঁ
নীৰৱ দৰ্শক,
প্ৰতিবাদ কৰিলে হৈ পৰো
পুৰণিকলীয়া মানুহ।

        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)